সমললৈ যাওক

যুথিকা ৰায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(যুথিকা ৰয়ৰ পৰা পুনঃনিৰ্দেশিত)
যুথিকা ৰায়
পৃষ্ঠভূমি
অন্য নাম ৰেণু
জন্ম ২০ এপ্ৰিল, ১৯২০
আমতা, হাওৰা, পশ্চিমবঙ্গ
মৃত্যুৰ তাৰিখ ৫ ফেব্ৰুৱাৰী, ২০১৪ (৯৩ বছৰ)
কলকাতা
পিতৃ-মাতৃ সত্যেন্দ্ৰনাথ ৰায়
স্নেহলতা দেৱী
সংগীতৰ ধৰণ আধুনিক, চলচ্চিত্ৰৰ গীত, ভজন
পেচা কণ্ঠশিল্পী

যুথিকা ৰায় (ইংৰাজী: Juthika Roy, ২০ এপ্ৰিল ১৯২০- ৫ ফেব্ৰুৱাৰী ২০১৪)[1] এগৰাকী ভাৰতীয় ভজন গায়িকা আছিল। তেওঁ ২০০তকৈও অধিক হিন্দী আৰু ১০০তকৈও অধিক বঙালী চলচ্চিত্ৰৰ আৰু আধুনিক গীত গাইছে। ‘সাঝেৰ তাৰকা আমি’, ‘এমনি বৰষা ছিল সেদিন’, ‘জানি জানি প্ৰিয়’, ‘এই যমুনাৰে তীৰে’, ‘তুমি যদি ৰাধে হতে শ্যাম’ আদি তেওঁৰ চাৰি দশকৰ সঙ্গীত জীৱনৰ কেইটামান জনপ্ৰিয় গীত। তেওঁ হিন্দী চলচ্চিত্ৰ উদ্যোগৰ ভক্তিমূলক গীততো কণ্ঠ নিগৰাইছিল। ১৯৭২ চনত তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।[2]

জুথিকা ৰয়ৰ ১৯২০ চনত বৰ্তমানৰ পশ্চিমবঙ্গৰ হাওৰা জিলাৰ আমতাত জন্ম হৈছিল। দেউতাৰ সত্যেন্দ্ৰনাথ ৰায়ৰ চাকৰিৰ বদলিৰ কাৰণে যুথিকা ৰায় তিনি-চাৰি বছৰতে খুলনাৰ সেনাহাটী গাঁৱলৈ গুছি আহে। দেউতাক ভাল গীত গাব পাৰিছিল আৰু জীয়েকক গীত শিকাইছিল। মাক স্নেহলতা দেৱী এগৰাকী শিক্ষাৰ প্ৰতি আগ্ৰহী নাৰী আছিল। তেওঁ নিজৰ ছোৱালীকতো স্কুলত পঢ়াইছিলেই, আনকি সেনাহাটী গাঁৱৰ ঘৰেঘৰে ঘূৰি ছোৱালীবোৰক স্কুললৈ পঠোৱাৰ অনুৰোধ কৰিছিল। এই গাঁৱতে ঘৰখনৰ লগত গায়িকা সুধীৰা দাশগুপ্তৰ লগত চিনা-জনা হ’ল। তেওঁৰে পৰামৰ্শত দেউতাকে সাতবছৰীয়া যুথিকাক কলকাতাৰ সঙ্গীতশিল্পী, যাদুকৰ তথা কৌতুক অভিনেতা বিমল দাশগুপ্তৰ ওচৰলৈ লৈ গ’ল। দাশগুপ্তই ইমান সৰু ছোৱালীজনীক সঙ্গীত শিক্ষা দিবলৈ আগ্ৰহী নহ’ল যদিও নতুনকৈ স্থাপন হোৱা কলকাতাৰ অনাতাঁৰ কেন্দ্ৰত কণ্ঠপৰীক্ষা দি উত্তীৰ্ণ হ’ল। ১৯৩০ চনত যুথিকা ৰায় স্থায়ীভাবে কলকাতালৈ গুছি আহে।[3]

১৯৩২ চনত, বাৰ বছৰ বয়সত তেওঁ প্ৰথম গীতৰ এলবাম বাণীবদ্ধ কৰিছিল। তেওঁ সঙ্গীতশিল্পী তথা তেওঁৰ গুৰু কাজী নজৰুল ইছলাম আৰু সঙ্গীত পৰিচালক কমল দাসগুপ্তৰ তত্ত্বাৱধানত বহুতো গীত গাইছিল। তেওঁৰ অগণন প্ৰশংসকৰ ভিতৰত জৱাহৰলাল নেহৰু, মহাত্মা গান্ধীও অন্যতম।[4]

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে। সেইদিনা জৱাহৰলাল নেহৰুৱে দিল্লীৰ তিনমূৰ্তি ভৱনৰপৰা লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ গৈ থাকোঁতে অল ইণ্ডিয়া ৰেডিঅ'ত যুথিকা ৰয়ৰ মীৰা ভজন পোনপটীয়াভাবে সম্প্ৰচাৰিত হৈ আছিল। নিৰ্দ্ধাৰিত অনুষ্ঠান শেষ হোৱাৰ পিছতো নেহৰুৰ ইচ্ছা অনুসাৰে আকাশবাণীৰ বিষয়াবৰ্গই পতাকা উত্তোলনৰ কাৰ্যসূচী সমাপ্ত নোহোৱালৈকে ৰয়ক অনুষ্ঠান চলাই ৰাখিবলৈ অনুৰোধ জনাইছিল। মহাত্মা গান্ধীয়েও পুনেৰ জেলত থকা অৱস্থাত নিয়মীয়াকৈ ৰয়ৰ কণ্ঠৰ ভজন শুনিছিল। তাত গান্ধীয়ে প্ৰতিদিনে পুৱা প্ৰাৰ্থনাসভাত তেওঁৰ ভজনৰ গ্ৰামফোন ৰেকৰ্ড বজাইছিল।[5][6]

  • ১৯৭২ চনত ভাৰত চৰকাৰে সঙ্গীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰয়লৈ পদ্মশ্ৰী সন্মান যাচে।[1]

ন বছৰ বয়সৰপৰা তেওঁ ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিছিল। তেওঁ বেলুড় মঠত দীক্ষা লৈছিল।[3] বৃদ্ধকালৰ বিভিন্ন ৰোগত আক্ৰান্ত হোৱা ৰায়ক ২০১৪ৰ জানুৱাৰীৰ প্ৰথম সপ্তাহতে কলকাতাৰ ৰামকৃষ্ণ মিছন সেৱা প্ৰতিষ্ঠানত ভৰ্তি কৰোঁৱা হয়।[6] সেই চিকিৎসালয়তে ২০১৪ চনৰ ৫ ফেব্ৰুৱাৰীত ৯৩ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]