সমললৈ যাওক

লোক-কলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(লোকশিল্পৰ পৰা পুনঃনিৰ্দেশিত)

লোকশিল্প বা লোক-কলা (ইংৰাজী: Folk art) হৈছে লোকজীৱনৰ প্ৰয়োজনীয়তাৰ পূৰণৰ বাবে পৰম্পৰাগতভাৱে হাতেৰে তৈয়াৰ কৰা কিছুমান শিল্পবস্তু। লোকশিল্পই লোক-সংস্কৃতিৰ প্ৰেক্ষাপটত নিৰ্মিত সকলো ধৰণৰ দৃশ্যকলাক সামৰি লয়। সংজ্ঞা বেলেগ বেলেগ হ’ব পাৰে, কিন্তু সাধাৰণতে এই সামগ্ৰীবোৰ সজায় থবৰ বাবে নহয়, ব্যৱহাৰিক উপযোগিতাৰ বাবেহে তৈয়াৰ কৰা হয়। লোকশিল্পৰ নিৰ্মাতাসকলক সাধাৰণতে সংস্কৃতিৰ চাৰুকলা পৰম্পৰাৰ পৰিৱৰ্তে জনপ্ৰিয় পৰম্পৰাৰ ভিতৰত প্ৰশিক্ষণ দিয়া হয়। লোক-কলাক প্ৰায়ে 'নেইভ আৰ্ট'ৰ (উপযুক্ত প্ৰশিক্ষণ অবিহনে নিজে শিকি সৃষ্টি কৰা শিল্পকলা) সৈতে একাকাৰ কৰা হয়।[1] নৃতাত্ত্বিক শিল্পৰ নিৰ্মাণ অব্যাহত থকা পৰম্পৰাগত সমাজৰ ক্ষেত্ৰত "লোকশিল্প" ব্যৱহাৰ কৰা নহয়।

"লোকশিল্প" শব্দটোৱে বেলেগ বেলেগ প্ৰকাৰৰ বস্তুক সামৰি লয়।

ইউৰোপীয় দৃষ্টিকোণৰ পৰা এডৱাৰ্ড লুচি-স্মিথে ইয়াক "কথিতভাৱে সহজ-সৰল মানুহৰ সামূহিক সচেতনতাত শিপাই থকা চাৰুকলা আৰু প্ৰায়োগিক দুয়ো ধৰণৰ অত্যাধুনিক শিল্পকলা। লোকশিল্পৰ ধাৰণাটো এটা স্পষ্টভাৱে ১৯ শতিকাৰ এক ধাৰণা। প্ৰাক-ঔদ্যোগিক সমাজে ইয়াক নষ্টালজিয়া হিচাপে বৰ্তমানো কঢ়িয়াই লৈ ফুৰিছে।"[2]

লোক শিল্পই এটা সম্প্ৰদায়ৰ সাংস্কৃতিক জীৱন প্ৰতিফলিত কৰে। এই শিল্পৰূপে লোককথা আৰু সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰসমূহৰ সৈতে জড়িত প্ৰকাশভংগীৰ সংস্কৃতিক সামৰি লৈছে। স্পষ্ট লোকশিল্পত এনে বস্তু অন্তৰ্ভুক্ত হ’ব পাৰে যিবোৰ ঐতিহাসিকভাৱে পৰম্পৰাগত সম্প্ৰদায়ৰ ভিতৰত নিৰ্মাণ আৰু ব্যৱহাৰ কৰা হয়। অস্পষ্ট লোকশিল্পৰ ভিতৰত সংগীত আৰু কলা বিথিকা, নৃত্য আৰু আখ্যান গঠন আদি ৰূপ অন্তৰ্ভুক্ত হ’ব পাৰে। এই স্পষ্ট আৰু অস্পষ্ট দুয়োবিধ শিল্পৰূপ সাধাৰণতে এটা ব্যৱহাৰিক উদ্দেশ্য পূৰণ কৰিবলৈ বিকশিত কৰা হৈছিল। উদ্দেশ্যটো হেৰাই গ’লে বা পাহৰি গ’লে সাধাৰণতে শিল্পটো প্ৰাৰম্ভিক ব্যৱহাৰিকতাৰ উৰ্ধত অৰ্থ বহন নকৰিলে অধিক প্ৰসাৰণৰ কোনো কাৰণ নাথাকে। এই কলাত্মক পৰম্পৰাসমূহ এনে মূল্যবোধ আৰু মানদণ্ডৰ দ্বাৰা গঢ় লৈ উঠে যিবোৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ, প্ৰায়ে পৰিয়াল আৰু সম্প্ৰদায়ৰ ভিতৰত, প্ৰদৰ্শন, কথোপকথন আৰু অনুশীলনৰ জৰিয়তে প্ৰেৰণ কৰা হয়।

বৈশিষ্ট[সম্পাদনা কৰক]

লোক-কলাৰ বস্তুবোৰ হৈছে ভৌতিক সংস্কৃতিৰ এটা উপগোট আৰু ইয়াত এনে বস্তু অন্তৰ্ভুক্ত কৰা হয় যিবোৰ ইন্দ্ৰিয়ৰ জৰিয়তে, দেখা আৰু স্পৰ্শৰ দ্বাৰা অনুভৱ কৰা হয়। ভৌতিক সংস্কৃতিৰ কলাবোৰ সাধাৰণতে স্পষ্ট বস্তু, যিবোৰ পৰিচালনা পাৰি, বাৰে বাৰে পুনৰ অভিজ্ঞতা লাভ কৰিব পাৰি আৰু কেতিয়াবা ভাঙিব পাৰি। এটা বিদ্যমান ৰূপ আৰু সাজোনৰ কাৰিকৰী ৰূপায়নৰ বাবে ইয়াক শিল্পকৰ্ম বুলি গণ্য কৰা হয়; এই দক্ষতা বস্তুবোৰক ৰূপৰ নিখুঁততা, তাৰ দেহৰ সজ্জা বা সম্পূৰ্ণ সামগ্ৰীৰ সৌন্দৰ্য্যত প্ৰকাশিক হয়।[3] লোকশিল্প হিচাপে এই বস্তুবোৰৰ কেইবাটাও বৈশিষ্ট্য আছে যিয়ে ইহঁতক ভৌতিক সংস্কৃতিৰ অন্যান্য শিল্পকৰ্মৰ পৰা পৃথক কৰে।

লোকশিল্পী[সম্পাদনা কৰক]

লোকশিল্পবোৰ কোনো একক শিল্পী বা শিল্পীৰ দলে সৃষ্টি কৰে। শিল্প-ব্যক্তিজনে এটা প্ৰতিষ্ঠিত সাংস্কৃতিক কাঠামোৰ ভিতৰত কাম কৰে। লোকশিল্পৰ অংশবোৰ তৈয়াৰ কৰাৰ এক চিনাক্তকৰণযোগ্য শৈলী আৰু পদ্ধতি আছে, যাৰ ফলত শিল্পটোক কোনো ব্যক্তি বা কৰ্মশালাৰ বুলি চিনাক্ত কৰিব পৰা যায়।

হস্তশিল্প[সম্পাদনা কৰক]

সাধাৰণতে এককালীন উৎপাদন প্ৰক্ৰিয়াত লোকশিল্পৰ বস্তুবোৰ নিৰ্মাণ কৰা হয়। হাতেৰে বা যান্ত্ৰিক পদ্ধতিৰ সংমিশ্ৰণত এটা সময়ত মাত্ৰ এটা বস্তুহে নিৰ্মাণ কৰা হয় আৰু সামূহিক উৎপাদন কৰা নহয়। হাতেৰে নিৰ্মাণ কৰাৰ ফলত এই শিল্পবোৰক অনন্য বুলি গণ্য কৰা হয় আৰু সাধাৰণতে একে ধৰণৰ আন বস্তুৰ পৰা পৃথক কৰিব পাৰি। "লোক বস্তু"ৰ (Folk Objects) ওপৰত লিখা লেখনিত লোককথাবিদ চাইমন ব্ৰনাৰে প্ৰাক-ঔদ্যোগিক উৎপাদন পদ্ধতিৰ বিষয়ে উল্লেখ কৰিছে, কিন্তু লোকশিল্পৰ বস্তুসমূহ লোক শিল্পীসকলে অনন্য শিল্পকৰ্ম হিচাপে নিৰ্মাণ কৰিয়েই আছে। "লোক বস্তুৰ ধাৰণাটোৱে মেচিনত নিৰ্মিততকৈ হাতেৰে নিৰ্মিত বস্তুৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰৱণতা থাকে। লোকবস্তুৱে প্ৰাক-ঔদ্যোগিক সাম্প্ৰদায়িক সমাজৰ সাধাৰণ উৎপাদন পদ্ধতিৰ ইংগিত দিয়ে য'ত জ্ঞান আৰু দক্ষতা ব্যক্তিগত আৰু পৰম্পৰাগত আছিল।"[4] লোকশিল্প পুৰণি হোৱাৰ প্ৰয়োজন নাই; আজিও বিশ্বৰ বহু অঞ্চলত ইয়াক হাতেৰে নিৰ্মাণ কৰা হয়।

কৰ্মশালা আৰু ন-শিকাৰু[সম্পাদনা কৰক]

লোকশিল্পৰ সাজোন আৰু উৎপাদন অনানুষ্ঠানিকভাৱে বা আনুষ্ঠানিকভাৱে শিকিব পাৰি আৰু শিকোৱা হয়; লোকশিল্পীসকল স্ব-শিক্ষিত নহয়। লোকশিল্পৰ লক্ষ্য ব্যক্তিবাদী প্ৰকাশ নহয়। বৰঞ্চ, "দলীয় শিল্পৰ ধাৰণাটোৰ পৰা বুজিব পাৰি যে, শিল্পীসকলে নিজৰ হাতৰ আৰু বৌদ্ধিক দক্ষতা, অন্ততঃ আংশিকভাৱে আনৰ পৰা আহৰণ কৰে। কোনবোৰ শিল্পক সমাজে লোকশিল্প বুলি স্বীকৃতি দিয়ে বা গ্ৰহণ কৰে সেয়া সমাজে নিৰ্ধাৰণ কৰে।"[5] ঐতিহাসিকভাৱে হস্তশিল্পৰ প্ৰশিক্ষণ স্থানীয় শিল্পীৰ দ্বাৰা প্ৰদান কৰা হৈছিল। প্ৰশিক্ষণ বাবে প্ৰয়োজনীয় সঁজুলিসমূহ সমাজত সহজে উপলভ্য নোহোৱাৰ বাবে এই পৰম্পৰাগত শিল্পকলাসমূহ কাৰিকৰী বিদ্যালয় বা প্ৰয়োগ কলা বিদ্যালয়লৈ স্থানান্তৰিত হৈছিল।

স্বত্বাধীকাৰ[সম্পাদনা কৰক]

লোকশিল্প হৈছে ইয়াৰ সাংস্কৃতিক কাঠামোৰ ভিতৰৰ এটা চিনাকি বস্তু। এই শিল্প সৈতে মিল থকা আন ব্যক্তিয়ে নিৰ্মাণ কৰা পৰিৱেশতো একেধৰণৰ বস্তু পোৱা যায়। বস্তুটোৰ যদি কোনো পূৰ্বসূৰী বিচাৰি পোৱা নাযায়, তেন্তে ই হয়তো এটা শিল্পকৰ্ম হ’ব কিন্তু লোকশিল্প নহয়।

ব্যৱহাৰ[সম্পাদনা কৰক]

লোকশিল্পবোৰ ঘৰ বা সমাজৰ দৈনন্দিন জীৱনত কোনো কাৰ্য সম্পাদন কৰিবলৈ সৃষ্টি কৰা হৈছিল। এই কাৰণেই শিল্পটোৰ নিৰ্মাণ কাৰ্য অব্যাহত আছে। যিহেতু ৰূপটোৰ নিজা কাৰ্য্য আৰু উদ্দেশ্য আছিল, গতিকে সময়ৰ লগে লগে বিভিন্ন স্থানত বিভিন্ন ব্যক্তিয়ে ইয়াৰ প্ৰতিৰূপ সৃষ্টি কৰিছিল।

নান্দনিকতা[সম্পাদনা কৰক]

বস্তুটোৰ ৰূপ আৰু সাজোন ব্যতিক্ৰমী বুলি স্বীকৃতি দিয়া হৈছে। সমাজৰ অংশ হোৱাৰ বাবে শিল্পীজনে সম্প্ৰদায়ৰ সাংস্কৃতিক নান্দনিকতাৰ ওপৰত চিন্তা-চৰ্চা কৰে, আৰু হস্তশিল্পৰ প্ৰতি সম্প্ৰদায়ৰ সঁহাৰিৰ কথাও বিবেচনা কৰে। সম্প্ৰদায়ৰ আশাৰ সৈতে মিল থকাকৈ বস্তুটো সৃষ্টি কৰা হয় আৰু শিল্পীয়ে এই লক্ষ্যক প্ৰতিফলিত কৰিবলৈ অকথিত সাংস্কৃতিক পক্ষপাতিত্বৰে সামগ্ৰীটো সজায় তোলে।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. (Wertkin 2004)
  2. Lucie-Smith, Edward, The Thames & Hudson Dictionary of Art Terms, p. 95, 2003 (2nd edn), Thames & Hudson, World of Art series, আই.এচ.বি.এন. 0500203652
  3. (Wertkin 2004)
  4. (Bronner 1986)
  5. (Vlach 1992)
  6. (Toelken 1996)