শতপত্ৰ
| এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
শতপত্ৰ
পণ্ডিত যজ্ঞেশ্বৰ শৰ্মাৰ দ্বাৰা সম্পাদিত"শতপত্ৰ" গ্ৰন্থখন এখন আধুনিক কবিতাৰ সংগ্ৰহ । গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল ১৯৩৭ চনত । ইংৰাজী 'গল্ডেন ট্ৰেজাৰী'ৰ আৰ্হিত ৰচিত এই গ্ৰন্থৰ প্ৰথম সংস্কৰণৰ প্ৰকাশ আছিল নগাঁৱৰ এণ্ড ছনছ । কলিকতাৰ ১০ কৈলাস বোস ষ্ট্ৰীটৰ পূৰ্বোদয় প্ৰেছত মুদ্ৰিত এই গ্ৰন্থখন বাণী প্ৰকাশ , পাঠশালা কামৰূপৰ পৰা শ্ৰী অম্বিকাপদ চৌধুৰীয়ে তৃতীয় সংস্কৰণটো প্ৰকাশ কৰিছিল । গ্ৰন্থখনৰ তৃতীয় সংস্কৰণটো প্ৰকাশ কৰিছিল । গ্ৰন্থখনৰ তৃতীয় সংস্কৰণটোৰ মূল্য আছিল তিনি টকা পইসত্তৰ পইচা ।
"শতপত্ৰ" সম্পাদনাৰ উদ্দেশ্য-
এই সংগ্ৰহটোত আধুনিক অসমীয়া কবিতাৰ পৰিচিত লেখক সকলৰ বছা বছা এশ খণ্ড কবিতা অন্তৰ্ভুক্ত কৰা হৈছে । খণ্ড কবিতা বোলোতে ইয়াত ইংৰাজীত যাক 'লিৰিক' বোলে তাকে বুজোৱা হৈছে । কবিতা বিলাক নিৰ্বাচন কৰোঁতে আবেগ আৰু ছন্দৰ ওপৰত বিশেষ ভাৱে লক্ষ্য ৰাখিছে । সম্পাদকে বৰ্ণনাত্মক কবিতা প্ৰায়েই বাদ দিছে । 'শতপত্ৰ' ত সন্নিৱিষ্ট যিসমূহ দীঘলীয়া বা নাটক ধৰ্মী কবিতা আছে সেইসমূহত যাতে এটাহে মাথো ভাব বা বৰ্ণনা থাকে সেই বিষয়ে সম্পাদক সচেতন হৈ পৰিছে । কম কথাৰে তীব্ৰ অনুভূতি প্ৰকাশ কৰিব পৰা কবিতা অসমীয়া ভাষাত তেনেই কম যদিও যিমান পাৰি তেনে কবিতা সন্নিৱিষ্ট কৰিবলৈ সম্পাদকে প্ৰয়াস কৰিছে ।
'শতপত্ৰ' প্ৰকাশ পূৰ্বতে দুই তিনিখন আধুনিক অসমীয়া কবিতাৰ সংগ্ৰহ প্ৰকাশ পাইছিল যদিও সেই সংগ্ৰাহক সকলৰ উদ্দেশ্য আৰু বিন্যাসৰ প্ৰণালী শতপত্ৰৰ পৰা পৃথক আছিল । এই সংগ্ৰহত কবিতা সমূহ বিষয় অনুসৰি সজোৱাৰ লগতে সকলো জনাজাত লিখকৰ শ্ৰেষ্ঠ কবিতা যাতে অন্তৰ্ভুক্ত হয় তাৰ বাবে যত্ন সম্পাদকে লৈছে । সমসাময়িক আৰু আধুনিক কবিতাৰ পৰা উৎকৃষ্ট কবিতা নিৰ্বাচন কৰাটো কষ্টকৰ যদিও সম্পাদকে আধুনিক যুগৰ অসমীয়া ভাল কবিতা পাঠক সমাজলৈ বুলি আগবঢ়াবলৈ শৰ্মাদেৱে প্ৰয়াস কৰিছে ।
বৃটিছ সকলে অসম অধিকাৰ কৰাৰ পাছত ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত সূচনা হোৱা পৰিৱৰ্তনৰ প্ৰতিফলন অসমীয়া সাহিত্যতো পৰিছিল । ইংৰাজী তথা পাশ্চাত্য সাহিত্যৰ প্ৰভাৱত অসমীয়া সাহিত্যত ন ন দিশৰ উন্মোচন হৈছিল । এইক্ষেত্ৰত যজ্ঞেশ্বৰ শৰ্মাই কৈছে - " সাধুকথাৰ ফুলকোঁৱৰৰ দৰে পাশ্চাত্য প্ৰভাৱৰ স্পৰ্শয়ো শুকান খৰিত পাত মেলাব পাৰিছে ।" বঙ্গদেশৰ ৰবীন্দ্ৰনাথৰ কাব্যত ' সকল কালেৰ সকল কবিৰ গীতি 'তেওঁৰ নিজা সুৰত বাজি উঠাৰ দৰে বিবিধ প্ৰভাৱৰ স্পৰ্শতো অসমীয়া ভাষাত কাব্যৰ স্বাধীন প্ৰৱাহ দেখা নাযায় ।
"শতপত্ৰ"ত অন্তৰ্ভুক্ত কবিতাসমূহ-
'শতপত্ৰ' ত সন্নিৱিষ্ট হোৱা বিভিন্ন জন কবিৰ বিভিন্ন কবিতা হ'ল -- ১/ পদ্মনাথ গোহাঞিবৰুৱাৰ ' বাগদেবী বন্দনা ' ২/ দূৰ্গেশ্বৰ শৰ্মাৰ 'পেঁপা' ৩/ লক্ষ্মীনাথ বেজবৰুৱাৰ ' কবিতা ' ৪/ দুৰ্গেশ্বৰ শৰ্মাৰ ' গীত আৰু ছবি ' ৫ / হিতেশ্বৰ ' কবি ' ৬/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ' কবি ' ৭/ ৰত্নকান্ত বৰকাকতীৰ ' মোৰ পূজা ' ৮/ ভোলানাথ দাস ' বাসৱ - সভা ' ৯/ পদ্মনাথ গোহাঞিবৰুৱাৰ ' চন্দনগিৰি ' ১০/ ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ ' লক্ষ্মীৰ প্ৰতি শনি ' ১১/ সিংহ দত্ত দেৱ অধিকাৰী ' মেঘদূত ' ১২/ চন্দ্ৰকুমাৰ আগৰৱালাৰ ' মাধুৰী ' ১৩/ হিতেশ্বৰ বৰবৰুৱা ' কাণৰ থুৰীয়া ' ১৪/ পদ্মনাথ গোহাঞিবৰুৱাৰ ' প্ৰথম মিলন ' ১৫/ অম্বিকাগিৰি ৰায়চৌধুৰীৰ ' তুমি ' ১৬/ হেমচন্দ্ৰ গোস্বামীৰ ' প্ৰিয়তমাৰ চিঠি ' ১৭/ দুৰ্গেশ্বৰ শৰ্মাৰ ' সীতা-স্বয়ম্বৰ ' ১৮/ লক্ষ্মীনাথ বেজবৰুৱাৰ ' প্ৰিয়তমা ' ' মালতী ' ১৯/ ৰত্নকান্ত বৰকাকতী ' তুমি ' ' বিশ্বহৰণ ' ২০/ যতীন্দ্ৰ নাথ দুৱৰাৰ ' তোমালৈ ' ২১/ দেৱকান্ত বৰুৱা ' তুমি নুবুজিবা সখী ' ২২/ আনন্দ চন্দ্ৰ বৰুৱাৰ ' ভাবী প্ৰিয়া ' ২৩/ যমুনেশ্বৰী খাটনিয়াৰৰ ' বিদায় ' ২৪/ অম্বিকাগিৰি ৰায়চৌধুৰীৰ ' তন্দ্ৰাভঙ্গ ' ২৫/ চন্দ্ৰ ধৰ বৰুৱা ' স্মৃতি ' ২৬/ গনেশ গগৈ ' প্ৰলাপ ' ২৭/ দূৰ্গেশ্বৰ শৰ্মাৰ ' কিবা যেন নাই নাই ' ২৮/ লক্ষেশ্বৰ শৰ্মা বৰুৱাৰ ' আবেগ ' ২৯ / ভৱনাথ হাজৰিকাৰ ' কবি আজি গোৱা বজ্ৰগান ' ৩০/ কমলাকান্ত ভট্টাচাৰ্য্যৰ ' পূৰ্ণিমাৰ ৰাতিলৈ চাই ' ৩১/ লক্ষ্মীনাথ বেজবৰুৱাৰ ' ব'ৰাগী আৰু বীন ' ৩২/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ' আগত ' ৩৩/ অম্বিকাগিৰি ৰায়চৌধুৰীৰ ' এইটো নহয় ' ৩৪/ চন্দ্ৰকুমাৰ আগৰৱালাৰ ' বীণ ব'ৰাগী ৩৫/পদ্মধৰ চলিহা ' স্বদেশী প্ৰেম '৩৬/পদ্মধৰ চলিহাৰ ' বৰদোৱা ' ৩৭ /ৰঘুনাথ চৌধাৰীৰ 'গোলাপ ' ৩৮/ ভৈৰৱচন্দ্ৰ খাটনিয়াৰৰ ' মানিমুনি শাক ' ৩৯/ দেৱানন্দ ভঁৰালী ' এপাহ গোলাপ ' ৪০/ ৰঘুনাথ চৌধাৰীৰ ' গিৰি-মল্লিকা ' ৪১/ ৰত্নকান্ত বৰকাকতীৰ ' গোলাপৰ কথা ' আদি ।
- ↑ তথ্যসূত্ৰ-শতপত্ৰ সম্পাদনা- শৰ্মা,যজ্ঞেশ্বৰ প্ৰকাশক- বাণী প্ৰকাশ,পাঠশালা,কামৰূপ প্ৰথম সংস্কৰণ - ১৯৩৭ তৃতীয় সংস্কৰণ- ১৯৭২