শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন,২০০৯
ভাষ্য Act No. 35 of 2009
প্ৰণয়নকাৰী ভাৰতীয় সংসদ
সম্মতিৰ তাৰিখ ২৬ আগষ্ট ২০০৯
কাৰ্যকৰী হয় ১ এপ্ৰিল ২০১০
স্থিতি: প্ৰচলিত

শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন অথবা শিক্ষাৰ অধিকাৰ আইন (চমুকৈ RTE) ২০০৯ চনৰ ৪ আগষ্টত ভাৰতীয় সংসদে প্ৰণয়ন কৰা এখন আইন। [1]

২০১০ চনত আইনখন বলৱৎ হোৱাৰ লগে লগে প্ৰতিজন শিশুৰ বাবে শিক্ষাক মৌলিক অধিকাৰ গণ্য কৰা ১৩৫খন দেশৰ ভিতৰত ভাৰতো এখন হিচাপে পৰিগণিত হয়।[2][3][4] শিক্ষা আইনখনে 'বিনামূলীয়া আৰু বাধ্যতামূলক' শব্দ দুটাৰ সমন্বয় ঘটাইছে। বিনামূলীয়া শিক্ষাই ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত নামভৰ্তি কৰা শিশুসকলক বাদ দি বাকী কোনো শিশুয়েই কোনোধৰণৰ মাচুল পৰিশোধ নকৰাকৈ বিনা অসুবিধাত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব পৰাটো বুজাইছে। 'বাধ্যতামূলক শিক্ষা'ই চৰকাৰ আৰু স্থানীয় কৰ্তৃপক্ষক ৬ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ বাবে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব পৰাকৈ নামভৰ্তি আৰু নিয়মীয়া উপস্থিতিৰ দায়িত্ব প্ৰদান কৰিছে।

ইতিহাস[সম্পাদনা কৰক]

স্বাধীনতাৰ সময়তে ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰা সময়তেই বৰ্তমানৰ আইনখনৰ ইতিহাস পোৱা যায়।[5]কিন্তু ২০০২ চনৰ সাংবিধানিক সংশোধনতহে ২১(ক) অনুচ্ছেদত শিক্ষাক মৌলিক অধিকাৰ হিচাপে ভাৰতীয় সংবিধানত সংযোগ কৰা হয়। বৰ্তমানৰ আইনখন স্বাধীনতাৰ সময়ৰ ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ সময়তে আৰম্ভ[6] যদিও ২০০২ চনৰ ৮৬ তম সংশোধনীত ২১(ক) অনুচ্ছেদত শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰি আইনখনক বিশিষ্ট মাত্ৰা প্ৰদান কৰা হয়।

এই সংশোধনত পৃথককৈ শিক্ষাৰ আইনৰ আৰ্হি প্ৰস্তুত অপৰিহাৰ্য কৰা আৰু তাৰ কাৰ্যকৰীকৰণৰ বাবে আইন এখনৰ প্ৰয়োজনীয়তাক বিশেষ ভাৱে দেখুৱাইছে। এই সংশোধনে অৱশ্যে ইয়াৰ কাৰ্য্যকৰীকৰণৰ পদ্ধতি ব্যাখ্যা কৰিবলৈ এখন আইনৰ প্ৰয়োজনীয়তাৰ কথা আঙুলিয়াই দিছিল, যাৰ ফলত এখন পৃথক শিক্ষা বিধেয়কৰ খচৰা প্ৰস্তুত কৰাটো আৱশ্যক হৈ পৰিছিল।এইয়া ভাৰতীয় সংবিধানৰ ৮৬ তম সংশোধন।

আইনখনৰ এখন স্থূল খচৰা ২০০৫ চনত প্ৰস্তুত কৰা হয়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ২৫% বঞ্চিত শিশুৰ বাবে সংৰক্ষণ কৰাৰ বাধ্যতামূলক দফাটোৰ বাবে এই খচৰাই যথেষ্ট বিতৰ্কৰ সূচনা কৰিছিল। আইনখন প্ৰণয়ন কৰা শিক্ষাৰ কেন্দ্ৰীয় উপদেষ্টা পৰিষদৰ উপ-সমিতিয়ে এই দফাটোক এখন গণতান্ত্ৰিক (সকলোৰে বাবে সমান সুযোগ, অধিকাৰ,উপকাৰ বিচৰা ) সমাজ গঠন কৰিবলৈ এই ব্যৱস্থাটো গুৰুত্বপূৰ্ণ পূৰ্বাৱশ্যকীয় হিচাপে ধৰি লৈছিল। ভাৰতীয় আইন আয়োগে প্ৰাৰম্ভিকতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বঞ্চিত শিশুৰ বাবে ৫০% সংৰক্ষণৰ প্ৰস্তাৱ আগবঢ়াইছিল।[7][8] ২০১৪ চনৰ ৭ মে'ত ভাৰতৰ উচ্চতম ন্যায়ালয়ে নিয়ম কৰি দিছিল যে শিক্ষাৰ অধিকাৰ আইন সংখ্যালঘু প্ৰতিষ্ঠানৰ বাবে প্ৰযোজ্য নহয়।[9]

গৃহীত[সম্পাদনা কৰক]

২০০৯ চনৰ ২ জুলাইত কেবিনেটত আইনখন অনুমোদিত হৈছিল।[10] একেটা বছৰৰ ২০ জুলাইত ৰাজ্যসভাত[11] পাছ হোৱাৰ পিছত ৪ আগষ্টত লোকসভাত গৃহীত হয়।[12] ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰাৰ[13] পিছত ২০০৯ চনৰ ২৬ আগষ্টত এইখন শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইনৰূপে পৰিগণিত হয়।[14] জম্মু আৰু কাশ্মীৰৰ বাহিৰে সমগ্ৰ ভাৰততে ২০১০ চনৰ ১ এপ্ৰিলৰ পৰা আইনখন বলৱৎ কৰা হয়। সেই সময়ৰ ভাৰতীয় প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বক্তৃতাৰ দ্বাৰা আইনখন বলৱৎ হোৱাত ভাৰতীয় ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে বক্তৃতাৰে এখন আইন বলৱৎ কৰা হয়। ড॰ মনমোহন সিঙে তেওঁৰ বক্তৃতাত কয়,"লিংগবৈষম্য আৰু সামাজিক বৈষম্য আঁতৰাই সকলো শিশুৰ শিক্ষা লাভ নিশ্চিতকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সেই শিক্ষা হʼব দায়িত্বশীল আৰু সক্ৰিয় নাগৰিক হিচাপে গঢ়ি তুলিব পৰা প্ৰয়োজনীয় দক্ষতা, জ্ঞান, নীতি আৰু আহৰণ কৰিব পৰা শিক্ষা। " ২০১৯ চনত কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষিত হোৱাৰ পিছত জম্মু আৰু কাশ্মীৰতো এই আইন বলৱৎ হয়।[15]

শিক্ষাৰ অধিকাৰ আইনে স্থানীয় বিদ্যালয়ত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব পৰাকৈ শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাগ্ৰহণৰ অধিকাৰ প্ৰদান কৰে। ইয়ে নিশ্চিত কৰে যে 'বাধ্যতামূলক শিক্ষা' বুলিলে চৰকাৰৰ ৬ৰ পৰা ১৪ বছৰ বয়সলৈকে শিশুৰ বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা আৰু নামভৰ্তি, উপস্থিতিৰ খতিয়ানৰ লগতে শিক্ষা সম্পূৰ্ণ হোৱাৰ দায়িত্বক বুজায়। 'বিনামূলীয়া শিক্ষা'ই সকলো শিশুয়ে কোনোধৰণৰ মাচুল পৰিশোধ নকৰাকৈ বিনা অসুবিধাত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব পৰাটো বুজাইছে।

এই আইনত প্ৰৱেশ-নথকা শিশুৰ বাবে উপযুক্ত বয়সৰ শ্ৰেণীত প্ৰৱেশ বা নামভৰ্তিৰ ব্যৱস্থা আছে।

এই আইনে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ক্ষেত্ৰত চৰকাৰ, স্থানীয় কৰ্তৃপক্ষ আৰু অভিভাৱকৰ কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰিছে। লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অংশীদাৰীত্ব বিত্তীয় আৰু অন্যান্য দায়িত্বৰ ওপৰতো আলোকপাত কৰিছে।আইনখনে ছাত্ৰ-শিক্ষক অনুপাত, আন্তঃগাথঁনি, বিদ্যালয়ত কৰ্মৰত দিন,শিক্ষক-কৰ্মৰত‌ সময় এইসমূহত গুৰুত্ব দিওঁতে শিক্ষাৰ মানদণ্ডৰ বিষয়টো এৰাই চলাৰ দৰে হ'ল। শিক্ষকৰ নিযুক্তিত গ্ৰাম্য চহৰৰ ভাৰসাম্য ৰক্ষাৰ বাবে ইয়াত ছাত্ৰ- শিক্ষকৰ অনুপাত ৰাজ্য,জিলা বা ব্লকৰ সলনি প্ৰতিখন বিদ্যালয়ত প্ৰযোজ্য কৰা হৈছে। দহ বছৰীয়া লোকপিয়ল, স্থানীয় কৰ্তৃপক্ষ, ৰাজ্যিক বিধানমণ্ডল আৰু সংসদৰ নিৰ্বাচন আৰু দুৰ্যোগৰ সময়ৰ সহায়ৰ বাদে শিক্ষকক আন অশৈক্ষিক কাম-কাজত অন্তৰ্ভুক্ত নকৰিবলৈকো ইয়াত ব্যৱস্থা আছে।

আইনখনে উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত অৰ্থাৎ আৱশ্যকীয় প্ৰবেশ আৰু শিক্ষাগত অৰ্হতাসম্পন্ন শিক্ষকৰ নিযুক্তিৰ ব্যৱস্থা কৰিছে।

এই আইনে বাধা প্ৰদান কৰা দিশকেইটামান হৈছে- শাৰীৰিক আৰু মানসিক শাস্তি, ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে বাচনি পদ্ধতি, মাচুল, শিক্ষকৰ দ্বাৰা ব্যক্তিগত টিউচন, স্বীকৃতিবিহীন বিদ্যালয় চলাই থকা।

সংবিধানত উল্লেখ থকা মূল্যবোধৰ সৈতে সংগতি ৰাখি পাঠ্যক্ৰম বিকাশৰ ব্যৱস্থা আইনে কৰিছে। ইয়াৰ জৰিয়তে শিশুৰ সৰ্বাংগীন বিকাশ,জ্ঞানবৰ্দ্ধন,প্ৰতিভা আৰু সম্ভাৱনীয়তাৰ উৎকৰ্ষ সাধনৰ লগতে শিশুসুলভ আৰু শিশুকেন্দ্ৰিক শিকণ পদ্ধতিৰে শিশুক ভয়,মানসিক যন্ত্ৰণা, দুশ্চিন্তা আদিৰ পৰা মুক্ত কৰাৰ চেষ্টা কৰা হয়।

মুখ্য আলোকপাত[সম্পাদনা কৰক]

আইনখনে ৬ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ বাবে নিম্নতম মানদণ্ড বৰ্তাই প্ৰাথমিক শিক্ষাক মৌলিক অধিকাৰ হিচাপে চিহ্নিত কৰে‌। ইয়াৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত(except the minority institutions) আৰ্থিকভাৱে পিছপৰা আৰু আন শিক্ষাৰ্থী(to be reimbursed by the state as part of the public-private partnership plan)ৰ বাবে ২৫% নামভৰ্তি সংৰক্ষণ কৰাটো বাধ্যতামূলক হৈ পৰে। জাতিগত সংৰক্ষণ ভিত্তিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত শিশুৰ নামভৰ্তি হয়। এই ডকুমেণ্টৰ ৯ নং পৃষ্ঠা আৰু ৪ নং পইণ্টটো চাওক.


আইনত উল্লেখ থকা অনুসাৰে কোনো ছাত্ৰ-ছাত্ৰীক অনুত্তীৰ্ণ কৰাব নোৱাৰে আৰু প্ৰাথমিক শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বৰ্ডৰ পৰীক্ষা উত্তীৰ্ণ কৰাব লাগিব। বিদ্যালয় আধাতে এৰি দিয়া ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ প্ৰশিক্ষণ যোগে একে বয়সৰ ল'ৰা-ছোৱালীৰ সমপৰ্যায়লৈ অনাৰ ব্যৱস্থা আছে।

শিক্ষাৰ অধিকাৰ আইনৰ শিক্ষাৰ প্ৰয়োজন থকা শিশু চিনাক্ত কৰিব পৰাকৈ এক জৰীপৰ প্ৰয়োজন আৰু সেইসমূহক শিক্ষাৰ সুবিধা প্ৰদান কৰিবলৈ ব্যৱস্থা কৰিব লাগে। বিশ্ববেংকৰ ভাৰতীয় শিক্ষা বিশেষজ্ঞ চেম কাৰ্লচনে পৰ্যৱেক্ষণ কৰিছিল যে-

নামভৰ্তি, উপস্থিতি আৰু সম্পূৰ্ণ শিক্ষাৰ দায়িত্ব চৰকাৰক দিয়া বিশ্বৰে প্ৰথমখন আইন হৈছে শিক্ষাৰ অধিকাৰ আইন। আমেৰিকা আৰু অন্যান্য ৰাষ্ট্ৰত শিশুক বিদ্যালয়লৈ পঠিওৱাৰ দায়িত্ব পিতৃ-মাতৃৰ।[16]

১৮ বছৰ বয়সলৈকে বিশেষ ভাৱে সক্ষম শিশুসকলৰ শিক্ষাৰ অধিকাৰৰ বাবে এখন পৃথক আইন আছে, বিশেষভাৱে সক্ষম শিশুৰ আইন। এই আইনৰ অধীনত থকা অন্যান্য ব্যৱস্থাৰ ভিতৰত বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন,শিক্ষক-ছাত্ৰৰ অনুপাত আদি আছে।

কাৰ্যকৰীকৰণ আৰু পুঁজি[সম্পাদনা কৰক]

ভাৰতীয় সংবিধানত শিক্ষা হৈছে এক সহযোগী সংস্কৰণ আৰু কেন্দ্ৰ-ৰাজ্য দুয়োয়ে ইয়াৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে। আইনখনে ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰ, ৰাজ্য আৰু স্থানীয় দলবোৰক বিশেষ দায়িত্ব অৰ্পণ কৰিছে। ৰাজ্যসমূহে সৰ্বজনীন শিক্ষাৰ বাবে সকলো বিদ্যালয়ত সঠিক মানদণ্ডৰ শিক্ষা দিব পৰাকৈ আৰ্থিক ক্ষমতাৰ অভাৱ বুলি আপত্তি দৰ্শাই আহিছে।[17]গতিকে এয়া স্পষ্ট যে কেন্দ্ৰীয় চৰকাৰে (যিয়ে অধিকাংশ কৰ আদায় কৰে) ৰাজ্যসমূহক আৰ্থিক সাহায্য দিব লাগিব। পুঁজিৰ প্ৰয়োজনীয়তা আৰু বিতৰণৰ অধ্যয়নৰ বাবে গঠন হোৱা এখন সমিতিয়ে পোনপ্ৰথমে আইনখন কাৰ্যকৰী কৰিবলৈ পাঁচ বছৰত ভাৰতীয় মুদ্ৰা অনুসৰি ১৭১০ বিলিয়ন টকা ধাৰ্য কৰে আৰু ২০১০ চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰ আৰু ৰাজ্যৰ অনুদান ৬৫:৩৫, উত্তৰ পূৱৰ ৰাজ্যসমূহৰ বাবে ৯০:১০ অনুপাতত ভাগ কৰিবলৈ সন্মত হয়।[18]২০১০ চনত পুঁজি ২৩১০ বিলিয়নলৈ বৃদ্ধি পায় আৰু কেন্দ্ৰই ৬৮% লৈ অংশীদাৰীত্ব বৃদ্ধি কৰে।[17]কিছুমান সংবাদ মাধ্যমে কেন্দ্ৰৰ অংশীদাৰ ৭০% বুলি কয়।[19]সেই অনুসৰি বেছিভাগ ৰাজ্যই শিক্ষাৰ বাজেট বৃদ্ধি কৰাৰ প্ৰয়োজন নহয়। ২০১১ চনত গ্ৰহণ কৰা এটা উল্লেখনীয় পদক্ষেপ হৈছে শিক্ষাৰ অধিকাৰ দশম শ্ৰেণী (১৬ বছৰ) পৰ্য্যন্ত[20] আৰু প্ৰাক-বিদ্যালয় বয়সৰ পৰিসৰলৈ[21] বৃদ্ধি কৰা। CABE সমিতিখনে এই পৰিৱৰ্তনসমূহ প্ৰয়োগ কৰিলে হ'ব পৰা পৰিণামসমূহ বিশ্লেষণ কৰি আছে।

কাৰ্যকৰীকৰণৰ নিৰ্দেশনা পৰিষদ[সম্পাদনা কৰক]

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে আইনখন কাৰ্যকৰী কৰিবলৈ ১৪ জনীয়া এখন উচ্চ স্তৰীয় ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদ(National Advisory Council বা NAC) গঠন কৰে। সদস্যসকল হৈছে -

কাৰ্যকৰীকৰণৰ স্থিতি[সম্পাদনা কৰক]

আইনখনৰ প্ৰথম বৰ্ষপূৰ্তিত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে আইনখন প্ৰণয়নৰ এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল আৰু ২০১৫ চনলৈকে উলিয়াই আছিল। সেই প্ৰতিবেদন অনুযায়ী ৬ৰ পৰা ১৪ বছৰ বয়সৰ ১.৭ মিলিয়ন ছাত্ৰ-ছাত্ৰীয়েই বিদ্যালয় বহিৰ্ভুত।[23]চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষকৰ দৰমহাৰ সমতা নিশ্চিত কৰাৰ আইনী ভিত্তিও আইনখনে প্ৰদান কৰে।[24]

হাৰিয়ানাৰ চৰকাৰে ৰাজ্যত শিক্ষা আইনৰ সঠিক প্ৰণয়নৰ বাবে আৰু ধাৰাবাহিক নিৰীক্ষণৰ বাবে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড সমল সমন্বয়ক কৰ্তব্য পালনৰ দায়িত্ব অৰ্পণ কৰে।[25]

পূৰ্বদৃষ্টান্ত[সম্পাদনা কৰক]

এই আইন নতুন নহয়। বেছিভাগ লোক নিৰক্ষৰ আছিল বাবে এই আইনে সৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ বিৰোধিতা কৰিছিল। ভাৰতীয় সংবিধানৰ ৪৫ নং অনুচ্ছেদক আইন হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল।

সংবিধানৰ আৰম্ভণিৰ পৰা দহ বছৰৰ ভিতৰত সকলো শিশুকে ১৪ বছৰ পূৰ নোহোৱালৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিবলৈ ৰাজ্যই চেষ্টা কৰিব। সেই সময়সীমা পাৰ হওঁ হওঁ সময়ত তেতিয়াৰ শিক্ষামন্ত্ৰী এম চি চাঘলাই কৈছিল:
আমাৰ সংবিধানৰ পুৰুধা ব্যক্তিসকলে এইটো বিচৰা নাছিল যে আমি মাত্ৰ কেইটামান জুপুৰিঘৰ স্থাপন কৰি দিওঁ, তাত ছাত্ৰ-ছাত্ৰীক ৰাখি অপ্ৰশিক্ষিত শিক্ষক নিয়োগ কৰোঁ, নিম্নমানৰ কিতাপ যোগান ধৰোঁ আৰু খেলপথাৰৰ কোনো ব্যৱস্থা নাৰাখি শেষত ক'বলৈ যাওঁ যে আমি ৪৫ নং দফা গ্ৰহণ কৰিছোঁ আৰু গতিকে প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণ ঘটিছে। তেওঁলোকে এইটো বুজাইছিল যে আমাৰ ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলক প্ৰকৃত শিক্ষা প্ৰদান কৰা উচিত। - এম. চি. চাগলা, ১৯৬৪[26]

১৯৯০ চনত বিশ্ববেংকে গ্ৰাম্য অঞ্চলত সহজে যাব পৰাকৈ বিদ্যালয় স্থাপনৰ বাবে পুঁজি যোগান ধৰে। এই প্ৰচেষ্টাক ১৯৯০ চনৰ সৰ্ব শিক্ষা অভিযান আৰ্হিত সুদৃঢ় কৰা হৈছিল। শিক্ষাৰ অধিকাৰ আইনে ব্যৱস্থাটো আৰু অধিক আগঢ়াই নিয়ে আৰু বিদ্যালয়ত শিশুৰ নামভৰ্তিক এক ৰাজ্যিক বিশেষ অধিকাৰ হিচাপে গঢ়ি তোলে।

সমালোচনা[সম্পাদনা কৰক]

শিক্ষাৰ ক্ষেত্ৰত সক্ৰিয় বহু গোটৰ সৈতে আলোচনা নকৰাকৈ, শিক্ষাৰ মানদণ্ডৰ বিবেচনা নকৰি খৰখেদাকৈ প্ৰস্তুত কৰা বাবে আইনখন যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে। ব্যক্তিগত খণ্ডৰ আৰু ধৰ্মীয় সংখ্যালঘুৰ বিদ্যালয়সমূহত অনাধিকাৰ হস্তক্ষেপ কৰা আৰু ৬ বছৰৰ তলৰ শিশুক আইনৰ বাহিৰত ৰখাৰ বাবেও সমালোচিত হৈছে।[27] বেছিভাগ ধাৰণাই ২০০০ চনৰ সৰ্বশিক্ষা অভিযান আৰু ১৯৯০ চনৰ বিশ্ববেংকৰ পুঁজিগত প্ৰাথমিক শিক্ষা কাৰ্যসূচীৰ নীতিৰ সৈতে মিল আছে যি দুই আঁচনি গাঁৱলীয়া অঞ্চলত বহু বিদ্যালয় স্থাপন কৰি অকাৰ্যকৰী[28] হোৱাৰ বাবে আৰু দুৰ্নীতিৰ বাবে সমালোচিত হৈছিল।[29]

চৰকাৰী বিদ্যালয় ব্যৱস্থাত প্ৰদান কৰি থকা শিক্ষাৰ মানদণ্ড নিম্নমানৰ।[30]

স্বীকৃতপ্ৰাপ্ত বিদ্যালয়সমূহৰ ৮০% ই চৰকাৰী বিদ্যালয়েৰে দেশৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ বৃহত্তম অংশটো গঠিত যদিও ইয়াত শিক্ষকৰ নাটনিৰ লগতে আন্তঃগাঁথনিমূলক ব্যৱধান পৰিলক্ষিত হয়। বহুতো লোকালয়ত সম্পূৰ্ণৰূপে বিদ্যালয়ৰ অভাৱ।চৰকাৰী বিদ্যালয় সমূহ সম্বন্ধে প্ৰায়ে অভিযোগ আহে যে সেইবোৰ অনুপস্থিতি আৰু অব্যৱস্থাৰ সমস্যাৰে ভাৰাক্ৰান্ত আৰু তাত নিয়োগ বিলাকো ৰাজনৈতিক সুবিধামতেহে হয়। চৰকাৰী বিদ্যালয়ত বিনামূলীয়া মধ্যাহ্ন ভোজনৰ প্ৰলোভন স্বত্বেও বেছিভাগ অভিভাৱকেই শিশুক ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ পঠিয়ায়। অধিকাংশ ৰাজ্যতে গ্ৰাম্য ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকৰ দৰমহা(প্ৰতি মাহে প্ৰায় ৪০০০ টকা) চৰকাৰী বিদ্যালয়তকৈ ভালেখিনি কম। [31]

ফলস্বৰূপে দেখা যায় যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সমৰ্থকসকলে পইছাৰ বাবদ চৰকাৰী বিদ্যালয় সমূহক কম গুণাগুণবিশিষ্ট বুলি সমালোচনা কৰে।

ব্যক্তিগত বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী খণ্ডৰ ছাত্ৰছাত্ৰীসকলতকৈ আগবাঢ়ি থকাৰ বাবে, আৰ্থিকভাৱে সাৰ্মথ্যহীন হৈ চৰকাৰী বিদ্যালয়ত পঢ়িবলৈ বাধ্য হৈ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগত এক বৈষম্যৰ সৃষ্টি কৰে।এক বৃহৎ সংখ্যক পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত থকা দেশখনত গ্ৰাম্য অঞ্চলৰ বিদ্যালয়ৰ মাচুল ভৰিব পৰা লোকসকলকহে সা-সুবিধা দিয়াৰ বাবেও ব্যৱস্থাটো সমালোচনাৰ সন্মুখীন হৈ আহিছে।

এইবিলাক সমস্যা বা বিষয় আলোচনা নকৰাৰ বাবে আইনখনক বৈষম্যমূলক হিচাপে সমালোচনা কৰা হৈছে। শিক্ষাবিদ অনিল সদগোপালে খৰখেদাকৈ আৰ্হি প্ৰস্তুত কৰা আইনখনৰ বিষয়ে এইদৰে কৈছে:

ই শিশুসকলৰ বাবে এক প্ৰতাৰণা। ই বিনামূলীয়া কিম্বা বাধ্যতামূলক শিক্ষা প্ৰদান নকৰে। প্ৰকৃততে ই মাত্ৰ বৰ্তমানৰ বহু-স্তৰীয়,নিম্ন মানদণ্ডৰ শিক্ষা ব্যৱস্থাক বৈধকৰণ কৰে য'ত ভৱিষ্যতেও বৈষম্যৰ অৱসান নঘটিব। [32]

উদ্যোগী গুৰুচৰণ দাসে লক্ষ্য কৰা অনুযায়ী চহৰ অঞ্চলৰ ৫৪% শিশুৱেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ যায় আৰু এই হাৰ বছৰি ৩% কৈ বৃদ্ধি পাই আহিছে। "আনকি দৰিদ্ৰ শিশুসকলেও শিক্ষকৰ উপস্থিতিৰ অভাৱত চৰকাৰী বিদ্যালয় এৰিছে।"[32] যি কি নহওক আন গৱেষকসকলে তাৰ বিৰোধিতা কৰি যুক্তি দিয়ে যে অন্যান্য কাৰক(পৰিয়ালৰ আয় আৰু অভিভাৱকৰ সাক্ষৰতা আদি)ৰ বিষয়ে যদি বিবেচনা কৰা যায় তেনেহ'লে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মানদণ্ড উচ্চতৰ তেনে কথাৰ কোনো প্ৰামাণিক সত্যতা নাই।

ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব[সম্পাদনা কৰক]

গুণগত সমস্যাবোৰৰ বাবে আইনখনত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত ২৫% কোটাৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে বিদ্যালয়ৰ ৰছিদৰ পৰা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে, যাতে অভিভাৱকসকলে বিনাদ্বিধাই সন্তানক চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ পঠাব পাৰে। প্ৰাথমিক শিক্ষা প্ৰদানৰ ক্ষেত্পত সাংবিধানিক বাধ্যবাধকতাক ৰাজ্যই এৰাই চলাত অল ইণ্ডিয়া ফৰাম ফৰ ৰাইট টু এডুকেচন(AIF-RTE)ৰ দৰে সংস্থাবোৰে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ বৃদ্ধিক লক্ষ্য কৰে।[28]

ব্যক্তিগত স্কুলসমূহৰ অধিকাৰ খৰ্ব[সম্পাদনা কৰক]

চচাইটি ফৰ আন-এইডেড প্ৰাইভেট স্কুলছ, ৰাজস্থান(in Writ Petition (Civil) No. 95 of 2010) আৰু তেনেধৰণৰ ৩১খন আবেদনে[33] ভাৰতীয় উচ্চতম ন্যায়ালয়ত আইনখনে চৰকাৰী অনুজ্ঞাপত্ৰ অবিহনে প্ৰতিষ্ঠান চলাই থকা ব্যক্তিগত কৰ্তৃপক্ষৰ সাংবিধানিক অধিকাৰ উলঙ্ঘন কৰাৰ কথা দোহাৰে।[34]সাহায্যপ্ৰাপ্ত নোহোৱা চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ত বঞ্চিত শিশুৰ বাবে ২৫% নামভৰ্তি সংৰক্ষণ কৰাটো অসাংবিধানিক বুলি সমালোচনা হয়। স্কুলখনে ইয়াৰ নামভৰ্তি কালছোৱাত দুখীয়া শ্ৰেণীৰ পিতৃ-মাতৃক কৈছিল যে "আৰটিইৰ কোনো অস্তিত্ব নাই" আৰু "আমি এই আৱেদনবোৰ (চৰকাৰী আৰটিই) গ্ৰহণ নকৰোঁ"। জ্যেষ্ঠ অধ্যাপকজনে চিবিএছইৰ তামিলনাডু আঞ্চলিক শাখাৰ সঞ্চালকজনক এইটোও জনাইছিল যে তেওঁ ইমেইল ঠিকনা নথকা আৱেদনকাৰীক নাকচ কৰাৰ পৰিকল্পনা কৰিছিল, যাতে তাৰ দ্বাৰা কাৰিকৰী দিশত অশিক্ষিত পিতৃ-মাতৃক নামভৰ্তি বিচৰাৰ পৰা আঁতৰাব পাৰি। ইয়াৰোপৰি বিদ্যালয় কৰ্তৃপক্ষই আঁচনিটোৰ সুবিধা লাভৰ পৰা বঞ্চিত কৰিবলৈ ভালেমান দুখীয়া প্ৰাৰ্থীৰ দূৰত্বৰ হিচাপটো বিকৃত কৰিছিল।

অনাথ ল'ৰা-ছোৱালীৰ বাবে প্ৰতিবন্ধকতা[সম্পাদনা কৰক]

আইনখনে কোনো প্ৰমাণ পত্ৰ নোহোৱাকৈ লʼৰা ছোৱালীক নাম ভৰ্তিৰ সুবিধা দিয়ে। কিছুমান ৰাজ্যত শিশুৰ আয় আৰু জাতিগত প্ৰমাণ পত্ৰ,বি পি এল কাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰ বিচাৰি পূৰ্বৰ পদ্ধতিকে বাহাল ৰাখিছিল। অনাথ শিশু সকলে শিক্ষা গ্ৰহণৰ ইচ্ছা থকাৰ স্বত্বেও এনে তথ্য দিব নোৱাৰাৰ হেতুকে নাম ভৰ্তি কৰিব পৰা নাছিল।[35]

তথ্যউৎস[সম্পাদনা কৰক]

  1. "Provisions of the Constitution of India having a bearing on Education". Department of Higher Education. Archived from the original on 1 February 2010. https://web.archive.org/web/20100201181216/http://www.education.nic.in/constitutional.asp। আহৰণ কৰা হৈছে: 1 April 2010. 
  2. Aarti Dhar (1 April 2010). "Education is a fundamental right now". The Hindu. http://www.thehindu.com/news/national/article337111.ece. 
  3. "India launches children's right to education". BBC News. 1 April 2010. http://news.bbc.co.uk/2/hi/8598167.stm. 
  4. "India joins list of 135 countries in making education a right". The Hindu News. 2 April 2010. http://www.thehindu.com/news/national/article365232.ece. 
  5. Selva, G. (22 March 2009). "Universal Education in India: A Century Of Unfulfilled Dreams". PRAGOTI. http://www.pragoti.org/node/3262। আহৰণ কৰা হৈছে: 1 April 2010. 
  6. Selva, G. (22 March 2009). "Universal Education in India: A Century Of Unfulfilled Dreams". PRAGOTI. http://www.pragoti.org/node/3262। আহৰণ কৰা হৈছে: 1 April 2010. 
  7. Seethalakshmi, S. (14 July 2006). "Centre buries Right to Education Bill  – India  – The Times of India". The Times of India. http://articles.timesofindia.indiatimes.com/2006-07-14/india/27789149_1_education-bill-private-school-lobby-seats-for-poor-children। আহৰণ কৰা হৈছে: 1 April 2010. 
  8. "Microsoft Word - Final Right To Education Bill 2005 modified-14.11.2005.doc" (PDF). http://education.nic.in/elementary/RighttoEducationBill2005.pdf। আহৰণ কৰা হৈছে: 1 September 2010. 
  9. Minority institutions are exempted from Right to Education Act
  10. "Cabinet approves Right to Education Bill". The New Indian Express. 2 July 2009. http://newindianexpress.com/nation/article90087.ece। আহৰণ কৰা হৈছে: 2 July 2009. 
  11. "Rajya Sabha passes Right to Education bill". The News Indian Express. 20 July 2009. http://newindianexpress.com/nation/article97310.ece. 
  12. "Parliament passes landmark Right to Education Bill". The Indian Express. 4 August 2009. http://www.indianexpress.com/news/parliament-passes-landmark-right-to-education-bill/497964/. 
  13. "The Right of Children to Free and Compulsory Education Act, 2009 notified". Press Information Bureau. 3 September 2009. http://pib.nic.in/release/release.asp?relid=52370। আহৰণ কৰা হৈছে: 1 April 2010. 
  14. "Right to Education Bill 2009" (PDF). Archived from the original on 12 February 2012. https://web.archive.org/web/20120212101037/http://education.nic.in/Elementary/free%20and%20compulsory.pdf। আহৰণ কৰা হৈছে: 1 September 2010. 
  15. "Prime Minister's Address to the Nation on The Fundamental Right of Children to Elementary Education". Pib.nic.in. http://www.pib.nic.in/release/release.asp?relid=60001। আহৰণ কৰা হৈছে: 1 September 2010. 
  16. name=prayatna
  17. 17.0 17.1 "Centre, states to share RTE expenses in 68:32 ratio – The Economic Times". Economictimes.indiatimes.com. 30 July 2010. http://economictimes.indiatimes.com/news/economy/policy/Centre-states-to-share-RTE-expenses-in-6832-ratio/articleshow/6235330.cms। আহৰণ কৰা হৈছে: 1 September 2010. 
  18. PTI (13 February 2010). "Right To Education Act to be implemented from April". The Times of India. প্ৰকাশক New Delhi. http://articles.timesofindia.indiatimes.com/2010-02-13/india/28133665_1_ratio-funds-hrd-ministry. 
  19. "Centre to pick up 70% of education law tab". Hindustan Times. 30 July 2010. http://www.hindustantimes.com/Centre-to-pick-up-70-of-education-law-tab/Article1-579739.aspx। আহৰণ কৰা হৈছে: 1 September 2010. 
  20. "Shri Kapil Sibal Addresses 58th Meeting of CABE; Proposes Extension of RTE up to Secondary Level Moots Bill to Control Malpractices in School Education". PIB. 7 June 2010. http://pib.nic.in/newsite/erelease.aspx?relid=72540। আহৰণ কৰা হৈছে: 8 October 2010. 
  21. "NAC recommends pre-primary sections in govt schools". Economic Times. 3 August 2010. http://articles.economictimes.indiatimes.com/2011-08-03/news/29846436_1_rte-act-government-schools-upper-primary-levels। আহৰণ কৰা হৈছে: 8 October 2010. 
  22. Akshaya Mukul, TNN, 26 Jun 2010, 04.08am IST (26 June 2010). "HRD panel to oversee RTE rollout – India – The Times of India". The Times of India. http://articles.timesofindia.indiatimes.com/2010-06-26/india/28286868_1_hrd-ministry-teacher-education-rte-act। আহৰণ কৰা হৈছে: 1 September 2010. 
  23. "RTE Forum:Status Reports". http://rteforumindia.org/resources/status-reports/। আহৰণ কৰা হৈছে: April 2, 2020. 
  24. "SC opens door for equal pay to teachers in pvt, govt schools". Tribune. 12 August 2010. http://www.tribuneindia.com/2011/20110813/himachal.htm। আহৰণ কৰা হৈছে: 8 October 2010. 
  25. RTE Implementation http://iharnews.com/index.php/education/295-beeo-right-to-education-act-haryana
  26. http://www.indg.in/primary-education/policiesandschemes/rte_ssa_final_report.pdf
  27. George, Sony (November 2001). "Common Demands on Education". India Together. http://www.indiatogether.org/education/consoct01.htm। আহৰণ কৰা হৈছে: 1 April 2010. 
  28. 28.0 28.1 Infochange India. "India to notify right to education act". Southasia.oneworld.net. http://southasia.oneworld.net/todaysheadlines/india-to-notify-right-to-education-act। আহৰণ কৰা হৈছে: 1 September 2010. 
  29. Aarti Dhar (28 July 2010). "News / National : U.K. doesn't intend to probe Sarva Shiksha Abhiyan for corruption". The Hindu. http://www.thehindu.com/news/national/article538703.ece। আহৰণ কৰা হৈছে: 1 September 2010. 
  30. Surbhi Bhatia, 26 Jul 2010, 05.54am IST (26 July 2010). "Quality in education: It's my legal right – Education – Home – The Times of India". The Times of India. http://articles.timesofindia.indiatimes.com/2010-07-26/education/28302755_1_compulsory-education-muslim-girls-education-act। আহৰণ কৰা হৈছে: 1 September 2010. 
  31. "Education in India: Teachers' salaries". Prayatna.typepad.com. http://prayatna.typepad.com/education/teachers_salaries/। আহৰণ কৰা হৈছে: 1 September 2010. 
  32. 32.0 32.1 Updated 1136 hrs 3 Feb 2010(+5:30 GMT) (3 February 2010). "FTN: Privatisation no cure for India's education ills – India News – IBNLive". Ibnlive.in.com. http://ibnlive.in.com/news/ftn-privatisation-no-cure-for-indias-education-ills/98584-3.html। আহৰণ কৰা হৈছে: 1 September 2010. 
  33. S. H. Kapadia; Swatanter Kumar. "Right to Edu Act: Supreme Court judgement". Supreme Court of India. Archived from the original on 2 August 2012. https://www.webcitation.org/69bzRZhQo। আহৰণ কৰা হৈছে: 2 August 2012. 
  34. PTI (2010-03-22). "The Hindu : News / National : Private schools challenge Right To Education Act in Supreme Court". Beta.thehindu.com. http://beta.thehindu.com/news/national/article267634.ece। আহৰণ কৰা হৈছে: 2010-09-01. 
  35. "Strict rules bar orphans from RTE benefits". The Times of India. 25 April 2012. http://articles.timesofindia.indiatimes.com/2012-04-25/news/31398228_1_rte-act-orphans-caste-certificate। আহৰণ কৰা হৈছে: 25 April 2012.