লোকস্মৃতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লোকস্মৃতি (ইংৰাজী: Folk Memory)ক লোককথা বা জনবিশ্বাস বুলিও কোৱা হয়। লোককথাৰ দ্বাৰা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মৌখিকভাৱে বিয়পি পৰা অতীতৰ পৰিঘটনাক বুজোৱা হয়। স্মৃতিবোৰে বৰ্ণনা কৰা পৰিঘটনাবোৰ হয়তো শ শ, হাজাৰ হাজাৰ বা আনকি লাখ লাখ বছৰৰ আগৰ আৰু প্ৰায়ে ইয়াৰ স্থানীয় তাৎপৰ্য থাকে। লোকস্মৃতিয়ে স্থানীয় পৰিৱেশৰ ভৌতিক বৈশিষ্ট্যৰ ব্যাখ্যা দিব পাৰে, সাংস্কৃতিক পৰম্পৰাৰ কাৰণ জনাব পাৰে বা স্থানীয় স্থানৰ নামৰ ব্যুৎপত্তি ক'ব পাৰে।

কথিত লোকস্মৃতি[সম্পাদনা কৰক]

ঘটনা[সম্পাদনা কৰক]

১) ১৬০৬ চনত অষ্ট্ৰেলিয়াৰ উপকূল দেখা প্ৰথম ইউৰোপীয় উইলেম জান্সজুনে কেপ ইয়ৰ্কত অৱতৰণ কৰে।[1][2]

২) ১৭০০ চনৰ কেস্কেডিয়া ভূমিকম্পৰ বিষয়ে আমেৰিকাৰ থলুৱা আৰু প্ৰথম জাতিৰ গোটত পোৱা জনবিশ্বাস।[3]

৩) টেল ডেন ষ্টেলে (প্ৰায় ৮৭০-৭৫০ খ্ৰীষ্টপূৰ্ব)ত "ডেভিদৰ ঘৰ" বুলি অনুবাদ কৰা এটা শিলালিপি আছে, যিটোৱে কিছুমানে ৰজা ডেভিদ (প্ৰায় ১০১০-৯৭০ খ্ৰীষ্টপূৰ্ব)ক বুজায় বুলি বিশ্বাস কৰে।

৪) ফিনলেণ্ডৰ ৰাষ্ট্ৰীয় মহাকাব্য কালেভালাত জুইৰ উৎপত্তি, সম্ভৱতঃ ৪,০০০ – ৭,৬০০ বছৰ আগতে ইষ্ট’নিয়াত গহ্বৰৰ ফলত হোৱা উল্কাপিণ্ডৰ প্ৰভাৱৰ পৰাই উদ্ভৱ হৈছে।[4]

৫) বিভিন্ন মহানপ্লাৱৰ জনবিশ্বাস, সম্ভৱতঃ ক'লা সাগৰৰ অৱবাহিকাৰ বানপানীৰ প্ৰতিফলন (প্ৰায় ৫৬০০ খ্ৰীষ্টপূৰ্ব)[5]

৬) মাউণ্ট মাজামাৰ বিস্ফোৰণ সম্পৰ্কীয় ক্লামাথ ভাৰতীয় জনবিশ্বাস (প্ৰায় ৫৭০০ খ্ৰীষ্টপূৰ্ব)

প্ৰজাতি[সম্পাদনা কৰক]

১) গ্ৰেট ব্ৰিটেইনত পহু আৰু বিভাৰৰ অতীতৰ কম্পাঙ্ক আৰু বিস্তাৰৰ পুনৰ্গঠনৰ বাবে ঠাইৰ নাম ব্যৱহাৰ কৰা হৈছে, য’ত এনে প্ৰজাতি এতিয়া নাই।

২) ভালেসংখ্যক থলুৱা আমেৰিকাৰ জনগোষ্ঠীৰ জনশ্ৰুতি কিছুমানে উলি মেমথৰ ইংগিত দিয়ে বুলি ব্যাখ্যা কৰিছে। [6][7][8][9][10]এটা উদাহৰণ উত্তৰ ব্ৰিটিছ কলম্বিয়াৰ কাস্কা জনগোষ্ঠীৰ। ১৯১৭ চনত এজন নৃতাত্ত্বিকে তেওঁলোকৰ পৰম্পৰা লিপিবদ্ধ কৰিছিল এইদৰে: “বহুদিনৰ আগতে দেশখনত এটা অতি বৃহৎ ধৰণৰ প্ৰাণী ঘূৰি ফুৰিছিল। বগা মানুহৰ হাতীৰ ছবিৰ লগত ইয়াৰ কিছু মিল আছিল। ইয়াৰ আকাৰ বিশাল, গঠন হাতীৰ দৰে, দঁতীয়া আৰু লোমশ আছিল। এই জীৱ-জন্তুবোৰ ইমান বেছি দিনৰ পুৰণি নহয়। সাধাৰণতে ইহঁতক এককভাৱে দেখা গৈছিল বুলি কোৱা হয়। কিন্তু এতিয়া কেইবাটাও প্ৰজন্মৰ পৰা ইহঁতক দেখা হোৱা নাই। ভাৰতীয়সকলে মাজে মাজে ইহঁতৰ হাড়ৰ দেখা পায়। কথকজনে কৈছিল যে তেওঁ আৰু আন কিছুমান কেইবছৰমান আগতে, Shoulder-bladeত উঠি আহিছিল...যিখন আছিল টেবলৰ সমান বহল (প্ৰায় তিনি ফুট)।” অৱশ্যে বৰ্ণিত এই কাহিনীটোত থক প্ৰাণীটো চিকাৰী আৰু মাংসভোজী আছিল, যাৰ পৰা অনুমান কৰিব পাৰি যে প্ৰব’চাইডিয়ানৰ স্মৃতিশক্তি ভালুক আৰু চেবাৰটুথৰ দৰে অন্যান্য মেগাফ’নাৰ স্মৃতিৰ সৈতে একাকাৰ হৈ পৰিছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Roberts, Janine P., ed (1975). Mapoon: The Cape York Aluminium Companies and the Native Peoples. 3. প্ৰকাশক Fitzroy, Victoria: International Development Action. পৃষ্ঠা. 35–36. ISBN 0-9598588-4-9. 
  2. Roberts, Janine P. (1981). From Massacres to Mining. প্ৰকাশক Blackburn, Victoria: Dove Communications. পৃষ্ঠা. 15. ISBN 0-85924-171-8. 
  3. Ruth S. Ludwin, Robert Dennis, Deborah Carver, Alan D. McMillan, Robert Losey, John Clague, Chris Jonientz-Trisler, Janine Bowechop, Jacilee Wray and Karen James, "Dating the 1700 Cascadia Earthquake: Great Coastal Earthquakes in Native Stories" Archived 2015-07-24 at the Wayback Machine. Seismological Research Letters (Volume 76, Number 2), March/April 2005.
  4. Lennart Meri (1976). Hõbevalge (Silverwhite). প্ৰকাশক Tallinn, Estonia: Eesti Raamat. 
  5. Ryan, W.B.; Pitman, W.C. (1998). Noah's Flood: The New Scientific Discoveries about the Event that Changed History. প্ৰকাশক New York: Touchstone. পৃষ্ঠা. 249. ISBN 978-0684810522. https://archive.org/details/noahsfloodnewsci00ryan/page/249. 
  6. Strong, W. D. (1934). "North American Indian Traditions Suggesting a Knowledge of the Mammoth". American Anthropologist খণ্ড 36 (1): 81–88. doi:10.1525/aa.1934.36.1.02a00060. 
  7. Scott, William Berryman (1887). "American Elephant Myths". Scribner's Magazine (New York: C. Scribner’s Sons) খণ্ড 1: 474–476. https://archive.org/details/scribnersmag01editmiss/page/n479। আহৰণ কৰা হৈছে: 2019-01-02. 
  8. Records of the Past Exploration Society, “Pre-Indian Inhabitants of North America, Part II, Man and the Elephant and Mastodon”, Records of the Past, (Washington D.C.: Records of the Past Exploration Society, 1907), 164, retrieved online October 2008 at books.google.com/books?id=7_HzBYM-7X4C
  9. Lankford, G. E. (1980). "Pleistocene Animals in Folk Memory". The Journal of American Folklore খণ্ড 93 (369): 293–304. doi:10.2307/540573. 
  10. Mayor, Adrienne (2005). Fossil Legends of the First Americans. প্ৰকাশক Princeton: Princeton University Press. পৃষ্ঠা. 97. ISBN 0-691-11345-9.