লেডীজ আলপাইন ক্লাৱ
লেডীজ আলপাইন ক্লাৱ | |
---|---|
প্ৰতিষ্ঠা | ১৯০৭ |
ধৰণ | পৰ্বতাৰোহণকাৰীৰ ক্লাৱ |
লেডীজ আলপাইন ক্লাৱ আছিল মহিলাৰ বাবে গঠিত প্ৰথম পৰ্বতাৰোহণ ক্লাৱ। ই ১৯০৭ চনত লণ্ডনত প্ৰতিষ্ঠা হৈছিল; ১৯৭৫ চনত গ্ৰেট ব্ৰিটেইনৰ আলপাইন ক্লাৱৰ সৈতে একত্ৰিত হয়।
ইতিহাস
[সম্পাদনা কৰক]১৯০৭ চনৰ ডিচেম্বৰ মাহত আল্পছৰ পৰ্বতাৰোহী মহিলাসকলৰ এটা দলে লণ্ডনত লগ হৈ বহু পুৰণি আলপাইন ক্লাৱৰ দৰেই এটা নতুন ক্লাৱ গঠন কৰিবলৈ সন্মত হয়, যিটো ক্লাৱে সেই সময়ত পৰ্বতাৰোহণৰ ক্ষেত্ৰত শাৰীৰিক আৰু নৈতিক অভাৱ[1]ৰ কাৰণ দৰ্শাই মহিলা সদস্যসকলক গ্ৰহণ কৰা নাছিল[2] ক্লাৱৰ প্ৰথমজন সভাপতি আছিল ব্ৰিষ্টলৰ বিচপ, দ্বিতীয়জন আছিল ১৯০৮ চনত এলিজাবেথ লে ব্লণ্ড,[3] যাক টি জি বনিয়ে আলপাইন ক্লাৱৰ সভাপতি হৈ থকাৰ সময়ত সেইসকলৰ ভিতৰত এজন হিচাপে প্ৰশংসা কৰিছিল, "যাক আমাৰ কঠোৰ চেলিক নিয়মে আমাক আমাৰ সদস্যসকলৰ মাজত গণনা কৰাত বাধা দিয়ে"; আৰু ই আছিল বিশেষভাৱে মহিলা পৰ্বতাৰোহীৰ বাবে প্ৰথম ক্লাৱ।[4] প্ৰথম অৱস্থাত ই আছিল লাইচিয়াম ক্লাৱৰ আলপাইন ছেকচন, যিটো বৌদ্ধিক মহিলা ক্লাৱ,[5] যাৰ অন্তৰ্গত আছিল এলিজাবেথ লে ব্লণ্ড; কিন্তু ১৯০৮ চনত ই এক স্বতন্ত্ৰ অস্তিত্ব প্ৰতিষ্ঠা কৰে।[4][6] ক্লাৱৰ ভিত্তি গঠিত হৈছিল, মেৰিলেবনৰ গ্ৰেট চেণ্ট্ৰেল হোটেলত,[2] কিন্তু তেতিয়া ইয়াক আলপাইন ক্লাৱৰ সৈতে জড়িত আৰু ইয়াৰ জুনিয়ৰ হিচাপে দেখা গৈছিল।[3]
পৰ্বতাৰোহণ অভিযানৰ ব্যৱস্থা কৰাৰ লগতে লেডীজ আলপাইন ক্লাৱে মাহেকীয়া বক্তৃতাৰ আয়োজন কৰিছিল আৰু সদস্যসকলে চাহ খাবলৈ লগ হ’ব পৰা কোঠাৰ ব্যৱস্থা কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত ক্লাৱৰ কোঠাবোৰ যুদ্ধ বিভাগে দখল কৰিছিল যদিও ১৯১৯ চনত সেইবোৰ পুনৰুদ্ধাৰ কৰা হয়। আলপাইন ক্লাৱে নিজেই প্ৰথমতে লেডীজ ক্লাৱৰ প্ৰতি সন্দেহ প্ৰকাশ কৰিছিল যদিও অতি সোনকালেই ইয়াক গুৰুত্বসহকাৰে ল'বলৈ আৰম্ভ কৰিছিল আৰু বিশেষকৈ ইটালীৰ ৰাণী মাৰ্ঘেৰিটাই সন্মানীয় সভাপতিৰ পদ গ্ৰহণ কৰাৰ পিছত ইয়াৰ সৈতে সহযোগিতা কৰিবলৈ ধৰিছিল।[6] জৰ্জ মেল’ৰীৰ বন্ধু আৰু ক্লাইম্বিং পাৰ্টনাৰ এন ব্ৰীজৰ মতে, লেডিজ ক্লাৱে গ্ৰেট চেণ্ট্ৰেল হোটেলত এক বাৰ্ষিক ডীনাৰৰ আয়োজন কৰিছিল:
এইটো এটা বৰ ডাঙৰ বিষয় আছিল, কম পক্ষেও ২৫০ জন আলপাইন ক্লাৱৰ লোক ইয়ালৈ গোট খাই আহিছিল,আৰু সন্ধিয়াৰ আৰম্ভণি ভাষণেৰে সদায় আৰম্ভ হৈছিল আৰু এইটো "দ্য আলপাইন ক্লাৱ"ৰ ভদ্ৰমহিলাসকলৰ এগৰাকীয়ে দিব লাগিছিল।[7]
১৯০৮ চনৰ ৭ ডিচেম্বৰত প্ৰথম বাৰ্ষিক ডীনাৰত আলপাইন ক্লাৱৰ সভাপতি হাৰ্মান উলিয়ে নতুন সংস্থাটোৰ সপক্ষে সমৰ্থন জনাই কয় আৰু লক্ষ্য কৰে যে, মহিলাসকলে "পৰ্বতাৰোহণৰ ক্ষিপ্ৰ গতি" কৰিব পাৰে। তাৰ পিছত আলপাইন ক্লাৱৰ এজন প্ৰাক্তন সভাপতিয়ে লগতে কয় যে, তেওঁৰ সময়ত তেওঁ মহিলাসকলক সদস্যপদত ভৰ্তি কৰিব বিচাৰিছিল; আৰু প্ৰকৃততে তেওঁ গমো পাইছিল যে আন সদস্যসকলৰ গৰিষ্ঠ সংখ্যকে ইয়াক সমৰ্থন কৰিছিল; কিন্তু তেওঁ এই বিষয়টো “অনিচ্ছুক কম সংখ্যক”ৰ ওপৰত জোৰ-জবৰদস্তি নকৰাৰ সিদ্ধান্ত লৈছিল।[8]
এই আপাত ঘনিষ্ঠতাৰ মাজতো চিনিয়ৰ ক্লাৱত থকা তেওঁলোকৰ সহকৰ্মীসকলৰ পৰা মহিলা পৰ্বতাৰোহীসকলৰ প্ৰতি এক নিৰ্দিষ্ট দূৰত্ব বহু বছৰ ধৰি চলি থাকিল। এলেন পাইজনে কৈছিল: "যোৱা দিনত বহু এ.চি.য়ে আমাৰ লগত কথা পাতিবলৈ অস্বীকাৰ কৰিছিল,"আৰু সেই যুগৰ এগৰাকী আগশাৰীৰ মহিলা পৰ্বতাৰোহী আমেৰিকান ফেনী বুলক ৱৰ্কমেনে ব্ৰিটেইনৰ পুৰুষ পৰ্বতাৰোহীসকলক তেওঁৰ প্ৰতি আজন বন্ধুতকৈ কম বুলি বিবেচনা কৰিছিল।[9] ৱৰ্কমেনৰ মৃত্যু বাৰ্তাত কেপ্তেইন জে পি ফাৰাৰে মন্তব্য কৰিছিল:
এইটো সম্ভৱ, ইমান দিনে পুৰুষৰ বাবে সংৰক্ষিত ক্ষেত্ৰখনত, ক’ব পাৰি, এগৰাকী নাৰীৰ অনুপ্ৰৱেশৰ নতুনত্বৰ বিষয়ে, অৱচেতন মনত হয়তো কিছুমান অনুভূতি কোনোবা এটা অংশত আছিল অথবা সেয়া সৃষ্টি হোৱাৰ প্ৰৱণতা আছিল... এটা দুৰত্বৰ পৰিৱেশৰ কথা বুলি আমি ক’ব পাৰোঁ৷[9]
১৯২১ চনত ক্লাইম্বাৰ্ছ ক্লাৱৰ দুজন সদস্যৰ পত্নীয়ে পিনাকল ক্লাৱ নামৰ প্ৰতিদ্বন্দ্বী সংগঠন এটা প্ৰতিষ্ঠা কৰে। ১৯৪৫ চনত যেতিয়া ব্ৰিটিছ মাউণ্টেইনিং কাউন্সিল গঠন কৰা হয়, তেতিয়া মহিলাৰ বাবে গঠিত দুয়োটা ক্লাৱ, লেডীজ আলপাইন ক্লাৱ আৰু পিনাকল ক্লাৱক ইয়াৰ কমিটীত প্ৰতিনিধিত্ব কৰিবলৈ দিয়া হয়।[3]
আলপাইন ক্লাৱৰ সৈতে একত্ৰীকৰণ
[সম্পাদনা কৰক]আলপাইন ক্লাৱে দীৰ্ঘদিন ধৰি মহিলা সদস্য ভৰ্তি প্ৰতিহত কৰি ৰাখিছিল আৰু ১৯৭৩ চনত এই নীতি বদলোৱাৰ প্ৰচেষ্টাও প্ৰয়োজনীয় দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ নকৰাত সফল নহ'ল।[10] ১৯৭৪ চনৰ মে' মাহত অৱশ্যে আন এক ভোটদান কৰা হয় আৰু প্ৰভাৱশালী বিল টিলমেনৰ বিৰোধিতা অব্যাহত থকাৰ পিছতো অৱশেষত মহিলাসকলক ক্লাৱত যোগদান কৰিবলৈ দিয়া হয়।[10] ইয়াৰ ফলত এটা পৃথক মহিলা ক্লাৱৰ অস্তিত্ব অপ্ৰয়োজনীয় হৈ পৰে আৰু ১৯৭৫ চনত লেডীজ আলপাইন ক্লাৱে আলপাইন ক্লাৱৰ সৈতে একত্ৰিত হয় আৰু একত্ৰীকৰণৰ ফলত ১৫০জন নতুন সদস্য লাভ কৰে। এই একত্ৰীকৰণ সাৰ্বজন-সন্মত নাছিল আৰু ১৯৭৫ চনত বা তাৰ কিছুদিন পিছতে ৩৭ গৰাকী মহিলাই একত্ৰীকৰণৰ প্ৰতিবাদত পদত্যাগ কৰিছিল, য'ত জয়ছ ডানশ্বেথ, মিৰিয়াম আণ্ডাৰহিল আৰু মনিকা জেকচন আছিল।[10] নিজৰ অধিকাৰত আলপাইন ক্লাৱৰ সদস্যপদৰ বাবে নিৰ্বাচিত হোৱা প্ৰথম দুগৰাকী মহিলা আছিল ১৯৫৩ চনৰ এভাৰেষ্ট অভিযানত যোৱা মাইক ৱেষ্টমেকটৰ পত্নী চেলি ৱেষ্টমেকট আৰু বেটী চেইফাৰ্ট।[10]
লেডীজ আলপাইন ক্লাৱৰ পত্ৰিকা
[সম্পাদনা কৰক]১৯২০ চনৰ পৰা ১৯৭৫ চনৰ ভিতৰত ক্লাৱে এখন বছৰেকীয়া মুখপত্ৰ প্ৰকাশ কৰে, যিখন ক্লাৱ দুটাৰ একত্ৰীকৰণৰ পিছত আলপাইন জাৰ্নেল নাম গ্ৰহণ কৰা হয়। ১৯৬০ চনলৈকে বছৰেকীয়া মুখপত্ৰখনৰ শিৰোনাম আছিল কেৱল লেডীজ আলপাইন ক্লাৱ, তাৰ পিছত ১৯৬১ চনৰ পৰা ১৯৭৫ চনলৈকে ইয়াৰ নাম আছিল লেডীজ আলপাইন ক্লাৱ জাৰ্নেল।[11] ২০০০ চনত আলপাইন জাৰ্নেলৰ প্ৰাক্তন সম্পাদিকা জোহানা মেৰ্জে সকলো সংখ্যা সূচীভুক্ত কৰিছিল।[10]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Beattie, Andrew (2006). The Alps: A Cultural History. প্ৰকাশক Oxford: Oxford University Press. পৃষ্ঠা. 210. ISBN 9780195309553. https://books.google.com/books?id=aNX9WbwAzg8C.
- ↑ 2.0 2.1 Jones, Susanna (26 March 2012). "For the female mountaineering pioneers, it was an uphill struggle". The Guardian. https://www.theguardian.com/lifeandstyle/2012/mar/26/female-mountaineering-pioneers-uphill-struggle। আহৰণ কৰা হৈছে: 26 March 2014.
- ↑ 3.0 3.1 3.2 Derek Walker, The Evolution of Climbing Clubs in Britain (pdf) at alpinejournal.org.uk. Retrieved 25 March 2014
- ↑ 4.0 4.1 Ronald Clark, The Alps (2011), p. 129
- ↑ Thompson, Simon, Unjustifiable Risk? The Story of British Climbing, Cicerone Press, 2010, p. 74
- ↑ 6.0 6.1 David Doughan, Peter Gordon Women, Clubs and Associations in Britain (2007), p. 111
- ↑ Bridge, Ann, Moments of Knowing, London: Bloomsbury, 2013, Chapter 2. আই.এচ.বি.এন. 9781448211500.
- ↑ Ann C. Colley, Victorians in the Mountains: Sinking the Sublime (2013), p. 116
- ↑ 9.0 9.1 Colley, Ann (2013). Victorians in the Mountains: Sinking the Sublime. প্ৰকাশক Aldershot: Ashgate. পৃষ্ঠা. 116–17. ISBN 9781409476269. https://books.google.com/books?id=IIyMwuyN20sC.
- ↑ 10.0 10.1 10.2 10.3 10.4 Band, George (2006). Summit: 150 Years of the Alpine Club. প্ৰকাশক London: Collins. পৃষ্ঠা. 236–7. ISBN 9780007203642.
- ↑ Neate, Jill (1998). Mountaineering Literature. The Mountaineers Books. পৃষ্ঠা. 244. ISBN 9780938567042. https://books.google.com/books?id=tai_nm7se8gC.