সমললৈ যাওক

লিয়া ডিস্কিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লিয়া ডিস্কিন
জন্ম লিঅ'ন'ৰ বিট্ৰিজ ডিস্কিন প'ল'ভিচ
২৭ অক্টোবৰ, ১৯৫০ (৭৩ বছৰ)
Buenos Aires
ৰাষ্ট্ৰীয়তা আৰ্জেণ্টাইন

লিয়া ডিস্কিন(ইংৰাজী: Lia Diskin, জন্ম:২৭ অক্টোবৰ, ১৯৫০), সম্পূৰ্ণ নাম লিঅ'ন'ৰ বিট্ৰিজ ডিস্কিন প'ল'ভিচ[1][2] এগৰাকী আৰ্জেণ্টিনাৰ সাংবাদিক আৰু ব্ৰাজিলৰ এটা দানশীল এন জি অ' এছ'চিয়েচন পালাছ এথেনা ৰ প্ৰতিষ্ঠাপক। ২০২০ চনত তেওঁ “বিগত চাৰিটা দশক ধৰি গান্ধীবাদী শান্তি আৰু অহিংসাৰ মূল্যবোধৰ প্ৰসাৰৰ কামত সক্ৰিয়ভাৱে জড়িত’’ থকাৰ বাবে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী বঁটা লাভ কৰে।[3][4]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯৫০ চনৰ ২৭ অক্টোবৰত আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত জন্মগ্ৰহণ কৰা লিঅ'ন'ৰ বিট্ৰিজ ডিস্কিনৰ দেউতাকৰ ফালৰ ককাক-আইতাক আছিল ৰাছিয়ান আৰু মাতৃ বুলগেৰিয়ান[5]। ২১ বছৰ বয়সত তেওঁ ব্ৰাজিললৈ প্ৰব্ৰজন কৰে। আমেৰিকাত পঢ়া-শুনা কৰিবলৈ যোৱা স্বামী বাচিলিঅ'ৰ বাবে আৰ্জেণ্টিনাৰ একনায়কত্ববাদৰ সময়ত তেওঁ তেওঁলৈ অপেক্ষা কৰিছিল।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ২০১০: ভাৰতৰ বাহিৰত গান্ধীবাদী মূল্যবোধৰ প্ৰচাৰৰ বাবে জামনালাল বাজাজ বঁটা[6]
  • ২০২০: ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Lia Diskin - Museu da Pessoa" (pt-br ভাষাত). Museu da Pessoa [pt]. Archived from the original on 2021-09-27. https://web.archive.org/web/20210927044719/https://www.museudapessoa.net/pt/conteudo/pessoa/lia-diskin-leonor-beatriz-diskin-pawlowicz-19734। আহৰণ কৰা হৈছে: 2024-10-19. 
  2. Kachani, Morris (2019-06-04). "O Poder da Meditação" (pt-br ভাষাত). Estadão. https://brasil.estadao.com.br/blogs/inconsciente-coletivo/o-poder-da-meditacao/. 
  3. "Who are the two Brazilian women who have been awarded Padma Shri?". IANS. The Economic Times. 26 January 2020. Archived from the original on 11 March 2020. https://web.archive.org/web/20200311133526/https://economictimes.indiatimes.com/news/politics-and-nation/who-are-the-two-brazilian-women-who-have-been-awarded-padma-shri/articleshow/73627966.cms। আহৰণ কৰা হৈছে: 26 January 2020. 
  4. "India honours 2 Brazilian women with Padma Shri". The News Indian Express. 26 January 2020. https://www.newindianexpress.com/nation/2020/jan/26/india-honours-2-brazilian-women-with-padma-shri-2094615.html। আহৰণ কৰা হৈছে: 26 January 2020. 
  5. "Operária da paz" (pt-br ভাষাত). Museu da Pessoa [pt]. 2010-04-01. Archived from the original on 2021-09-27. https://web.archive.org/web/20210927050227/https://www.museudapessoa.net/pt/conteudo/historia/operaria-da-paz-47274। আহৰণ কৰা হৈছে: 2024-10-19. 
  6. "Lia Diskin - Jamnalal Bajaj International Award 2010 Recipient - Promoting Gandhian Values Outside India". Jamnalal Bajaj Foundation. https://www.jamnalalbajajawards.org/awards/archives/2010/international/lia-diskin.