লেজিম
লেজিম (ইংৰাজী: Lezim) বা লেজিয়াম হৈছে ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এটা লোকনৃত্য।[1]
ইয়াক কেতিয়াবা "লেজিয়াম" বুলিও লিখা হয়। লেজিম নৃত্যশিল্পীসকলে ঝনঝন শব্দ কৰা অৱতল ধাতুৰ প্লেটৰ সৰু বাদ্যযন্ত্ৰ এটি কঢ়িয়াই লৈ ফুৰে যাক লেজিম বা লেজিয়াম বুলি কোৱা হয়। ইয়াৰ নামেৰেই নৃত্যৰূপটোৰ নামকৰণ কৰা হৈছে। লেজিমত কমেও বিশগৰাকী নৃত্যশিল্পী থাকে। এই নৃত্যৰ নাম এটা কাঠৰ ইডিঅ'ফোনৰে ৰখা হৈছে, য'ত পাতল ধাতুৰ ডিস্ক লগোৱা হয় যিয়ে ঝনঝন শব্দ উৎপন্ন কৰে। নৃত্যশিল্পীসকলে শাস্ত্ৰীয় নৃত্য পৰিৱেশন কৰাৰ সময়ত ইয়াক ব্যৱহাৰ কৰে। ঢোলসদৃশ বাদ্য ঢুলুকিক ইয়াত মূল ঘাত সংগীত হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক ৰঙীন সাজ-পোছাক পৰিধান কৰি পৰিৱেশন কৰা হয়।[2] এই নৃত্যক মহাৰাষ্ট্ৰৰ বিদ্যালয়, সামৰিক বাহিনী আৰু অন্যান্য প্ৰতিষ্ঠানে সঘনাই শৰীৰ চৰ্চাৰ কুচ-কাৱাজ হিচাপে ব্যৱহাৰ কৰে কাৰণ এই নৃত্যত শক্তি প্ৰশিক্ষণৰ লগত সম্পৰ্কিত বহু অংগচালনা জড়িত হৈ থাকে আৰু ই যথেষ্ট ক্লান্তিকৰ হ'ব পাৰে।[3]
লেজিম নৃত্যতকৈ অধিক জোৰদাৰ শাৰীৰিক ব্যায়াম আৰু কুচ-কাৱাজযুক্ত৷ ইয়াৰ গঠন দুটা, চাৰিটা বা বৃত্তাকাৰো হ’ব পাৰে। ঐতিহাসিকভাৱে মহাৰাষ্ট্ৰৰ গাঁও আৰু গুজৰাটৰ কিছু অংশত লেজিমৰ কেইটামান প্ৰচলিত ভিন্নতা আছিল যদিও আজিৰ তাৰিখত এইবোৰৰ ব্যৱহাৰ খুব কমকৈ পৰিলক্ষিত হয়। এটা প্ৰকাৰত ২.৫ ফুট দীঘল বাঁহৰ খুঁটাৰ (ৰিধ) সৈতে লোহাৰ শিকলি (ধনুষ্যসাৰখী) ব্যৱহাৰ কৰা হৈছিল। লেজিমটো গধুৰ হোৱা বাবে নৃত্যতকৈ ব্যায়ামৰ প্ৰকাৰ হিচাপে ইয়াক অধিক ব্যৱহাৰ কৰা হৈছিল। এনে ধৰণৰ লেজিম অৱশ্যে হাতেৰে তৈয়াৰ কৰা হৈছিল।[4]
লেজিমৰ আন এটা ভিন্নতাক 'কয়াণ্ডে' বুলি কোৱা হয়, য'ত ১৫ৰ পৰা ১৮ ইঞ্চি দীঘল কাঠৰ খুঁটা ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ দুয়োটা মূৰ ফুটোৱা হৈছিল আৰু ইয়াত প্ৰায় ১ কিলোগ্ৰাম ওজনৰ লোহাৰ সংযুক্ত শিকলি ব্যৱহাৰ হৈছিল।[4]
এই নৃত্যৰ গ্ৰাম্য ৰূপত সাধাৰণতে দুটা শাৰীত লেজিম নৃত্যশিল্পী থাকে, যিয়ে একেৰাহে খোজৰ পুনৰাবৃত্তি কৰি, কেইটামান স্পন্দনৰ মূৰে মূৰে খোজ সলনি কৰে। এইদৰে ৫ মিনিটৰ লেজিম প্ৰদৰ্শনত ২৫টা ভিন্ন খোজৰ (step) শৈলীৰে একেলগে নাচিব পাৰি।[4]
আন আন ভিন্নতাসমূহৰ ভিতৰত আছে চাৰিশৰীয়া লেজিম আৰু একক বৃত্ত গঠনযুক্ত লেজিম (নৰ্তকাসমুহান্নী)৷ আৰু এক প্ৰকাৰৰ লেজিমত সমকেন্দ্ৰিক বৃত্তৰ শৈলী ব্যৱহৃত হয়; যাক 'সমুহন্ত্যান্ত নৰ্তকম' বুলি জনা যায়, যি গৰ্বা নৃত্যৰ দৰে৷ এই শৈলীত প্ৰতিজন নৃত্যশিল্পীয়ে ঘূৰি ফুৰে আৰু বিপৰীত শাৰীৰ নৃত্যশিল্পীয়ে প্ৰায়ে প্ৰত্যেকৰে সৈতে লেজিম বজায়৷ এই শৈলীৰ খোজৰ (Step) পৰিৱৰ্তনসমূহ এজন ৰিং লিডাৰে হুইচেলৰ জৰিয়তে "ঘোষণা" কৰে।[5]
লেজিম বিশেষকৈ মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলত জনপ্ৰিয়৷ প্ৰায়ে গণেশ উৎসৱৰ সময়ত (गणेशोत्सव), গাঁৱত হোৱা ধৰ্মীয় শোভাযাত্ৰাত অথবা শৰীৰ-চৰ্চাৰ অংশ হিচাপে বিদ্যালয়ত ইয়াক খেলা হয়।[5]
লেজিমৰ তিনিটা মুখ্য প্ৰকাৰ আছে৷ সেইকেইটা হৈছে: 'সামৰিক লেজিম'৷ সামৰিক লেজিম বৰোদাত জনপ্ৰিয় আৰু বেছিভাগেই প্ৰতিৰক্ষাৰ বাবে যুদ্ধকলা হিচাপে ব্যৱহাৰ কৰা হয়। আন দুটা লেজিম হৈছে 'তালথেক্য' আৰু 'সামন্যজনান্না'। আন্তৰ্জাতিক দৰ্শকৰ বাবে প্ৰথম লেজিম প্ৰদৰ্শন কৰা হৈছিল ১৯৮২ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা নৱম এছিয়ান গেমছত৷ উক্ত প্ৰদৰ্শনত মুঠতে ৪০০ গৰাকী শ্ৰেষ্ঠ মহাৰাষ্ট্ৰীয় লেজিম খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।[4]
লেজিম নৃত্যৰ বিভিন্ন উপাদানৰ স্থানীয় নামসমূহ হৈছে[5] -
১) লেজিম - প্ৰায় আধা ইঞ্চি কাঠৰ খুঁটা (টোডান্না বান্ধালেলি) আৰু আদাকাভালেলিয়া নামৰ এটা শৃংখলা। শৃংখলবোৰত আঘাত কৰাৰ ফলত তাল বজোৱাৰ দৰে শব্দ হয়। ২) হালাগি - এটা কৰ্মবাদ্য ৷ ৩) ড্ৰাম - এটা ঠেক ড্ৰাম । ৪) মঞ্জিৰা -ডাঙৰ আকাৰৰ তালাসাৰখে আৰু সংগীতৰ পাছাৰা মুখৰ।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Shobhna Gupta (2002), Dances of India, Har-Anand Publications, ISBN 81-241-0866-8, https://books.google.com/books?id=7KeAES9dsUcC, "... Lezim is the most common folk dance associated with physical fitness tradition of the region. The pink lezim is a small frame to which metal discs are fixed ..."
- ↑ Folk Dances of Western India, Rangashree Dances, archived from the original on 2009-08-25, https://web.archive.org/web/20090825120547/http://rangashree.org/indian-folk-dance-west.html, আহৰণ কৰা হৈছে: 2009-07-21, "... The Lezim dance is named for the instrument used in the dance. The lezim is made of a wooden stick, to which is strung a flexible loop with cymbals or pieces of metal that make a clashing sound ..."
- ↑ Kapila Vatsyayan (1987), Traditions of Indian folk dance, Clarion Books, ISBN 81-85120-22-6, https://books.google.com/books?id=I2K1AAAAIAAJ, "... part and parcel of physical education drill in all schools and colleges ... Lezim is as much a vigorous physical exercise and drill as a dance; the formations are in twos and fours and sometimes even a circle ..."
- ↑ 4.0 4.1 4.2 4.3 Agarkar, A.J. (1 January 1950). FOLK-DANCE OF MAHARASHTRA (1st সম্পাদনা). প্ৰকাশক Bombay, India: Rajabbau. https://archive.org/details/in.ernet.dli.2015.238330.
- ↑ 5.0 5.1 5.2 Schultz, Anna (13 December 2012). Singing a Hindu Nation: Marathi Devotional Performance and Nationalism (1st সম্পাদনা). Oxford university press. ISBN 978-0199730834.