লুংগী পাঞ্চি নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লুংগী পাঞ্চি নৃত্য

পশ্চিমবংগৰ বীৰভূমত লুংগী পাঞ্চি নৃত্য
উৎপত্তিমূল বেংগল, বীৰভূম, পুৰুলিয়া জিলা

লুংগী পাঞ্চি নৃত্য হৈছে পশ্চিম বংগৰ চাঁওতাল জনগোষ্ঠীৰ এক পৰম্পৰাগত নৃত্য শৈলী।[1] পুৰুষ-মহিলা উভয়ে পৰিৱেশন কৰা এই নৃত্যৰ লগত পৰম্পৰাগত লোক সংগীত পৰিৱেশন কৰা হয়।

চাঁওতালসকল ভাৰত আৰু বাংলাদেশত অতি বৃহৎ জনবসতি থকা মুণ্ডা জনগোষ্ঠীৰ অন্তৰ্গত লোক। চাঁওতাল জনগোষ্ঠীৰো এটা বৃহৎ অংশ পশ্চিম বংগ, ঝাৰখণ্ড আৰু বাংলাদেশৰ ভূমিত আছে।[2] চাঁওতাল জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় বৰ চহকী আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ মাজতো তেওঁলোকে নিজৰ মাজত অপৰিসীম সংহতি প্ৰদৰ্শন কৰি বাস কৰে। তেওঁলোকে গাঁও পাতি বাস কৰে আৰু নিজেই নিজক শাসন কৰিবলৈ ৰাইজে পাঁচজন মানুহক দায়িত্ব অৰ্পন কৰে৷ তেওঁলোকক “মোড়ে হোড়’’ বুলি কোৱা হয়৷ তেওঁলোক পিতৃ প্ৰধান আৰু তেওঁলোকৰ মাজত মুঠ বাৰটা গোত্ৰ আছে৷[3] নৃত্য আৰু সংগীতৰ মাধ্যমেৰে তেওঁলোকে নিজৰ মাজত সংহতি বৰ্তাই ৰাখে৷ নৃত্য আৰু সংগীত তেওঁলোকৰ সংস্কৃতিৰ কেন্দ্ৰীয় উপাদান। এওঁলোকৰ জনসংখ্যা প্ৰায় ৬০ লাখ আৰু ভৌগোলিকভাৱে ভাৰত, বাংলাদেশ আৰু নেপালত অৱস্থিত। তেওঁলোকে চাঁওতালী ভাষা কয় আৰু হিন্দু ধৰ্ম বহুলাংশে অনুসৰণ কৰে। তেওঁলোক আদিম সাম্প্ৰদায়িক সম্পৰ্কৰ এতিয়ালৈকে প্ৰচলিত সমাজ ব্যৱস্থাৰ মাজতে সোমাই থাকে। তেওঁলোকৰ মূল বৃত্তি হৈছে কৃষি; চিকাৰ আৰু সংগ্ৰহৰ কামো কৰে। বৰ্তমান বহুতো চাঁওতালে বাগিচা, কাৰখানা, কয়লা খনি আৰু বন্দৰৰ শ্ৰমিক হিচাপে কাম কৰে।

বছৰৰ বিভিন্ন সময়ত ভিন ভিন উৎসৱ পালন কৰা চাঁওতালসকলৰ বোঙ্গাবুঙ্গি, হোম, এৰোৱা, হাড়িয়া, ছাতা, দিবি, নওয়াই, সোহৰাই আদিৰ লগতে ব্যক্তিগত পূজা-পাৰ্বন আৰু উৎসৱতো নৃত্য-গীতৰ প্ৰাধান্য থাকে৷[4]

শৈলী[সম্পাদনা কৰক]

লুংগী পাঞ্চী নৃত্যৰ উৎপত্তি কেতিয়া হয় সি স্পষ্ট নহয়। পৰম্পৰাগতভাৱে কিউবাত মেৰেংগু আৰু কংগাৰ ছন্দ মিহলি হোৱাৰ ফলত ১৯৫৫ চনত ইয়াৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়। কিউবাৰ সংগীতজ্ঞ এডুয়াৰ্ডো ডেভিডছনক প্ৰায়ে পাচংগা নৃত্যৰ পিতৃ বুলি কোৱা হয় যদিও এই মতামতৰ বিৰোধীতা কৰাসকলে এনে বক্তব্যক ভুল বুলি গণ্য কৰে, কিয়নো এই শৈলীৰ বিষয়ে লিখা ডেভিডছনৰ প্ৰথম ৰচনা ১৯৫৯ চনতহে লিখা হৈছিল।

নৃত্য পৰিৱেশন কৰাৰ সময়ত চাঁওতাল মহিলাসকলে লুংগী-পাঞ্চি বা ৰঙা পাৰি দিয়া বগা শাৰী পিন্ধে; লুংগী পাঞ্চি চাঁওতাল মহিলাৰ প্ৰধান সাজ৷ শৰীৰৰ ওপৰৰ অংশত পৰিধান কৰা সাজক “পাঞ্চি’’ আৰু কঁকালৰ তলৰ বস্ত্ৰ খণ্ডক “পাড় হাণ্ড’’ বা লুংগী বোলে৷[3] এই সাজযোৰৰ বাবেই নৃত্যটিৰ লুংগী পাঞ্চী নৃত্য নামটোৰ উৎপত্তি হয়। পুৰুষ চাঁওতালী নৃত্যশিল্পীসকলে ধুতি পিন্ধে আৰু নৃত্যৰ সময়ত মূৰত পাগুৰি আৰু গছৰ পাত, ফুল, আঁহ আদি আনুষংগিক সামগ্ৰী ব্যৱহাৰ কৰে।[5] অলংকাৰৰ ভিতৰত মহিলাসকলে ডিঙিত হাঁসুলি, মালা আৰু তাবিজৰ লগতে কাণত দুল, নাকত নথ, বাহুত বাজু, হাতত চুড়ি আদি পিন্ধি খোপাত ফুল গুজি লয়৷[4]

লুংগী পাঞ্চী নৃত্যৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল গতিৰ সমন্বয়। মহিলা নৃত্যশিল্পীসকলে হাতত হাত ধৰি শাৰী পাতি থিয় হৈ মাদলৰ ছন্দত আগবাঢ়ি যায় আৰু চাঁওতাল পুৰুষে লোক সংগীতৰ গাই নৃত্যত সংগত কৰে।[2]

লুংগী পাঞ্চী নৃত্যৰ লগত লোকসংগীত আৰু বিভিন্ন পৰম্পৰাগত বাদ্যযন্ত্ৰ যেনে মাদল, বাঁহী, ধমসা, ঝাঞ্জ, কৰতাল আৰু ছেহনাই আদি বাদ্য বজোৱা হয়৷ পুৰুষ আৰু ল’ৰাই দুই প্ৰকাৰৰ বেলেগ বেলেগ ঢোল ব্যৱহাৰ কৰে৷ পুৰুষে মাদল বজায় আৰু ল’ৰাই লাগ্ৰা নামে ঢোল বজায়।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Sanibarer Haat in Shantiniketan: a rustic venue to find buried treasures". timesofindia.indiatimes.com. https://www.timesofindia.indiatimes.com/travel/things-to-do/sanibarer-haat-in-shantiniketan-a-rustic-venue-to-find-buried-treasures/amp_articleshow/68202577.cms। আহৰণ কৰা হৈছে: 1 Mar 2019. 
  2. 2.0 2.1 "Eastern Zonal Cultural Centre". https://ezccindia.org/west-bengal.html. 
  3. 3.0 3.1 "চাঁওতাল". https://www.selfstudys.com/sitepdfs/Rmr4g3yiJXovQw0hh1dp। আহৰণ কৰা হৈছে: 11 March 2024. 
  4. 4.0 4.1 "সাঁওতাল সংস্কৃতি". https://roar.media/bangla/main/art-culture/santal-people-and-their-culture। আহৰণ কৰা হৈছে: 12 March 2024. 
  5. "Santhal Dance". bharatonline.com. http://www.bharatonline.com/west-bengal/dance/santhal-dance.html.