ভৌতিক সংস্কৃতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

লোকসংস্কৃতিৰ চাৰিটা ক্ষেত্ৰৰ ভিতৰত এটা অন্যতম ক্ষেত্ৰ বা শ্ৰেণী হৈছে ভৌতিক সংস্কৃতি। লোকসমাজত যুগে যুগে প্ৰচলিত পৰম্পৰা আৰু ৰক্ষণশীল ঐতিহ্যৰ পৰিসৰে সামৰি লোৱা মৌখিক কলা - কৌশল , পাৰদৰ্শিতা , পদ্ধতি আদিৰ বহিঃ প্ৰকাশেই মূলতঃ ভৌতিক সংস্কৃতি । [1]

পৰিচয়[সম্পাদনা কৰক]

জীৱনৰ নিত্য প্ৰয়োজনীয় আৰু নান্দনিকতা উভয়ৰ আধাৰত ইয়াৰ সৃষ্টি। ভৌতিক সংস্কৃতিৰ বিষয়বস্তু লোকসংস্কৃতিৰ শ্ৰাৱণিক আচৰণৰ ওপৰত নিৰ্ভৰ নকৰে, দৃশ্যগত বা চাক্ষুষ আচৰণৰ ওপৰতহে নিৰ্ভৰ কৰে। ভৌতিক সংস্কৃতিত এফালে ৰক্ষণশীল পৰম্পৰা আৰু ব্যক্তিগত পৰিবৰ্তন - এই উভয় শক্তিয়ে ক্ৰিয়া কৰি থাকে। পৰম্পৰা অশ্ৰয়ী সমাজত পুৰুষ - স্ত্ৰী আদিয়ে কেনেকৈ ঘৰ - দুৱাৰ নিৰ্মাণ কৰে, কেনেকৈ কাপোৰ বোৱে; অথবা খাদ্য - দ্ৰব্য ৰান্ধে, খেতি - বাতি কৰে, মাছ - কাছ পোহে, মাটি - পানীৰ ব্যৱস্থা কৰে, যন্ত্ৰ - পাতি নিৰ্মাণ কৰে, সা - সৰঞ্জাম, বাচন - বতন প্ৰস্তুত কৰে - আদি চৰ্চাই ভৌতিক সংস্কৃতিৰ প্ৰধান উপজীৱ্য বিষয়। [2]

উপশ্ৰেণী[সম্পাদনা কৰক]

ভৌতিক সংস্কৃতি চাৰিটা উপশ্ৰেণীত বিভক্ত -

লোকশিল্প[সম্পাদনা কৰক]

লোকসমাজত নাৰী পুৰুষসকলে জীৱনৰ প্ৰয়োজনীয়তাৰ প্ৰতি সচেতন হৈ পৰম্পৰাগতভাৱে হাতেৰে কিছুমান শিল্পবস্তু সৃষ্টি কৰে। এই শিল্পবস্তুৰ নামেই লোকশিল্প বা হস্তশিল্প। [3]

শিল্প বিপ্লৱৰ পূৰ্বৱৰ্তী কালত লোকশিল্পই পৰম্পৰাগত সমাজত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। সাধাৰণতে লোককলা লোকসমাজত ব্যৱহাৰ কৰা হয়, যদিও অনেক ক্ষেত্ৰত চহৰীয়া বা নগৰীয়া লোকে এইবোৰ দৈনন্দিন ব্যৱহাৰৰ কাৰণে অথবা সাংস্কৃতিক চেতনা প্ৰদৰ্শনৰ বাবে এই শ্ৰেণীৰ শিল্পবস্তু কিনে। সাধাৰণতে মাটি, শিল,বাঁহ,কাঠ,বেত,মৌখা, পাতিদৈয়া, জন্তুৰ শিং, জন্তুৰ হাড়, ধাতু, জৰী,গছৰ পাত - বাকলি, চামৰা,কঁপাহ, তৃণ ( কুঁহিলা), ফুল আদিৰ পৰা লোকশিল্প নিৰ্মাণ কৰা হয়।

লোককলা[সম্পাদনা কৰক]

যি শিল্পত দৈনন্দিন জীৱনৰ প্ৰয়োজনীয়তাৰ দাবীতকৈ আনন্দ প্ৰদানৰ দাবীয়ে প্ৰাধান্য লাভ কৰে সেই শিল্পক কলা আখ্যা দিয়া হয় আৰু যি কলা লোকজীৱনৰ অংশীদাৰসকলে এই সমাজক আনন্দ দিবৰ বাবে নিৰ্মাণ কৰে সেই কলাৰ নামেই লোককলা [4] লোককলাৰ প্ৰতি লোকসমাজৰ লগতে অভিজাত সমাজৰ সদস্যসকলো আকৃষ্ট হোৱা দেখা যায়। লোককলাৰ ক্ষেত্ৰত আনন্দ প্ৰদান বা নান্দনিক দিশটোৰ লগতে অৰ্থনৈতিক দিশটোও জড়িত হৈ থাকে। লোকশিল্প আৰু লোককলাৰ প্ৰায় স্থিতি একেটা শিল্পবস্তুতেই লক্ষ্য কৰিব পাৰি। পৰম্পৰাগত লোকবাদ্য যন্ত্ৰবোৰ লোকশিল্প, কিন্তু সেই বাদ্যযন্ত্ৰৰ দেহত কটা বিবিধ চিত্ৰ, বিবিধ ৰঙৰ সমাহাৰ, ৰঙেৰে অংকন কৰা ছবি আদি লোককলাৰ নিদৰ্শন।

লোকস্থপতিবিদ্যা[সম্পাদনা কৰক]

লোকসমাজত পৰম্পৰাগতভাৱে চলি অহা স্থপতিকলাৰ নামেই লোকস্থপতিবিদ্যা। লোকস্থপতিবিদ্যাৰ পৰিসৰৰ ভিতৰত লোকসমাজত পুৰুষ পৰম্পৰা নিৰ্মিত হৈ অহা ঘৰ - দুৱাৰ, নামঘৰ, গোঁসাই ঘৰ ইয়াৰ বিভিন্ন দিশ সামৰিব পাৰি। লোকসমাজত ঘৰ - দুৱাৰ বান্ধোতে প্ৰয়োগ কৰা কলা - কৌশল আদিয়েই লোকস্থপতিবিদ্যাৰ বিষয়বস্তু। মাটি বা স্থান নিৰ্বাচন,চাৰিহদ অৰ্থাৎ দিশ সুনিশ্চিতকৰণ, পুখুৰী, বাৰী, বাঁহতলী, ৰ'দৰ বাবে মুকলি স্থান আদিৰ ব্যৱস্থাকৰণ, মাজতে চোতালখন ৰাখি চাৰিওফালে বিভিন্ন ঘৰৰ বাবে স্থান নিৰ্বাচন, ভেটি নিৰ্মাণ, ঘৰৰ আকাৰ প্ৰকাৰ, দীঘ - প্ৰস্থ, গৃহ পৰিকল্পনা আদি লোকস্থপতিবিদ্যাৰ প্ৰয়োজনীয় দিশ।[5]

লোক আভৰণ[সম্পাদনা কৰক]

লোক আভৰণ লোকসংস্কৃতিৰ বিশেষ এটি উপশ্ৰেণী। সংস্কৃতি দুই প্ৰকাৰৰ - বহিঃ সংস্কৃতি আৰু অন্তঃ সংস্কৃতি। লোক আভৰণ বহিঃ সংস্কৃতিৰ প্ৰকাশক বা ধাৰক। লোক আভৰণৰ পৰিসৰে বিভিন্ন ধৰণৰ পোছাক পৰিচ্ছদ,বিবিধ অলংকাৰ, কবৰীকৰ্ম আৰু প্ৰসাধন সামৰে। গোষ্ঠী নিৰ্বিশেষে, সম্প্ৰদায় নিৰ্বিশেষে, ধৰ্ম আৰু অঞ্চল নিৰ্বিশেষে লোক অভৰণো বিভিন্ন। সেইবাবেই কোনো এটা লোক গোষ্ঠীৰ বহিঃ পৰিচয় দিয়াত লোক আভৰণৰ ভূমিকা অৰ্থপূৰ্ণ।[6]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. ভৌতিক সংস্কৃতি , ড ° নবীন চন্দ্ৰ শৰ্মা ,অভিলেখ (স্মাৰক গ্ৰন্থ ), সম্পাদক -ড° ভীমকান্ত বৰুৱা , আদৰণী সমিতি ,অসম সাহিত্য সভা , ষটষষ্টিতম অধিবেশনঃ ডিব্ৰুগড় , ফেব্ৰুৱাৰী ,২০০১, পৃষ্ঠা ২১০
  2. অসমীয়া লোক - সংস্কৃতিৰ আভাস, ড° নবীন চন্দ্ৰ শৰ্মা, বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড, পাণবজাৰ,গুৱাহাটী - ৭৮১০০১,প্ৰথম প্ৰকাশ ১৯৮৯,পৃষ্ঠা ৫১, ISBN - 81- 7643-043-5
  3. ভৌতিক সংস্কৃতি, ড ° নবীন চন্দ্ৰ শৰ্মা,অভিলেখ (স্মাৰক গ্ৰন্থ ), সম্পাদক -ড° ভীমকান্ত বৰুৱা, আদৰণী সমিতি,অসম সাহিত্য সভা, ষটষষ্টিতম অধিবেশনঃ ডিব্ৰুগড়, ফেব্ৰুৱাৰী,২০০১, পৃষ্ঠা ২১০
  4. ভৌতিক সংস্কৃতি, ড ° নবীন চন্দ্ৰ শৰ্মা,অভিলেখ (স্মাৰক গ্ৰন্থ ), সম্পাদক -ড° ভীমকান্ত বৰুৱা, আদৰণী সমিতি,অসম সাহিত্য সভা, ষটষষ্টিতম অধিবেশনঃ ডিব্ৰুগড়, ফেব্ৰুৱাৰী,২০০১, পৃষ্ঠা ২১৩
  5. ভৌতিক সংস্কৃতি, ড ° নবীন চন্দ্ৰ শৰ্মা,অভিলেখ (স্মাৰক গ্ৰন্থ ), সম্পাদক -ড° ভীমকান্ত বৰুৱা, আদৰণী সমিতি,অসম সাহিত্য সভা, ষটষষ্টিতম অধিবেশনঃ ডিব্ৰুগড়, ফেব্ৰুৱাৰী,২০০১, পৃষ্ঠা ২১৫
  6. ভৌতিক সংস্কৃতি, ড ° নবীন চন্দ্ৰ শৰ্মা,অভিলেখ (স্মাৰক গ্ৰন্থ ), সম্পাদক -ড° ভীমকান্ত বৰুৱা, আদৰণী সমিতি,অসম সাহিত্য সভা, ষটষষ্টিতম অধিবেশনঃ ডিব্ৰুগড়, ফেব্ৰুৱাৰী,২০০১, পৃষ্ঠা ২১৭