সমললৈ যাওক

শাহনামা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শাহনামা (পাৰ্চী : شاهنامه Šāhnāmeh, "ৰজাৰ কিতাপ") হৈছে পাৰ্চী (বৰ্তমানৰ ইৰাণৰ) কবি ফাৰ্দৌছিয়ে লিখা এটা দীঘলীয়া মহাকাব্য। ৯৭৭ চনৰ পৰা ১০১০ চনৰ ভিতৰত ৩০ বছৰতকৈও অধিক সময় ধৰি এই মহাকাব্যখন লিখিছিল ফাৰ্দৌছিয়ে আৰু এইখনেই হ'ল এজন ব্যক্তিৰ দ্বাৰা ৰচিত আটাইতকৈ দীঘলীয়া মহাকাব্য।[1][2][3] শাহনামাত প্ৰায় ৫০ হাজাৰ পদ আছে।[4] এই মহাকাব্যত ইৰাণৰ ইতিহাস আৰু পৰম্পৰা উত্থাপন কৰা হৈছে। শাহনামাত মূলতঃ ইছলামৰ পূৰ্বৰ ইৰাণ আৰু সপ্তম শতিকাত ইছলামিক শাসন প্ৰৱৰ্তনৰ পিছৰ পৰিণতিৰ কাহিনী বৰ্ণনা কৰা হৈছে। এই কাহিনীটোত ৰজাসকলৰ প্ৰশংসা আৰু পিছলৈ কবিৰ নিজৰ অনুভৱ প্ৰকাশ কৰা হৈছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "The Shahnameh: a Literary Masterpiece" (en ভাষাত). The Shahnameh: a Persian Cultural Emblem and a Timeless Masterpiece. https://shahnameh.fitzmuseum.cam.ac.uk/literary। আহৰণ কৰা হৈছে: 2023-12-25. 
  2. "Shahnameh Ferdowsi". shahnameh.eu. http://shahnameh.eu/ferdowsi.html। আহৰণ কৰা হৈছে: 2023-12-25. 
  3. "Iran marks National Day of Ferdowsi" (en ভাষাত). Mehr News Agency. 2023-05-15. https://en.mehrnews.com/news/200711/Iran-marks-National-Day-of-Ferdowsi। আহৰণ কৰা হৈছে: 2023-12-25. 
  4. Lalani, Farah (13 May 2010). "A thousand years of Firdawsi's Shahnama is celebrated". The Ismaili. http://www.theismaili.org/cms/998/A-thousand-years-of-Firdawsis-Shahnama-is-celebrated। আহৰণ কৰা হৈছে: 24 May 2010.