লোকো মোকো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লোকো মোকো

লোকো মোকোৰ প্লেট, মেকৰণি চালাডৰ সৈতে(সোঁফালে) য়াকিচ’বা(বাঁওফালে)
প্ৰকাৰ মূল খাদ্য
উৎপত্তিৰ স্থান আমেৰিকা যুক্তৰাষ্ট্ৰ
অঞ্চল হাৱাইৰ খাদ্য
পৰিবেশনৰ উষ্ণতা গৰম
মুখ্য উপাদান বগা ভাত, তাৰ ওপৰত সেই হেমবাৰ্গাৰ ষ্টেক, বাহিৰৰ ফালটোত ওপৰলৈ কণী, আৰু বাদামী গ্ৰেভী।

লোকো মোকো সমসাময়িক হাৱাই দ্বীপপুঞ্জৰ খাদ্যৰ বৈশিষ্ট্যযুক্ত এক খাদ্য। পৰম্পৰাগত লোকো মোকোত বগা চাউল থাকে, তাৰ ওপৰত হেমবাৰ্গাৰ পেটি, বাহিৰৰ ফালে ওপৰলৈ ভজা কণী আৰু শেষত ব্ৰাউন গ্ৰেভি দিয়া হয়। এই উপাদানবোৰ খাদ্যটোত থাকিব লাগিব যাতে ইয়াক লোকো মোকো নাম দিব পাৰি। কণীৰে ৰন্ধা আন কোনো পৃথক খাদ্যক পৰম্পৰাগত বুলি গণ্য কৰা নহয় আৰু পৰম্পৰাগত বুলি গণ্য কৰিবলৈ খাদ্যৰ ষ্টেকিং পূৰ্বতে উল্লেখ কৰা ক্ৰমত হ’ব লাগিব। কণীৰ শৈলী, মাংস আৰু ষ্টেকিঙৰ ভিন্নতাই খাদ্যৰ নামকৰণ সলনি কৰে। অন্যান্য টপিং আৰু চাইড ডিচ যেনে গ্ৰীল কৰা পিঁয়াজ আৰু মেক/আলুৰ চালাডৰ সৈতে খাব পাৰি, কিন্তু সেইবোৰো পৰম্পৰাগত নহয়।

উৎপত্তি আৰু ইতিহাস[সম্পাদনা কৰক]

প্ৰাপ্ত তথ্য অনুসৰি ১৯৪৯ চনত হাৱাইৰ হিলোৰ লিংকন গ্ৰীল ৰেষ্টুৰেণ্টত ইয়াৰ মালিক ৰিচাৰ্ড ইন’ৱে আৰু তেওঁৰ পত্নী নেন্সীয়ে লিংকন ৰেকাৰছ স্প’ৰ্টছ ক্লাবৰ কিশোৰ-কিশোৰীসকলৰ অনুৰোধত চেণ্ডুইচতকৈ বেলেগ কিবা এটা সস্তা দৰত পাব পৰা আৰু ততাতৈয়াকৈ প্ৰস্তুত কৰিব পৰা আৰু খাব পৰা খাদ্য বিচাৰিছিল। তেওঁলোকে নেন্সীক কৈছিল যে, এটা বাটিত ভাত অলপ দিব, ভাতৰ ওপৰত হেমবাৰ্গাৰ পেটি এটা দি তাৰ ওপৰত অলপ ব্ৰাউন গ্ৰেভি দিব। কণীটো পিছত আহিল। কিশোৰ-কিশোৰীসকলে, তেওঁলোকৰ মাজৰ এজন সদস্য জৰ্জ অকিমোটোৰ নামেৰে এই খাদ্যৰ নাম ৰাখিছিল, যাৰ ডাকনাম আছিল "ক্ৰেজি।" হিলো হাইস্কুলত স্পেনিছ ভাষা পঢ়ি থকা জৰ্জ তাকাহাছিয়ে এই খাদ্যৰ নামত লোকো ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছিল, যিটো স্পেনিছ ভাষাত পাগলৰ অৰ্থ কৰে। তেওঁলোকে "মোকো"টো ওপৰত লগাই দিছিল, যিটোৱে "লোকোৰ সৈতে অনুৰূপ শব্দ হিচাপে ছন্দময় এটা ভাল শব্দ সৃষ্টি কৰিছিল।" [1][2][3][4]

হনোলুলুৰ একুৱা কেফেত হামবাৰ্গাৰ লোকো মোকো

শেহতীয়া বছৰবোৰত নামৰ মোকো অংশটো তুলনামূলকভাৱে অশিষ্ট শব্দ "মোকো" বা স্নট (নাকেৰে বৈ যোৱা) শব্দটোৰ পৰা ব্যুৎপত্তি হৈছে, যিটো প্ৰায়ে হালধীয়া বা পাতল বাদামী ৰঙৰ হ'ব পাৰে। যেতিয়া কণীৰ কুহুম পপ কৰি গ্ৰেভিৰ সৈতে মিহলি কৰা হয়, তেতিয়া ই শিশুৱে বেমাৰৰ সময়ত ৰুমালত উলিয়াই দিয়া হালধীয়া শেঙুণৰ দৰে দেখা যায়।

জনপ্ৰিয়তা[সম্পাদনা কৰক]

ফিছ লোকো মোকো

এই খাদ্য সামান্থা ব্ৰাউনে আয়োজন কৰা ট্ৰেভেল চেনেলৰ অনুষ্ঠানত গাৰ্ল মিটছ হাৱাইৰ "টেষ্ট অৱ হাৱাই" খণ্ডত প্ৰদৰ্শিত হৈছিল। এই খণ্ডটোত ৱাইমিয়াৰ জনপ্ৰিয় ৰেষ্টুৰেণ্ট হাৱাইয়ান ষ্টাইল কেফেত পৰিৱেশন কৰা খাদ্যৰ লগতে,আন এটা হাৱাইৰ বিশেষ খাদ্য প্লেট লাঞ্চৰ সৈতে দিয়া হৈছিল৷ ট্ৰেভেল চেনেলৰ হনোলুলুৰ ভিত্তিক শ্ব’ মানুহ বনাম খাদ্যত এই খাদ্যটো দেখুওৱা হৈছিল৷ (এই খণ্ডটো শ্ব’টোৰ দ্বিতীয় ছিজনত প্ৰচাৰিত হৈছিল)। উপস্থাপক এডাম ৰিচমেনে ওচৰৰ লাইত অৱস্থিত হুকিলাউ কেফেত এই খাদ্য পৰিৱেশনৰ চেষ্টা কৰিছিল। ৰিচমেনে ২০১৪ চনৰ শ্ব’ মেন ফাইণ্ডছ ফুডত ছান ফ্ৰান্সিস্কোৰ নামু গাজী নামৰ খাদ্যৰ দোকান এখনত খাদ্যৰ তালিকাত লোকো ম’কো ৰাখিছিল। ২০১৮ চনত পুনৰুজ্জীৱিত মানুহ বনাম খাদ্য, আয়োজক কেছি ৱেবে মাউইৰ ডা কিচেনত লোকো মকোৰ নতুন সংস্কৰণ এটাৰ চেষ্টা কৰিছিল।

বিভিন্ন ধৰণৰ লোকো মোকোৰ ভিতৰত বেকন, হাম, স্পেম, টোফু, কালুৱা গাহৰিৰ মাংস, পৰ্তুগীজ চচ্চেজ, টেৰিয়াকি বিফ, টেৰিয়াকি চিকেন, মাহী-মাহী, মিছা মাছ, অইষ্টাৰ আৰু অন্যান্য মাংস আদি থাকিব পাৰে। কিন্তু লোকো মকোৰ পৰম্পৰাগত নাম নিৰ্ধাৰণ কেৱল হেমবাৰ্গাৰ পেটিৰ ক্ষেত্ৰতহে প্ৰযোজ্য। প্ৰটিন সলনি হ’লে নামটোও সলনি হয়, অৰ্থাৎ স্পেম লোকো, কলুৱা লোকো, মিছা মাছৰ লোকো ইত্যাদি।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. Laudan, Rachel (1996), The Food of Paradise: Exploring Hawaii's Culinary Heritage, University of Hawaii Press, p. 20, ISBN 0824817788, https://books.google.com/books?id=ZnsTxepydfQC&pg=PA20 
  2. "The Loco Moco - Cafe 100, Hilo Hawaii". Cafe100.com. Archived from the original on 2013-07-17. https://web.archive.org/web/20130717065224/http://www.cafe100.com/the-loco-moco.html। আহৰণ কৰা হৈছে: 2013-03-26. 
  3. "Loco Moco Recipe, Loco Moco History, History and Recipe of Hawaiian Loco Moco, Hawaii's Feel Good Food, Hamburger Recipes". Whatscookingamerica.net. http://whatscookingamerica.net/History/LocoMocoHistory.htm। আহৰণ কৰা হৈছে: 2013-03-26. 
  4. "SpanishDict.com translation for 'moco'". http://www.spanishdict.com/translate/moco.