লেবাং বুমানি নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লেবাং বুমানি নৃত্য(ইংৰাজী: Labang Bumani Dance) ত্ৰিপুৰা ৰাজ্যৰ অধিবাসী ত্ৰিপুৰী সম্প্ৰদায়ৰ মাজত প্ৰচলিত এক কৃষিভিত্তিক নৃত্য৷ “লেবাং’’ মানে ত্ৰিপুৰী ভাষাত এবিধ পতংগ যিয়ে ঝুম খেতিৰ উৎপাদিত শস্য নষ্ট কৰে৷ “বুমা’’ মানে কৌশল কৰি ধৰা৷ অৰ্থাৎ কৌশলপূৰ্ণভাবে লেবাং পোক ধৰাই লেবাংবুমানি৷ শস্যৰ লগত জড়িত কাৰণে ইয়াক কৃষিভিত্তিক নৃত্য বোলা হয়৷[1] অতীজতে ঝুম খেতিৰ পৰা পোকবিধ আঁতৰাবলৈ যুৱক-যুৱতীসকলে হাতত দুডালকৈ বাঁহৰ লাঠি লৈ অভিযান চলাইছিল৷ যুৱতীসকলে তললৈ সৰি পৰা পোকবোৰ ধৰিছিল৷ যিমানেই বেছি পোক ধৰিব পাৰে শস্য সিমানেই বেছি ভাল হয় বুলি বিশ্বাস৷[2][3] ইয়াৰ অনুকৰণতে পিছলৈ ইয়াক নৃত্য হিচাপে ধৰা হ’ল আৰু বৰ্তমান ই ত্ৰিপুৰাৰ অন্যতম বৈচিত্ৰ্যপূৰ্ণ নৃত্য৷

নৃত্যশৈলী[সম্পাদনা কৰক]

কৃষিভিত্তিক এই লেবাংবুমানি নৃত্য ল’ৰা আৰু ছোৱালী উভয়েই অংশগ্ৰহণ কৰে আৰু হাতত বাঁহৰ টকা লৈ নৃত্য কৰে৷[2] আধুনিক ৰূপত মুঠ ১৩ টা ভংগী আছে৷[3] প্ৰথম ভংগীত আঠজন যুৱক দুহাতত বাঁহৰ লাঠি লৈ নৃত্যস্থলীত প্ৰৱেশ কৰি চাৰিওপিনে ঘূৰি ঘূৰি লাঠি বজাই বজাই শেষত দুটা শাৰীত বহি হাতৰ লাঠি বজাই থাকে৷[3] দ্বিতীয় ভংংগীত যুৱকসকলে হাতৰ লাঠি কাষত থৈ পতংগৰ সন্ধান কৰে আৰু হঠাৎ পতংগ দেখাৰ দৰে চকুৱে মুখে অভিনয় ফুটাই তোলে৷[3] তৃতীয় ভংগীত আঠগৰাকী যুৱতীয়ে এখন হাতত পোক এটা লৈ কৰাৰ দৰে অভিনয় কৰি দৌৰি নৃত্যস্থলীত প্ৰৱেশ কৰে৷[3] চতুৰ্থ ভংগীত যুৱকসকলে হাতৰ লাঠি তুলি বজাই পতংগবোৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে আৰু ছোৱালীবোৰে পতাকহস্ত মুদ্ৰাৰে তলৰ পৰা পতংগ বুটলি লোৱাৰ অভিনয় কৰে৷[3] পঞ্চম ভংগীত যুৱতীসকলে যুৱকসকলৰ কাষলৈ গৈ দেহ বেঁকা কৰি দূৰৈত পতংগ দেখুৱায়৷[3] ষষ্ঠ ভংগীত যুৱকসকল উঠে আৰু লাঠি বজাই থাকে, যুৱতীসকলে মূৰ তল কৰি পদ সঞ্চালন কৰি থাকে৷[3] সপ্তম ভংগীত যুৱক-যুৱতীসকলে জঁপিয়াই জঁপিয়াই পতংগ ধৰা অভিনয় কৰে৷ এই অংশত কেতিয়াবা দুটা শাৰী, কেতিয়াবা চাৰিটা শাৰী আৰু কেতিয়াবা গোলকৈ ঘূৰি ঘূৰি জঁপিয়াই থাকে৷[3] অষ্টম ভংগী যুৱকসকলৰ দুটা শাৰীৰ মাজত যুৱতীসকলেও দুটা শাৰীত থিয় হৈ মুখৰ ওচৰলৈ মুখ নি কাণে কাণে কিবা কোৱাৰ দৰে কৰে৷[3] নৱম ভংগীত যুৱতীসকলে মাটিত বহি পোক ধৰে, যুৱকসকলে ঘূৰি ঘূৰি হাতৰ লাঠি বজাই থাকে৷[3] দশম ভংগীত যুৱকযুৱতীসকলে দুটা শাৰীত থিয় হৈ ভৰিবোৰ আগলৈ পিছলৈ কৰি থাকে৷[3] একাদশ ভংগীত যুৱকসকলে শৰীৰ বেঁকা কৰি এবাৰ সোঁৱে এবাৰ বাঁৱে তিনিবাৰকৈ লাঠি বজায় আৰু যুৱতীসকলে একেই তালত চাপৰি মাৰে৷[3] দ্বাদশ ভংগীত যুৱকৰ দুই শাৰীৰ মাজত যুৱতীসকলে দুটা শাৰী কৰি আনন্দ প্ৰকাশক নৃত্য কৰে৷[3] ত্ৰয়োদশ ভংগীত যুৱক আৰু যুৱতীসকল দুটা শাৰীত থিয় দি যুৱতীসকলে হাতত পোক মুঠি মাৰি ধৰাৰ ভংগী কৰি পদ সঞ্চালন কৰে আৰু যুৱকসকলে হাতৰ লাঠি বজাই বজাই নৃত্যস্থলীৰ পৰা প্ৰস্থান কৰে৷[3] লেবাংবুমানি নৃত্যত যথেষ্ট অভিনয় পাৰদৰ্শিতাৰ প্ৰয়োজন হয়৷ কাৰণ ঝুম খেতিত পোক ধৰা কাৰ্যক নৃত্য আৰু অভিনয়ৰ মাধ্যমেৰে তুলি ধৰা হয়৷

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Folk Dances of Tripura". http://tsu.trp.nic.in/tripura/culm2.htm। আহৰণ কৰা হৈছে: 21 March 2013. 
  2. 2.0 2.1 "Tripura - tribal and folk dance forms". Eastern Zonal Cultural Centre. Archived from the original on 10 June 2013. https://web.archive.org/web/20130610072130/http://ezccindia.org/tripura.html। আহৰণ কৰা হৈছে: 21 March 2013. 
  3. 3.00 3.01 3.02 3.03 3.04 3.05 3.06 3.07 3.08 3.09 3.10 3.11 3.12 3.13 3.14 চক্ৰৱৰ্তী, ড° পদ্মিনী (১৯৯২). ত্ৰিপুৰাৰ উপজাতি নৃত্য একটি সমীক্ষা. The Directorate of Research, Govt of Tripura. পৃষ্ঠা. ৪৬.