সমললৈ যাওক

শ্বপৌং য়ৌংমান পয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শ্বপৌং য়ৌংমান পয় চিংফৌসকলৰ জাতীয় উৎসৱ। এই উৎসৱ প্ৰতি বছৰে ফাগুন মাহৰ এক তাৰিখে অনুষ্ঠিত হয়। 'শ্বপৌং য়ৌংমান পয় উৎসৱ ' হৈছে উপৰি পুৰুষক সুৱঁৰি পতা এক অনুষ্ঠান। চিংফৌসকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অন্যতম প্ৰধান এটা জনগোষ্ঠী। তেওঁলোকৰ নিজা ভাষা - সংস্কৃতি, লোক-উৎসৱ, খাদ্য - সম্ভাৰ, সাজপাৰ আছে। পূৰ্বতে তেওঁলোক অসমতে বাস কৰিছিল যদিও ১৯৭১ চনত অসমৰ এটা অংশ অৰুণাচলৰ লগত চামিল হোৱাৰ পৰিপেক্ষিতত একাংশ চিংফৌলোক অসমৰ বুকুৰ মাজৰ পৰা আঁতৰি যাব লগা হয়। বৰ্তমানে উজনি অসমৰ মাৰ্ঘেৰিটা মহকুমাৰ বিছা, ইনখেম, লেখাপানী, কেটেটেং আদি ঠাইত চিংফৌসকলৰ জনবসতি দেখিবলৈ পোৱা যায়। চিংফৌসকল মূলতঃ বৌদ্ধধৰ্মীয় লোক যদিও তেওঁলোকে পৰম্পৰাগত উৎসৱো পালন কৰে। বৌদ্ধ জয়ন্তী পথাৰ উপৰিও ব'হাগ বিহু (পয়চাংকেন) আৰু শ্বপৌং য়ৌংমান পয় উৎসৱো পালন কৰে।[1]

এই উৎসৱ অনুষ্ঠিত কৰিবৰ বাবে মুকলি পথাৰ বাচি লোৱা হয় আৰু এটা ডাঙৰ চাংঘৰ সঁজা হয়। ইয়াৰ সন্মুখত উপৰি পুৰুষৰ প্ৰতীকটো স্থাপন কৰে। ইয়াক কোৱা হয় শ্বাদুং । শ্বাদুংৰ ঠাইডোখৰত পূজাৰী এ ফুল আৰু পানী ছটিয়াই। পূৰ্বতে এই শ্বাদুং স্থাপন কৰা ঠাইত চাপুক(মদ) ঢলা হৈছিল লগতে মহ, গাহৰি আদিও পূজাৰ উপচাৰ হিচাবে আগবঢ়োৱা হৈছিল। কিন্তু তেওঁলোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ পাছত পূৰ্বৰ মহ, গাহৰি বধ কৰাৰ প্ৰথা এৰি পেলালে। কিন্তু অৰুণাচলত বাস কৰা চিংফৌসকলৰ মাজত এই পৰম্পৰা বৰ্তমানেও বিৰাজমান।[1]

পৰিবেশন

[সম্পাদনা কৰক]

শ্বাদুংৰ চাৰিওকাষে চিংফৌ ডেকা - গাভৰু, বুঢ়া-বুঢ়ী আটায়ে পৰম্পৰাগত জাতীয় সাজ পৰিধান কৰি গীত - নৃত্য কৰে। নৃত্য কৰোঁতে চিংফৌ পুৰুষসকলে হাতত একোখন দা লয় আৰু মহিলাসকলে হাতে হাতে একোখন ডলা নাইবা ৰুমাল লৈ শ্বাদুংৰ চাৰিওকাষে ঘূৰি ঘূৰি নাচে। গীত-নৃত্যৰ তালে তালে চেং(ঢোল), পিমান(বাঁহী) আৰু বৰকাঁহ বজায়। ডেকা-গাভৰুৰ পৰা বুঢ়া - বুঢ়ীলৈকে সকলোৱে এই নৃত্য-গীতত ভাগ লয়। আনকি বাহিৰৰ পৰা যোৱা অতিথীয়েও তেওঁলোকৰ এই নৃত্যত ভাগ ল'ব পৰা সুবিধা আছে।[1]

লোকবিশ্বাস

[সম্পাদনা কৰক]

শ্বপৌং য়ৌংমান উৎসৱৰ লগত সংগতি ৰাখি নিৰ্মাণ কৰা শ্বাদুং নিৰ্মাণ কৰা প্ৰতি টুকুৰা কাঠতে আদি দেৱতা চন্দ্ৰ আৰু সূৰ্য্যৰ চিহ্নও অংকন কৰা হয়। তেওঁলোকৰ বিশ্বাস চন্দ্ৰ-সূৰ্য্যৰ উত্তাপত এদিন গুটিৰ পৰা গজালি মেলি শস্য নদন-বদন হৈছিল। পক্ষীকুলৰ ভিতৰত আটাইতকৈ ডাঙৰ পক্ষী ধনেশৰ নেতৃত্বত আন আন চৰাইবোৰেও আনন্দত মতলীয়া হৈ নাচিবলৈ ধৰে। হেনোম্যাদীংয়াউ নামৰ আদিম মানুহজনে এই আনন্দৰ নৃত্য - গীতবোৰ হাবিৰ আঁৰৰ পৰা মনে মনে চাই আছিল আৰু তেওঁলোকৰ বিশ্বাস যে পৃথিৱীত নৃত্য-গীতৰ প্ৰথম প্ৰচলন কৰা ব্যক্তিজনে হ'ল হেন ম্যাংদিংয়াউ। গতিকে তেতিয়াৰে পৰা এই শ্বাদুংৰ কাষে কাষে চিংফৌজসকলে শ্বপৌং য়ৌংমান উৎসৱত গীত-নৃত্য কৰি আহিছে।[1]

শ্বাদুং নিৰ্মাণৰ কৌশল

[সম্পাদনা কৰক]

শ্বাদুং নিৰ্মাণ কৰিবলৈ সাত বা নডাল ফলা কাঠ পুতি এডাল ডাঙৰ বনভলুকা বাঁহ মাজত ঠিয়কৈ পুতা হয়। এই ফলা কাঠবোৰত বিভিন্ন পশু-পশুৰ চিত্ৰঅংকন কৰা থাকে আৰু ইয়াৰে কোনো এডাল ওখ আৰু কোনো এডাল চাপৰ হয়। ওখ কাঠডোখৰক পুৰুষৰ প্ৰতীক আৰু চাপৰ কাঠডোখৰক মহিলাৰ প্ৰতীক হিচাপে বিশ্বাস কৰা হয়।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 চেতিয়া, উমেশ. অসমৰ লোক সংস্কৃতিৰ ৰূপৰেখা.