লক্ষ্মীকান্ত বৰুৱা
Jump to navigation
Jump to search
লক্ষ্মীকান্ত বৰুৱা | |
---|---|
জন্ম | ১৮৮০ শিৱসাগৰ, অসম |
মৃত্যু | ১৯৩৯ |
পেচা | উকিল |
লক্ষ্মীকান্ত বৰুৱাৰ (১৮৮০-১৯৩৯) জন্ম হয় শিৱসাগৰত। পিতৃৰ নাম ৰজনীকান্ত বৰুৱা। "মাখন উকিল" নামেৰে জনাজাত লক্ষ্মীকান্ত বৰুৱাই শিৱসাগৰত ওকালতি কৰিছিল। তেখেত বৃটিছ ভাৰতৰ সময়ত এবাৰ অসম ব্যৱস্থাপক সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেখেত কটন মহাবিদ্যালয়ত পঢ়া কালৰ পৰাই সাহিত্যিক সাংস্কৃতিক সন্থাবোৰৰ সৈতে জড়িত হৈ আছিল। লক্ষ্মীকান্ত বৰুৱাই কটন মহাবিদ্যালয়ৰ ছাত্ৰ সকলে হাতে লিখা আলোচনী 'সেউতী'ৰ সম্পাদনাও কৰিছিল। কেইবাটাও শিশু-কবিতাৰ ৰচক লক্ষ্মীকান্ত বৰুৱাৰ, সমসাময়িক আলোচনী সমূহত বহুতো গীত আৰু কবিতা প্ৰকাশ পাইছিল।[1]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী