লেছবিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(লেচবিয়ানৰ পৰা পুনঃনিৰ্দেশিত)
লেছবিয়ান গৌৰৱ পতাকা
লেছবিয়ান দম্পতী
চাইমন চলমনে ১৮৬৪ চনত আঁকা মিটিলিনৰ এখন বাগিচাত ছাফু আৰু এৰিনা
লেছবিয়ান প্ৰতীক ভেনাচ আইকন

লেছবিয়ান (ইংৰাজী: Lesbian) মানে হৈছে সমকামী মহিলা যি অন্য মহিলাৰ প্ৰতি প্ৰেম, শাৰীৰিক আৰু আবেগিকভাৱে আকৰ্ষিত হয়।[1][2] চিকিৎসা বিজ্ঞান আৰু বৈজ্ঞানিক গৱেষণাই প্ৰকাশ কৰিছে যে একে লিংগৰ আকৰ্ষণ, অনুভৱ আৰু ব্যৱহাৰ সম্পূৰ্ণ স্বাভাৱিক আৰু ই মানৱ অভিমুখীতাৰ এটা সাধাৰণ প্ৰকাৰ।[3] বৰ্তমান বৃহৎ সংখ্যক চিকিৎসাবিজ্ঞান আৰু মনোবিজ্ঞানৰ গৱেষণাই প্ৰমাণ কৰি দেখুৱাইছে যে গে' বা লেছবিয়ান হোৱাটো মানসিকভাৱে আৰু সামাজিকভাৱে সাধাৰণ।[4]ভাৰতত বৰ্তমান সমকামী সম্পৰ্ক বৈধ। আৰু সমকামিতা ভিত্তিত বৈষম্য দেশজুৰি নিষিদ্ধ কৰা হৈছে।[5][6]

পৰিচয়[সম্পাদনা কৰক]

সমকামী নাৰী সকলে নিজকে লেছবিয়ান বুলি পৰিচয় দিয়ে। বহু লেছবিয়ান যি একে নাৰীৰ প্ৰতি আকৰ্ষিত হয় তেওঁলোকে জীৱনত কামিং আউট বুলি কোৱা এটা অৱস্থাৰ সন্মুখীন হয়।[7] য'ত কোনো এগৰাকী লেছবিয়ানে নিজৰ প্ৰেম তথা যৌন অভিমুখিতাৰ বিষয়ে সমাজৰ আগত খোলাকৈ প্ৰকাশ কৰে। সাধাৰণতে প্ৰথমে কুমলীয়া বয়সত নিজৰ পৰিয়ালৰ নাইবা বান্ধৱীৰ আগত নিজক প্ৰকাশ কৰা দেখা যায় আৰু পাছলৈ সমাজৰ আগত নিজক প্ৰকাশ কৰি কামিং আউট হোৱা দেখা যায়।[8] সাধাৰণতে, কামিং আউট তিনিটা অৱস্থাৰ মাজেৰে যায়। প্ৰথমটো হ'ল নিজক জনা অৱস্থা য'ত লেছবিয়ানগৰাকীয়ে একে লিংগৰ সম্পৰ্কত আহিবলৈ দৃঢ় হয় (ইয়াক ওলাই অহা বা আন্তৰিক সিদ্ধান্ত বুলিও কোৱা হয়); দ্বিতীয় অৱস্থাত লেছবিয়ানগৰাকীয়ে নিজৰ পৰিয়াল, বান্ধৱী বা সহকৰ্মী আদিৰ আগত নিজকে লেছবিয়ান বুলি প্ৰকাশ কৰে; তৃতীয় অৱস্থাত অইন লেছবিয়ানৰ সৈতে সামাজিক ভাবে সম্পৰ্কত আহি তেওঁৰ সৈতে একেলগে বাস কৰে।[9]

শব্দতত্ত্ব[সম্পাদনা কৰক]

লেছবিয়ান শব্দটো ইংৰাজী ভাষাৰ পৰা আহিছে। ১৯৪৭ চনত লেছবিয়ান শব্দটি পোন-প্ৰথমবাৰৰ বাবে প্ৰকাশিত হয়। লেছবিয়ান শব্দটো গ্ৰীচ দেশৰ লেছব' নামৰ দ্বীপমালাৰ পৰা আহিছে। কথিত আছে যে, খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত এই দ্বীপৰ ছাঁফো নামৰ এগৰাকী কবি/শিক্ষয়িত্ৰীয়ে মহিলাৰ সমকামী যৌন জীৱনক লৈ কাব্য ৰচনা কৰি 'কবিতা উৎসৱ' পালন কৰিছিল।[10][11] প্ৰথমে লেছবিয়ান বুলিলে 'লেছব' দ্বীপৰ অধিবাসী' বুজালেও, পৰৱৰ্তী পৰ্যায়ত নাৰীৰ সমকামিতাৰ লগত এই শব্দ যুক্ত হৈ পৰে।

সমকামিতা[সম্পাদনা কৰক]

সমকামিতা বুলিলে সমলিংগৰ ব্যক্তিৰ প্ৰতি "প্ৰেম, আৱেগিক আকৰ্ষণ, যৌন আকৰ্ষণ অথবা যৌন আচৰণ"ক বুজায়। যৌন অভিমুখীতা হিচাপে সমকামিতা বুলিলে মূলত সমলিংগৰ ব্যক্তিৰ প্ৰতি "স্নেহ বা প্ৰণয়ঘটিত এক ধৰণৰ যৌন প্ৰৱণতা"ক বুজায়। এই ধৰণৰ সম্পৰ্কৰ ভিত্তিত গঢ় লৈ উঠা ব্যক্তিগত বা সামাজিক পৰিচিতি বা এই ধৰণৰ আচৰণ আৰু সমজাতীয় ব্যক্তিসকলক লৈ গঠিত সম্প্ৰদায়কো এই শব্দৰ দ্বাৰা নিৰ্দেশ কৰা হয়। "[12][13] উভকামিতা আৰু বিপৰীতকামিতাৰ লগত সমকামিতা যৌন অভিমুখীতাৰ(Sexual Orientation) তিনটা প্ৰধান ভাগৰ অন্যতম হিচাপে পৰিগণিত হৈছে।[12]বিজ্ঞানীসকলে সমকামিতাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই। কিন্তু তেওঁলোকে বিশ্বাস কৰে যে, জিনগত, হৰমনগত আৰু পৰিৱেশগত কাৰকসমূহৰ এক জটিল আন্তঃক্ৰিয়াৰ ফলত এই অৱস্থা সৃষ্টি হয়।[12][14] ইয়াত মানুহৰ ইচ্ছা-অনিচ্ছাৰ লগত কোনো সম্পৰ্ক নাই।[12] তেওঁলোকে জীৱবিজ্ঞান নিৰ্ভৰশীল তত্ত্ব সমূহক বেছি সমৰ্থন কৰে।[14] ইয়াৰে ভিতৰত উল্লেখযোগ্য কিছুমান হল জিন, মাতৃগৰ্ভৰ পৰিৱেশ আৰু এই দুই প্ৰভাৱৰ মেলবন্ধন অথবা এই গোটেই সমূহৰ লগত সামাজিক প্ৰভাৱৰ মেলবন্ধন।[15][16] যৌন অভিমুখীতা নিৰ্ধাৰণত সন্তানপালন বা শৈশৱৰ অভিজ্ঞতাৰ কোনো ভূমিকা আছে নে নাই এতিয়ালৈকে প্ৰমাণ হোৱা নাই।[15] কোনো কোনোৱে সমকামী যৌন আচৰণক অপ্ৰাকৃতিক বুলিলেও[17] বৈজ্ঞানিক গৱেষণাত দেখা গৈছে যে, সমকামিতা মানৱ যৌনতাৰ এটি সাধাৰণ আৰু প্ৰাকৃতিক প্ৰকৰণ আৰু অন্য কোনো প্ৰভাৱৰ অস্তিত্বক এৰি ই কোনো নেতিবাচক মনস্তাত্ত্বিক প্ৰতিক্ৰিয়া সৃষ্টি নকৰে।[12][18] যৌন অভিমুখীতা পৰিৱৰ্তনৰ বিভিন্ন কৰ্মসূচীৰ কাৰ্যকাৰিতা সম্পৰ্কে যথেষ্ট প্ৰমাণ নাই।[19] মহিলা সমকামীসকলক বুজাবলৈ আটাইতকৈ বেছি ব্যৱহাৰ কৰা শব্দ হল লেছবিয়ান (Lesbian) আৰু পুৰুষ সমকামীৰ ক্ষেত্ৰত গে (Gay) ব্যৱহাৰ কৰা হয়। যদিও গে শব্দটো সমকামী মহিলা আৰু পুৰুষ উভয়ক বুজাবলৈ সাধাৰণভাৱে ব্যৱহাৰ কৰা হয়। বিভিন্ন কাৰণত স্বঘোষিত সমকামীৰ সংখ্যা আৰু মুঠ জনসংখ্যাৰ মাজত সমকামী সম্পৰ্কত আৱদ্ধ মানুহৰ অনুপাত নিৰ্ণয় কৰা টান। এই কাৰণ সমূহৰ ভিতৰত প্ৰধান হল সমকামভীতি আৰু বিপৰীতকামবাদৰ সমৰ্থনজনিত বৈষম্যেৰ বাবে সমকামী সকলে তেওঁলোকৰ যৌনতা মুকলিকৈ স্বীকাৰ নকৰে।[20] অন্যান্য প্ৰাণী সমূহৰ মাজতো সমকামী আচৰণৰ নিদৰ্শন নথিভুক্ত হৈছে।[21][22][23][24][25] অনেক সমকামী মানুহে স্থায়ী পাৰস্পৰিক সম্পৰ্কত আৱদ্ধ আছে। সাম্প্ৰতিক কালত লোকপিয়লৰ ফৰ্ম, ৰাজনৈতিক পৰিস্থিতি ইত্যাদিৰ অনুকূল অৱস্থাত তেওঁলোকৰ আত্মপ্ৰকাশৰ পথ নিৰাপদ হৈছে।[26] মূল মনস্তাত্ত্বিক গঠনৰ দিশৰ পৰা এই সম্পৰ্ক সমূহ বিপৰীতকামী সম্পৰ্কৰ সমান। সমকামী সম্পৰ্ক আৰু কাৰ্যকলাপ ঠাই ভেদে শাস্তি আৰু নিন্দা - উভয়ৰ নিদৰ্শন আছে, কেওল প্ৰকাশৰ ভংগিমা আৰু সংশ্লিষ্ট সংস্কৃতিজনিত তাৰতম্য দেখা যায়।[27] ঊনবিংশ শতিকাৰ শেষভাগৰ পৰা সমকামী সকলৰ অধিকাৰ প্ৰতিষ্ঠাৰ উদ্দেশ্যে বিশ্বব্যাপী আন্দোলন আৰম্ভ হৈছে। এই অধিকাৰ সমূহৰ ভিতৰত প্ৰধান হল সমলৈংগীক বিবাহ, এলজিবিটি দত্তক গ্ৰহণ আৰু এলজিবিটি সন্তানপালন, কৰ্মক্ষেত্ৰত বৈষম্যবিৰোধী আইন আৰু সমানাধিকাৰ, যৌন অভিমুখীতা আৰু সামৰিক পৰিষেবা, স্বাস্থ্য পৰিষেবাত সমানাধিকাৰ, আৰু অপ্ৰাপ্তবয়স্ক সমকামীসকলৰ নিৰাপত্তাৰ স্বাৰ্থত এণ্টি-বুলিং আইন প্ৰণয়ন ইত্যাদি।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Lesbian". Oxford Reference. http://www.oxfordreference.com/view/10.1093/oi/authority.20110803100100998। আহৰণ কৰা হৈছে: December 10, 2018. 
  2. Zimmerman, p. 453.
  3. American Psychological Association: Appropriate Therapeutic Responses to Sexual Orientationhttp://www.apa.org/pi/lgbt/resources/therapeutic-response.pdf
  4. Royal College of Psychiatrists - Submission to the Church of England’s Listening Exercise on Human Sexuality. http://www.thinkinganglicans.org.uk/uploads/rcp.html
  5. Homosexuality not a ground to sack employee, rules Allahabad High Court
  6. India: Supreme Court Recognizes Rights Of The LGBT Community
  7. "|নিউমান, কেৰিন ই (২০০৪)". Archived from the original on 2007-06-09. http://www.glbtq.com/social-sciences/outing.html। আহৰণ কৰা হৈছে: 2007-06-09. 
  8. Maggio, Rosalie (1991). The dictionary of bias-free usage: a guide to nondiscriminatory language . Phoenix: Oryx Press. ISBN 9780897746533
  9. "|কমিঙ আউটৰ ধাৰাবাহিকতা, ৱেব আৰ্কিভ dev.hrc.org . Human Rights Campaign . May 4, 2007". Archived from the original on November 2, 2007. https://web.archive.org/web/20071102101657/http://dev.hrc.org/issues/3333.htm। আহৰণ কৰা হৈছে: November 2, 2007. 
  10. (Campbell 1982, পৃষ্ঠা x-xi)
  11. Page, Sappho and Alcaeus, p. 224-5.
  12. 12.0 12.1 12.2 12.3 12.4 "Sexual orientation, homosexuality and bisexuality". American Psychological Association. Archived from the original on August 8, 2013. http://www.apa.org/helpcenter/sexual-orientation.aspx। আহৰণ কৰা হৈছে: August 10, 2013. 
  13. "Case No. S147999 in the Supreme Court of the State of California, In re Marriage Cases Judicial Council Coordination Proceeding No. 4365(...) – APA California Amicus Brief  — As Filed" (PDF). পৃষ্ঠা: 30. http://www.courts.ca.gov/documents/Amer_Psychological_Assn_Amicus_Curiae_Brief.pdf। আহৰণ কৰা হৈছে: 21 December 2010. 
  14. 14.0 14.1 Frankowski BL; American Academy of Pediatrics Committee on Adolescence (June 2004). "Sexual orientation and adolescents". Pediatrics খণ্ড 113 (6): 1827–32. doi:10.1542/peds.113.6.1827. PMID 15173519. http://pediatrics.aappublications.org/content/113/6/1827.long. 
  15. 15.0 15.1 "Submission to the Church of England's Listening Exercise on Human Sexuality". The Royal College of Psychiatrists. http://www.rcpsych.ac.uk/workinpsychiatry/specialinterestgroups/gaylesbian/submissiontothecofe.aspx। আহৰণ কৰা হৈছে: 13 June 2013. 
  16. doi:10.1007/s10508-008-9386-1
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  17. Robinson, B. A. (2010). "Divergent beliefs about the nature of homosexuality". Religious Tolerance.org. http://www.religioustolerance.org/hom_fixe.htm। আহৰণ কৰা হৈছে: 12 September 2011. 
  18. ""Therapies" to change sexual orientation lack medical justification and threaten health". Pan American Health Organization. Archived from the original on 13 January 2011. https://web.archive.org/web/20110113141618/http://new.paho.org/hq/index.php?option=com_content। আহৰণ কৰা হৈছে: 26 May 2012. archived here .
  19. American Psychological Association: Resolution on Appropriate Affirmative Responses to Sexual Orientation Distress and Change Efforts
  20. LeVay, Simon (1996). Queer Science: The Use and Abuse of Research into Homosexuality. Cambridge: The MIT Press ISBN 0-262-12199-9
  21. "Same-sex Behavior Seen In Nearly All Animals, Review Finds". ScienceDaily. http://www.sciencedaily.com/releases/2009/06/090616122106.htm. 
  22. "1,500 animal species practice homosexuality. The Medical News, 23 October 2006". Archived from the original on 10 February 2011. https://web.archive.org/web/20110210172226/http://www.news-medical.net/news/2006/10/23/20718.aspx। আহৰণ কৰা হৈছে: 4 September 2019. 
  23. Sommer, Volker & Paul L. Vasey (2006), Homosexual Behaviour in Animals, An Evolutionary Perspective. Cambridge University Press, Cambridge. ISBN 0-521-86446-1
  24. (Bagemihl 1999)
  25. Harrold, Max (16 February 1999). "Biological Exuberance: Animal Homosexuality and Natural Diversity". The Advocate, reprinted in Highbeam Encyclopedia. http://www.thefreelibrary.com/Biological+Exuberance:+Animal+Homosexuality+and+Natural+Diversity.-a053877996। আহৰণ কৰা হৈছে: 10 September 2007. 
  26. *Census statistics show quarter of California same-sex couples raising kids
  27. Sexual Orientation Archived 2012-11-09 at the Wayback Machine. American Psychiatric Association.

প্ৰাথমিক উৎস[সম্পাদনা কৰক]

  • Adam, Barry (1987). The Rise of a Gay and Lesbian Movement, G. K. Hall & Co. আই.এচ.বি.এন. 0-8057-9714-9
  • Mogrovejo, Norma (2004). "Relevancia de las lesbianas en América Latina: la recuperación de nuestra historia". In Drucker, Péter; Mercad, Enrique (in Spanish). Arco iris diferentes. Siglo XXI. আই.এচ.বি.এন. 978-968-23-2486-4.
  • Solarz, Andrea L. (ed), (1999). "Lesbian Health: Current Assessment and Directions For the Future", Committee on Lesbian Health Research Priorities, Neuroscience and Behavioral Health Program [and] Health Sciences Policy Program, Health Sciences Section, Institute of Medicine. আই.এচ.বি.এন. 0-585-04728-6

অধিক পঢ়ক[সম্পাদনা কৰক]

গ্ৰন্থ, পত্ৰিকা আদি
শ্ৰাব্য সংযোগ

বাহ্যিক সংযোগ[সম্পাদনা কৰক]