লেংডন
লেংডন | |
---|---|
ফা নুৰু ফুৰা | |
সম্পূৰ্ণ নাম | |
চাই ৰে ফা চাং ডাম ঙি ৰিং লেংডন | |
উপাসনালয়ৰ নাম | |
হ'-ফি | |
পিতৃ | সম্ৰাট চেং নুঙ |
জন্ম | মৌঙ ফি |
পেছা | মৌঙ ফি নামৰ দেশখনৰ চাং বংশৰ শাসক আছিল |
চাই ৰে ফা চাং ডাম ঙি ৰিং লেংডন (চমুকৈ: লেংডন, বা ফা নুৰু ফুৰা লেংডন, ইংৰাজী: Lengdon) আহোমসকলৰ পূৰ্বপুৰুষ আৰু চাং বংশৰ সম্ৰাট আছিল যি মৌঙ ফি বা চুং কোৱ (মধ্য সাম্ৰাজ্য প্ৰাচীন চীনদেশৰ) সাম্ৰাজ্যখনৰ শাসক আছিল। [1][2] [3]তেখেতৰ পিতৃ সম্ৰাট চেং নুঙ এজন মহান শাসক আছিল। সম্ৰাট চেং নুঙৰ পুত্ৰৰ নাম আছিল হাং-টি আৰু হাং-টি পিছলৈ গৈ মৌঙ ফিৰ শাসনভাৰ লাভ কৰে আৰু লেংডন বুলি খ্যাত হয়। হাং-টি শব্দৰ অৰ্থ হল স্বৰ্গপুত্ৰ। হাং-টি বহুত শান্তিপ্ৰিয় আছিল। তেখেতৰ এখন বাগিচা আছিল যত কাই চেং (ফিনিক্স পক্ষীয়ে) বাঁহ সাজিছিল আৰু ৰাজকাৰেংৰ মুধত ছাকৈছকুৱা চৰায়ে গান গাইছিল বুলি লোককথা প্ৰচলিত। তেখেতে প্ৰকৃতিৰ শক্তি অৰ্থাৎ ফিৰ উপাসনাৰ বাবে বহুত বৃহৎ এটা হ'-ফি নিৰ্মান কৰিছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]তেখেতে ৭৭ বছৰ বয়সলৈকে মৌঙ ফিত শাসন কৰিছিল।তেখেতৰ পত্নী অৰ্থাৎ মৌঙ ফিৰ সম্ৰাগ্য়ীয়ে পাট পলুৰ উৎপাদন কৰাৰ দায়িত্ব লৈছিল। সেয়ে তেখেতে হ'-ফিৰ উত্তৰ ফালৰ নুনি পলুৰ এখন উদ্যান গঢ়ি তুলিছিল যাক সম্ৰাগ্য়ীৰ বন বুলি কোৱা হৈছিল আৰু দক্ষিণ ফালৰ এখন উদ্যান আছিল যত ফলমূল মাহ ঘেঁহু আদি উৎপাদন কৰিছিল আৰু এইবোৰ সম্ৰাগ্য়ী আৰু অন্যান্য মহিলা সকলে চোৱাচিতা কৰিছিল। তেখেতৰ ভায়েকৰ নাম আছিল থেন খাম। থেন খামৰ দুই পুত্ৰ আই খুনলুং আৰু ঙি খুনলাইক নামনি অঞ্চললৈ (বৰ্তমানৰ দক্ষিণ চীন) শাসন কৰিবলৈ লেংডনে পঠাইছিল আৰু তেওঁলোকেই টাই সভ্যতাৰ অগ্ৰগতি ঘটাই। তেওঁ এশ বছৰ বয়সত মৃত্যু ঘটিছিল।
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]উৎস প্ৰসংগ
[সম্পাদনা কৰক]- গগৈ, শ্ৰুতস্বীনী (২০১১) (ইংৰাজী ভাষাত). তাঈ আহোম ৰিলিজীয়ন এ ফিলচফীকেল ষ্টাডি (PhD). http://shodhganga.inflibnet.ac.in/handle/10603/116167। আহৰণ কৰা হৈছে: জানুৱাৰী ৩১, ২০১৯.
- গগৈ, ৰুনচেং; ফুকে, সঞ্জীৱ (৮ ছেপ্টেম্বৰ ২০১৭). "লেংডন" (অসমীয়া আৰু ইংৰাজী ভাষাত). চাইফা হীৰক. পৃথিৱী প্ৰকাশন বেলতলা বজাৰ.
- গগৈ, দেৱজিত (এপ্ৰিল ২০১৪) (অসমীয়া ভাষাত). চাও হাবুঙ. পাচিফিক লেজাৰ প্ৰিন্ট, গণেশগুৰি,গুৱাহাটী.
- গগৈ, পদ্মেশ্বৰ (১৯৭৬) (ইংৰাজী ভাষাত), তাঈ আহোম ৰিলিজীয়ন এণ্ড কাষ্টম, পাব্লিকেচন বৰ্ড , গুৱাহাটী,অসম, https://ia801900.us.archive.org/30/items/in.ernet.dli.2015.99476/2015.99476.Tai-ahom-Religion-And-Customs.pdf