সমললৈ যাওক

লাও ৰন্ধনপ্ৰণালী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লাওসকলৰ এসাঁজ আহাৰ

লাও ৰন্ধনপ্ৰণালী বা লাওচিয়ান ৰন্ধনপ্ৰণালী (ইংৰাজী: Lao Cuisine) হৈছে লাওছৰ ৰন্ধনপ্ৰণালী আৰু ই দক্ষিণ-পূব এছিয়াৰ অন্যান্য ৰন্ধনপ্ৰণালীতকৈ ভিন্ন। লাওসকলৰ মুখ্য খাদ্য হৈছে ছেৱা দিয়া আঠাজাতীয় চাউল। লাও ভাষাত আঠাজাতীয় চাউলক খাও নিয়াও বুলি কোৱা হয়। খাও শব্দৰ অৰ্থ হৈছে 'চাউল' আৰু নিয়াও শব্দৰ অৰ্থ হৈছে 'আঠাজাতীয়'। প্ৰায় ৬০ লাখ জনসংখ্যাৰ এক ক্ষুদ্ৰ স্থলবেষ্টিত ৰাষ্ট্ৰ হিচাপে লাওছত জনমূৰি আঠাজাতীয় চাউলৰ ব্যৱহাৰ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক আৰু ই বছৰি ১৭১ কিলোগ্ৰাম (৩৭৭ পাউণ্ড)।[1][2] লাওছৰ সংস্কৃতি, ধৰ্মীয় পৰম্পৰা আৰু জাতীয় পৰিচয়ত আঠাজাতীয় চাউল গভীৰভাৱে জড়িত হৈ আছে। লাও সম্প্ৰদায়ৰ মাজত প্ৰচলিত সাধাৰণ বিশ্বাস অনুসৰি তেওঁলোক পৃথিৱীত য'তেই নাথাকক, আঠাজাতীয় চাউলৰ আঠাই সদায়েই লাও সম্প্ৰদায়সমূহক একেলগে ধৰি ৰাখি তেওঁলোকক নিজৰ সংস্কৃতি তথা লাওছৰ সৈতে সংযোগ কৰি ৰাখিব।[3] আঠাজাতীয় চাউলৰ প্ৰতি থকা আকৰ্ষণক এজন লাও হোৱাৰ গূঢ়াৰ্থ বুলি গণ্য কৰা হয়।[4] লাওসকলে প্ৰায়ে নিজকে লুক খাও নিয়াও অৰ্থাৎ 'আঠাজাতীয় চাউলৰ সন্তান বা বংশধৰ' বুলি কয়।[5]

আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানে (ইণ্টাৰনেশ্বনেল ৰাইচ ৰিচাৰ্ছ ইনষ্টিটিউট) লাওছক "সংগ্ৰহ কৰোঁ‌তাৰ স্বৰ্গ" বুলি বৰ্ণনা কৰিছে।[3] লাওছত বিশ্বৰ আঠাজাতীয় চাউলৰ সৰ্বাধিক জৈৱ বৈচিত্ৰ্য পোৱা যায়। ২০১৩ চনলৈকে ইণ্টাৰনেশ্বনেল ৰাইচ জিনবেংকত সংৰক্ষণৰ বাবে পাঁচখন মহাদেশৰ (এছিয়া, দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা, ইউৰোপ আৰু আফ্ৰিকা) পৰা প্ৰায় ৬,৫৩০ বিধ আঠাজাতীয় চাউলৰ প্ৰকাৰ সংগ্ৰহ কৰা হৈছিল।[4] ইয়াৰে ভিতৰত লাওছৰ পৰা ১৩,৫০০ তকৈও অধিক নমুনা আৰু ৩,২০০ প্ৰকাৰৰ আঠাজাতীয় চাউল সংগ্ৰহ কৰা হৈছিল।[3]

মূল[সম্পাদনা কৰক]

লাওসকল মূলতঃ বৰ্তমানৰ চীনৰ অন্তৰ্গত উত্তৰ অঞ্চলৰ পৰা আহিছিল। দক্ষিণলৈ যোৱাৰ লগে লগে তেওঁলোকে নিজৰ পৰম্পৰাসমূহ তেওঁলোকৰ লগত কঢ়িয়াই লৈ আহিছিল।[6] লাওছৰ পৰা চুবুৰীয়া অঞ্চললৈ লাওসকলৰ ঐতিহাসিক প্ৰব্ৰজনৰ ফলত লাও ৰন্ধনপ্ৰণালীয়ে উত্তৰ-পূব থাইলেণ্ড অৰ্থাৎ ইছানৰ লাও জনবসতিপূৰ্ণ অঞ্চলক প্ৰভাৱিত কৰিছে।[7][8][9][10][11] কম্বোডিয়া[12][13] আৰু উত্তৰ থাইলেণ্ডলৈ (লান না)[8][14] লাওসকলৰ প্ৰব্ৰজনৰ লগে লগে তেওঁলোকৰ খাদ্যাভ্যাসো এই দুই অঞ্চললৈ বিস্তাৰিত হৈ পৰিছে।

দক্ষিণ-পূব এছিয়াৰ সৰহসংখ্যক ৰাষ্ট্ৰৰ দৰে লাওছো ভাৰতীয় আৰু চীনা সংস্কৃতিৰ দ্বাৰা যথেষ্ট পৰিমাণে প্ৰভাৱিত হৈছে। প্ৰাচীন কালৰ পৰাই লাও লোকসকলে প্ৰাচীন চীনৰ সৈতে প্ৰত্যক্ষ বাণিজ্যিক সম্পৰ্ক ৰাখিছিল। অৱশ্যে লাওছৰ ভাৰতীয়কৰণে সৰ্বাধিক প্ৰভাৱ পেলাইছে। এই সময়ছোৱাত দক্ষিণ-পূব এছিয়ালৈ হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম আৰু ইছলাম ধৰ্মৰ প্ৰসাৰে ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিক বৰ্তমান ইণ্ডোনেছিয়া, মালয়েছিয়া, ছিংগাপুৰ, থাইলেণ্ড, বাৰ্মা, কম্বোডিয়া আৰু লাওছলৈ কঢ়িয়াই লৈ গৈছিল। এই ঠাইসমূহত ই খোপনি পুতি আজিপৰ্যন্ত বিকশিত হৈ আছে।[15][16] এই সময়ছোৱাতে বৌদ্ধ ভিক্ষুসকলে লাওছত পৰম্পৰাগত ভাৰতীয় মছলা, তৰকাৰী আৰু নাৰিকলৰ গাখীৰৰ প্ৰৱৰ্তন কৰিছিল।[17] অৱশ্যে লাওছৰ অধিকাংশ চুবুৰীয়া দেশৰ বিপৰীতে, লাও লোকসকলৰ আঠাজাতীয় চাউলৰ প্ৰতি থকা আকৰ্ষণ আৰু লাও ৰন্ধনপ্ৰণালীৰ আঠাজাতীয় চাউলৰ গুৰুত্বলৈ লক্ষ্য কৰি এই কথা ক'ব পাৰি যে নাৰিকলৰ গাখীৰ আৰু নুডলচে কেতিয়াও লাও ৰন্ধনপ্ৰণালীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে নাৰিকলৰ গাখীৰ, তৰকাৰী আৰু নুডলছ মাত্ৰ কেইবিধমান চুপ, নুডল ব্যঞ্জন আৰু আঠাজাতীয় চাউলেৰে তৈয়াৰী মিঠাইতে সীমাবদ্ধ।

উপকৰণ[সম্পাদনা কৰক]

চাউল[সম্পাদনা কৰক]

  • চাউল (খাও)
  • আঠাজাতীয় চাউল -এইধৰণৰ চাউলৰ খেতি মূলতঃ দক্ষিণ-পূব আৰু পূব এছিয়াত কৰা হয়। ই ৰন্ধাৰ সময়ত আঠা হয়। বৰা চাউল ইয়াৰ এক উদাহৰণ।
  • চেলোফেন নুডলছ - মুং বীন ষ্টাৰ্চ আৰু পানীৰ পৰা তৈয়াৰ কৰা স্বচ্ছ নুডলচ।
  • খাও পুন - সতেজ চাউলৰ নুডলচ। ইয়াক প্ৰথমে তিনি দিনৰ বাবে কিণ্বন কৰি উতলোৱা হয় আৰু তাৰ পিছত পিঠাগুড়ি কৰি ইয়াক চালনীৰ মাজেৰে উতলা পানীত হেঁচি নুডলছ তৈয়াৰ কৰা হয়।
  • চাউলৰ নুডলচ - চাউলৰ পৰা তৈয়াৰ কৰা নুডলচ।

শাক-পাচলি আৰু মছলা[সম্পাদনা কৰক]

এছিয়ান বাছিল, বাঁহগাজ, কল ফুল, জলকীয়া, ক্লাইম্বিং ৱাটল বা একেচিয়া, ধনিয়াৰ পাত আৰু বীজ, গালাংগল (আদাজাতীয় উদ্ভিদ), নহৰু, আদাৰ ফুল, কাফিৰ নেমু, লাও বাছিল, লাও ধনিয়া, লেমনগ্ৰাছ, নেমু, পদিনা, কাঠফুলা, নিমপাত, তিয়ঁহ, অমিতা, বিলাহী, শ্বেলট (পিঁ‌য়াজ), তেতেঁ‌লীৰ ফল আৰু পাত, কলমৌ, হাতীভেঁ‌কুৰী আদি সততে ব্যৱহাৰ হোৱা শাক-পাচলি আৰু মছলা।

চছ[সম্পাদনা কৰক]

মাছৰ চছ আৰু ছয়া চছৰ ব্যৱহাৰ লাও ৰন্ধনপ্ৰণালীৰ অন্যতম বৈশিষ্ট্য।

আমিষ[সম্পাদনা কৰক]

আমিষৰ ভিতৰত সংৰক্ষিত কণী (খাজ জাও মা), গাহৰিৰ মঙহ, গাহৰিৰ তেজ, ম'হৰ শুকুৱাই ৰখা ছাল আদি বিশেষ উপকৰণ।

ফল[সম্পাদনা কৰক]

লাওছত ব্যৱহৃত ফলসমূহৰ ভিতৰত তৰমুজ, আনাৰস, আটলচ, লংগান, লিচু, এছিয়ান নাচপতি, আম, গোলাপী জামু, কল, কঁঠাল, ৰাম্বুটান, কেঁ‌চা নাৰিকল, কমলা, কুঁহিয়াৰ, আপেল,আঙুৰ আদি উল্লেখনীয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Ives, Mike (1 February 2011). "A Taste of Sticky Rice, Laos' National Dish". Smithsonian Magazine. Archived from the original on 7 February 2011. https://web.archive.org/web/20110207155849/http://www.smithsonianmag.com/travel/A-Taste-of-Sticky-Rice-Laos-National-Dish.html। আহৰণ কৰা হৈছে: 16 April 2020. 
  2. "Rice Landscape Analysis - Feasibility of and opportunities for rice fortification in the Lao People's Democratic Republic | World Food Programme". www.wfp.org. https://www.wfp.org/publications/rice-landscape-analysis-feasibility-and-opportunities-rice-fortification-lao-peoples-democra। আহৰণ কৰা হৈছে: 2021-06-11. 
  3. 3.0 3.1 3.2 "Laos at the crossroads" (en ভাষাত). grain.org. https://grain.org/article/entries/315-laos-at-the-crossroads। আহৰণ কৰা হৈছে: 2021-06-11. 
  4. 4.0 4.1 Sattaka, Patcha (2016-12-27). "Geographical Distribution of Glutinous Rice in the Greater Mekong Sub-region" (en ভাষাত). Journal of Mekong Societies খণ্ড 12 (3): 27–48. ISSN 2697-6056. https://so03.tci-thaijo.org/index.php/mekongjournal/article/view/73311. 
  5. May 18; Comments, 2018 | JC Gibbs |. "FORKLIFE: Children of Sticky Rice" (en-US ভাষাত). Smithsonian Center for Folklife and Cultural Heritage. https://folklife.si.edu/magazine/forklife-children-of-sticky-rice। আহৰণ কৰা হৈছে: 2021-06-11. 
  6. Fairbank, J. K., Loewe, M., & Twitchett, D. C. (1986). "The Ch'in and Han Empires 221 B.C.-A.D. 220" (1986). The Cambridge history of China. Cambridge, UK: Cambridge University Press.
  7. McDermott, Nancie. Real Thai the best of Thailand's regional cooking. San Francisco: Chronicle Books, 1992. p. 79.
  8. 8.0 8.1 Nguyen, Tien (2011-09-12). "L.A.'s Idea of Thai Food vs. What Thais Really Eat". LA Weekly. http://blogs.laweekly.com/squidink/2011/09/las_idea_of_thai_food_vs_what.php। আহৰণ কৰা হৈছে: 2015-02-17. 
  9. [1] Archived April 3, 2012, at the Wayback Machine
  10. "Laos Food - An introduction to Lao Food". Laos-guide-999.com. 2014-10-09. http://www.laos-guide-999.com/Laos-food.html। আহৰণ কৰা হৈছে: 2015-02-17. 
  11. White, Daniel; Emmons, Ron; Eveland, Jennifer; Lin-Liu, Jen (9 June 2011). Frommer's Southeast Asia - Daniel White, Ron Emmons, Jennifer Eveland, Jen Lin-Liu - Google Books. ISBN 9781118087671. https://books.google.com/books?id=m_-R5_if_AsC&pg=PA192। আহৰণ কৰা হৈছে: 2015-02-17. 
  12. [2] Archived June 13, 2010, at the Wayback Machine
  13. "Lao, Laotian Tai in Cambodia". Joshua Project. 2011-06-12. http://www.joshuaproject.net/people-profile.php?peo3=12989&rog3=CB। আহৰণ কৰা হৈছে: 2015-02-17. 
  14. [3] Archived September 17, 2011, at the Wayback Machine
  15. Florida, Deborah S. Hartz, Sun-Sentinel, South. "CURRY IN FAVOR" (en-US ভাষাত). chicagotribune.com. https://www.chicagotribune.com/news/ct-xpm-1997-12-03-9712030043-story.html। আহৰণ কৰা হৈছে: 2021-08-20. 
  16. McDermott, Nancie (1999) (en ভাষাত). The Curry Book: Memorable Flavors and Irresistible Recipes from Around the World. Houghton Mifflin Harcourt. ISBN 978-0-618-00202-3. https://books.google.com/books?id=4w7QRZzv0TQC&q=nancy+mcdermott+the+curry+book+spread+of+buddhism+and+hinduism+to+southeast+asia&pg=PA10. 
  17. Kochhar, Atul (2015-12-17) (en ভাষাত). Atul's Curries of the World. Bloomsbury Publishing. ISBN 978-1-4729-3277-8. https://books.google.com/books?id=40EFCwAAQBAJ&q=atul's+curries+of+the+world+laos&pg=PA12.