লোককথাত মৎস্যজীৱীৰ জীৱন আৰু জীৱিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্নজন লোকে বিভিন্ন জীৱিকাৰ সহায়ত জীৱন ধাৰণ কৰি আহিছে৷ একেদৰে ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন বৃত্তিৰ সহায়ত মানুহে অন্ন-বস্ত্ৰ আৰু বাসস্থানৰ সন্ধান কৰে৷ এইসকল লোকে যিহেতু এখন সমাজ পাতি বাস কৰে, সেই সমাজত তেওঁলোকৰ বৃত্তি অনুযায়ী বিভিন্ন কাহিনী, বিশ্বাস অথবা লোকগাথাৰ সৃষ্টি হ’য়৷ উল্লেখযোগ্য যে এই কাহিনীসমূহত তেওঁলোকে গ্ৰহণ কৰা নিৰ্দিষ্ট বৃত্তিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সৃষ্টি হ’য় বিভিন্ন লোকগাথাৰ৷

অসমৰ বিভিন্ন জিলাত বাস কৰা মাছমৰীয়াসকলক এক বৃত্তিমুখী সম্প্ৰদায় বুলি অভিষিত কৰিব পৰা যায়৷ মাছ ধৰি জীৱিকা নিৰ্বাহ কৰা মাছমৰীয়া সম্প্ৰদায়ৰ লোকজীৱন উদ্ভাসিত হৈ পৰে তেওঁলোকৰ বৃত্তিৰ সতে জড়িত বিভিন্ন বিশ্বাস আৰু কাহিনীৰে৷ উল্লেখযোগ্য যে যিকোনো বৃত্তিমুখী সম্প্ৰদায়ৰ দৰেই মাছমৰীয়া লোকসকলেও তেওঁলোকৰ বৃত্তিক এক বিশেষ মৰ্যাদা প্ৰদান কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰে৷ ফলত তেওঁলোকৰ ধৰ্মীয় বিশ্বাস, সামাজিক প্ৰথা, ৰীতি-নীতি, লোক সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ বৃত্তিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷

মাছমৰীয়া সম্প্ৰদায়ৰ বৃত্তিগত পৰিচয়, ধৰ্মীয় বিশ্বাস, সামাজিক আচাৰ-ব্যৱহাৰ তথা তেওঁলোকৰ বৃত্তিৰ সতে জড়িত বিশ্বাসে মাছমৰীয়া লোকসকলৰ লোকজীৱনত প্ৰভাৱ পেলোৱা দেখা যায়৷ মৎস্যজীৱী লোকসকলৰ এই সুদুৰপ্ৰসাৰী বিশ্বাসে তেওঁলোকৰ সমাজখনক উদ্ভাষিত কৰে৷ প্ৰণিধানযোগ্য যে মাছমৰীয়া সম্প্ৰদায়ৰ বিভিন্ন বসতিস্থল যেনে নলবাৰী জিলাৰ শোলমাৰা অঞ্চল, কামৰূপ (মেট্ৰো আৰু গ্ৰাম্য) জিলাৰ আজাৰা, ৰামপুৰ, শুৱালকুচি, হাজো, নগাঁও জিলাৰ আদি বিভিন্ন অঞ্চলত বসবাস কৰি অহা মৎস্যজীৱী লোকসকলৰ লোকজীৱনত উক্ত বিশ্বাসসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি তেওঁলোকৰ লোকজীৱন সমৃদ্ধিশালী কৰি তোলে৷

এই লেখাটিত মাছমৰীয়াসকলে উপাসনা কৰা বিভিন্ন দেৱ-দেৱীৰ সম্পৰ্কে থকা তেওঁলোকৰ লোক বিশ্বাস আৰু উক্ত দেৱ-দেৱীৰ উপাসনাৰ সতে জড়িত ধৰ্মীয় ৰীতি-নীতি সম্পৰ্কে আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হ’ল৷ এইখিনিতে উল্লেখ কৰা ভাল হব যে এই লোক বিশ্বাস সমূহ বিশেষকৈ মৎস্যজীৱী লোকসকলৰ বৃত্তিৰ সতে ওতপ্ৰোতভাবে জড়িত৷

(ক) শ্যামন পূজা:

অসমৰ বিভিন্ন প্ৰান্তত সিচৰিত হৈ থকা মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলে হিন্দু ধৰ্মৰ বিভিন্ন দেৱ-দেৱী যেনে বিষ্ণু, শিৱ/মহাদেৱ, লক্ষ্মী, সৰস্বতী আদিক পূজা কৰা দেখা যায়৷ লক্ষণীয় বিষয়টো হল যে এই বিশেষ দেৱ-দেৱীসকলক পূজা কৰাৰ লগে লগে তেওঁলোকে আন এগৰাকী বিশেষ দেৱতাক বিশ্বাস কৰে‌৷ লোক প্ৰবাদ মতে শ্যামন নামৰ এই দেৱতাগৰাকী চ'ত মাহৰ এটা দিনত তেওঁলোকৰ মাজত আহি উপস্থিত হয়৷ শ্যামন দেৱতাই তেওঁৰ লগৰীয়াসকলৰ সতে আহি মাছমৰীয়াসকলৰ মাজত বিৰাজ কৰে বুলি এই বৃত্তিগত সম্প্ৰদায়টোৱে বিশ্বাস কৰে৷ সেই বিশেষ দিনটোৰ সূৰ্য্য পাটত পৰাৰ পিছতেই এই দেৱতা গৰাকীৰ উদ্দেশ্যে তেওঁলোকে ভোজ-ভাতৰ আয়োজন কৰে৷

শ্যামন পূজাক সাধাৰণতে কেইটিমান ভাগত বিভক্ত কৰি লোৱা হ’য়৷ মাছমৰীয়া লোকসকলৰ পূৰ্ণখেলীয়া লোকসকলৰ মাজত এই পূজা আজিও প্ৰচলিত হৈ আছে৷ জনৈক স্বামী দয়ানন্দ সৰস্বতীৰ দ্বাৰা আৰম্ভ কৰা এই পূজা সম্পৰ্কে তেওঁৰ দ্বাৰা ৰচিত ’কৰণিৰ সদাচাৰ’ নামৰ ধৰ্মীয় পুথিত এই পূজা সম্পৰ্কে বিশদভাৱে ব্যাখ্যা আগবঢ়োৱা হোৱা হৈছে৷ বাৰজন ভকতে এই পূজাভাগ শ্যামন আৰু তেওঁৰ সতীৰ্থ দেৱতাসকলৰ উদ্দেশ্য চত মাহত এই পূজা আগবঢ়ায়৷ মাছমৰীয়া সম্প্ৰদায়ৰ পূৰ্ণখেলীয়া লোকসকলৰ মাজত প্ৰচলিত এই পূজাত বিভিন্ন চৰাই যেনে পাৰ, কুকুৰা আদিৰ মাংস দেৱতাসকললৈ আগবঢ়োৱা দেখা যায়৷ উল্লেখযোগ্য যে ভকতসকলে এঈ পূজাৰ এক বিশেষ ক্ষণত উক্ত চৰাইসমূহ হাতেৰে ধৰি ৰাখে আৰু এক বিশেষ পদ গাই চৰাইবোৰ শ্যামন দেৱতাৰ নামত উছৰ্গা কৰে৷ তেওঁলোকে বিশ্বাস কৰে যে এই পদ আওৰোৱাৰ বাবে এঈ চৰাইবোৰৰ মৃত্যু ঘটে৷ আনহাতে শ্যামন দেৱতাৰ উদ্দেশ্যে বিষ্ণুৰ অৱতাৰ বৰাহ উছৰ্গা কৰা হ’য়৷ পানী আৰু তেলেৰে সৃষ্ট জলফুল নামৰ এক পনীয়া সামগ্ৰীৰ দ্বাৰা বৰাহক নিধন কৰা হ’য়৷ এক নিৰ্দিষ্ট সঢ়য়ৰ পিছত শ্যামন আৰু তেওঁৰ সতীৰ্থ দেৱতাৰ উদ্দেশ্যে আহাৰ উছৰ্গা কৰা হ’য়৷ আনহাতে এই আহাৰ উছৰ্গা কৰাৰ পিছতেই ভক্তসকলেও আহাৰ গ্ৰহণ কৰে৷ বেলি উদয় হোৱাৰ আগেয়ে এই পূজাৰ অন্ত পৰে আৰু ভক্তসকলে দেৱতাসকলক এক চিঞাগীত গাই বিদায় জনাই নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰে৷

কৃষ্ণৰেই আন এটা নাম শ্যামৰ পৰাই মাছমৰীয়া লোকসকলৰ পূৰ্ণখেলীয়া ভকতসকলৰ মাজত এই শ্যামন দেৱতাৰ সৃষ্টি হৈছে বুলি ধাৰণা কৰিব পাৰি৷ আনহাতে বৈষ্ণৱসকলৰ মাজত থকা ৰাতিসেৱা খেলৰ প্ৰভাৱো শ্যামন পূজাত পৰা বুলি অনুমান কৰিব পৰা যায়৷

(খ) বিল বাইচ:

অসমৰ বিভিন্ন জিলাত বাস কৰা মৎস্যজীৱী লোকসকলৰ অধিকাংশ ই বাইচ শব্দটো ’বিচৰা’ৰ সমাৰ্থক শব্দ বুলি গণ্য কৰি দেখি যায়৷ অৰ্থাৎ খাল-বিল, নৈ-উপনৈ আদিত মৎস্যৰ সন্ধানত ৰত মৎস্যজিৱী লোকসকলৰ এই কৰ্মক তেওঁলোকে ’বিল বাইচ’ বুলি অভিষিত কৰে৷ এই লেখা প্ৰস্তুত কৰাৰ সময়ত অসমৰ বিভিন্ন ঠাইত সাক্ষাৎ কৰা তথ্যদাতাসকলে ’বিল বাইচ’ বাক্যাংশৰে মাছৰ বিচৰা কাৰ্যক অভিষিত কৰা পৰিলক্ষিত হৈছে৷

মাছমৰীয়া লোকসকলে বিল বাইচৰ আগদিনা শিৱ/ মহাদেৱৰ প্ৰতি পূজা-অৰ্চনা আগবঢ়ায়৷ যিহেতু মহাদেৱ বিভিন্ন ৰাগিয়াল দ্ৰব্যৰ প্ৰতি আসক্ত বুলি সাধাৰণতে বিশ্বাস কৰা হ’য়, সেয়েহে মাছমৰীয়া লোকসকলে বিভিন্ন ৰাগিয়াল দ্ৰব্য যেনে ভাং আদি মহাদেৱলৈ আগবঢ়োৱা দেখা যায়৷ আনহাতে মহাদেৱক উপাসনা কৰাৰ সময়তেই মৎস্যজিৱী লোকসকলে মাছ ধৰিবলৈ ব্যৱহাৰ কৰিবলগীয়া বিভিন্ন সামগ্ৰী যেনে জাল, প’ল আদিও পৰিষ্কাৰ কৰা দেখা যায়৷ আনহাতে যিবোৰ নাও মাছ ধৰিবলৈ পানীৰ মাজত যাবলগীয়া নাওসমূহো মাছমৰীয়া লোকসকলে এই দিনটোত পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলে৷ মৎস্যজিৱী লোকসকলে এই দিনটোতেই পানীত গাখীৰ উছৰ্গা কৰা পৰিলক্ষিত হ’য়৷ লোক বিশ্বাস অনুসৰি জলভাগত বাস কৰা জলৰ দেৱ-দেৱীসকল মাছমৰীয়া লোকসকলৰ এই কাৰ্যত সন্তুষ্টি লাভ কৰে আৰু তেওঁলোকে মাছ ধৰিবলৈ যাওঁতে এই দেৱ-দেৱীসকলে তেওঁলোকক অপায়-অমংগলৰ পৰা ৰক্ষা কৰে৷ একেদৰে এই দেৱ-দেৱীসকলে মাছমৰীয়া লোকসকলৰ উপাসনাত সন্তুষ্ট হৈ তেওঁলোকক অধিক মাছ ধৰাত সহায় আগবঢ়ায় বুলিও মাছমৰীয়া লোকসকলৰ মাজত বিভিন্ন উপাখ্যান চলি থকা পৰিলক্ষিত হ’য়৷

(গ) গঙ্গা পূজা:

অসমৰ বিভিন্ন অঞ্চলত বসবাস কৰা মৎস্যজিৱীসকলে গঙ্গা পূজা কৰা দেখা যায়৷ এইখিনিতেই উল্লেখ কৰা দৰকাৰ যে এই গঙ্গা পূজা গঙ্গা নদীৰ প্ৰতি নিবেদন কৰা নহ’য়৷ মহাভাৰতত উল্লিখিত গঙ্গা দেৱীৰ বৰ্ণনা অথবা শিৱৰ জটাৰ মাজেৰে নিৰ্গত গঙ্গাৰ বোৱতি ধাৰাৰ উপাখ্যানৰ সতে মৎস্যজিৱীসকলৰ গঙ্গা পূজাৰ কোনো সাদৃশ্য দেখিবলৈ পোৱা নাযায়৷ অসমৰ বিভিন্ন অঞ্চলত মাছমৰীয়াসকলে গঙ্গাক এগৰাকী জলদেৱী বুলি অভিষিত কৰে৷ তেওঁলোকে মাছ ধৰিবলৈ ব্যৱহাৰ কৰা নদী, পুখুৰী আদি এইগৰাকী দেৱীৰ অধীনৰ সাম্ৰাজ্য বুলি গণ্য কৰে৷ সেয়েহে মৎস্যজিৱী লোকসকলে বছৰটোৰ বাবে মাছ ধৰাৰ আগেয়ে গঙ্গা দেৱীক পূজা-অৰ্চনা কৰে৷

গঙ্গা দেৱীৰ প্ৰতি নিবেদন কৰা এই পূজাক গঙ্গাপূজা বুলি কোৱা হ’য়৷ জেঠ মাহত এই পূজা অনুষ্ঠিত কৰা হ’য়৷ বছৰটোত খাল-বিল আদি পানীৰে পৰিপূৰ্ণ হোৱাৰ সময়ত অনুষ্ঠিত হোৱা গঙ্গা পূজাত মৎস্যজিৱী লোকসকলে যাতে সুকলমে মাছ ধৰিব পাৰে, তাৰেই কামনা কৰি গঙ্গাদেৱীলৈ এই পূজাভাগ আগবঢ়ায়৷

গঙ্গাপূজা সাধাৰণতে সম্পূৰ্ণ বৈদিক প্ৰথা মতে সম্পন্ন কৰা হ’য়৷ এই পূজাত মৎস্যজিৱী লোকসকলে গঙ্গাদেৱীৰ প্ৰতিমা স্থাপন কৰে৷ পুৰোহিতৰ দ্বাৰা উচ্ছাৰিত মন্ত্ৰৰ মাজেৰে বিভিন্ন উপাচাৰ গঙ্গাদেৱীলৈ আগবঢ়োৱা হ’য়৷ উল্লেখযোগ্য যে গঙ্গাপূজাৰ দিনাখন মৎস্যজিৱী লোকসকল মাছ ধৰাৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকে৷

(ঘ) ভেলদিয়া:

অসমৰ বিভিন্ন অঞ্চল যেনে ৰামদিয়া, শোলমাৰা, আজাৰাৰ কেওঁটপাৰা আদিত ভেলদিয়া উৎসৱৰ আয়োজন কৰা দেখা যায়৷ এই ধৰ্মীয় উৎসৱত কলগছেৰে এখন ভেল নিৰ্মাণ কৰি লোৱা হ’য়৷ জলদেৱতাক উদ্দেশ্যি এই ভেলখন মৎস্যজিৱী লোকসকলে পানীত ভহাই দিয়ে৷ জলদেৱতাৰ উদ্দেশ্যে প্ৰেৰণ কৰা ভেলখনৰ সতে মাছমৰীয়া লোকসকলে এই দেৱতাক পাৰ চৰাই, হাহৰ কণী আদি উছৰ্গা কৰে৷ আনহাতে কেতবোৰ অঞ্চলত মাছমৰীয়া লোকসকলে ভেল এখন নিৰ্মাণ কৰি আটকধুনীয়াকৈ সজাই লোৱা দেখা যায়৷ এই ভেলখন দুজনমান মাছমৰীয়া লোকে কান্ধত লৈ সমগ্ৰ গাওঁ পৰিভ্ৰমণ কৰে আৰু শেষত এই ভেলখন জলদেৱতাৰ উদ্দেশ্যে পানীত ভহাই দিয়া দেখা যায়৷

(ঙ) খুটাপোতা:

অসমৰ বিভিন্ন অঞ্চলত মৎস্যজিৱী লোকসকলে এই ধৰ্মীয় অনুষ্ঠান পালন কৰা দেখা যায়৷ এই ধৰ্মীয় অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত মৎস্যজিৱী লোকসকলৰ গুৰিয়ালে মাছ ধৰিবলৈ ব্যৱহাৰ কৰিবলগীয়া ঠাইত পানীৰ মাজত এডাল দীঘল বাহ পোতে৷ পৰৱৰ্তী পৰ্যায়ত মৎস্যজিৱী লোকসকলে জলভাগলৈ গাখীৰ আৰু নিমখ উছৰ্গা কৰে৷ লোকশ্ৰুতি মতে গাখীৰ আৰু নিমখ জলদেৱতাৰ বাবে উছৰ্গা কৰাৰ ফলত এই দেৱতা তেওঁলোকৰ প্ৰতি সদয় হৈ পৰে আৰু মাছমৰীয়া লোকসকলে মাছ ধৰিবলৈ যাওঁতে জলদেৱতাই তেওঁলোকলৈ বুলি সহায়ৰ হাত আগবঢ়ায়৷ পৰৱৰ্তী পৰ্যায়ত মাছমৰীয়া সকলে ধৰা সকলোতকৈ ডাঙৰ আয়তনৰ মাছটো জলদেৱতা অথবা তেওঁলোকে বিশ্বাস কৰা আন কোনো দেৱতালৈ উছৰ্গা কৰা হ’য়৷

(চ) জলেশ্বৰী পূজা:

মৎস্যজীৱী লোকসকলে জলৰ দেৱী জলেশ্বৰীক পূজা-অৰ্চনা কৰে৷ সাধাৰণতে পানীৰ যি অংশত মাছমৰীয়া এজনে মাছ ধৰিবলৈ পৰিকল্পনা কৰে, সেই ঠাইত তেওঁ জলেশ্বৰী দেৱীৰ উদ্দেশ্যে বিভিন্ন উপাচাৰ উছৰ্গা কৰি পৰিলক্ষিত হ’য়৷ জলত অধিস্থান কৰা এই জলদেৱীক লৈ মৎস্যজীৱী লোকসকলৰ মাজত বিভিন্ন লোককথা আজিও প্ৰচলিত হৈ আছে৷ মৎস্যজীৱী লোকসকলে জলেশ্বৰী দেৱীৰ আকৃতিত মৎস্যৰ সাদৃশ্যতা আছে বুলি বিশ্বাস কৰে৷ তেওঁলোকৰ মতে এই দৱীক মাছ-কাছ আদিয়েও পূজা অৰ্চনা আগবঢ়ায়‌৷ মৎস্যজীৱী লোকসকলৰ পূজা-অৰ্চনাত সন্তুষ্ট হলে জলেশ্বৰী দেৱীয়ে তেওঁলোকক অপৰ্য্যাপ্ত পৰিমাণৰ মাছ দান কৰে বুলি বুঢ়া-মেথা সকলে আজিও অনুভৱ কৰা পৰিলক্ষিত হ’য়৷ সেয়েহে মাছ ধৰাৰ আগেয়ে জলেশ্বৰী দেৱীলৈ পূজা-অৰ্চনা আগবঢ়োৱা উচিত বুলি মৎস্যজীৱী লোকসকলে বিশ্বাস কৰে৷

(ছ) ভীম একাদশী:

অসমৰ বিভিন্ন ঠাইত বসবাস কৰা মৎস্যজীৱী লোকসকলে একাদশী তিথিৰ দিনা ভীম একাদশী পালন কৰে৷ ভগৱান শ্ৰীবিষ্ণুক এই একাদশী তিথিত মাছমৰীয়া লোকসকলে পূজা-অৰ্চনা আগবঢ়ায়৷ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ অঞ্চলত বসবাস কৰা মৎস্যজীৱী লোকসকলে এই ধৰ্মীয় অনুষ্ঠানৰ সময়ছোৱাত এক বিশাল ৰূপ ধাৰণ কৰে বুলি বিশ্বাস কৰে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এই অঞ্চলত বসবাস কৰা মৎস্যজীৱী লোকসকলৰ উপৰিপুৰুষ সকল পশ্চিমবংগৰ পৰা অসমলৈ সৌ তাহানিতেই প্ৰব্ৰজন কৰিছিল৷ তেওঁলোকে বোপা-ককাৰ দিনৰপৰাই উদযাপন কৰা ভীম একাদশী আজিকোপতি তেওঁলোকৰ সতি-সন্ততিয়ে পালন কৰি আহিছে৷ এই অঞ্চলত বসবাস কৰা মৎস্যজীৱী লোকসকলে ভীম একাদশীৰ দিনাখন ভগৱান বিষ্ণুৰ সতে দ্বিতীয় পাণ্ডৱ ভীমকো উপাসনা কৰা দেখা যায়৷

(জ) নাগ-নাগিনী পূজা:

মৎস্যজীৱী লোকসকলে বিশ্বাস কৰে যে ঐশ্বৰিক শক্তিৰ অধিকাৰী সৰীসৃপে সাধাৰণতে জলস্থলত বাস কৰে৷ জলস্থলৰ বিভিন্ন অংশৰ অধিকাৰী হিচাবে বাস কৰা এই সৰীসৃপসমূহৰ ৰজা আৰু ৰাণী হ’ল নাগ আৰু নাগিনী৷ নাগ আৰু নাগিনীক মাছমৰীয়া লোকসকলে পূজা-অৰ্চনা নকৰিলে সৰীসৃপসমূহে মৎস্যজীৱী লোকসকলক মাছ ধৰাৰ সময়ত আক্ৰমণ কৰাৰ বিভিন্ন কাহিনী আজিও লোককথাৰ ৰূপত প্ৰচলিত হৈ আছে৷ সেয়েহে মাছ ধৰাৰ আগেয়ে মৎস্যজীৱী লোকসকলে নাগ আৰু নাগিনীৰ উদ্দেশ্যে পূজা-অৰ্চনা আগবঢ়ায়৷ এই পূজা-অৰ্চনাত নাগ আৰু নাগিনী সন্তুষ্ট হৈ মৎস্যজীৱী লোকসকলক মাছ ধৰাৰ সময়ত কোনো অপকাৰ নকৰে বুলি মৎস্যজীৱী সমাজত বিভিন্ন কাহিনী প্ৰচলিত হৈ থকা দেখা যায়৷ আনহাতে সৰীসৃপসমূহে এই পূজাত সন্তুষ্ট হৈ জলস্থলত বাস কৰা মাছ-কাছ আদিক মাছমৰীয়াসকলৰ ওচৰলৈ লৈ আহে৷ ফলত মৎস্যজীৱী লোকসকলে সহজতেই মাছ ধৰি কাৰ্য সম্পাদন কৰিব পাৰে বুলিও তেওঁলোকে বিশ্বাস কৰে৷ কামৰূপ জিলা (মেট্ৰো)ৰ আজাৰা অঞ্চলত অৱসি গধূলি বজাৰৰ কাষতেই অৱস্থিত কেওঁটপাৰা, নলবাৰী জিলাৰ চামতাৰ সমীপত অৱস্থিত শোলমাৰা আদি বিভিন্ন অঞ্চলত নাগ-নাগিনীৰ উদ্দেশ্যে আজিও নাগ-নাগিনী পূজা সম্পন্ন হোৱা পৰিলক্ষিত হ’য়৷

(ৱ) দুনীসৰ্প পূজা:

অসমৰ কেতবোৰ অঞ্চল যেনে কামৰূপ জিলাৰ শুৱালকুচিৰ সমীপত অৱস্থিত গন্ধমৌ গাওঁ, ৰঙিয়া চহৰৰ নিকটৱৰ্তী স্থান জাপিয়া গাওঁ, কামৰূপ (মেট্ৰো) জিলাৰ আজাৰা অঞ্চলৰ সমীপত অৱস্থিত হাটখোৱাপাৰা আদি অঞ্চলৰ মৎস্যজীৱী লোকসকলে দুনীসৰ্প নামৰ এক সৰীসৃপৰূপী দেৱতা জলস্থলত বাস কৰে বুলি বিশ্বাস কৰে৷ এই দুনীসৰ্প মনসা দেৱীৰেই আন এক ৰূপ বুলি বিভিন্ন কাহিনী মাছমৰীয়া লোকসকলৰ মাজত প্ৰচলিত হৈ থকা দেখা যায়৷ এই সৰ্পক যিহেতু মনসা দেৱীৰেই আন এক ৰূপ হিচাবে কল্পনা কৰা হ’য়, সেয়েহে মৎস্যজীৱী লোকসকলে দুনীসৰ্পৰ পৰা আশীৰ্বাদ লাভৰ উদ্দেশ্যে এই সৰ্পৰূপী দেৱতাক পূজা-অৰ্চনা আগবঢ়ায়৷ উল্লেখযোগ্য যে গাখীৰ আৰু অন্যান্য উপাচাৰসমূহ দুনীসৰ্পৰ নামত মৎস্যজীৱী লোকসকলে অৰ্পণ কৰে৷

মৎস্যজীৱী লোকসকলে এনেদৰেই বিভিন্ন ধৰ্মীয় বিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হৈ এনেধৰণৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান পালন কৰা দেখা যায়৷ যিকোনো বৃত্তিমুখী সম্প্ৰদায়ৰ দৰেই মৎস্যজীৱী লোকসকলেও মাছ ধৰা কাৰ্য্যক মহীয়ান কৰি তুলিবলৈ চেষ্টা কৰে আৰু বিভিন্ন ধৰণৰ দেৱ-দেৱতাক পূজা-অৰ্চনা আগবঢ়াই তেওঁলোকৰ এই কাৰ্য সুকলমে সম্পন্ন কৰাত এই দেৱ-দেৱতাৰ পৰা আশিস ভিক্ষা কৰে৷

এই লেখাটিত মাছমৰীয়াসকলে উপাসনা কৰা বিভিন্ন দেৱ-দেৱীৰ সম্পৰ্কে থকা তেওঁলোকৰ লোক বিশ্বাস আৰু উক্ত দেৱ-দেৱীৰ উপাসনাৰ সতে জড়িত ধৰ্মীয় ৰীতি-নীতি সম্পৰ্কে আলোকপাত কৰা হ’ল৷ উল্লেখযোগ্য যে মৎস্যজীৱী লোকসকলৰ এই ধৰ্মীয় অনুষ্ঠানসমূহে তেওঁলোকৰ বিশ্বাস, ৰীতি-নীতি তথা লোক সংস্কৃতিক প্ৰতিফলিত কৰে আৰু ইয়াৰ দ্বাৰাই উদ্ভাষিত হ’য় মৎস্যজীৱী লোকসকলৰ লোকজীৱন যিয়ে প্ৰতিনিধিত্ব কৰে তেওঁলোকৰ সৰল লোক জীৱন আৰু বৃত্তিৰ সতে জড়িত হৈ থকা এক আৱেগিক সংহতিক৷