লোককথা আৰু পৌৰাণিক কাহিনীত অজাচাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লোককথা আৰু পৌৰাণিক কাহিনীত অজাচাৰক (ইংৰাজী: Incest in folklore and mythology)উৎপত্তিৰ কল্পকথা লুকুৱাই ৰখা এটা ৰূপাংকন (motif) বুলি কোৱা হয়। কাৰণ সময়ৰ আৰম্ভণিতে ইয়েই পৃথিৱীখনক জনবহুল কৰাৰ একমাত্ৰ পথ বুলি ভবা হৈছিল। ধ্ৰুপদী কল্পকথা আৰু সাহিত্যত অজাচাৰ হৈছে এক সাধাৰণ মটিফ। দেৱতা, বীৰ আৰু মৰ্ত্যলোকৰ কাহিনীত কেন্দ্ৰীয় নহ'লেও এনে মটিফ দৃশ্যমান।[1] অজাচাৰ-প্ৰৱণ কাহিনীৰ প্ৰকাৰসমূহে সাধাৰণতে নিউক্লিয়াৰ পৰিয়ালৰ ভিতৰত যৌন সংযোগ বা অৰ্থবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰে (যেনে: মাতৃ আৰু পুত্ৰ,তথা ভগ্নী আৰু ভাতৃ)। প্ৰাচীন কাহিনীত মাতৃ–পুত্ৰৰ অজাচাৰক সবাতোকৈ আচৰিত সম্পৰ্ক হিচাপে চিত্ৰিত কৰা হয়।[1][2][3] অজাচাৰক প্ৰতীকীভাৱে বা আক্ষৰিকভাৱে চোৱা হয় নে নহয় তাৰ ওপৰত নিৰ্ভৰ কৰি এই বিষয়বস্তুসমূহক মনোবিশ্লেষণাত্মক তত্ত্বৰ দৰে বিভিন্ন বিশ্লেষণাত্মক কাঠামোৰ ভিতৰত পৰীক্ষা কৰিব পাৰি।[4]

কাহিনীবোৰ বিশ্বজুৰি বহুলভাৱে বিয়পি আছে আৰু এইবোৰ হাস্যৰসৰ পৰা গম্ভীৰ ৰচনালৈকে বিস্তৃত। অজাচাৰৰ বিষয়ে আলোচনা কৰা লোককথা আৰু সাধুকথাই গৱেষক-পণ্ডিতৰ আগ্ৰহ আকৰ্ষণ কৰিছে। "আকস্মিক অজাচাৰ" আৰু "উদ্দেশ্যপূৰ্ণ অজাচাৰ" শব্দ দুটা ব্যৱহাৰ কৰি অজাচাৰৰ কাহিনীক শ্ৰেণীভুক্ত কৰিব পাৰি।[4]

গ্ৰীক পৌৰাণিক কাহিনীত গিয়াৰে (পৃথিৱী) নিজৰ পুত্ৰ ইউৰেনাছ (আকাশ)ৰ সৈতে ১২টা সন্তান জন্ম দিছিল।[5][6] তেওঁৰ পুত্ৰ ইউৰেনাছ (আকাশ)ৰ পৰা ছটা ল'ৰা আৰু ছজনী কন্যা সন্তান (টাইটান) জন্ম হৈছিল। ল'ৰা টাইটানবোৰ আছিল অ’চেনাছ, ক’য়াছ, ক্ৰাইয়াছ, হাইপেৰিয়ান, লেপেটিয়াছ আৰু ক্ৰ’নাছ। কন্যা টাইটানবোৰ আছিল থিয়া, ৰিয়া, থেমিছ, ম্নেম’চিন, ফীবি আৰু টেথিছ। অ'চেনাছ, ক'য়াছ, হাইপেৰিয়ান আৰু ক্ৰ'নাছে প্ৰত্যেকেই নিজৰ এগৰাকী ভগ্নীৰ সৈতে সংগম কৰি নিজৰ নিজৰ সন্তান জন্ম দিয়ে।[5] ক্ৰ'নাছ আৰু তেওঁৰ ডাঙৰ ভনীয়েক ৰিয়াৰ পুত্ৰ জিউছেও নিজৰ ডাঙৰ ভনীয়েক ডিমিটাৰৰ সৈতে পাৰ্চেফোন নামৰ এগৰাকী কন্যা সন্তান জন্ম দিয়ে। কিন্তু অৰ্ফিক সূত্ৰসমূহে দাবী কৰে যে পাৰ্চেফোন জিউছ আৰু তেওঁৰ মাতৃ ৰিয়াৰ কন্যা আছিল।[7] সাগৰ দেৱতা ফৰ্চিছৰ ভগ্নী চেটোৰ পৰা বহু সন্তান জন্ম হয়। প'চেইডনে তেওঁৰ ডাঙৰ ভনীয়েক ডিমিটাৰক আৱেগিকভাৱে খেদি ফুৰিছিল যেতিয়ালৈকে তেওঁলোকে এৰিয়ানক জন্ম দিয়া যৌন সম্পৰ্ক স্থাপন কৰা নাছিল।[8]

ইজিপ্তৰ পৌৰাণিক কাহিনীত সঘনাই ভাই-ভনীৰ বিবাহ হয়। উদাহৰণস্বৰূপে, শ্বু আৰু টেফনাট ভাই-ভনী আৰু তেওঁলোকে গেব আৰু নুটৰ সন্তান জন্ম দিয়ে।[6][9]

আইৰিছ দেৱী ক্ল'থ্ৰাই নিজৰ পুত্ৰ লুগাইডৰ সৈতে নিদ্ৰাযাপন কৰি ক্ৰিমথান নিয়া নায়াৰক গৰ্ভধাৰণ কৰে।[2]

শাক্ত পুৰাণত মহাদেৱীয়ে তেওঁৰ পৰীক্ষাত উত্তীৰ্ণ হ’লে তেওঁৰ প্ৰতিজন পুত্ৰৰ সন্তানক জন্ম দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। অৱশ্যে কেৱল শিৱইহে পৰীক্ষাত উত্তীৰ্ণ হয়। এই কল্পকথাত এইটো কথা অস্পষ্ট যে তেওঁ শিৱৰ সন্তান যৌন নাইবা অযৌন প্ৰজন্মৰ জৰিয়তে জন্ম দিছিল নে নাই। দক্ষিণ ভাৰতীয় উপস্থাপনত অজাচাৰী ইংগিতটো যথেষ্ট স্পষ্ট। দেৱীয়ে আন সকলো পুত্ৰৰ ভিতৰত কেৱল শিৱক বিয়া কৰাবলৈ সিদ্ধান্ত লোৱাৰ পিছত শিৱৰ প্ৰতি মোহিত হয়। দুয়োৰে কামনা পাৰস্পৰিকভাৱে পূৰণ কৰিবলৈ তেওঁ শিৱক নিজৰ যোনি (স্ত্ৰী অংগ) প্ৰদান কৰে য'ত শিৱই নিজৰ লিংগ (পুৰুষ অংগ) সুমুৱাই নিজৰ সন্তানক ধাৰণ কৰে, যিখন গৰ্ভৰ পৰা তেওঁ নিজেও ওলাই আহিছিল।[10]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Archibald, Elizabeth (24 May 2001). Incest and the Medieval Imagination. OUP Oxford. পৃষ্ঠা. 7, 54-55, 60, 62, 73, 102, 107, 127-131, 141, 163, 195, 233. ISBN 0191540854. 
  2. 2.0 2.1 Monaghan, Patricia (14 May 2014). The Encyclopedia of Celtic Mythology and Folklore. Infobase Publishing. পৃষ্ঠা. 91, 156, 259. ISBN 978-1438110370. 
  3. Dundes, Alan (1980). Interpreting Folklore. Indiana University Press. পৃষ্ঠা. 248. ISBN 025320240X. 
  4. 4.0 4.1 Hasse, Donald (2008). The Greenwood Encyclopedia of Folktales and Fairy Tales. Greenwood Publishing Group. পৃষ্ঠা. 481-483, 798. ISBN 9780313334412. 
  5. 5.0 5.1 "Chapter 3: Myths of Creation". Oxford University Press. Archived from the original on October 18, 2018. https://web.archive.org/web/20181018090822/http://global.oup.com/us/companion.websites/9780195397703/student/materials/chapter3/summary/। আহৰণ কৰা হৈছে: May 16, 2020. 
  6. 6.0 6.1 Pinch, Geraldine (2002). Handbook of Egyptian Mythology. ABC-CLIO. পৃষ্ঠা. 76. ISBN 1576072428. https://archive.org/details/handbookegyptian00pinc_532. 
  7. Garry, Jane (5 July 2017). Archetypes and Motifs in Folklore and Literature: A Handbook: A Handbook. Routledge. পৃষ্ঠা. 326–327, 350–357, 433–437. ISBN 978-1351576161. 
  8. Meisner, Dwayne A. (2018-07-17) (en ভাষাত). Orphic Tradition and the Birth of the Gods. Oxford University Press. ISBN 978-0-19-066354-4. https://books.google.com/books?id=gthjDwAAQBAJ&q=dwayne+meisner+rhea+zeus+kore&pg=PT274. 
  9. el- Shamy, Hasan M. (1979). Brother and Sister Type 872: A Cognitive Behavioristic Analysis of a Middle Eastern Oikotype. Folklore Publications Group. 
  10. O'Flaherty, Wendy D. (15 November 1982). Women, Androgynes, and Other Mythical Beasts. প্ৰকাশক United Kingdom: University of Chicago Press. পৃষ্ঠা. 93–94, 98–99, 105–106, 108, 168–169, 190-191, 236. ISBN 9780226618500.