যোগাত্মক বিপৰীত সংখ্যা
যোগাত্মক বিপৰীত সংখ্যা(Additive Inverse) যদি যিকোনো দুটা সংখ্যাৰ যোগফল ০(শূন্য) হয়, তেন্তে এটাক আনটো সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যা বুলি কোৱা হয়। এই সংখ্যা বোৰক বিপৰীত সংখ্যা[1], বিপৰীত চিহ্ন যুক্ত সংখ্যা বুলিও কোৱা হয়।[2] ইয়াৰ পৰাই ঋণাত্মক সংখ্যাৰ ধাৰণাটোৰ উদ্ভৱ হয়। উদাহৰণ স্বৰূপে যিকোনো এটা সংখ্যা যেনে ৪ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব (-৪) আৰু (-৪)ৰ যোগাত্মক বিপৰীত হ'ব ৪, য'ত-
৪+(-৪)=০,বা (-৫)+৫=০ একেদৰে, a − bৰ যোগাত্মক বিপৰীত হৈছে −(a − b) যিটো b − a ৰূপত প্ৰকাশ কৰিব পাৰি। 2x − 3ৰ যোগাত্মক বিপৰীত হৈছে 3 − 2x, কাৰণ 2x − 3 + 3 − 2x = 0.[3]
প্ৰতিটো ধনাত্মক সংখ্যাৰ যোগাত্মক বিপৰীত হ'ব সংখ্যাটোৰ ঋণাত্মক মান। আনহাতে প্ৰতিটো ঋণাত্মক সংখ্যাৰ যোগাত্মক বিপৰীত হ'ল সংখ্যাটোৰ ধনাত্মক মান। ০(শূন্য) নিজেই নিজৰ যোগাত্মক বিপৰীত।
সাধাৰণ উদাহৰণ
[সম্পাদনা কৰক]কোনো এটা সংখ্যাৰ ক্ষেত্ৰত (বিভিন্ন সংখ্যাৰ ভেন আঙুঠি) সংখ্যাটোক -১ৰে পূৰণ কৰি ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো পাব পাৰি। যেনে: −n = −1 × n এই সংখ্যাৰ ভেন আঙুঠিৰ ভিতৰত থাকিব অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, বাস্তৱ সংখ্যা, আৰু জটিল সংখ্যা বোৰ।
বিয়োগৰে সম্পৰ্ক
[সম্পাদনা কৰক]যোগাত্মক বিপৰীত বিয়োগৰ সৈতে ওচৰ সম্পৰ্কীয়। যিটোক বিপৰীতৰে যোগ হৈ থকা বুলি দেখুৱাব পাৰি:
- a − b = a + (−b).
আকৌ যোগাত্মক বিপৰীতক শূণ্যৰ পৰা বিয়োগ কৰি পোৱা বিয়োগফল বুলিও ক'ব পাৰি:
- −a = 0 − a
অন্যান্য বৈশিষ্ট্য
[সম্পাদনা কৰক]অন্যান্য বৈশিষ্ট্যত তলৰ বীজগণিতীয় ধৰ্ম সমূহ উল্লেখ কৰা হয়:
- −(−a) = a, যিটো অনুৰূপ বিপৰীত
- −(a + b) = (−a) + (−b)
- −(a - b) = b − a
- a − (−b) = a + b
- (−a) × b = a × (−b) = −(a × b)
- (−a) × (−b) = a × b
- উল্লেখনীয় ভাৱে, (−a)2 = a2
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ Tussy, Alan; Gustafson, R. (2012), Elementary Algebra (5th সম্পাদনা), Cengage Learning, p. 40, ISBN 9781133710790, https://books.google.com/books?id=De4KAAAAQBAJ&pg=PA40.
- ↑ Brase, Corrinne Pellillo; Brase, Charles Henry (1976) (en ভাষাত). Basic Algebra for College Students. Houghton Mifflin. পৃষ্ঠা. 54. ISBN 978-0-395-20656-0. https://books.google.com/books?id=Z8wm-oVkbm8C&q=sign+change+additive+inverse. "...to take the additive inverse of the member, we change the sign of the number."
- ↑ "Additive Inverse". www.learnalberta.ca. http://www.learnalberta.ca/content/memg/Division03/Additive%20Inverse/index.html। আহৰণ কৰা হৈছে: 2020-08-27.