শিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিল

শিল (ইংৰাজী: rock) হৈছে বিভিন্ন প্ৰকাৰৰ খনিজৰ সমন্বয়ত সৃষ্টি হোৱা ভূত্বক গঠনকাৰী পদাৰ্থ।[1]

শিলৰ প্ৰকাৰভেদ[সম্পাদনা কৰক]

উৎপত্তি আৰু গঠন অনুসৰি শিলসমূহক তিনিটা প্ৰধান শ্ৰেণীত ভাগ কৰা হয়।

  • আগ্নেয় শিল (Igneous rock): গলিত মেগমা বা লাভা ভূ-অভ্যন্তৰত নাইবা ভূ-পৃষ্ঠত ঠাণ্ডা হৈ গোটমাৰি যি শিল গঠন কৰে তাকে আগ্নেয় শিল বোলে। যেনে- বেছাল্ট, গ্ৰেনাইট, ছিয়েনাইট ইত্যাদি। আগ্নেয় শিল দুই প্ৰকাৰৰ- ১) বহিঃজাত শিলা (plutonic rock), ২) অন্তঃজাত শিলা (volcanic rock)।
  • গেদীয় শিল (Sedimentary rock): আগ্নেয় বা ৰূপান্তৰিত শিল বিভিন্ন ভাৱে ক্ষয়ীপ্ৰাপ্ত হৈ নিম্নভূমিত গেদৰূপে সঞ্চিত আৰু জমা হৈ যি শিল তৈয়াৰী কৰে তাকে গেদীয় শিল বোলে। যেনে: বেলে পাথৰ (sandstone), ছেল (shale) আদি।
  • ৰূপান্তৰিত শিল (Metamorphic rock): আগ্নেয় শিলা অত্যধিক তাপ আৰু চাপড় পৰিবৰ্তিত হৈ যি নতুন শিলৰ গঠন কৰে তাকে ৰূপান্তৰিত শিল বোলে। যেনে: মাৰ্বল (marble), শ্লেট (slate) আদি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "How rocks are formed". ৩ জুন ২০১৯. Archived from the original on 2012-07-19. https://web.archive.org/web/20120719221607/http://www.helium.com/items/1619919-how-rocks-are-formed। আহৰণ কৰা হৈছে: 2019-06-03. 

বহিঃসংযোগ[সম্পাদনা কৰক]