সমললৈ যাওক

শ্বাহনাজ বুখাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বাহনাজ বুখাৰী
ৰাষ্ট্ৰীয়তা পাকিস্তানী
শিক্ষানুষ্ঠান পাঞ্জাৱ বিশ্ববিদ্যালয়
পেচা মনোবিজ্ঞানী, নাৰী অধিকাৰ কৰ্মী
সংস্থা প্ৰগতিশীল মহিলা সংস্থা
জনা যায় মহিলাৰ অধিকাৰৰ বাবে সক্ৰিয়তা
সন্তান দুজন পুত্ৰ আৰু দুগৰাকী কন্যা
বঁটা, সন্মান, পুৰস্কাৰ আদি অসামৰিক সাহস পুৰস্কাৰ (২০০৩)

শ্বাহনাজ বুখাৰী (ইংৰাজী: Shahnaz Bukhari) এগৰাকী পাকিস্তানী মনোবিজ্ঞানী আৰু মহিলা অধিকাৰ কৰ্মী। তেওঁ বেচৰকাৰী সংগঠন প্ৰগতিশীল মহিলা সন্থা চমুকৈ পিডব্লিউএৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক। এই সংগঠনে মহিলাৰ বিৰুদ্ধে হিংসাক নথিভুক্ত আৰু বিৰোধিতা কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

তেওঁ লাহোৰৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। স্নাতক হোৱাৰ পিছত তেওঁ চৌদি আৰৱত সাত বছৰ পাৰিবাৰিক পৰামৰ্শদাতা হিচাপে কাম কৰিছিল। ১৯৮৪ চনত পাকিস্তানলৈ উভতি অহাৰ পিছত বুখাৰীয়ে লক্ষ্য কৰে যে পাকিস্তানত হিংসাৰ বলি হোৱা মহিলা সকলৰ বাবে কোনো সেৱা নাই আৰু তেওঁ এই শূন্যতা পূৰণ কৰাৰ সংকল্প লয়। তেওঁ পৰৱৰ্তী বছৰত প্ৰগ্ৰেছিভ উইমেন এছ'চিয়েচন বা প্ৰগতিশীল মহিলা সংস্থা (পিডব্লিউএ) প্ৰতিষ্ঠা কৰে। এই সংস্থা হৈছে সামাজিক আৰু ঘৰুৱা হিংসাৰ ভুক্তভোগী মহিলাসকলক সহায় কৰাৰ বাবে এক সংগঠন।[1] ১৯৯৪ চনত পিডব্লিউএ-য়ে এচিড আৰু অগ্নিদগ্ধ পীড়িতসকলৰ গোচৰ গ্ৰহণ কৰা আৰম্ভ কৰে।[2] তেওঁ 'ৱমেনছ ৱৰ্ল্ড' আলোচনীও সম্পাদনা আৰু প্ৰকাশ কৰে।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

একে বছৰতে প্ৰগতিশীল মহিলা সংস্থায়ে সফলতাৰে প্ৰধানমন্ত্ৰী বেনজীৰ ভুট্টোক সকলো মহিলা আৰক্ষী থকা থানা স্থাপন ৰখাৰ বাবে মান্তি কৰাইছিল। ১৯৯৯ চনত বুখাৰীয়ে ৰাৱালপিণ্ডিত থকা তেওঁৰ পৰিয়ালৰ ঘৰটো 'আশৰা' নামেৰে আশ্ৰয় গৃহলৈ ৰূপান্তৰিত কৰে। এই আশ্ৰয় গৃহ শিশুৰ সৈতে আঘাতপ্ৰাপ্ত মহিলাসকলৰ বাবে পাকিস্তানৰ প্ৰথম আশ্ৰয় গৃহ। [4] বুখাৰী আৰু প্ৰগ্ৰেছিভ উইমেন এছ'চিয়েশ্যনে মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ নথিভুক্ত কৰা ১৬,০০০টা ঘটনাৰ অংশ হিচাপে ৫,৬৭৫ ৰো অধিক ষ্টোভৰ পৰা অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ভুক্তভোগীক উদ্ঘাটন কৰিছে।[1] ১৯৯৪ চনৰ পৰা ২০০৮ চনলৈ তেওঁ সংগঠনে ইছলামাবাদ অঞ্চলত এচিড আক্ৰমণৰ ৭,৮০০টা ঘটনা নথিভুক্ত কৰিছিল।[5]

২০০১ চনত বুখাৰীক 'আশৰা' আশ্ৰয় গৃহত এগৰাকী মহিলাক উৎপীড়নকাৰী স্বামীৰ পৰা আশ্ৰয় দিয়াৰ পিছত "ব্যভিচাৰৰ প্ৰচেষ্টাত উদগনি দিয়া"ৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। তাইক দুবছৰ পিছত অভিযোগৰ পৰা মুক্ত কৰা হৈছিল।[1] বুখাৰীৰ মতে তেওঁ আৰু তেওঁৰ পৰিয়ালেও বহুতো ভাবুকি পোৱাৰ লগতে সঘনাই আৰক্ষীৰ অভিযানৰ সন্মুখীন হৈছে।[6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁ দুই পুত্ৰ আৰু দুগৰাকী কন্যাৰ একক অভিভাৱক হিচাপে একেলগে বাস কৰে। তেওঁৰ সন্তানৰ ভিতৰত জ্যেষ্ঠজনে তেওঁৰ মুখ্য সহায়ক হিচাপে কাম কৰে। শ্বাহনাজৰ পূৰ্বৰ স্বামী আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰে।[3]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]

বুখাৰীয়ে ২০০৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ট্ৰেইন ফাউণ্ডেচনৰ অসামৰিক সাহস বঁটা লাভ কৰিছিল। "সামৰিক বীৰত্বৰ সলনি ব্যক্তিগত বিপদাশংকাত অশুভশক্তিৰ বিৰুদ্ধে দৃঢ় প্ৰতিৰোধ"ৰ বাবে তেওঁক এই বঁটাৰে পুৰস্কৃত কৰা হৈছিল।[7][8] এবছৰৰ পিছত, ৱমেন ইনিউজে তেওঁক "একবিংশ শতিকাৰ বাবে ২১ গৰাকী নেতা"ৰ এজন বুলি উল্লেখ কৰিছে।[1]

তেওঁ ২০০১ চনত ৱেইমাৰ মানৱ অধিকাৰ বঁটা লাভ কৰিছিল।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 4 Carline Bennett (23 December 2003). "21 Leaders for the 21st Century". We News. http://www.womensenews.org/story/21-leaders-the-21st-century/031223/seven-who-stretch-their-reach-across-cultures আহৰণ কৰা হৈছে: 2 August 2012.
  2. Zofeen T. Ebrahim (16 February 2009). "Maria Shah — another acid attack file closed?". http://archives.dawn.com/2009/text/local8.htm আহৰণ কৰা হৈছে: 2 August 2012.
  3. 1 2 Richard H. Curtiss (August–September 1996). "Shahnaz Bukhari—A Single-Minded Activist for Women's Rights". Washington Report on Middle East Affairs. http://www.wrmea.com/backissues/0896/9608080.htm আহৰণ কৰা হৈছে: 2 August 2012.
  4. "Shahnaz Bukhari". Conference on World Affairs: University of Colorado-Boulder. http://www.colorado.edu/cwa/bios.html?id=838&year=2008 আহৰণ কৰা হৈছে: 2 August 2012.
  5. Nicholas D. Kristof (30 October 2008). "Terrorism that's personal". The New York Times. https://www.nytimes.com/2008/11/30/opinion/30iht-edkristof.1.18258201.html আহৰণ কৰা হৈছে: 2 August 2012.
  6. Shahnaz Bukhari (15 October 2003). "Shahnaz Bukhari Civil Courage Prize Address". Civil Courage Prize. http://www.civilcourageprize.org/bukhari-remarks.htm আহৰণ কৰা হৈছে: 2 August 2012.
  7. "Civil Courage Prize". civilcourageprize.org. 2010. http://www.civilcourageprize.org/honorees.htm আহৰণ কৰা হৈছে: 11 May 2011.
  8. "David Patrick Columbia's New York Social Diary". newyorksocialdiary.com. 29 October 2003. http://www.newyorksocialdiary.com/partypictures/2003/10.29.03/partypictures10.29.03.php আহৰণ কৰা হৈছে: 2 August 2012.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]