সমললৈ যাওক

শাজিবু নোংমা পানবা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(শ্বজিবু নোংমা পানবাৰ পৰা পুনঃনিৰ্দেশিত)

শ্বাজিবু নোংমা পানবা(ইংৰাজী: Sajibu Nongma Pānba) মণিপুৰৰ “সনামহীবাদী’’ লোকসকলে “চান্দ্ৰ বৰ্ষপূৰ্তি’’ত কৰা এক উৎসৱ, যাক মীতেই চেইৰাওবা বা শ্বাজিবু চেইৰাওবা বুলিও কোৱা হয়৷[1][2] “শ্বজিবু নোংমা পানবা’’ নামটো মণিপুৰী শব্দৰ পৰা উদ্ভৱ হৈছে; শ্বাজিবুৰ অৰ্থ বছৰৰ প্ৰথম মাহ যিটো সাধাৰণতে মেইটেই পঞ্জিকা অনুসৰি এপ্ৰিল মাহৰ ভিতৰত পৰে; নোংমাৰ অৰ্থ মাহৰ প্ৰথম তাৰিখ আৰু পানবাৰ আক্ষৰিক অৰ্থ হৈছে শ্বাজিবু মাহৰ প্ৰথম দিন। মণিপুৰৰ দৰেই হিন্দু চন্দ্ৰ পঞ্জিকা অনুসৰি কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ভাৰতৰ আন বহু ৰাজ্যতো একেদিনাই “চান্দ্ৰ নৱবৰ্ষ’’ পালন কৰা হয়।[3]

“সনামাহীবাদ’’ বিশ্বাসী অনুগামীসকলৰ মতে মেইটেই নৱবৰ্ষ বা শ্বাজিবু নোংমা পানবা আৰম্ভ হৈছিল ৰজা মালিয়া ফাম্বলচা বা কই কই নামৰ ৰজাৰ ৰাজত্বকালৰ পৰা৷(খ্ৰীষ্টপূৰ্ব ১৩৫৯-খ্ৰীষ্টপূৰ্ব ১৩২৯)৷ ২৫ বছৰ বয়সত কইকইয়ে সিংহাসনত আৰোহণ কৰিছিল। সিংহাসনত আৰোহণ কৰা দিনটোৰ পৰা “মাৰি-ফাম’’ নামেৰে জনাজাত মেইটেই কেলেণ্ডাৰ (চেইৰাওবা)ৰ তাৰিখ নিৰ্ধাৰণৰ প্ৰচলন হয়। সেয়েহে, মেইটেই সমাজত কইকইৰ জন্মদিনক ০০এম,এফ হিচাপে লৈ খ্ৰীষ্টপূৰ্ব ১৩৫৯ চন হ’ব, ২৫ এম এফ, আৰু ২০০০ খ্ৰীষ্টাব্দ মেইটেই কেলেণ্ডাৰত হয়গৈ ৩৩৩৪ এম এফ৷[4] ৰজা কইকইয়ে মেইটেই কেলণ্ডাৰমতে ১৩৬৪ চনলৈকে ৰাজত্ব কৰিছিল৷

উৎসৱৰ ৰীতি

[সম্পাদনা কৰক]

শ্বজিবু নোংমা পানবা উৎসৱৰ কেইবাটিও পৰ্ব আছে৷

নৈবেদ্য অৰ্পণ

[সম্পাদনা কৰক]

মেইটেই লোকসকলে এই উৎসৱটো অতি ধুমধামেৰে উদযাপন কৰে; উৎসৱ উপলক্ষে পৰিয়ালৰ সদস্যসকলৰ সমাৱেশ হয় আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে আড়ম্বৰপূৰ্ণ ভোজ “ডি ৰিগ’ৰ’’ আয়োজন কৰে৷। দিনটোৰ আৰম্ভণিতে, প্ৰাৰম্ভিক কাম হিচাপে পুৱাৰ ভাগত মেইটেই দেৱতাক “সনামহী’’ক উদ্দেশ্যি ফল-মূল, শাক-পাচলি, চাউল আৰু অন্যান্য কেঁচা খাদ্য সামগ্ৰীৰ অৰ্পণ কৰা হয়৷

ভোজৰ প্ৰস্তুতি

[সম্পাদনা কৰক]

পূজাৰী লাইনিংথৌ ’সানামহী’ৰ পৰা আশীৰ্বাদ পোৱাৰ পিছত অযুগ্ম সংখ্যাৰ খাদ্যৰ সম্ভাৰ(মূলতঃ ৩, ৫, ৭ বা ৯ টা) প্ৰস্তুত কৰি প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা হয়৷ পৰম্পৰাগত অনুসৰি ঘৰৰ পুৰুষসকলে ৰন্ধনকাৰ্য সম্পন্ন কৰে, মহিলাসকলে উপাদানসমূহ কাটি-কুটি ৰন্ধনৰ কামত সহায় কৰে।

দ্বিতীয়বাৰ নৈবেদ্য প্ৰদান

[সম্পাদনা কৰক]

ভোজৰ বাবে বিভিন্ন খাদ্য ৰন্ধন কৰাৰ পিছত ঘৰৰ চাৰিওফালে দুটা ভিন্ন পৰম্পৰাগত স্থানত নৈবেদ্য অৰ্পনৰ বাবে ব্যৱহাৰ কৰা হয়: এটা ঘৰৰ সন্মুখৰ গেটত আৰু আনটো ঘৰৰ পিছফালৰ গেটত। এই স্থানসমূহ প্ৰসাদ দিয়াৰ আগতে বিশেষভাৱে পৰিষ্কাৰ আৰু পৱিত্ৰ কৰি এটা অঞ্চল (প্ৰায় ২x২ ফুট) পৰিষ্কাৰ কৰি বোকা, ফুল আৰু পাতেৰে সজাই তোলা হয়। পৰম্পৰাগতভাৱে এই পৱিত্ৰ অঞ্চলত ঘৰৰ জ্যেষ্ঠ পুত্ৰই “কুমছানা কুমলিক্লাই’’(সোণালী বছৰৰ ভগৱান), “লামচেনবা তুচেনবা’’(ভূমিৰ ৰক্ষক) আৰু “লম্মাবা তুমাবা’’(ভূমিৰ ভগৱান)ক নৈবেদ্য আগবঢ়ায়৷[5] প্ৰসাদত পৰম্পৰাগতভাৱে অন্তৰ্ভুক্ত কৰা হয়, ভাপত দিয়া চাউলৰ সৰু লডা এটা, এটা মুদ্ৰা, ফল-মূল, ফুল, মমবাতি আৰু ধূপৰ কাঠি এটাৰ লগতে অযুগ্ম সংখ্যাৰ ব্যঞ্জন৷ এই সকলোবোৰ কলপাতৰ ওপৰত ৰখা হয়৷ এই অনুষ্ঠানটো পুৱাৰ ভাগত সম্পন্ন কৰা হয়।[6]

নৈবেদ্য অৰ্পণ অনুষ্ঠানৰ পিছত ভোজৰ বাবে প্ৰস্তুত কৰা ব্যঞ্জন আত্মীয় আৰু চুবুৰীয়াৰ সৈতে বিনিময় কৰা হয় আৰু এই প্ৰথাক “মথেল লানবা’’ বুলি কোৱা হয় আৰু তাৰ পিছত ভোজ আৰম্ভ হয়। বিশ্বাস কৰা হয় যে নতুন বছৰৰ প্ৰথম দিনটোত কৰা যিকোনো কামেই বছৰটোৰ বাকী সময়খিনিতো হৈ থাকিব অৰ্থাৎ সেইদিনা যদি আপুনি সুখী আৰু সুস্থ হৈ থাকে তেন্তে বছৰৰ বাকী সময়খিনি সুখী আৰু সুস্থ হৈ থাকিব।

চিং কাবা(পাহাৰ বগোৱা)

[সম্পাদনা কৰক]

ভোজৰ পিছত পৰিয়ালৰ সদস্যসকলে স্থানীয়ভাবে নিৰ্মাণ কৰা সৰু পাহাৰত উঠি পাহাৰীয়া দেৱতাক শ্ৰদ্ধাঞ্জলি জনোৱাটো পৰম্পৰা৷ এই কাৰ্যই ঐশ্বৰিক স্থান পাবলৈ থকা আত্মাৰ হাবিয়াসক সূচায়। চিংজামেইৰ “চিনংগা’’ আৰু চিংমেইৰঙৰ “চেইৰাও চিং’’ এনে পাহাৰ, যিবোৰ এই ’পাহাৰ বগাই যোৱা’ অনুষ্ঠানৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। খেলনাৰ দোকান, খাদ্যৰ দোকান, আৰু অন্যান্য বৈচিত্ৰময় সৰু সৰু দোকানবোৰে সেইদিনা পাহাৰলৈ যোৱা পথত শাৰী পাতি থাকি মেলাৰ পৰিৱেশ সৃষ্টি কৰে৷ পৰ্বতাৰোহীসকলে মেলাত তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী কিনে৷ সাধাৰণতে দুপৰীয়াৰ পৰা সন্ধিয়াৰ আৰম্ভণিলৈকে বা সূৰ্য্য অস্ত যোৱাৰ আগতে “চিং কাবা’’ কৰা হয়।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Sajibu Cheiraoba New Year Observation of Meeteis". http://e-pao.net/epSubPageExtractor.asp?src=manipur.Festival_of_Manipur.Sajibu_Cheiraoba_New_Year_Observation_of_Meeteis. 
  2. Sajibu Cheiraoba
  3. "Sajibu Cheiraoba". http://e-pao.net/epSubPageExtractor.asp?src=manipur.Festival_of_Manipur.Manipur_Festival_Mangi_Devi.Sajibu_Cheiraoba. 
  4. "A Brief history of the Meiteis of Manipur". http://themanipurpage.tripod.com/history/puwarimeitei.html. 
  5. "The concept of Sajibu Cheiraoba". http://e-pao.net/epSubPageExtractor.asp?src=leisure.EI.Oinam_Anand.The_concept_of_Sajibu_Cheiraoba. 
  6. https://www.ifp.co.in/editorial/sajibu-cheiraoba-the-story-behind