যোগাত্মক বিপৰীত সংখ্যা
Jump to navigation
Jump to search
যোগাত্মক বিপৰীত সংখ্যা(Additive Inverse) যদি যিকোনো দুটা সংখ্যাৰ যোগফল ০(শূন্য) হয়, তেন্তে এটাক আনটো সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যা বুলি কোৱা হয়। ইয়াৰ পৰাই ঋণাত্মক সংখ্যাৰ ধাৰণাটোৰ উদ্ভৱ হয়। উদাহৰণ স্বৰূপে যিকোনো এটা সংখ্যা যেনে ৪ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব (-৪) আৰু (-৪)ৰ যোগাত্মক বিপৰীত হ'ব ৪, য'ত-
৪+(-৪)=০,বা (-৫)+৫=০
প্ৰতিটো ধনাত্মক সংখ্যাৰ যোগাত্মক বিপৰীত হ'ব সংখ্যাটোৰ ঋণাত্মক মান। আনহাতে প্ৰতিটো ঋণাত্মক সংখ্যাৰ যোগাত্মক বিপৰীত হ'ল সংখ্যাটোৰ ধনাত্মক মান। ০(শূন্য) নিজেই নিজৰ যোগাত্মক বিপৰীত।

8√1ৰ আঠটা মানৰ ভিতৰত এই দুটা জটিল সংখ্যা এটা আনটোৰ বিপৰীত।