সমললৈ যাওক

যোৰহাট ষ্টেডিয়াম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যোৰহাট ষ্টেডিয়াম
সম্পূৰ্ণ নাম যোৰহাট ষ্টেডিয়াম
স্থান যোৰহাট, অসম
স্থানাংক 26°45′18″N 94°12′25″E / 26.755°N 94.20694°E / 26.755; 94.20694
স্বত্বাধিকাৰী অসম ক্ৰীড়া ব'ৰ্ড
অপাৰেটৰ যোৰহাট জিলা ক্ৰীড়া সন্থা
আসন ক্ষমতা ২৫,০০০
পৃষ্ঠ ঘাঁহ
নিৰ্মাণ
স্থাপিত ১৯৫০
পুনৰ নিৰ্মাণ ২০১৪
নিৰ্মাণ ব্যয় ৬ কোটি
ভাড়াতীয়া
যোৰহাট টাউন ক্লাব

যোৰহাট ষ্টেডিয়াম (ইংৰাজী: Jorhat Stadium) হৈছে অসমৰ আটাইতকৈ পুৰণি বহুমুখী ষ্টেডিয়াম।[1][2] ই অসমৰ যোৰহাট চহৰত অৱস্থিত। ষ্টেডিয়াম খনত অত্যাধুনিক পকী গেলেৰীৰ লগতে মৃণ্ময় গেলেৰীও আছে। এই ষ্টেডিয়ামখন ১৯৫০ চনত প্ৰতিষ্ঠা কৰা হৈছিল।[3][4] ইয়াৰ পুৰণি মৃণ্ময় গেলেৰী সমূহৰ ডিজাইন স্বৰ্গীয় অবনী মোহন চৌধুৰীয়ে কৰিছিল। বিভিন্ন ক্ৰিকেট আৰু ফুটবল প্ৰতিযোগিতা সমূহ এই ষ্টেডিয়ামত অনুষ্ঠিত হয়। এই ষ্টেডিয়ামতে ১৯৪৯/৫০ চনত অসমৰ প্ৰথম ৰঞ্জি ট্ৰফীৰ খেল অনুষ্ঠিত হৈছিল।[5]

সন্মানীয় এ.টি.পি.এ. শ্বিল্ড ফুটবল প্ৰতিযোগিতা যোৰহাটৰ ফুটবল তথা ক্ৰীড়া ক্ষেত্ৰৰ এক বিশেষ আকৰ্ষণ, য'ত ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ শ্ৰেষ্ঠ দল সমূহে অংশগ্ৰহণ কৰে। [6] অসমৰ অন্যতম পুৰণি এই ফুটবল প্ৰতিযোগিতাখন প্ৰথম ১৯৬০ চনত এই ষ্টেডিয়ামতে অনুষ্ঠিত হৈছিল। অসমৰ প্ৰধান পেছাদাৰী ফুটবল লীগ অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগৰ যোৰহাটৰ দল যোৰহাট টাউন ক্লাবে এইখন ষ্টেডিয়ামক নিজৰ ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰে। [7]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. First modern sports stadium under construction in Jorhat Archived 2015-09-23 at the Wayback Machine
  2. "Johat online". Archived from the original on 2022-09-22. https://web.archive.org/web/20220922030815/https://www.jorhatonline.in/city-guide/sports-in-jorhat। আহৰণ কৰা হৈছে: 2021-12-27. 
  3. "Sports in Jorhat". jorhatonline.in. Archived from the original on 22 September 2022. https://web.archive.org/web/20220922030815/https://www.jorhatonline.in/city-guide/sports-in-jorhat। আহৰণ কৰা হৈছে: 27 February 2022. 
  4. "Board of Sports of Assam". Archived from the original on 13 October 2024. https://web.archive.org/web/20241013043331/https://dsyw.assam.gov.in/information-services/board-of-sports-of-assam। আহৰণ কৰা হৈছে: 2 November 2024. 
  5. "Centenary Celebration Of Jorhat Stadium From April 2". thehillstimes.in. Archived from the original on 29 May 2022. https://web.archive.org/web/20220529062015/https://thehillstimes.in/sports/local-sports/centenary-celebration-of-jorhat-stadium-from-april-2। আহৰণ কৰা হৈছে: 26 November 2022. 
  6. "ATPA Shield football from November 8". assamtribune.com. https://assamtribune.com/atpa-shield-football-from-november-8। আহৰণ কৰা হৈছে: 22 August 2021. 
  7. "Assam Premier League". Archived from the original on 2021-12-27. https://web.archive.org/web/20211227083150/http://www.asplsoccer.com/। আহৰণ কৰা হৈছে: 2021-12-27. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]