ললিতা (গোপী)
ললিতা পৰম্পৰাগত হিন্দু ধৰ্মৰ অন্তৰ্গত ৰাধা-কৃষ্ণৰ উপাসনাৰ গৌড়ীয় বৈষ্ণৱবাদৰ ধাৰাত বৰ্ণিত নগৰাকী মুখ্য গোপীৰ ভিতৰত অন্যতম।
অষ্টসখী নামেৰে জনাজাত আঠগৰাকী জ্যেষ্ঠ গোপীৰ ভিতৰত ললিতাই হৈছে সৰ্বাগ্ৰগণ্য। স্বৰ্গীয় প্ৰেমাস্পদ-যুগল শ্ৰী শ্ৰী ৰাধা-কৃষ্ণৰ তেওঁ এগৰাকী সুহৃদ সখী। তেওঁৰ বয়স ১৪ বছৰ, ৮ মাহ আৰু ২৭ দিন। কৃষ্ণৰ গোপী সখীসকলৰ ভিতৰত ললিতাই জ্যেষ্ঠতম। ললিতাৰ বাসস্থান যৱতত আৰু তেওঁ ৰাধাৰ সৰ্বসময়ৰ সংগী। ললিতা খণ্ডিত ভৱৰ ব্যক্তিৰূপান্তৰ আৰু পৰম-প্ৰেম সখীসকলৰ মুখিয়াল। ললিতাৰ কুঞ্জ (যাৰ ৰঙ হৈছে বজ্ৰপাতৰ দৰে) সুবৃহৎ আৰু ই বৃন্দাবনৰ উত্তৰ প্ৰান্তত অৱস্থিত। ব্যক্তিৰূপান্তৰিত ঋতুপুঞ্জই ললিতাৰ কুঞ্জৰ শ্বাস্বত আপডাল কৰে। পদুমৰ ৮ টি পাহি সদৃশ এই কুঞ্জ প্ৰয়োজনাসুৰি সংকুচিত-প্ৰসাৰিত হ'ব পাৰে। মুখিয়াল হিচাপে ললিতাদেৱীয়ে সকলো সখীকে প্ৰয়োজনীয় দিক-নিৰ্দেশনা প্ৰদান কৰে, আৰু তেওঁ প্ৰেমৰ বিষয়ত মিলন আৰু বিচ্ছেদৰ সম্পৰ্কীয় জ্ঞানৰ বিশদ সম্ভেদৰ গৰাকী।[1] স্ব-বিৰোধী আৰু উত্তেজিত মনোবৃত্তি(বাম-প্ৰখৰতা)ৰ বাবে ললিতা জনাজাত। ললিতাৰ দেহৰ বৰণ গোৰচনা (গোৰ মূত্ৰৰ পৰা প্ৰস্তুত উজ্জ্বল হালধীয়া বৰণৰ ৰঞ্জক), আৰু তেওঁৰ সাজ-সজ্জাৰ বৰণ ময়ূৰৰ পুচ্ছ-পাখিৰ উজ্জ্বল চিত্তাকৰ্ষক ৰঙবিশিষ্ট।
ৰূপামঞ্জৰী (ৰূপা গোস্বামী) হৈছে ললিতা-সখীৰ অনুগামী আৰু সহযোগী। সেয়েই ৰূপানুগা ভকত (ৰূপা গোস্বামীৰ অনুগামী) হিচাপে যিসকলে নিজকে গণ্য কৰে তেওঁলোক প্ৰকৃতপক্ষে ললিতাদেৱীৰ সেৱক-সেৱিকা আৰু বৈষ্ণৱবাদৰ পৰম্পৰাৰ মাধ্যমেৰে তেওঁলোক ললিতাদেৱীৰ কমল-পদৰ সেৱাত নিমগ্ন হ'বলৈ ব্যগ্ৰ। সঠিক দিনৰ উপস্থিতিত ললিতাদেৱীয়ে তেওঁৰ অনুগামীসকলক শ্ৰী শ্ৰী ৰাধা-কৃষ্ণৰ পদপংকজৰ আন্তৰিক সেৱাত নিমজ্জিত হ'বলৈ বাট দেখুৱায়।
গোপীসকলৰ মাজত
[সম্পাদনা কৰক]বৈষ্ণৱ ধৰ্মতত্ত্ব আৰু গৌড়ীয় বৈষ্ণৱবাদৰ পৰম্পৰা অনুসৰি, ভগৱান শ্ৰীকৃষ্ণৰ সৰ্বোচ্চ প্ৰেমাস্পদ শ্ৰীমতী ৰাধাৰাণীৰ‘সখীগণ' হিচাপে খ্যাত আঠগৰাকী প্ৰধান গোপীৰ মাজত ললিতা অন্যতম। ললিতাদেৱীৰ পিতৃ বিশোক আৰু মাতৃ শাৰদী। ললিতাৰ স্বামী ভৈৰৱ, আন এগৰাকী গোপী চন্দ্ৰাৱলীৰ স্বামী গোৱৰ্ধন মল্লৰ স্বামীৰ বান্ধৱ।
আখ্যান বৰ্ণনা অনুসৰি, ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰণীৰ মাজত হোৱা মতবিৰোধসমূহত ললিতাদেৱীয়ে সচৰাচৰ ভাৱেই ৰাধাৰাণীৰ পক্ষত অৱস্থান গ্ৰহণ কৰে। ললিতা বিশুধ প্ৰেম-ক্ৰোধ "মন"ৰ বাবে জনাজাত। উল্লেখনীয় যে, গোপীসকলৰ মাজত ললিতা আৰু বিশাখাক অগ্ৰগণ্য হিচাপে চিহ্নিত কৰা হয়।
মোহন(কৃষ্ণ)ৰ সৈতে ললিতাদেৱীয়ে ৬৮খন তীৰ্থধাম (পবিত্ৰ স্থান) ভ্ৰমণ কৰিছিল আৰু ইয়াৰ জৰিয়তে তেওঁ সকলোকে ছয় প্ৰকাৰৰ হত্যাৰ পৰা মুক্তি প্ৰদান কৰিছিল: ভ্ৰূণ-হত্যা (গৰ্ভপাত), কৃমি-হত্যা (পোক-পতংগ মৰা), গো-হত্যা (গৰু নিধণ), ব্ৰহ্ম-হত্যা (ব্ৰাহ্মণক নিধণ), স্ব-হত্যা, আৰু আত্ম-হত্যা।
ললিতাদেৱীৰ এই অৱসৰ বিনোদনৰ ক্ৰিয়াকলাপ ৰাধা-কুণ্ডৰ আৱিৰ্ভাৱৰ প্ৰস্তুতি আছিল বুলি কোৱা হয়। ষাড়গৰুৰ আকৃতিৰ অৰিষ্টসুৰক বধ কৰাৰ পাছত কৃষ্ণই ললিতা কুণ্ড দৰ্শনৰ জৰিয়তে তেওঁৰ গো-হত্যাৰ পাপ মোচন কৰিছিল। কিন্তু, ইয়াৰ অন্তৰ্নিহিত কাৰণ আছিল যে তেওঁ শ্ৰীমতী ৰাধাৰাণীৰ সৈতে যুক্ত হ'বলৈ বিচাৰিছিল আৰু তেওঁৰ অৱসৰৰ সময়ছোৱা তেওঁলোকৰ কুণ্ড (ৰাধা কুণ্ড আৰু শ্যাম কুণ্ড) সৃষ্টিৰে কটাব বিচাৰিছিল। ৰাধাৰাণীৰ সহযোগিতা লাভ কৰিবলৈ তেওঁ প্ৰথমে শ্ৰীমতী ৰাধাৰাণীৰ সখী আৰু অভিভাৱকস্বৰূপা ললিতাদেৱীক তুষ্ট কৰাৰ লগতে তেওঁৰ পৰা সহায় ল'বলগা হৈছিল। ইয়াৰ দ্বাৰা দেখুওৱা হৈছে, আনকি ভগৱান শ্ৰীকৃষ্ণইও তেওঁৰ মনোকামনা পূৰণৰ বাবে ললিতাদেৱীৰ পৰা আশীৰ্বাদ লাভ কৰিবলগা হৈছে।
অৰিষ্টাসুৰ বধৰ নিশা কৃষ্ণৰ যেতিয়া ৰাধাৰাণীৰ সৈতে সাক্ষাত হয়, ৰাধাই কৃষ্ণক কয় যে এটা বলদ হত্যাৰ দোষ খণ্ডনৰ হেতু কৃষ্ণই আত্ম-শুদ্ধিৰ বাবে সকলোবোৰ পবিত্ৰ স্থান দৰ্শন কৰিব লাগিব। কৃষ্ণই তেতিয়া ৰাধাক কয় যে, তেওঁ ইতিমধ্যে ললিতাৰ কুণ্ডত স্নান কৰিছে, আৰু স্নানৰ জৰিয়তে প্ৰধান তীৰ্থসমূহৰ দৰ্শন সম্ভৱ হৈ ছয়প্ৰকাৰৰ হত্যাৰ এবিধৰ পৰা তেওঁ মোচন লাভ কৰিছে। ৰাধাৰাণীৰ সখীগণে তেতিয়া কৃষ্ণক প্ৰত্যাহ্বান জনাই কয় যে, তেওঁলোকে কাহানিও ললিতাৰ কুণ্ডত সেই স্থানসমূহ দেখা বা অনুভৱ কৰা নাছিল আৰু সেয়ে কৃষ্ণৰ বক্তব্য বিশ্বাস কৰিব পৰা বিধৰ নহয়। তেতিয়া কৃষ্ণই নিজে সেই সকলো পবিত্ৰ তীৰ্থ দৰ্শন কৰিবলৈ যাত্ৰা কৰিলে আৰু নিজৰ কুণ্ডত প্ৰৱেশ কৰাৰ আগেয়ে সখীগণক সেইসমূহৰ সৈতে পৰিচয় কৰাই দিলে। যেতিয়া ললিতাই সেয়া দেখা পালে, তেওঁ ৰাধা-কুণ্ড আৰু শ্যাম-কুণ্ডৰ পৰা জল লৈ সেয়া নিজৰ কুণ্ডত ঢালি দিলে। ইয়াৰ ফলস্বৰূপে শ্যাম-কুণ্ডৰ সশব্দে বিস্ফোৰণ ঘটি পাৰ ভাঙি ললিতা-কুণ্ডৰ সৈতে সংমিশ্ৰিত হৈ দৈৱিক সংযোগ ঘটালে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Madhurya Dhama- A guide to Govardhana by Padmalocana das