সমললৈ যাওক

কাজী নজৰুল ইছলাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাজী নজৰুল ইছলাম
জন্ম ২৪ মে', ১৮৯৯[1]
চুৰুলিয়া, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ৰাজ
মৃত্যু ২৯ আগষ্ট, ১৯৭৬ (৭৭ বছৰ)
ঢাকা, বাংলাদেশ
ৰাষ্ট্ৰীয়তা বাংলাদেশ বাংলাদেশী
প্ৰভাৱ ইছলাম; হাফিজ; ৰুমি; শাক্তধৰ্ম; ৰবীন্দ্ৰনাথ ঠাকুৰ
প্ৰভাৱিত কৰিছে বাংলাদেশৰ সংস্কৃতি; ভাৰতীয় স্বাধীনতা আন্দোলন; ভাৰতৰ সংস্কৃতি; বৈশ্বিক নাগৰিকত্ব
ধৰ্ম ইছলাম

কাজী নজৰুল ইছলাম (ইংৰাজী: Kazi Nazrul Islam; ২৪ মে' ১৮৯৯ – ২৯ আগষ্ট ১৯৭৬) অগ্ৰণী বঙালী কবি, বিংশ শতাব্দীৰ জনপ্ৰিয় বঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক, যিয়ে বঙালী কাব্যত অগ্ৰগামী ভূমিকাৰ লগতে প্ৰগতিশীল প্ৰণোদনাৰ বাবে সৰ্বাধিক পৰিচিত। তেওঁ বঙালী ভাষাৰ অন্যতম সাহিত্যিক, দেশপ্ৰেমী আৰু বাংলাদেশৰ জাতীয় কবিপশ্চিমবংগ আৰু বাংলাদেশ – দুই বাংলাতে তেওঁৰ কবিতা আৰু গান সমানভাবে সমাদৃত। তেওঁৰ কবিতাত থকা বিদ্ৰোহী দৃষ্টিভঙ্গীৰ কাৰণে তেওঁক 'বিদ্ৰোহী কবি' নামেৰে আখ্যা দিয়া হয়। তেওঁৰ কবিতাৰ মূল বিষয়বস্তু আছিল মানুহৰ ওপৰত মানুহৰ অত্যাচাৰ অৰু সামাজিক অনাচাৰ আৰু শোষণৰ বিৰুদ্ধে প্ৰকাশ্য প্ৰতিবাদ। বিংশ শতাব্দীৰ বঙালী সমাজত কাজী নজৰুল ইছলামৰ মৰ্যাদা আৰু গুৰুত্ব অপৰিসীম। একাধাৰে কবি, সাহিত্যিক, সংগীতজ্ঞ, সাংবাদিক, সম্পাদক, ৰাজনীতিবিদ আৰু সৈনিক হিচাপে অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে নজৰুল সদায় সোচ্ছাৰ আছিল। তেওঁৰ কবিতা আৰু গানত এই মনোভাবেই প্ৰতিফলিত হৈছে। লেখনিত যিদৰে বিদ্ৰোহী, জীৱনতো সেইদৰে – কামে-কাজেই "বিদ্ৰোহী কবি।" তেওঁৰ জন্ম আৰু মৃত্যু বাৰ্ষিকী বিশেষ মৰ্যাদাৰে উভয় বঙালীতে প্ৰতি বছৰে উদযাপিত হয়।

নজৰুলে এটা দৰিদ্ৰ মুছলিম পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁৰ প্ৰাথমিক শিক্ষা আছিল ধৰ্মীয়। স্থানীয় এক মছজিদত মুৱাজ্জিন হিচাপেও কাম কৰিছিল। কৈশোৰত বিভিন্ন থিয়েটাৰ দলৰ লগত কাম কৰোঁতে কৰোঁতে তেওঁ কবিতা, নাটক আৰু সাহিত্য সম্বন্ধে সম্যক জ্ঞান লাভ কৰে। ব্ৰিটিছ শাসনকালত ভাৰতীয় সেনাবাহিনীত কিছুদিন কাম কৰাৰ পাছত তেওঁ সাংবাদিকতাকে পেছা হিচাপে বাচি লয়। এই সময়ত তেওঁ কলকাতাতেই থাকিছিল। এই সময়ত তেওঁ ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে প্ৰত্যক্ষ সংগ্ৰামত অবতীৰ্ণ হয়। প্ৰকাশ কৰে 'বিদ্ৰোহী' আৰু 'ভাঙাৰ গানেৰ' দৰে কবিতা; 'ধূমকেতুৰ' দৰে সাময়িকী। জেলত বন্দী হোৱাৰ পাছত লিখে 'ৰাজবন্দীৰ জবানবন্দী'। এই সকলো সাহিত্যকৰ্মতে সাম্ৰাজ্যবাদৰ বিৰোধিতা সুস্পষ্ট আছিল। ধাৰ্মিক মুছলিম সমাজ আৰু অৱহেলিত ভাৰতীয় জনগণৰ লগত তেওঁৰ বিশেষ সম্পৰ্ক আছিল। তেওঁৰ সাহিত্যকৰ্মত প্ৰাধান্য পাইছে ভালপোৱা, মুক্তি আৰু বিদ্ৰোহে। ধৰ্মীয় লিঙ্গভেদৰ বিৰুদ্ধেও তেওঁ লিখিছিল। চুটিগল্প, উপন্যাস, নাটক লিখিলেও তেওঁ মূলতঃ কবি হিচাপেই বেছি পৰিচিত। বঙালী কাব্যত তেওঁ এক নতুন ধাৰাৰ জন্ম দিয়ে। এইটো হ’ল ইছলামী সঙ্গীত তথা গজল। ইয়াৰ সমান্তৰালভাবেই তেওঁ অনেক উৎকৃষ্ট শ্যামাসংগীত আৰু হিন্দু ভক্তিগীতিও ৰচনা কৰে। নজৰুলে প্ৰায় ৩০০০ গান ৰচনা কৰে আৰু অধিকাংশতে সুৰাৰোপ কৰিছে যিবিলাক এতিয়া নজৰুল সঙ্গীত বা "নজৰুল গীতি" নামেৰে পৰিচিত আৰু বিশেষ জনপ্ৰিয়। মাজবয়সতে তেওঁ পিক্‌ ডিজিজত[2] আক্ৰান্ত হয়। ইয়াৰ ফলত আমৃত্যু তেওঁ সাহিত্যকৰ্মৰ পৰা বিচ্ছিন্ন হৈ থাকে। একেই সময়তে মানসিক ভাৰসাম্য হেৰুৱায় পেলায়। বাংলাদেশ চৰকাৰৰ আমন্ত্ৰণত ১৯৭২ চনত তেওঁ সপৰিয়ালে ঢাকালৈ আহে। এইসময়ত তেওঁক বাংলাদেশৰ নাগৰিকত্ব প্ৰদান কৰা হয়। ইয়াতেই তেওঁ মৃত্যুবৰণ কৰে।

জন্ম আৰু প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৮৯৯ খ্ৰীষ্টাব্দৰ ২৪মেত (১৩০৬ বঙ্গাব্দৰ ১১ জেঠ) ভাৰতৰ পশ্চিমবঙ্গৰ বৰ্ধমান জিলাৰ আচানচোল মহকুমাৰ চুৰুলিয়া গাঁৱত জন্মগ্ৰহণ কৰে কাজী নজৰুল ইছলামে। চুৰুলিয়া গাঁওখন আচানচোল মহকুমাৰ জামুৰিয়া ব্লকত অৱস্থিত। পিতামহ কাজী আমিনউল্লাহৰ পুত্ৰ কাজী ফকীৰ আহমেদৰ দ্বিতীয়া পত্নী জাহেদা খাতুনৰ ষষ্ঠ সন্তান তেওঁ। তেওঁৰ দেউতাক আছিল স্থানীয় এক মছজিদৰ ইমাম। তেওঁলোক তিনিজন ককায়েক-ভায়েক আৰু এগৰাকী ভগ্নী আছিল। তেওঁৰ সহোদৰ ভাতৃ আৰু ভগ্নীৰ নাম হল: সকলোতকৈ ডাঙৰ কাজী চাহেবজান, কনিষ্ঠ কাজী আলী হোচেন, ভগ্নী উম্মে কুলচুম। কাজী নজৰুল ইছলামৰ ঘৰুৱা নাম আছিল "দুখু মিয়া।" তেওঁ স্থানীয় মুক্তাবত মছজিদত পৰিচালিত মুছলিমসকলৰ ধৰ্মীয় স্কুল) কোৰান, ইছলাম ধৰ্ম, দৰ্শন আৰু ইছলামী ধৰ্মতত্ত্ব অধ্যয়ন আৰম্ভ কৰে। ১৯০৮ খ্ৰীষ্টাব্দত যেতিয়া তেওঁৰ দেউতাকৰ মৃত্যু হয়, তেতিয়া তেওঁৰ বয়স মাত্ৰ ন বছৰ। পাৰিবাৰিক অভাৱ-অনাটনৰ কাৰণে তেওঁৰ শিক্ষাজীৱন বাধাগ্ৰস্থ হয় আৰু মাত্ৰ দহ বছৰ বয়সতে তেওঁ জীৱিকা অৰ্জ্জনৰ সংগ্ৰামত নামে।[1][3] এইসময়ত নজৰুলে মু্ক্তাবৰ পৰা নিম্ন মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ উক্ত মোক্তাবতেই শিক্ষকতা আৰম্ভ কৰে। একেলগে হাজী পালোৱানৰ কবৰৰ সেৱক আৰু মছজিদৰ মুৱাজ্জিন (আজান দিওঁতা) হিচাপে কাম আৰম্ভ কৰে। এইসকলো কামৰ মাধ্যমত তেওঁ খুব কম বয়সতেই ইছলাম ধৰ্মৰ মৌলিক আচাৰ-অনুষ্ঠানৰ লগত ঘনিষ্ঠভাবে পৰিচিত হোৱাৰ সুযোগ পায় যিয়ে পৰৱৰ্তীকালত তেওঁৰ সাহিত্যকৰ্মক বিপুলভাবে প্ৰভাৱিত কৰিছে। তেৱেঁই বঙালী সাহিত্যত ইছলামী চেতনাৰ চৰ্চা আৰম্ভ কৰিছিল বুলি কোৱা যায়।

মোক্তাব, মছজিদ আৰু মাজাৰৰ কাম নজৰুলে বেছি দিন কৰা নাছিল। বাল্য বয়সতেই লোকশিল্পৰ প্ৰতি আকৃষ্ট হৈ এটি 'লেটো' (বাংলাৰ ৰাঢ় অঞ্চলৰ কবিতা, গান আৰু নৃত্যৰ মিশ্ৰ আঙ্গিক চৰ্চাৰ ভ্ৰাম্যমাণ নাট্যদল)[4] দলত যোগ দিয়ে। তেওঁৰ খুৰাক কাজী বজলে কৰিম চুৰুলিয়া অঞ্চলৰ লেটো দলৰ বিশিষ্ট ওস্তাদ আছিল আৰু আৰবি, ফাৰ্চী আৰু উৰ্দূ ভাষাত তেওঁৰ দখল আছিল। ইয়াৰ উপৰি বজলে কৰিমে মিশ্ৰ ভাষাত গান ৰচনা কৰিছিল। ধাৰণা কৰা হয়, বজলে কৰিমৰ প্ৰভাৱতেই নজৰুলে লেটো দলত যোগ দিছিল। ইয়াৰ বাহিৰেও সেই অঞ্চলৰ জনপ্ৰিয় লেটো কবি 'শেখ চকোৰ' (গোদা কবি) আৰু কবিয়া বাসুদেবৰ লেটো আৰু কবিগানৰ আচৰত নজৰুলে নিয়মিত অংশ কৰিছিল। লেটো দলতেই সাহিত্য চৰ্চা আৰম্ভ হয়। এই দলৰ লগত তেওঁ বিভিন্ন স্থানলৈ যায়, তেওঁলোকৰ লগত অভিনয় শিকে আৰু তেওঁলোকৰ নাটকৰ বাবে গান আৰু কবিতা লিখে। নিজ কৰ্ম আৰু অভিজ্ঞতাৰ আলোকত তেওঁ বঙালী আৰু সংস্কৃত সাহিত্য অধ্যয়ন আৰম্ভ কৰে। একেলগে হিন্দু ধৰ্মগ্ৰন্থ অৰ্থাৎ পুৰাণসমূহ অধ্যয়ন কৰে। সেই কম বয়সতেই তেওঁ নাট্যদলৰ বাবে বেছ কিছু সংখ্যক লোকসঙ্গীত ৰচনা কৰে। ইয়াৰ মাজত আছ 'চাষাৰ চঙ', 'শকুনিবধ', 'ৰাজা যুধিষ্ঠিৰৰ চঙ', 'দাতা কৰ্ণ', 'আকবৰ বাদশাহ', 'কবি কালিদাস', 'বিদ্যাভূতুম', 'ৰাজপুত্ৰৰ গান', 'বুঢ়া শালিকাৰ ঘাড়ে ৰোঁ' আৰু 'মেঘনাদ বধ'।[1] এফালে মছজিদ, মাজাৰ আৰু মুক্তাব জীৱন, আনফালে লেটো দলৰ বিচিত্ৰ অভিজ্ঞতাই নজৰুলৰ সাহিত্যিক জীৱনৰ অনেক উপাদান সৰবৰাহ কৰিছে। নজৰুলে কালীদেৱীক লৈ প্ৰচুৰ শ্যামা সঙ্গীত ৰচনা কৰে, নজৰুলে তেওঁৰ শেষ ভাষণত উল্লেখ্য কৰে, “কেউ বলেন আমাৰ বাণী যবন কেউ বলেন কাফেৰ। আমি বলি ও দুটোৰ কোনটাই না। আমি শুধু হিন্দু মুছলিম কে এক জায়গায় ধৰে নিয়ে হ্যাণ্ডশেক কৰানোৰ চেষ্টা কৰেছি, গালাগালি কে গলাগলি তে পৰিণত কৰাৰ চেষ্টা কৰেছি।”

১৯১০ চনত নজৰুলে লেটো দল এৰি ছাত্ৰ জীৱনলৈ ঘূৰি আহে। লেটো দলত তেওঁৰ প্ৰতিভাত সকলোৱেই যে মুগ্ধ হৈছিল তাৰ প্ৰমাণ নজৰুলে লেটো এৰি অহাৰ পাছাত তেওঁক লৈ অন্য শিষ্যসকলৰ ৰচিত গান: "'আমৰা এই অধীন, হয়েছি ওস্তাদহীন / ভাবি তাই নিশিদিন, বিষাদ মনে / নামেতে নজৰুল ইছলাম, কি দিব গুণেৰ প্ৰমাণ'।" এই নতুন ছাত্ৰজীৱনত তেওঁৰ প্ৰথম স্কুল আছিল ৰানীগঞ্জৰ চিয়াৰচোল ৰাজ স্কুল। ইয়াৰ পাছত ভৰ্তি হয় মাথৰুন উচ্চ ইংৰাজী স্কুলত যিখনে পৰৱৰ্তীকালত নবীনচন্দ্ৰ ইনষ্টিটিউশন নামেৰে পৰিচিতি লাভ কৰিছিল। মাথৰুন স্কুলৰ তৎকালীন প্ৰধান শিক্ষক আছিল কুমুদৰঞ্জন মল্লিক যি সেইসময়ৰ বিখ্যাত কবি হিচাপেও পৰিচিত আছিল। তেওঁৰ সান্নিধ্য নজৰুলৰ অনুপ্ৰেৰণাৰ আন এক উৎস। কুমুদৰঞ্জনে স্মৃতিচাৰণ কৰোঁতে নজৰুল সম্বন্ধে লিখিছে যে,

ছোট সুন্দৰ ছনমনে ছেলেটি, আমি ক্লাছ পৰিদৰ্শন কৰিতে গেলে চে আগেই প্ৰণাম কৰিত। আমি হাচিয়া তাহাকে আদৰ কৰিতাম। চে বৰ লাজুক ছিল।

যিহওক, আৰ্থিক সমস্যাই তেওঁক বেছি দিন ইয়াত পঢ়াশুনা কৰিবলৈ নিদিলে। ষষ্ঠ শ্ৰেণী পৰ্যন্ত পঢ়াৰ পাছত তেওঁ আকৌ ঘূৰি গৈ কামত যোগ দিয়ে। প্ৰথমে যোগ দিয়ে বাসুদেবৰ কবিদলত। ইয়াৰ পাছাত এজন খ্ৰীষ্টান ৰেলৱে গাৰ্ডৰ খানচামা আৰু সৰ্বশেষত আচানচোলৰ চাহ-ৰুটীৰ দোকানত ৰুটী বনোৱাৰ কাম কৰে। এইভাৱে অনেক কষ্টৰ মাজেৰে তেওঁৰ বাল্য জীৱন অতিবাহিত হয়। এই দোকানত কাম কৰাৰ সময়ত আচানচোলৰ দাৰোগা 'ৰফিজউল্লাহ'ৰ লগত তেওঁৰ পৰিচয় হয়। দোকানত অকলে অকলে বহি নজৰুলে যিবিলাক কবিতা আৰু ছড়া ৰচনা কৰিছিল সেইবোৰ দেখি ৰফিজউল্লাহে তেওঁৰ প্ৰতিভাৰ পৰিচয় পায়। তেৱঁই নজৰুলক ১৯১৪ খ্ৰীষ্টাব্দত ময়মনসিংহ জিলাৰ ত্ৰিশালৰ দৰিৰামপুৰ স্কুলত সপ্তম শ্ৰেণীত ভৰ্তি কৰি দিয়ে। ১৯১৫ খ্ৰীষ্টাব্দত তেওঁ আকৌ ৰনীগঞ্জৰ চিয়াৰচোল ৰাজ স্কুললৈ ঘূৰি যায় আৰু তাত অষ্টম শ্ৰেণীৰ পৰা পঢ়াশুনা আৰম্ভ কৰে। ১৯১৭ চন পৰ্যন্ত ইয়াতেই পঢ়াশুনা কৰে। ১৯১৭ খ্ৰীষ্টাব্দৰ শেষৰফালে মাধ্যমিকৰ প্ৰিটেষ্ট পৰীক্ষা নিদিয়াকৈ তেওঁ সেনাবাহিনীত সৈনিক হিচাপে যোগ দিয়ে। এই স্কুলত অধ্যয়ন কৰা কালত নজৰুল ইয়াৰ চাৰিজন শিক্ষকৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এওঁলোক হ’ল উচ্চাঙ্গ সঙ্গীতৰ 'সতীশচন্দ্ৰ কাঞ্জিলাল', বিপ্লবী চেতনা বিশিষ্ট 'নিবাৰণচন্দ্ৰ ঘটক', ফাৰ্চী সাহিত্যৰ 'হাফিজ নুৰুন্নবী' অৰু সাহিত্য চৰ্চাৰ 'নগেন্দ্ৰনাথ বন্দ্যোপাধ্যায়'।[1]

সৈনিক জীৱন

[সম্পাদনা কৰক]

১৯১৭ খ্ৰীষ্টাব্দৰ শেষৰফালে নজৰুলে সেনাবাহিনীত যোগ দিয়। প্ৰথমে কলকাতাৰ ফোৰ্ট উইলিয়ামত আৰু পৰৱৰ্তীকালত প্ৰশিক্ষণৰ বাব সীমান্ত প্ৰদেশৰ নওছেৰালৈ যায়। প্ৰশিক্ষণৰ শেষত কৰাচীৰ সেনানিবাসত সৈনিক জীৱন কটাবলৈ আৰম্ভ কৰে। তেওঁ সেনাবাহিনীত আছিল ১৯১৭ খ্ৰীষ্টাব্দৰ শেষৰ ফালৰ পৰা ১৯২০ খ্ৰীষ্টাব্দৰ মাৰ্চ-এপ্ৰিল পৰ্যন্ত, অৰ্থাৎ প্ৰায় আঢ়ৈ বছৰ। এই সময়ৰ মাজত তেওঁ ৪৯ বেঙ্গল ৰেজিমেণ্টৰ সাধাৰণ সৈনিকৰ পৰা কোৱাৰ্টাৰ মাষ্টাৰ হাবিলদাৰ পৰ্যন্ত হৈছিল। উক্ত ৰেজিমেণ্টৰ পঞ্জাবী মৌলবীৰ কাষত তেওঁ ফাৰ্চী ভাষা শিকিছিল। তাৰ বাহিৰেও সহসৈনিকসকলৰ লগত দেশী-বিদেশী বিভিন্ন বাদ্যযন্ত্ৰৰ সহযোগত সঙ্গীতৰ চৰ্চা অব্যাহত ৰাখিছিল, আৰু গদ্য-পদ্যৰ চৰ্চাও চলায় ৰাখিছিল সমান্তৰালভাবে। কৰাচী সেনানিবাসত বহি নজৰুলে যিবিলাক ৰচনা সম্পন্ন কৰিছিল তাৰ মাজত আছে, 'বাউণ্ডুলৰ আত্মকাহিনী' (প্ৰথম গদ্য ৰচনা), 'মুক্তি' (প্ৰথম প্ৰকাশিত কবিতা); গল্প: 'হেনা, ব্যথাৰ দান, মেহেৰ নেগাৰ, ঘুমেৰ ঘোৰে, কবিতা সমাধি' ইত্যাদি। এই কৰাচী সেনানিবাসত থকা সত্ত্বেও তেওঁ কলকাতাৰ বিভিন্ন সাহিত্য আলোচনীৰ গ্ৰাহক আছিল। এইবোৰৰ মাজত আছে প্ৰবাসী, ভাৰতবৰ্ষ, ভাৰতী, মানসী, মৰ্ম্মবাণী, সবুজপত্ৰ, সওগাত আৰু বঙ্গীয় মুছলমান সাহিত্য আলোচনী। এই সময়ত তেওঁৰ ওচৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, শৰৎচন্দ্ৰ চট্টোপাধ্যায় আৰু ফাৰ্চী কবি হাফিজৰ কিছু কিতাপ আছিল। এই সূত্ৰতেই কোৱা যায় নজৰুলৰ সাহিত্য চৰ্চাৰ হাতৰ খজুৱতি এই কৰাচী সেনানিবাসতেই আৰম্ভ হয়। সৈনিক হৈ থকা অৱস্থাতে তেওঁ প্ৰথম বিশ্বযুদ্ধত অংশ লয়। এই সময়ত নজৰুলৰ বাহিনীৰ ইৰাক যোৱাৰ কথা আছিল। কিন্তু যুদ্ধ থমকি ৰোৱাত যোৱা নহ’ল। ১৯২০ খ্ৰীষ্টাব্দত যুদ্ধ শেষ হলত ৪৯ বেঙ্গল ৰেজিমেণ্ট ভাঙি দিয়া হয়। ইয়াৰ পাছত তেওঁ সৈনিক জীৱন ত্যাগ কৰি কলকাতালৈ ঘূৰি আহে।

সাংবাদিক জীৱন অৰু বিয়া

[সম্পাদনা কৰক]

যুদ্ধৰ শেষত কলকাতালৈ আহি নজৰুলে ৩২ নং কলেজ ষ্ট্ৰীটত বঙ্গীয় মুছলিম সাহিত্য সমিতিৰ অফিচত বসবাস আৰম্ভ কৰে। তেওঁৰ লগত থাকিছিল এই সমিতিৰ অন্যতম কৰ্মকৰ্তা মুজফ্‌ফৰ আহমদ। ইয়াৰ পৰাই তেওঁৰ সাহিত্য-সাংবাদিকতা জীৱনৰ মূল কামবোৰ আৰম্ভ হয়। প্ৰথম অৱস্থাত মোছলেম ভাৰত, বঙ্গীয় মুছলমান সাহিত্য আলোচনী, উপাসনা প্ৰভৃতি আলোচনীত তেওঁৰ কিছু লেখা প্ৰকাশিত হয়। ইয়াৰ মাজত আছে উপন্যাস 'বাঁধন হাৰা' আৰু কবিতা 'বোধন, শাত-ইল-আৰব, বাদল প্ৰাতেৰ ছৰাব, আগমনী, খেয়া-পাৰেৰ তৰণী, কোৰবানি, মোহৰৰ্‌ম, ফাতেহা-ই-দোয়াজ্‌দম্‌'। এই লিখনিসমূহ সাহিত্যৰ ক্ষেত্ৰত বিশেষভাবে প্ৰশংসিত হয়। ইয়াৰ পৰিপ্ৰেক্ষিততে কবি আৰু সমালোচক মোহিতলাল মজুমদাৰে মোছলেম ভাৰত আলোচনীত তেওঁৰ 'খেয়া-পাৰেৰ তৰণী' আৰু 'বাদল প্ৰাতেৰ ছৰাব' কবিতা দুটিৰ প্ৰশংসা কৰি এটি সমালোচনামূলক প্ৰবন্ধ লিখে। ইয়াৰ পৰাই দেশৰ বিশিষ্ট সাহিত্যিক আৰু সমালোচকসকলৰ লগত নজৰুলৰ ঘনিষ্ঠ পৰিচয় আৰম্ভ হয়। বঙ্গীয় মুছলিম সাহিত্য সমিতিৰ অফিচত কাজী মোতাহাৰ হোচেন, মোজাম্মেল হক, কাজী আবদুল ওদুদ, মুহম্মদ শহীদুল্লাহ্‌, আফজালুল হক প্ৰমুখ্যেৰ লগত পৰিচয় হয়। তৎকালীনভাৱে কলকাতাৰ দুটি জনপ্ৰিয় সাহিত্যিক আচৰ গজেনদাৰ আড্ডা আৰু ভাৰতীয় আড্ডাত অংশগ্ৰহণৰ সুবাদতে পৰিচিত হয় অতুলপ্ৰসাদ সেন, অবনীন্দ্ৰনাথ ঠাকুৰ, সত্যেন্দ্ৰনাথ দত্ত, প্ৰেমাঙ্কুৰ আতৰ্থী, শিশি ভাদুড়ী, শৎচন্দ্ৰ চট্টোপাধ্যায়, নিৰ্মেলন্দু লাহিড়ী, ধুৰ্জটিপ্ৰসাদ মুখোপাধ্যায়, হেমেন্দ্ৰকুমাৰ ৰায়, দিনেন্দ্ৰনাথ ঠাকুৰ, চাৰুচন্দ্ৰ বন্দ্যোপাধ্যায়, ওস্তাদ কৰমতুল্লা খাঁ প্ৰমুখ্যৰ লগত। ১৯২১ চনৰ অক্টোবৰ মাহত তেওঁ শান্তিনিকেতনলৈ গৈ ৰবীন্দ্ৰনাথৰ লগত সাক্ষাৎ কৰে। তেতিয়াৰ পৰাই তেওঁ ৰবীন্দ্ৰনাথৰ মৃত্যু পৰ্যন্ত তেওঁলোকৰ মাজত সুসম্পৰ্ক বজায় ৰাখিছিল। কাজী মোতাহাৰ হোচেনৰ লগত নজৰুলৰ বিশেষ বন্ধুত্ব গঢ়ি উঠে।

১৯২০ খ্ৰীষ্টাব্দৰ জুলাই ১২ তাৰিখে "নবযুগ" নামৰ এখন সান্ধ্য দৈনিক কাকত প্ৰকাশিত হবলৈ আৰম্ভ কৰে। অসহযোগ আৰু খিলাফত আন্দোলনৰ প্ৰেক্ষাপটত প্ৰকাশিত এই কাকতৰ সম্পাদক আছিল এ.কে. ফজলুল হক। এই কাকতৰ জৰিয়তে নজৰুলে নিয়মিত সাংবাদিকতা আৰম্ভ কৰে। সেই বছৰতেই এই কাকতত "'মুহাজিৰীন হত্যাৰ বাবে দায়ী কোন?'" শিৰোনামৰে এটি প্ৰবন্ধ লিখে যাৰ বাবে কাকতখনত জামানত বাজেয়াপ্ত কৰা হয় আৰু নজৰুলৰ ওপৰত পুলিচৰ চকু পৰে। যি হওক সাংবাদিকতাৰ মাধ্যমেৰে তেওঁ তৎকালীন ৰাজনৈতিক আৰু সামাজিক অৱস্থা প্ৰত্যক্ষ কৰাৰ সুযোগ পায়। একেলগে মুজফ্‌ফৰ আহমদৰ লগত বিভিন্ন ৰাজনৈতিক সভা-সমিতিত যোগদানৰ মাধ্যমেৰে ৰাজনীতিৰ বিষয়ে প্ৰত্যক্ষ অভিজ্ঞতা অৰ্জনৰ সুযোগ পাইছিল। বিভিন্ন সৰুসুৰা অনুষ্ঠানৰ জৰিয়তে কবিতা আৰু সঙ্গীতৰ চৰ্চাও চলছিল একাধাৰে। তেতিয়াও তেওঁ নিজে গান লিখি সুৰ দিয়াৰ আৰম্ভ কৰা নাছিল। তথাপি ব্ৰাহ্মসমাজৰ সঙ্গীতজ্ঞ মোহিনী সেনগুপ্তাই তেওঁৰ কেইটিমান কবিতাত সুৰ দি স্বৰলিপিসহ আলোচনীত প্ৰকাশ কৰিছিল। ইয়াৰ মাজত আছে: 'হয়তো তোমাৰ পাব দেখা, ওৰে এ কোন স্নেহ-সুৰধুনী'। সওগাত আলোচনীৰ ১৩২৭ বঙ্গাব্দৰ বহাগ সংখ্যাৰ তেওঁৰ প্ৰথম গান প্ৰকাশিত হয়। গানটি আছিল: "'বাজাও প্ৰভু বাজাও ঘন'।" ১৯২১ চনৰ এপ্ৰিল-জুন মাহৰ ফালে নজৰুলে মুছলিম সাহিত্য সমিতিৰ অফিচত গ্ৰন্থ প্ৰকাশক 'আলী আকবৰ খানৰ' লগত পৰিচিত হয়। তেওঁ লগতেই তেওঁ প্ৰথম কুমিল্লাৰ বিৰজাসুন্দৰী দেৱীৰ ঘৰলৈ আহে। আৰু ইয়াতেই পৰিচিত হয় প্ৰমীলা দেৱীৰ লগত যাৰ লগত তেওঁৰ প্ৰথমে পৰিণয় আৰু পাছত বিয়া হৈছিল। তাৰ আগতে নজৰুলৰ বিয়া ঠিক হয় আলী আকবৰ খানৰ ভগ্নী নাৰ্গিস আসাৰ খানমৰ লগত। বিয়াৰ আখত সম্পন্ন হোৱাৰ পাছত কাবিনৰ লগত নজৰুলে ঘৰ জোৱাঁই থকাৰ চৰ্তক লৈ বিৰোধ হয়। নজৰুলে ঘৰ জোৱাঁই থাকিবলৈ অস্বীকাৰ কৰে আৰু বাসৰ সম্পন্ন হোৱাৰ আগতেই নাৰ্গিসক থৈ কুমিল্লা চহৰলৈ বিৰজাসুন্দৰী দেৱীৰ ঘৰলৈ গুচি যায়। তেতিয়া নজৰুল খুব অসুস্থ আছিল আৰু প্ৰমিলা দেৱীয়ে নজৰুলৰ পৰিচৰ্যা কৰে। আৰু শেষত তেওঁলোক বিবাহৰ বন্ধনত বান্ধ খায়।[5]

বিদ্ৰোহী নজৰুল

[সম্পাদনা কৰক]

তেতিয়া দেশজুৰি অসহযোগ আন্দোলনে বিপুল উদ্দীপনাৰ সৃষ্টি কৰে। নজৰুলে কুমিল্লাৰ পৰা কিছুদিনৰ বাবে দৌলতপূৰৰ আলী আকবৰ খানৰ ঘৰত থাকি আকৌ কুমিল্লালৈ ঘূৰি যায় ১৯ জুনত। ইয়াত যিমানদিন আছিল সিমানদিনেই তেওঁ পৰিণত হৈছিল এজন সক্ৰিয় ৰাজনৈতিক কৰ্মীত। তেওঁৰ মূল কাম আছিল শোভাযাত্ৰা আৰু সভাত যোগ দি গান গোৱা। তেতিয়াৰ সময়ত তেওঁৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত গানসমূহৰ মাজত আছে "'এ কোন পাগল পথিক ছুটে এলো বন্দীনী মাৰ আঙ্গিনায়, আজি ৰক্ত-নিশি ভোৰে/ একি এ শুনি ওৰ/ মুক্তি-কোলাহল বন্দী-শৃঙ্খলে'" প্ৰভৃতি। ইয়াত ১৭ দিন থাকি তেওঁ স্থান পৰিবৰ্তন কৰিছিল। ১৯২১ খ্ৰীষ্টাব্দৰ নবেম্বৰ মাহত আকৌ কুমিল্লালৈ ঘূৰি যায়। ২১ নবেম্বৰত অআছিল সমগ্ৰ ভাৰতব্যাপী হৰতাল। এই উপলক্ষে নজৰুল আকৌ পথলৈ নামি আহে; অসহযোগ মিছিলৰ লগত চহৰ প্ৰদক্ষিণ কৰে আৰু গান গায়, "'ভিক্ষা দাও! ভিক্ষা দাও! ফিৰে চাও ওগো পুৰবাসী'।" নজৰুলৰ এই সময়ছোৱাৰ কবিতা, গান আৰু প্ৰবন্ধৰ মাজত বিদ্ৰোহৰ ভাৱ প্ৰকাশিত হৈছে। ইয়াৰ সৰ্বোৎকৃষ্ট উদাহৰণ হৈছে বিদ্ৰোহী নামৰ কবিতাটি। বিদ্ৰোহী কবিতাটি ১৯২২ খ্ৰীষ্টাব্দত প্ৰকাশিত হয় আৰু সমগ্ৰ ভাৰতৰ সাহিত্য সমাজত খ্যাতিলাভ কৰ। এই কবিতাত নজৰুলে নিজকে বৰ্ণনা কৰে-

আমি বঞ্চিত ব্যথা পথবাসী চিৰ গৃহহাৰা যত পথিকেৰ,
আমি অবমানিতেৰ মৰম বেদনা, বিষ জ্বালা, চিৰ লাঞ্ছিত বুকে গতি ফেৰ
আমি অভিমানী চিৰ ক্ষুব্ধ হিয়াৰ কাতৰতা, ব্যথা সুনিবিড়,
চিত চুম্বন-চোৰ-কম্পন আমি থৰ-থৰ-থৰ প্ৰথম প্ৰকাশ কুমাৰীৰ!
আমি গোপন প্ৰিয়াৰ চকিত চাহনি, ছল কৰে দেখা অনুখন,
আমি চপল মেয়েৰ ভালবাসা তাৰ কাকন চুড়িৰ কন-কন।
...
আমি বসুধা-বক্ষে আগ্নেয়াদ্ৰি, বাড়ব বহ্নি, কালানল,
আমি পাতালে মাতাল অগ্নিপাথাৰ কলৰোল কলকোলাহল।
আমি তড়িতে চড়িয়া উড়ে চলি জোৰ তুড়ি দিয়া দিয়া লম্ফ,
আমি ত্ৰাস সঞ্চাৰী ভুবনে সহসা সঞ্চাৰী ভূমিকম্প।
...
আমি চিৰ বিদ্ৰোহী বীৰ –

বিশ্ব ছাড়ায়ে উঠিয়াছি একা চিৰ উন্নত শিৰ!

১৯২২ খ্ৰীষ্টাব্দৰ ১২ই আগষ্টত নজৰুলে "ধূমকেতু" কাকত প্ৰকাশ কৰে। এইখন সপ্তাহত দুবাৰ প্ৰকাশিত হৈছিল। ১৯২০-ৰ দশকত অসহযোগ আৰু খিলাফত আন্দোলন এক সময়তে ব্যৰ্থতালৈ পৰ্যবসিত হয়। ইয়াৰ পাছতেই স্বৰাজ গঠনত যি সশস্ত্ৰ বিপ্লববাদৰ আবিৰ্ভাৱ ঘটে তাত ধূমকেতু কাকতৰ বিশেষ অৱদান আছিল। এই কাকতলৈ আশীৰ্বাদ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল,

কাজী নজৰুল ইছলাম কল্যাণীয়েষু, আয় চলে আয়ৰে ধূমকেতু। আঁধাৰে বাঁধ অগ্নিসেতু, দুৰ্দিনেৰ এই দুৰ্গশিৰে উড়িয়ে দে তোৰ বিজয় কেতন।

কাকতৰ প্ৰথম পাতৰ শীৰ্ষত এই বাণী লিখা থাকিছিল। কাকতৰ ২৬ ছেপ্টেম্বৰ, ১৯২২ সংখ্যাত নজৰুলৰ কবিতা 'আনন্দময়ীৰ আগমনে' প্ৰকাশিত হয়। এই ৰাজনৈতিক কবিতা প্ৰকাশিত হোৱাত ৮ নবেম্বৰ কাকতৰ উক্ত সংখ্যাটি নিষিদ্ধ ঘোষিত হয়। একেই বছৰৰ ২৩ নবম্বৰত তেওঁৰ যুগবাণী প্ৰবন্ধগ্ৰন্থ বাজেয়াপ্ত কৰা হয় আৰু একেদিনাই তেওঁক কুমিল্লা ৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ পাছত তেওঁক কুমিল্লাৰ পৰা কলকাতালৈ লৈ অনা হয়। ১৯২৩ খ্ৰীষ্টাব্দৰ ৭ জানুৱাৰীত নজৰুলে বিচাৰাধীন বন্দী হিচাপে আত্মপক্ষ সমৰ্থন কৰি এক জবানবন্দী প্ৰদান কৰ। চিফ প্ৰেচিডেন্সি মেজিষ্ট্ৰেট চুইনহোৰ আদালতত এই জবানবন্দী দিছিল। তেওঁৰ এই জবানবন্দী বঙালী সাহিত্যত 'ৰাজবন্দীৰ জবানবন্দী' নামেৰে বিশেষ সাহিত্যিক মৰ্যাদা লাভ কৰিছে। এই জবানবন্দীত নজৰুলে কৈছিল:

আমাৰ উপৰ অভিযোগ, আমি ৰাজবিদ্ৰোহী। তাই আমি আজ ৰাজকাৰাগাৰ বন্দী এবং ৰাজদ্বাৰ অভিযুক্ত। ... আমি কবি,আমি অপ্ৰকাশ সত্যকে প্ৰকাশ কৰাৰ জন্য, অমূৰ্ত সৃষ্টিকে মূৰ্তিদানেৰ জন্য ভগবান কৰ্তৃক প্ৰেৰিত। কবিৰ কণ্ঠে ভগবান সাড়া দেন, আমাৰ বাণী সত্যেৰ প্ৰকাশিকা ভগবানেৰ বাণী। সেবাণী ৰজবিচাৰে ৰাজদ্ৰোহী হতে পাৰে, কিন্তু ন্যায়বিচাৰে সে বাণী ন্যায়দ্ৰোহী নয়, সত্যাদ্ৰোহী নয়। সত্যেৰ প্ৰকাশ নিৰুদ্ধ হবে না। আমাৰ হাতে ধূমকেতু এবাৰ ভগবানেৰ হাতেৰ অগ্নি-মশাল হয়ে অন্যায় অত্যাচাৰ দগ্ধ কৰবে...।

১৬ জানুৱৰীত বিচাৰৰ পাছত নজৰুলক এবছৰৰ সশ্ৰম কাৰাদণ্ডে দণ্ডিত কৰা হয়। নজৰুলল আলিপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয়। ইয়াত যেতিয়া বন্দী জীৱন কটাইছিল তেতিয়া ১৯২৩ খ্ৰীষ্টাব্দৰ জানুৱাৰী ২২ বিশ্বকবি ৰবীন্দ্ৰনাথে তেওঁৰ 'বসন্ত গীতিনাট্য' গ্ৰন্থখন নজৰুলক উৎসৰ্গা কৰে। ইয়াত নজৰুল বিশেষভাৱ উল্লসিত হয়। এই আনন্দতে জেলত বহিয়েই 'আজ সৃষ্টি সুখেৰ উল্লাসে' কবিতাটি ৰচনা কৰে।

অসুস্থতা

[সম্পাদনা কৰক]
১৯৪০ চনত ৪২ বছৰ বয়সত নজৰুল

নবযুগত সাংবাদিকতাৰ লগেলগে নজৰুলে ৰেডিঅ’তো কাম কৰিছিল। এনেকুৱা সময়তেই অৰ্থাৎ ১৯৪২ খ্ৰীষ্টাব্দত তেওঁ অসুস্থ হৈ পৰে। ইয়াতে তেওঁ বাকশক্তি হেৰুৱায় পেলায়। তেওঁৰ অসুস্থতা সম্বন্ধে সুস্পষ্টৰূপে জনা যায় ১৯৪২খ্ৰীষ্টাব্দৰ জুলাই মাহত। ইয়াৰ পাছত তেওঁক মূলত: হোমিওপেথিক আৰু আয়ুৰ্বেদিক চিকিৎসা কৰোৱা হয়। কিন্তু তাতে তেওঁৰ অৱস্থাৰ তেনে কোনো উন্নতি নহ’ল। সেই সময়ত তেওঁক ইউৰোপলৈ পঠোৱা সম্ভৱ হোৱা হলে নিউৰো চাৰ্জাৰি কৰা হ’ল হয়। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে সেইয়া সম্ভৱ হৈ নুঠিল। ১৯৪২ চনৰ শেষৰ ফালে তেওঁ মানসিক ভাৰসাম্যও হেৰুৱায় পেলায়। ইয়াৰ পাছত নজৰুলৰ পৰিয়ালে ভাৰতত অজ্ঞাতবাসত সময় কটায়। ১৯৫২ চন পৰ্যন্ত তেওঁলোক অজ্ঞাতে আছিল। ১৯৫২ খ্ৰীষ্টাব্দত কবি আৰু কবিপত্নীক ৰাঁচীৰ এক মানসিক হাসপাতাললৈ পঠোৱা হয়। এই উদ্যোগত অগ্ৰণী ভূমিকা পালন কৰিছিল নজৰুলৰ আৰোগ্যৰ বাবে গঠিত এটি সংগঠনে যাৰ নাম আছিল নজৰুল চিকিৎসা কমিটি। তদুপৰি তৎকালীনভাৱে ভাৰতৰ বিখ্যাত ৰজনীতিবিদ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে সহযোগিতা কৰিছিল। কবিয়ে চাৰি মাহ ৰাঁচীত আছিল।

তাৰপাছত ১৯৫৩ খ্ৰীষ্টাব্দৰ মে মাহত নজৰুল আৰু প্ৰমীলা দেৱীক চিকিৎসাৰ বাবে লণ্ডনলৈ পঠোৱা হয়। মে ১০ তাৰিখে লণ্ডনৰ উদ্দেশ্যে হাওড়া ৰেলৱে ষ্টেছন এৰে। লণ্ডন পোৱাৰ পাছত ভালেকেইজন বিশেষজ্ঞ চিকিৎসকে তেওঁ ৰোগ নিৰ্ণয়ৰ চেষ্টা কৰে। এওঁলোকৰ মাজত আছিল: '’ৰাচেল ব্ৰেইন, উইলিয়াম চেজিয়েণ্ট' আৰু 'ম্যাককিস্ক'। তেওঁলোকে তিনিবাৰ নজৰুলৰ লগত দেখা কৰে। প্ৰতিটো চেছনৰ সময়ত তেওঁলোকে ২৫০ পাউণ্ডকৈ পাৰিশ্ৰমিক লৈছিল। ৰাচেল ব্ৰেইনৰ মতে নজৰুলৰ ৰোগটো আছিল দুৰাৰোগ্য। কবলৈ গ’লে আৰোগ্য কৰা অসম্ভৱ আছিল। এই গ্ৰুপটোৱে নিৰ্ণয় কৰিছিল যে নজৰুল "'ইনভল্যুশনাল চাইকোচিচ'" ৰোগত ভুগিছে। তদুপৰি কলকাতাত থকা ভাৰতীয় চিকিৎসকলেও পৃথককৈ এটি গ্ৰুপ তৈয়াৰ কৰিছিল। উভয় গ্ৰুপেই এই ক্ষেত্ৰত একমত হৈছিল যে, ৰোগৰ প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা আছিল খুব সহজলভ্য আৰু অপৰ্যাপ্ত। লণ্ডনত অৱস্থিত 'লণ্ডন ক্লিনিকত' কবিৰ 'এয়াৰ এনচেফালোগ্ৰাফি' নামৰ এক্স-ৰে কৰোৱা হয়। ইয়াত দেখা যায় তেওঁৰ মস্তিষ্কৰ ফ্ৰণ্টাল লোব সংকুচিত হৈ গৈছে। ড: ম্যাককিস্কোৰ দৰে ভালে কেইজন চিকিৎসকে এই পদ্ধতি প্ৰয়োগক যথোপযুক্ত বুলি অনুভৱ কৰে যাৰ নাম আছিল 'ম্যাককিস্ক অপাৰশন'। অৱশ্যে ড: ব্ৰেইনে ইয়াৰ বিৰোধিতা কৰিছিল।

এই সময়ত নজৰুলৰ মেডিকেল ৰিপোৰ্ট ভিয়েনাৰ বিখ্যাত চিকিৎসকসকলৰ ওচৰলৈ পঠোৱা হয়। তদুপৰি ইউৰোপৰ অন্যান্য গুৰুত্বপূৰ্ণ স্থানলৈকো পঠোৱা হৈছিল। জাৰ্মানীৰ বন বিশ্ববিদ্যালয়ৰ নিউৰোচাৰ্জন 'অধ্যাপক ৰোয়েণ্টগেন'এ ম্যাককিস্ক অপাৰেশ্যনৰ বিৰোধিতা কৰে। ভিয়েনাৰ চিকিৎসকসকলেও এই অপাৰেশ্যনৰ সংক্ৰান্তত আপত্তি জনায়। তেওঁলোক সকলোৱে এইক্ষেত্ৰত অন্য আৰু কেইটামান পৰীক্ষাৰ কথা কয় যাতে মস্তিষ্কৰ ৰক্তবাহীসমূহৰ মাজত এক্স-ৰেৰ দ্বাৰা দৃশ্যমান ৰং ভৰাই ৰক্তবাহীসমূহৰ ছবি তোলা হয় (চেৰিব্ৰাল অ্যানজিওগ্ৰাফি)। কবিৰ শুভাকাঙ্খীসকলৰ সিদ্ধান্ত মৰ্মে তেওঁক ভিয়েনাৰ চিকিৎসক 'ড॰ হ্যান্স হফৰ' অধীনত ভৰ্তি কৰোৱা হয়। এই চিকিৎসকজন নোবেল বিজয়ী চিকিৎসক জুলিয়াচ ৱেগনাৰ-জাউৰেগৰ অন্যতম ছাত্ৰ। ১৯৫৩ খ্ৰীষ্টাব্দৰ ৯ ডিচেম্বৰত কবিক পৰীক্ষা কৰোৱা হয়। ইয়াৰ ফলাফলৰ পৰা ড॰ হফে কয় যে, কবি নিশ্চিতভাবে পিক্‌চ ডিজিজ নামৰ এটি নিউৰন ঘটিত সমস্যাত ভুগিছে। এই ৰোগত আক্ৰান্তসকলৰ মস্তিকৰ ফ্ৰণ্টাল আৰু পাৰ্শ্বীয় লোব সংকুচিত হৈ যায়। তেওঁ আৰু কয় যে বৰ্তমান অৱস্থাৰ পৰা কবিক আৰোগ্য কৰি তোলা অসম্ভৱ। ১৯৫৩ খ্ৰীষ্টাব্দৰ ডিচেম্বৰ ২৭ ডিচেম্বৰ তাৰিখে কলকাতাৰ দৈনিক যুগান্তৰ আলোচনীত 'ভিয়েনাত নজৰুল' নামেৰে এটি প্ৰবন্ধ ছপায় যাৰ লেখক আছিল 'ড॰ অশোক বাগচি'। তেওঁ উচ্চ শিক্ষাৰ বাবে ভিয়েনাত অৱস্থান কৰিছিল আৰু নজৰুলৰ চিকিৎসা সম্বন্ধে প্ৰত্যক্ষ জ্ঞান অৰ্জন কৰিছিল। যিহওক, ব্ৰিটিছ চিকিৎসকলে নজৰুলৰ চিকিৎসাৰ বাবে বিৰাট অংকৰ ফীজ বিচাৰিছিল য’ত ইউৰোপৰ অন্য অংশৰ কোনো চিকিৎসকেই ফীজ নল’লে। অচিৰেই নজৰুল ইউৰোপৰ পৰা দেশলৈ ঘূৰি আহে। ইয়াৰ পাছতেই পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী ড॰ বিধান চন্দ্ৰ ৰায় ভিয়েনালৈ যায় আৰু ড॰ হ্যান্স হফৰ ওচৰত গৈ বিস্তাৰিতভাৱে শুনে। নজৰুলৰ লগত যিসকলে ইউৰোপলৈ গৈছিল তেওঁলোকৰ সকলোৱে ১৯৫৩ চনৰ ১৪ ডিচেম্বৰ ৰোমৰ পৰা নিজ দেশৰ উদ্দেশ্যে যাত্ৰা কৰে।[6]

বাংলাদেশলৈ আগমন আৰু প্ৰয়াণ

[সম্পাদনা কৰক]
ঢাকা বিশ্ববিদ্যালয়ত মছজিদৰ কাষত অন্তিম শয়নত কবি নজৰুল ইছলাম

১৯৭১ খ্ৰীষ্টাব্দত বাংলাদেশৰ স্বাধীনতা যুদ্ধত বঙালীসকলৰ বিজয় লাভৰ মাধ্যমত বাংলাদেশ নামেৰে এখন স্বাধীন ৰাষ্ট্ৰই প্ৰতিষ্ঠা লাভ কৰে। ১৯৭২ খ্ৰীষ্টাব্দৰ ২৪ মে তাৰিখে ভাৰত চৰকাৰৰ অনুমতিক্ৰমে কবি নজৰুলৰ সম্পপূৰ্ণ পৰিয়ালক বাংলাদেশলৈ লৈ অহা হয়। বাংলাদেশৰ তৎকালীন ৰাষ্ট্ৰপতি শেখ মুজিবুৰ ৰহমানে এইক্ষেত্ৰত বিশেষ উদ্যোগ নিছিল। কবিৰ বাকী জীৱন বাংলাদেশতেই কাটে। বঙালী সাহিত্য আৰু সংস্কৃতিত তেওঁৰ বিশেষ অৱদানৰ স্বীকৃতিস্বৰূপে ১৯৭৪ খ্ৰীষ্টাব্দৰ ৯ ডিচেম্বৰ তাৰিখে ঢাকা বিশ্ববিদ্যালয়ে তেওঁক সম্মানসূচক ডি.লিট উপাধিৰে ভূষিত কৰে। বিশ্ববিদ্যালয়ৰ এক সমাবৰ্তনত তেওঁক এই উপাধি প্ৰদান কৰা হয়। ১৯৭৬ খ্ৰীষ্টাব্দৰ জানুৱাৰী মাহত বাংলাদেশ চৰকাৰে কবিক বাংলাদেশৰ নাগৰিকত্ব প্ৰদান কৰে। একেই বছৰৰ ২১ ফেব্ৰুৱাৰীতে তেওঁক 'একৈছ পদকেৰে' ভূষিত কৰা হয়। একৈছ পদক বাংলাদেশৰ সকলোতকৈ সম্মানসূচক পদক হিচাপে বিবেচিত হয়।

ইয়াৰ পাছত যথেষ্ট চিকিৎসা কৰা সত্ত্বেও নজৰুলৰ স্বাস্থ্যৰ বিশেষ কোনো উন্নতি নহ’ল। ১৯৭৪ খ্ৰীষ্টাব্দত কবিৰ আটাইতকৈ নুমলীয়া পুত্ৰ আৰু বিখ্যাত গীটাৰ বাদক 'কাজী অনিৰুদ্ধই' মৃত্যুবৰণ কৰে। ১৯৭৬ চনত নজৰুলৰ স্বাস্থ্যৰ অৱনতি হবলৈ আৰম্ভ কৰে। জীৱনৰ শেষ দিনবিলাক কটায় ঢাকাৰ পিজি হাস্পতালত। ১৯৭৬ খ্ৰীষ্টাব্দৰ ২৯ আগষ্ট তাৰিখে তেওঁ মৃত্যুবৰণ কৰে। কবিয়ে তেওঁৰ এটি কবিতাত কৈছিল:

পূজিছে গ্ৰন্থ ভণ্ডেৰ দল মুৰ্খৰা সব শোন/ মানুষ এনেছে গ্ৰন্থ, গ্ৰন্থ আনেনি মানুষ কোন

তেওঁ কালীদেৱীক লৈ অনেক শ্যামা সঙ্গীত ৰচনা কৰে, ইছলামী গজলো ৰচনা কৰে। নজৰুলে তেওঁৰ শেষ ভাষণত উল্লেখ কৰিছে যে - "কেউ বোলে আমা" এই কবিতাত তেওঁৰ অন্তিম ইচ্ছা প্ৰকাশ পাইছে। তেওঁৰ এই ইচ্ছাৰ বিষয়টো বিবেচনা কৰি কবিক ঢাকা বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় মছজিদৰ কাষত সমাধিস্থ কৰাৰ সিদ্ধান্ত নিয়া হয় আৰু সেই অনুযায়ী তেওঁৰ সমাধি ৰচিত হয়। তেওঁৰ জানাজাৰ নামাজত ১০ হাজাৰ মান মানুহে অংশগ্ৰহণ কৰে। জানাজাৰ নামাজ আদায়ৰ পাছত ৰাষ্ট্ৰপতি, মেজৰ জেনেৰেল জিয়াউৰ ৰহমান, ৰিয়াল এডমিৰাল এম এইচ খান, এয়াৰ ভাইস মাৰ্শাল এ জি মাহমুদ, মেজৰ জেনেৰেল দস্তগীৰ জাতীয় পতাকা মণ্ডিত নজৰুলৰ মৃতদেহ সোহৰাৱাৰ্দী ময়দানৰ পৰা বিশ্ববিদ্যালয়ৰ মছজিদ প্ৰাঙ্গনলৈ নিয়া হয়।[7] বাংলাদেশত তেওঁৰ মৃত্যু উপলক্ষ্যে দুদিনৰ ৰাষ্ট্ৰীয় শোক দিৱস পালন কৰা হয়। আৰু ভাৰতৰ আইনসভাত কবিৰ সম্মানত এক মিনিট নীৰৱতা পালন কৰা হয়।

সাহিত্যকৰ্ম

[সম্পাদনা কৰক]

১৯২১ চনৰ ডিচেম্বৰ মাহত কুমিল্লাৰ পৰা কলকাতালৈ ওভতাৰ পথত নজৰুলে দুটা বৈপ্লবিক সাহিত্যকৰ্মৰ জন্ম দিয়ে। এই দুটা হৈছে বিদ্ৰোহী কবিতা আৰু ভাঙ্গাৰ গান সঙ্গীত। এইবিলাকে বঙালী কবিতা আৰু গানৰ ধাৰাক সম্পূৰ্ণ সলায় পেলাইছিল। বিদ্ৰোহী কবিতাৰ বাবে নজৰুলে সকলোতকৈ বেছি জনপ্ৰিয়তা অৰ্জন কৰে। একেই সময়তে ৰচিত আৰু কেইটিমান বিখ্যাত কবিতা হৈছে 'কামাল পাশা'। ইয়াত ভাৰতীয় মুছলমানসকলৰ খিলাফত আন্দোলনৰ অসাৰতা সম্বন্ধে নজৰুলৰ দৃষ্টিভঙী আৰু সমকালীন আন্তৰ্জাতিক ইতিহাস-চেতনাৰ পৰিচয় পোৱা যায়। ১৯২২ চনত তেওঁৰ বিখ্যাত কবিতা-সংকলন 'অগ্নিবীণা' প্ৰকাশিত হয়। এই কাব্যগ্ৰন্থত বঙালী কবিতালৈ এটি নতুনত্ব সৃষ্টিত সমৰ্থ হয়, ইয়াৰ মাধ্যমেৰেই বঙালী কাব্য জগতত সালসলনি ঘটে। প্ৰকাশৰ লগে লগে ইয়াৰ প্ৰথম সংস্কৰণ শেষ হৈ গৈছিল। উপৰাউপৰিকৈ ইয়াৰ কেইবাটাও নতুন সংস্কৰণ প্ৰকাশিত হয়। এই কাব্যগ্ৰন্থৰ আটাইতকৈ উত্‌সাহ জগোৱা কবিতাসমূহৰ মাজত আছে: "'প্ৰলয়োল্লাস, আগমনী, খেয়াপাৰেৰ তৰণী, শাত-ইল্‌-আৰব, বিদ্ৰোহী, কামাল পাশা'" ইত্যাদি। এইবিলাকে বঙালী কবিতাৰ সূঁতি সলায় পেলাইছিল।

গদ্য ৰচনা, গল্প আৰু উপন্যাস

[সম্পাদনা কৰক]

নজৰুলৰ প্ৰথম গদ্য ৰচনা আছিল "'বাউণ্ডুলৰ আত্মকাহিনী'।" ১৯১৯ চনৰ মে মাহত এইটো সওগাত আলোচনীত প্ৰকাশিত হয়। সৈনিক হৈ থকা অৱস্থাযত কৰাচী সেনানিবাসত বহি এইটো ৰচনা কৰিছিল। ইয়াৰ পৰাই মূলত: তেওঁৰ সাহিত্যিক জীৱনৰ সূত্ৰপাত ঘটিছিল। ইয়াত বহিয়েই যথেষ্ট সংখ্যক গল্প লিখিছিল। এইবোৰৰ মাজত আছে: "'হেনা, ব্যাথাৰ দান, মেহেৰ নেগাৰ, ঘুমেৰ ঘোৰে।" ১৯২২ চনত নজৰুলৰ এখন গল্প সংকলন প্ৰকাশিত হয় যাৰ নাম 'ব্যথাৰ দান'। তদুপৰি একেই বছৰতে প্ৰবন্ধ-সংকলন 'যুগবাণী' প্ৰকাশিত হয়।

ৰাজনৈতিক আৰু ৰাষ্ট্ৰীয় দৰ্শন

[সম্পাদনা কৰক]

সৈনিক জীৱন ত্যাগ কৰি নজৰুলে বঙ্গীয় মুছলিম সাহিত্য সমিতিৰ অফিচত মুজফ্‌ফৰ আহমদৰ লগত বাস কৰিছিল। মুজফ্‌ফৰ আহমদ আছিল এইদেশত সমাজতান্ত্ৰিক আন্দোলন প্ৰতিষ্ঠাৰ অগ্ৰদূত। সেয়ে ইয়াৰ পৰাই নজৰুলৰ ৰাজনৈতিক চেতনাৰ বিকাশ আৰম্ভ হয়। মুজফ্‌ফৰ আহমদৰ লগত তেওঁ বিভিন্ন ৰাজনৈতিক সভা-সমিতি আৰু বক্তৃতাত অংশ লৈছিল। এই সময়ৰ পৰাই সমাজতান্ত্ৰিক আদৰ্শৰ লগত পৰিচিত হয়। ১৯১৭ চনত ৰাছিয়াৰ সমাজতান্ত্ৰিক বিপ্লৱে তেওঁক নানাভাৱে প্ৰভাৱিত কৰে। তেওঁৰ লাঙ্গল]] আৰু গণবাণী আলোচনীত তেওঁ প্ৰকাশ কৰে যে 'সাম্যবাদী' আৰু 'সৰ্বহাৰা' কবিতাসমূহ। ইয়াৰ লগতে প্ৰকাশ কৰিছিল কমিউনিষ্ট ইণ্টাৰনেশ্যনেলৰ অনুবাদ 'জাগ অনশন বন্দী ওঠ ৰে যত'। তেওঁৰ আলোচনীত প্ৰকাশিত হয় 'ৰেড ফ্ল্যাগ'-ৰ অৱলম্বনত ৰচিত 'ৰক্তপতাকাৰ গান'।

তেতিয়া মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰু মৌলানা মোহাম্মদ আলী আৰু ছৌকত আলীৰ নেতৃত্বত খিলাফত আন্দোলন। অসহযোগ আন্দোলনৰ উদ্দেশ্য আছিল শান্তিপূৰ্ণ উপায়েৰে ভাৰতবৰ্ষৰ পৰা ইংৰাজৰ বিতাৰণ। আৰু খিলাফত আন্দোলনৰ উদ্দেশ্য আছিল তুৰস্কৰ মধ্যযুগীয় সামন্ত শাসন ব্যৱস্থা বজায় ৰখা, কাৰণ এই সমন্বিত চুলতানী শাসন ব্যৱস্থাৰ প্ৰধান তথা তুৰস্কৰ চুলতানক প্ৰায় সকলো মুছলমানে মুছলিম বিশ্বৰ খলীফা জ্ঞান কৰিছিল। নজৰুল এই দুই আন্দোলনৰ আদৰ্শত বিশ্বাসী নাছিল। তেওঁ সশস্ত্ৰ বিপ্লৱৰ মাধ্যমত স্বাধীনতা তথা স্বৰাজ অৰ্জনত বিশ্বাস কৰিছিল যিটো মহাত্মা গান্ধীৰ দৰ্শনৰ বিপৰীত আছিল। আকৌ মোস্তফা কামাল পাশাৰ নেতৃত্বত তুৰস্কৰ চালতানাত উচ্ছেদৰ মাধ্যমত নতুন তুৰস্ক গঢ়ি তোলাৰ আন্দোলনৰ প্ৰতি নজৰুলৰ সমৰ্থন আছিল। তথাপি তেওঁ অসহযোগ আৰু খিলাফত আন্দোলনত যোগ দিছিল। কাৰণ, এই সংগ্ৰাম দুটা ভাৰতীয় হিন্দু মুছলমানসকলৰ সম্মিলিত সম্ৰাজ্যবাদ বিৰোধী সংগ্ৰামৰ অবিচ্ছেদ্য অংশ হিচাপে বিবেচিত হৈছিল।

তথাপি সকলো ফালে বিচাৰ কৰি চালে দেখা যায় যে নজৰুলে তেওঁৰ ৰাষ্ট্ৰীয় ধ্যান ধাৰণাত সকলোতকৈ বেছি প্ৰভাৱিত হৈছিল কামাল পাশাৰ দ্বাৰা। কাৰণ কামাল পাশাই তুৰস্কত সামন্ততান্ত্ৰিক খিলাফত তথা চালতানাত উচ্ছেদ কৰি দেশক এক আধুনিক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত পৰিণত কৰাত সক্ষম হৈছিল। তুৰস্কবাসীসকাৰ জীৱনৰ পৰা মৌলবাদ আৰু পৰ্দাপ্ৰথা দূৰ কৰিব পাৰিছিল বুলিয়েই নজৰুলে তেওঁৰ প্ৰতি বেছিকৈ আকৃষ্ট হৈছিল বুলি অনেক বিশেষজ্ঞই(অধ্যাপক ৰফিকুল ইছলামে )মত প্ৰকাশ কৰিছে। নজৰুলে ভাবিছিল তুৰস্কত মুছলমানসকলে তেওঁলোকৰ দেশত যি কৰিব পাৰিছে ভাৰতীয় উপমহাদেশত সেইটো কিয় সম্ভৱ নহব? গোড়ামী, ৰক্ষণশীলতা, ধৰ্মান্ধতা, কুসংস্কাৰৰ বিৰুদ্ধে নজৰুলৰ অৱস্থান আছিল কঠোৰ। আৰু তেওঁৰ এই অৱস্থানৰ পিছত আটাইতকৈ বেছি প্ৰভাৱ আছিল কামাল পাশাৰ। সেই হিচাপে তেওঁৰ জীবনৰ নায়ক আছিল কামাল পাশা। নজৰুলে নিজেও তেওঁৰ বিদ্ৰোহী জীৱনত অনুৰূপ ভূমিকা পালনৰ চেষ্টা চলাইছিল। উল্লেখযোগ্য যে ১৯২১ চনৰ ছেপ্টেম্বৰ মাহত মুজফ্‌ফৰ আহমদ আৰু নজৰুলে তালতলা লেনেৰ যি গৃহত আছিল সেই গৃহতেই ভাৰতৰ প্ৰথম সমাজতান্ত্ৰিক দল গঠিত হৈছিল। ১৯১৭ চনৰ ৰাছিয়াৰ সমাজতান্ত্ৰিক বিপ্লৱৰ মাধ্যমেৰেও নজৰুল প্ৰভাৱিত হৈছিল। কিন্তু তেওঁ নিজে কেতিয়াও এই দলৰ সদস্য নাছিল, যদিও কমৰেড মুজফ্‌ফৰ তেওঁৰ আজীৱন ঘনিষ্ঠ বন্ধু আছিল।

১৯২০ ৰ দশকৰ জাতীয় পৰিষদৰ নিৰ্বাচনত তেওঁ অংশ গ্ৰহণৰ চেষ্টা কৰে। প্ৰথমে কংগ্ৰেছত সমৰ্থন লাভৰ বাবে তেওঁ কলকাতালৈ যায়। কিন্তু কংগ্ৰেছৰ ফালৰ পৰা তেনে কোনো উত্‌সাহ নাপায় তেওঁ অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত লয়। নিৰ্বাচনত তেওঁ তেনে কোনো সাফল্য নাপালে। ইয়াৰ পাছত সাহিত্যৰ মাধ্যমত তেওঁৰ ৰাজনৈতিক চিন্তাৰ বহি:প্ৰকাশ অব্যাহত থাকিলেও ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণ কমি যায়।[8]

সমালোচনা

[সম্পাদনা কৰক]
  • মলয় ৰায়চৌধুৰী ৰচিত উনিশতম অশ্বাৰোহীঃ নজৰুল সম্পৰ্কে এক পোষ্টমডাৰ্ন প্ৰতৰ্ক'। মীজানুৰ ৰহমানৰ ত্ৰৈমাহিক আলোচনী, ঢাকা ( ২০০০ )।
বাংলাদেশ চলচ্চিত্ৰ উন্নয়ন কৰ্পোৰেশন বা বিএফডিসি'ৰ মাজত স্মাৰক ভাস্কৰ্য।
কাজী নজৰুল ইছলামৰ সম্মানত উৎসৰ্গিত কলকাতা মেট্ৰোৰ কবি নজৰুল (গড়িয়া বাজাৰ) মেট্ৰো ষ্টেচন।

কাজী নজৰুল ইছলামক বাংলাদেশ ৰাষ্ট্ৰৰ জাতীয় কবিৰ মৰ্যাদা দিয়া হয়। তেওঁৰ দ্বাৰা ৰচিত "চল চল চল, ঊৰ্ধগগনে বাজে মাদল" বাংলাদেশৰ ৰণসংগীত হিচাপে গৃহীত। নজৰুলৰ জন্ম আৰু মৃত্যুবাৰ্ষিকী প্ৰতি বছৰে বিশেষভাবে উদযাপিত হয়। নজৰুলৰ স্মৃতিবিজড়িত ত্ৰিশালত (বাংলাদেশৰ ময়মনসিংহ জিলাত) ২০০৫ চনত [জাতীয় কবি কাজী নজৰুল ইছলাম বিশ্ববিদ্যালয় নামৰ চৰকাৰী বিশ্ববিদ্যালয় প্ৰতিষ্ঠিত হৈছে। পশ্চিমবঙ্গত কবিৰ জন্মস্থান চুৰুলিয়াত নজৰুল একাডেমী আৰু বাংলাদেশৰ ৰাজধানী ঢাকাত কবিৰ স্মৃতিত নজৰুল একাডেমী, বুলবুল ললিতকলা একাডেমী আৰু শিশু সংগঠন বাংলাদেশ নজৰুল সেনা স্থাপিত হয়। ইয়াৰ উপৰি চৰকাৰীভাৱে স্থাপিত হৈছে গৱেষণা প্ৰতিষ্ঠান নজৰুল ইন্সটিটিউট, কলকাতাৰ নেতাজী সুভাষচন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ আৰু মূল চহৰৰ সংযোগকাৰী প্ৰধান ৰাস্তাটো কবিৰ নামত উৎসৰ্গা কৰি কাজী নজৰুল ইছলাম সৰণি কৰা হয়। এইবোৰৰ উপৰিও কলকাতা মেট্ৰোৰ গড়িয়া বাজাৰ ষ্টেচনটোক কবিৰ সম্মানত 'কবি নজৰুল' নামেৰে উৎসৰ্গা কৰা হৈছে। ঢাকা চহৰৰ এটি প্ৰধান ৰাজপথৰ নাম ৰখা হৈছে 'কাজী নজৰুল ইছলাম এভিনিউ'।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Kazi Nazrul Islam" (HTML). 2006-07-08. Archived from the original on 2004-07-01. https://web.archive.org/web/20040701211930/http://banglapedia.search.com.bd/HT/I_0109.HTM। আহৰণ কৰা হৈছে: 2006-07-08. 
  2. Farooq, Dr. Mohammad Omar (2007-03-10). "Nazrul's Illness and Treatment" (HTML). Nazrul.org (March 2007). http://www.nazrul.org/nazrul_life/illness.htm। আহৰণ কৰা হৈছে: 2007-03-10. 
  3. Chaudhuri, Dilip (2006-09-22). "Nazrul Islam: The unparalleled lyricist and composer of Bengal" (HTML). Press Information Bureau, Government of India. http://pib.nic.in/feature/fe0899/f1608991.html। আহৰণ কৰা হৈছে: 2006-09-22. 
  4. কাজী নজৰুল ইছলাম (১৮৯৯-১৯৭৬) - ৰফিকুল ইছলাম; কলকাতাৰ সাহিত্যম্‌ প্ৰকাশনীৰ পৰা প্ৰকাশিত 'নজৰুল শ্ৰেষ্ঠ সংকলনত' এই প্ৰবন্ধটি সংযুক্ত আছে।
  5. নজৰুলৰ জীৱনত নাৰী আৰু প্ৰেম; ড॰ আবুল আজাদ
  6. 1. Muzaffar Ahmad, Kazi Nazrul Islam Smritikatha [Memoirs of Kazi Nazrul Islam - Kolkata, India: National Book Agency, 10th print, 1998] 2. Rafiqul Islam, Nazrul Jiboni [Life of Nazrul - Department of Bangla, Dhaka University, May 1972]; Prof. Rafiqul Islam is a national Nazrul professor in Bangladesh and one of the leading Nazrul researchers. 3. Sushilkumar Gupta, Nazrul Chorit-manosh [Kolkata, India: De's Publishing, 1990]
  7. ঢাকা বিশ্ববিদ্যালয়ৰ আশী বছৰ- ৰফিকুল ইছলাম; পৃষ্ঠা: ২৭১
  8. http://www.thedailystar.net/magazine/2010/05/03/tribute.htm

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]