লেছবিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
সমকামী নাৰী শব্দটি সাধাৰণত সেই সকল নাৰীৰ পৰিচয় প্রকাশ কৰে, যি অন্য এগৰাকী নাৰীৰ প্ৰতি আসক্ত, অন্য নাৰীৰ প্ৰতি যৌন আকর্ষন অথবা ভালপোৱা অনুভব কৰে , যৌন কাৰ্য কৰে। (চাইমন চলমনে ১৮৬৪ চনত আঁকা মিটিলিনৰ এখন বাগিচাত স্যাপ্পো আৰু এৰিন্না)
সমকামী নাৰীৰ প্ৰতীক হিসাবে ভেনাচ আইকন ব্যৱহাৰ কৰা হয়

সমকামী নাৰী (ইংৰাজী: Lesbian) বা লেচবিয়ান শব্দটোৱে এগৰাকী নাৰীক বুজায় যি অন্য নাৰীৰ প্ৰতি ভালপোৱা বা প্ৰেম আৰু যৌন আকৰ্ষণ অনুভৱ কৰে।[1][2] মহিলা সমকামীসকলক বুজাবলৈ আটাইতকৈ বেছি ব্যৱহাৰ কৰা শব্দ হল এই- লেছবিয়ান(Lesbian) আৰু পুৰুষ সমকামীৰ ক্ষেত্ৰত গে(Gay) ব্যৱহাৰ কৰা হয়। যদিও গে শব্দটো সমকামী মহিলা আৰু পুৰুষ উভয়ক বুজাবলৈ সাধাৰণভাৱে ব্যৱহাৰ কৰা হয়। বিভিন্ন কাৰণত স্বঘোষিত সমকামী মহিলাৰ সংখ্যা আৰু মুঠ জনসংখ্যাৰ মাজত সমকামী সম্পৰ্কত আৱদ্ধ মানুহৰ অনুপাত নিৰ্ণয় কৰা টান। এই কাৰণ সমূহৰ ভিতৰত প্ৰধান হ'ল সমকামভীতি আৰু বিপৰীতকামবাদৰ সমৰ্থনজনিত বৈষম্যেৰ বাবে সমকামী সকলে তেওঁলোকৰ যৌনতা মুকলিকৈ স্বীকাৰ নকৰে।[3] সম্ভৱত ১৯২০ চনত পশ্চিমীয়া দেশত ‘গে’ শব্দটো সমকামীৰ অৰ্থত প্ৰথমে ব্যৱহাৰ হোৱা দেখা যায়। তেতিয়া এই শব্দৰ ব্যৱহাৰ কেৱল সমকামী সকলৰ মাজত সীমাবদ্ধ আছিল। ১৯৪৭ চনত এই শব্দটি পোন-প্ৰথমবাৰৰ বাবে প্ৰকাশিত হয়। লিচা বেন নামৰ এগৰাকী হলিউড চেক্ৰেটৰীয়ে ‘Vice Versa: America’s Gayest Magazine’ নামৰ এখন পত্ৰিকা প্ৰকাশৰ সময়ত সমকামিতাৰ প্ৰতিশব্দ হিচাপে ‘গে’ শব্দটো ব্যৱহাৰ কৰে। আনহাতে ‘লেছবিয়ান’ শব্দটো গ্ৰীচ দেশৰ ‘লেছব'’ নামৰ দ্বীপমালাৰ পৰা আহিছে। কথিত আছে যে, খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত এই দ্বীপৰ ছাঁফো নামৰ এগৰাকী কবি/শিক্ষয়িত্ৰীয়ে মহিলাৰ সমকামী যৌন জীৱনক লৈ কাব্য ৰচনা কৰি ‘কবিতা উৎসৱ’ পালন কৰিছিল।[4][5] প্ৰথমে লেছবিয়ান বুলিলে ‘লেছব' দ্বীপৰ অধিবাসী’ বুজালেও, পৰৱৰ্তী পৰ্যায়ত নাৰীৰ সমকামিতাৰ লগত এই শব্দ যুক্ত হৈ পৰে। সমকামিতাৰ পৰিশিষ্ট হিচাপে এই শব্দ ১৯শ শতিকাৰ প্ৰথমৰ ফালে ব্যৱহাৰ আৰম্ভ হলেও পৰৱৰ্তী কালত বিংশ শতিকাৰ ফালে ধীৰে ধীৰে ইয়াৰ ব্যৱহাৰ বৃদ্ধি পায়।[6] সমকামী নাৰী আৰু সমকামিতাৰ লগত যুক্ত আলোচনা আৰু সংস্কৃতিৰ ক্ষেত্ৰত এই শব্দ ব্যৱহাৰ হৈ আহিছে। লেচবিয়ান শব্দটো "গে" শব্দৰ ব্যৱহাৰৰ পিছত উদ্ভৱ হোৱা। ২০শ শতিকাৰ শেষত, ইংৰাজী গে শব্দটো প্ৰধানকৈ এলজিবিটি গোষ্ঠীৰ শব্দ হিচাপে প্ৰস্তাৱিত হয় আৰু শৈলী নিদেৰ্শনা সমলিংগৰ প্ৰতি আকৃষ্ট ব্যক্তিক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়।[7][8]

সমকামিতা[সম্পাদনা কৰক]

সমকামিতাৰ ৰামধেনু গৌৰৱ পতাকা

সমকামিতা (Homosexuality) সমকামিতা বুলিলে সমলিংগৰ ব্যক্তিৰ প্ৰতি "প্ৰেম, আৱেগিক আকৰ্ষণ, যৌন আকৰ্ষণ অথবা যৌন আচৰণ"ক বুজায়। যৌন অভিমুখীতা হিচাপে সমকামিতা বুলিলে মূলত সমলিংগৰ ব্যক্তিৰ প্ৰতি "স্নেহ বা প্ৰণয়ঘটিত এক ধৰণৰ যৌন প্ৰৱণতা"ক বুজায়। এই ধৰণৰ সম্পৰ্কৰ ভিত্তিত গঢ় লৈ উঠা ব্যক্তিগত বা সামাজিক পৰিচিতি বা এই ধৰণৰ আচৰণ আৰু সমজাতীয় ব্যক্তিসকলক লৈ গঠিত সম্প্ৰদায়কো এই শব্দৰ দ্বাৰা নিৰ্দেশ কৰা হয়।"[9][10] উভকামিতা আৰু বিপৰীতকামিতাৰ লগত সমকামিতা যৌন অভিমুখীতাৰ(Sexual Orientation) তিনটা প্ৰধান ভাগৰ অন্যতম হিচাপে পৰিগণিত হৈছে ।[9]বিজ্ঞানীসকলে সমকামিতাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই। কিন্তু তেওঁলোকে বিশ্বাস কৰে যে, জিনগত, হৰমনগত আৰু পৰিৱেশগত কাৰকসমূহৰ এক জটিল আন্তঃক্ৰিয়াৰ ফলত এই অৱস্থা সৃষ্টি হয়।[9][11] ইয়াত মানুহৰ ইচ্ছা-অনিচ্ছাৰ লগত কোনো সম্পৰ্ক নাই।[9] তেওঁলোকে জীৱবিজ্ঞান নিৰ্ভৰশীল তত্ত্ব সমূহক বেছি সমৰ্থন কৰে ।[11] ইয়াৰে ভিতৰত উল্লেখযোগ্য কিছুমান হল জিন, মাতৃগৰ্ভৰ পৰিৱেশ আৰু এই দুই প্ৰভাৱৰ মেলবন্ধন অথবা এই গোটেই সমূহৰ লগত সামাজিক প্ৰভাৱৰ মেলবন্ধন।[12][13] যৌন অভিমুখীতা নিৰ্ধাৰণত সন্তানপালন বা শৈশৱৰ অভিজ্ঞতাৰ কোনো ভূমিকা আছে নে নাই এতিয়ালৈকে প্ৰমাণ হোৱা নাই।[12] কোনো কোনোৱে সমকামী যৌন আচৰণক অপ্ৰাকৃতিক বুলিলেও[14] বৈজ্ঞানিক গৱেষণাত দেখা গৈছে যে, সমকামিতা মানৱ যৌনতাৰ এটি সাধাৰণ আৰু প্ৰাকৃতিক প্ৰকৰণ আৰু অন্য কোনো প্ৰভাৱৰ অস্তিত্বক এৰি ই কোনো নেতিবাচক মনস্তাত্ত্বিক প্ৰতিক্ৰিয়া সৃষ্টি নকৰে।[9][15] যৌন অভিমুখীতা পৰিৱৰ্তনৰ বিভিন্ন কৰ্মসূচীৰ কাৰ্যকাৰিতা সম্পৰ্কে যথেষ্ট প্ৰমাণ নাই।[16] মহিলা সমকামীসকলক বুজাবলৈ আটাইতকৈ বেছি ব্যৱহাৰ কৰা শব্দ হল লেছবিয়ান(Lesbian) আৰু পুৰুষ সমকামীৰ ক্ষেত্ৰত গে(Gay) ব্যৱহাৰ কৰা হয়। যদিও গে শব্দটো সমকামী মহিলা আৰু পুৰুষ উভয়ক বুজাবলৈ সাধাৰণভাৱে ব্যৱহাৰ কৰা হয়। বিভিন্ন কাৰণত স্বঘোষিত সমকামীৰ সংখ্যা আৰু মুঠ জনসংখ্যাৰ মাজত সমকামী সম্পৰ্কত আৱদ্ধ মানুহৰ অনুপাত নিৰ্ণয় কৰা টান। এই কাৰণ সমূহৰ ভিতৰত প্ৰধান হল সমকামভীতি আৰু বিপৰীতকামবাদৰ সমৰ্থনজনিত বৈষম্যেৰ বাবে সমকামী সকলে তেওঁলোকৰ যৌনতা মুকলিকৈ স্বীকাৰ নকৰে।[3] অন্যান্য প্ৰাণী সমূহৰ মাজতো সমকামী আচৰণৰ নিদৰ্শন নথিভুক্ত হৈছে।[17][18][19][20][21] অনেক সমকামী মানুহে স্থায়ী পাৰস্পৰিক সম্পৰ্কত আৱদ্ধ আছে। সাম্প্ৰতিক কালত লোকপিয়লৰ ফৰ্ম, ৰাজনৈতিক পৰিস্থিতি ইত্যাদিৰ অনুকূল অৱস্থাত তেওঁলোকৰ আত্মপ্ৰকাশৰ পথ নিৰাপদ হৈছে।[22] মূল মনস্তাত্ত্বিক গঠনৰ দিশৰ পৰা এই সম্পৰ্ক সমূহ বিপৰীতকামী সম্পৰ্কৰ সমান। সমকামী সম্পৰ্ক আৰু কাৰ্যকলাপ ঠাই ভেদে শাস্তি আৰু নিন্দা - উভয়ৰ নিদৰ্শন আছে, কেওল প্ৰকাশৰ ভংগীমা আৰু সংশ্লিষ্ট সংস্কৃতিজনিত তাৰতম্য দেখা যায়।[23] ঊনবিংশ শতিকাৰ শেষভাগৰ পৰা সমকামী সকলৰ অধিকাৰ প্ৰতিষ্ঠাৰ উদ্দেশ্যে বিশ্বব্যাপী আন্দোলন আৰম্ভ হৈছে। এই অধিকাৰ সমূহৰ ভিতৰত প্ৰধান হল সমলৈংগীক বিবাহ, এলজিবিটি দত্তক গ্ৰহণ আৰু এলজিবিটি সন্তানপালন, কৰ্মক্ষেত্ৰত বৈষম্যবিৰোধী আইন আৰু সমানাধিকাৰ, যৌন অভিমুখীতা আৰু সামৰিক পৰিষেবা, স্বাস্থ্য পৰিষেবাত সমানাধিকাৰ, আৰু অপ্ৰাপ্তবয়স্ক সমকামীসকলৰ নিৰাপত্তাৰ স্বাৰ্থত এণ্টি-বুলিং আইন প্ৰণয়ন ইত্যাদি।

লগতে চাওঁক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Lesbian". Oxford Reference. http://www.oxfordreference.com/view/10.1093/oi/authority.20110803100100998। আহৰণ কৰা হৈছে: December 10, 2018. 
  2. Zimmerman, p. 453.
  3. 3.0 3.1 LeVay, Simon (1996). Queer Science: The Use and Abuse of Research into Homosexuality. Cambridge: The MIT Press ISBN 0-262-12199-9
  4. (Campbell 1982, পৃষ্ঠা x-xi)
  5. Page, Sappho and Alcaeus, p. 224-5.
  6. Harper, Douglas (২০০১-২০১৩). "লেচবিয়ান" (ইংৰেজি ভাষাত). অনলাইন ব্যুত্পত্তি অভিধান. http://www.etymonline.com/index.php?term=lesbian। আহৰণ কৰা হৈছে: জুলাই ৯, ২০১৫. 
  7. "GLAAD Media Reference Guide – Offensive Terms To Avoid" (ইংৰাজি ভাষাত). এপ্ৰিল ২১, ২০১২. http://www.glaad.org/reference/offensive। আহৰণ কৰা হৈছে: জুলাই ৯, ২০১৫. 
  8. "Avoiding Heterosexual Bias in Language". American Psychologist (Committee on Lesbian and Gay Concerns (American Psychological Association, Inc)) খণ্ড 46 (9): 973–974. September 1991. http://www.apa.org/pi/lgbt/resources/language.aspx। আহৰণ কৰা হৈছে: জুলাই ৯, ২০১৫. 
  9. 9.0 9.1 9.2 9.3 9.4 "Sexual orientation, homosexuality and bisexuality". American Psychological Association. Archived from the original on August 8, 2013. http://web.archive.org/web/20130808032050/http://www.apa.org/helpcenter/sexual-orientation.aspx। আহৰণ কৰা হৈছে: August 10, 2013. 
  10. "Case No. S147999 in the Supreme Court of the State of California, In re Marriage Cases Judicial Council Coordination Proceeding No. 4365(...) – APA California Amicus Brief — As Filed" (PDF). পৃষ্ঠা: 30. http://www.courts.ca.gov/documents/Amer_Psychological_Assn_Amicus_Curiae_Brief.pdf। আহৰণ কৰা হৈছে: 21 December 2010. 
  11. 11.0 11.1 Frankowski BL; American Academy of Pediatrics Committee on Adolescence (June 2004). "Sexual orientation and adolescents". Pediatrics খণ্ড 113 (6): 1827–32. doi:10.1542/peds.113.6.1827. PMID 15173519. http://pediatrics.aappublications.org/content/113/6/1827.long. 
  12. 12.0 12.1 "Submission to the Church of England's Listening Exercise on Human Sexuality". The Royal College of Psychiatrists. http://www.rcpsych.ac.uk/workinpsychiatry/specialinterestgroups/gaylesbian/submissiontothecofe.aspx। আহৰণ কৰা হৈছে: 13 June 2013. 
  13. doi:10.1007/s10508-008-9386-1
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  14. Robinson, B. A. (2010). "Divergent beliefs about the nature of homosexuality". Religious Tolerance.org. http://www.religioustolerance.org/hom_fixe.htm। আহৰণ কৰা হৈছে: 12 September 2011. 
  15. ""Therapies" to change sexual orientation lack medical justification and threaten health". Pan American Health Organization. http://new.paho.org/hq/index.php?option=com_content&task=view&id=6803&Itemid=1926। আহৰণ কৰা হৈছে: 26 May 2012.  archived here [1].
  16. American Psychological Association: Resolution on Appropriate Affirmative Responses to Sexual Orientation Distress and Change Efforts
  17. "Same-sex Behavior Seen In Nearly All Animals, Review Finds". ScienceDaily. http://www.sciencedaily.com/releases/2009/06/090616122106.htm. 
  18. 1,500 animal species practice homosexuality. The Medical News, 23 October 2006
  19. Sommer, Volker & Paul L. Vasey (2006), Homosexual Behaviour in Animals, An Evolutionary Perspective. Cambridge University Press, Cambridge. ISBN 0-521-86446-1
  20. (Bagemihl 1999)
  21. Harrold, Max (16 February 1999). "Biological Exuberance: Animal Homosexuality and Natural Diversity". The Advocate, reprinted in Highbeam Encyclopedia. http://www.thefreelibrary.com/Biological+Exuberance:+Animal+Homosexuality+and+Natural+Diversity.-a053877996। আহৰণ কৰা হৈছে: 10 September 2007. 
  22. Sexual Orientation. American Psychiatric Association.

প্ৰাথমিক উৎস[সম্পাদনা কৰক]

  • Adam, Barry (1987). The Rise of a Gay and Lesbian Movement, G. K. Hall & Co. আই.এচ.বি.এন. 0-8057-9714-9
  • Mogrovejo, Norma (2004). "Relevancia de las lesbianas en América Latina: la recuperación de nuestra historia". In Drucker, Péter; Mercad, Enrique (in Spanish). Arco iris diferentes. Siglo XXI. আই.এচ.বি.এন. 978-968-23-2486-4.
  • Solarz, Andrea L. (ed), (1999). "Lesbian Health: Current Assessment and Directions For the Future", Committee on Lesbian Health Research Priorities, Neuroscience and Behavioral Health Program [and] Health Sciences Policy Program, Health Sciences Section, Institute of Medicine. আই.এচ.বি.এন. 0-585-04728-6


অধিক পঢ়ক[সম্পাদনা কৰক]

গ্ৰন্থ, পত্ৰিকা আদি
শ্ৰাব্য সংযোগ

বাহ্যিক সংযোগ[সম্পাদনা কৰক]