শামলদাস গান্ধী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শামলদাস গান্ধী
জন্ম ১৮৯৭
পোৰবন্দৰ ৰাজ্য
মৃত্যু ১৯৫৩
বোম্বে ৰাজ্য
দাম্পত্যসঙ্গী বিজয়াবেহন (Vijayabehn)
সন্তান পুষ্পা, কিশোৰ, মঞ্জৰী, হেমন্ত

শামলদাস গান্ধী (ইংৰাজী: Samaldas Gandhi; ১৮৯৭-১৯৫৩) এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আছিল৷ তেওঁ পূৰ্বৰ ৰাজকীয় ৰাজ্য জুনাগড়ৰ আৰ্জি হুকুমাত বা অস্থায়ী চৰকাৰৰ মুখ্য পথপ্ৰদৰ্শক আছিল৷

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

শামলদাস ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা মহাত্মা গান্ধীৰ জ্যেষ্ঠ ভাতৃ লক্ষ্মীদাস/কালিদাস কৰমচান্দ গান্ধীৰ পুত্ৰ আছিল। শামলদাস তেওঁৰ খুৰাক মোহনদাসৰ ঘনিষ্ঠ অনুগামী আছিল।

তেওঁ প্ৰথমতে সন্ধিয়াৰ গুজৰাটী বাতৰি কাকত জন্মভূমিত কামকাজ কৰিছিল। পিছত কিছু তাৰতম্য ঘটাৰ বাবে তেওঁ জন্মভূমি এৰি “বন্দে মাতৰম” নামৰ নতুন বাতৰি কাকতৰ শুভাৰম্ভ কৰিছিল।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]