শিৱানন্দ কাকতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিৱানন্দ কাকতি
জন্ম শেতালি, নগাঁৱ, অসম
পেচা গল্পকাৰ, চাকৰিয়াল
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখযোগ্য বঁটা মুনীন বৰকটকী বঁটা
দাম্পত্যসংগী মুনী কাকতি
সন্তান মাদ্ৰী কাকতি
ড° দেৱদূত কাকতি

শিৱানন্দ কাকতি (ইংৰাজী: Sibananda Kakoti) এগৰাকী অসমীয়া গল্পকাৰ তথা চৰকাৰী চাকৰিয়াল। সত্তৰৰ দশকত একাংকিকা আৰু অনাতাঁৰ নাট লিখি তেওঁ সাহিত্যিক জীৱনৰ পাতনি মেলিছিল।[1] নব্বৈৰ দশকত তেওঁ গল্পকাৰ ৰূপে আত্মপৰিচয় দিয়ে। ১৯৯০ চনত পষেক নামৰ আলোচনীত তেওঁৰ প্ৰথমটো গল্প আমৃত্যু অমৃত প্ৰকাশ পাইছিল। একে নামৰ গল্প সংকলনখনৰ বাবে ১৯৯৫ চনত তেওঁ মুনীন বৰকটকী বঁটা লাভ কৰিছিল। পুনৰ ২০০৪ চনত জলছবিত শেষ সাজ শীৰ্ষক গল্পটোৰ বাবে তেওঁ সৰ্বভাৰতীয় কথা বঁটাৰে সন্মানিত হৈছিল।

১৯৫৮ চনত নগাঁৱ জিলাৰ শেতালিত শিৱানন্দ কাকতিৰ জন্ম হৈছিল। [1]

সাহিত্য কৃতি[সম্পাদনা কৰক]

গল্প-সংকলন[সম্পাদনা কৰক]

  • আমৃত্য অমৃত (১৯৯৬)
  • গাগিনী তোৰ পানী কিমান (২০০০)
  • বৰদৈচিলা (২০০১)
  • বৰণীয়া আলিবাট
  • আলিবাটত

নাটকৰ সংকলন[সম্পাদনা কৰক]

  • কেন্দ্ৰবিহীন বৃত্ত আৰু অন্যান্য নাটক (১৯৯৮)

প্ৰৱন্ধ সংকলন[সম্পাদনা কৰক]

  • স্বৰাজোত্তৰ নগাঁও : নিবন্ধমালা (১৯৯৮)
  • সৰ্বগুণাকৰ (১৯৯৯)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 শোণিত বিজয় দাস, মুনীন বায়ন (২০০৬). কথা বৰণ্য ১০০. প্ৰকাশক গুৱাহাটী: কথা. পৃষ্ঠা. ২৬২. ISBN 81-89148-14-1.