শ্বাহ মখদুম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বাহ মাখদুম ৰূপোছ

শ্বাহ মাখদুমৰ দৰগাহ
অন্যান্য নাম ৰূপোছ
ব্যক্তিগত
জন্ম
আব্দুল কুদ্দুছ জালালুদ্দিন

১২১৬
মৃত্যু ১৩১৩
ৰামপুৰ বোৱালিয়া
সমাধিস্থল দৰগাহ পাৰা, ৰাজশ্বাহী, বাংলাদেশ
ধৰ্ম ছুন্নী ইছলাম
পিতৃ-মাতৃ
  • আজালা শ্বাহ (father)
সংঘ ছুফি (চিষ্টি অৰ্ডাৰ)
অন্য নাম ৰূপোছ
জ্যেষ্ঠ বিষয়বাব
অৱস্থান ৰাজশ্বাহী
বিষয়বাব ছুফি পণ্ডিত আৰু ৰহস্যবাদী

আব্দুল-কুদ্দুছ জালাল আদ-দীন (বঙালী: শাহ মখদুম) আছিল বাংলাদেশৰ এগৰাকী চুফী মুছলমান ব্যক্তিত্ব। তেওঁ শ্বাহ মখদুম নাইবা ৰূপোছ নামেৰে অধিক পৰিচিত৷ বংগৰ বৰেন্দ্ৰ অঞ্চলত ইছলাম ধৰ্মৰ প্ৰসাৰৰ লগত তেওঁৰ জড়িত। তেওঁ বাগদাদৰ পৰা জ্যেষ্ঠ ভাতৃ চৈয়দ আহমদ (মিৰাণ শ্বাহ)ৰ সৈতে বংগত আহি উপস্থিত হয়। বাংলাদেশৰ ৰাজশ্বাহীস্থিত শ্বাহ মাখদুম বিমানবন্দৰ তেওঁৰ নামেৰে ৰখা হৈছে৷ [1]

জীৱন[সম্পাদনা কৰক]

শ্বাহ মখদুমৰ সঠিক জন্ম তাৰিখ জানিব পৰা হোৱা নাই যদিও তেওঁৰ জন্ম বাগদাদত বুলি ধৰা হয়।তেওঁৰ পিতৃ আজালা শ্বাহক আব্দুল কাদিৰ গিলানীৰ বংশধৰ বুলি কোৱা হয়। নোয়াখালিৰ লক্ষ্মীপুৰলৈ আহি তেওঁ বৰ্তমান শ্যামপুৰ নামেৰে জনাজাত গাঁওখনত এখন খানকাহ স্থাপন কৰে। [2]তেওঁৰ জ্যেষ্ঠ ভাতৃ চৈয়দ আহমদ মিৰাণ শ্বাহে ওচৰৰ কাঞ্চনপুৰ গাঁৱত এখন খানকাহ স্থাপন কৰিছিল। চিষ্টি অৰ্ডাৰৰ সন্তসকলৰ একাংশৰ দৰে কাপোৰৰ টুকুৰাৰে নিজৰ মুখখন ঢাকি ৰখাৰ বাবে তেওঁ ৰূপোছ নাম লাভ কৰিছিল।

দুবছৰৰ পাছত সমসাময়িক মুছলমান প্ৰচাৰক শ্বাহ তুৰ্কন আৰু তেওঁৰ সতীৰ্থসকলক স্থানীয় তান্ত্ৰিক ৰাজা আংছু দেও চন্দবন্দী বৰ্মাভোজে হত্যা কৰি মহাকলালৈ বলি দিয়াৰ কথা গম পাই তেওঁ সংগীসকলৰ সৈতে বৰেন্দ্ৰৰ বাঘালৈ প্ৰব্ৰজন কৰে।[3] তুৰ্কানৰ প্ৰতিশোধ ল’বলৈ মাখদুম আৰু তেওঁৰ সংগীসকলে ৰাজাক পৰাস্ত কৰি পৰৱৰ্তী সময়ত ৰামপুৰ বোৱালিয়া(বৰ্তমানৰ ৰাজশ্বাহী চহৰ)ত এখন খানকাহ স্থাপন কৰে।তাৰ পিছত মাখদুমে নিজৰ সংগীসকলক কাষৰীয়া অঞ্চলবোৰলৈ পঠিয়াই ইছলামৰ বাবে খানকাহ স্থাপন কৰি প্ৰচাৰ কৰে। পাছলৈ তেওঁলৈ উচৰ্গা কৰি বাঘাৰ নাম সলনি কৰি মখদুম নগৰ কৰা হয়। ইয়াত তেওঁৰ কিছুমান সংগী আছিল চৈয়দ শ্বাহ আব্বাছ, চৈয়দ দিলাল বুখাৰী, শ্বাহ চুলতান, শ্বাহ কৰম আলী আৰু নুছৰত শ্বাহ।[4]  শ্বাহ মাখদুমে জীৱনৰ বাকী সময়খিনি ৰাজশ্বাহী অঞ্চলত ইছলামৰ প্ৰচাৰত কটায়।

মৃত্যু[সম্পাদনা কৰক]

তেওঁৰ মৃত্যু কেনেকৈ হ'ল সেয়া জনা নাযায় যদিও ২৭ ৰজাবত মখদুমৰ মৃত্যু হৈছিল আৰু তেওঁক ৰামপুৰ বোৱালিয়াৰ দৰগাহ পাৰাত সমাধিস্থ কৰা হৈছিল। [5] কিছুমান সূত্ৰমতে তেওঁৰ মৃত্যু হৈছিল ১৩১৩ খ্ৰীষ্টাব্দত৷ আন কিছুমান সূত্ৰৰ মতে, ১৫৯২ খ্ৰীষ্টাব্দত ১১৭ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল। মোগল যুগত দ্বাদশ ছিয়া আৰু মহান আব্বাছৰ দাস আলী কুলি বেগে বৰ্গক্ষেত্ৰৰ আকৃতিৰ এক গম্বুজযুক্ত সমাধিস্থল নিৰ্মাণ কৰিছিল৷।[6] ভক্তসকলে প্ৰতি বছৰে দৰগাহ চৌহদত ২৭ ৰজবত উৰ্ছ কৰি মখদুমৰ মৃত্যুদিৱসত শ্ৰদ্ধাঞ্জলি যাঁচে ৷ ১৮৭৭ চনত এই মন্দিৰৰ ৰক্ষকে কয় যে মোগল সম্ৰাট হুমায়ুনে উপহাৰ হিচাপে এই স্থানক ভাড়ামুক্ত কৰিছিল।[7]

১৯০৪ চনত এই স্থানৰ নৱমজন ৰক্ষকে গুলাম আকবৰে ৰাজশাহী জিলা আদালতত এটা বিবৃতি দি উল্লেখ কৰে যে ১৬৩৪ চনত এই ক্ষেত্ৰটিৰ প্ৰতিষ্ঠা হৈছিল যদিও তাৰ ৪৫০ বছৰ আগলৈকে শ্বাহ মখদুম ৰূপোছ জীয়াই আছিল৷ এইদৰে চাবলৈ গ'লে, তেওঁৰ অৱস্থান ১১৮৪ চনৰ (১২ শতিকাৰ)। শ্বাহ নুৰ আছিল এই স্থলীৰ প্ৰথমগৰাকী ৰক্ষক৷.[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "ZIA made Shahjalal International Airport". 16 Feb 2010. https://www.thedailystar.net/news-detail-126503. 
  2. Abdul Karim (historian) (2012). "Shah Makhdum Rupos (R)". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 23 April 2024. 
  3. Bhuiyan, Mosharraf Hussain (2012). "Shah Turkan Shahid (R)". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 23 April 2024. 
  4. Teaching and Research in Philosophy: Asia and the Pacific. UNESCO. 1986. পৃষ্ঠা. 55. 
  5. Abdullah Al Masud; Md Faruk Abdullah; Md Ruhul Amin (Dec 2017). "History of Sufism in Bangladesh". The Contributions of Sufism in Promoting Religious Harmony in Bangladesh (Thesis). https://www.researchgate.net/publication/322251583_The_Contributions_of_Sufism_in_Promoting_Religious_Harmony_in_Bangladesh. 
  6. 6.0 6.1 Ismail, Muhammad (Jan 2010). "Makhdum Shah". Hagiology of Sufi saints and the spread of Islam in South Asia. Jnanada Prakashan. পৃষ্ঠা. 26. 
  7. Hanif, N (2000). "Makhdum Shah Rajshahi (d.1592A.D.)". Biographical Encyclopaedia of Sufis: South Asia. Sarup & Sons. পৃষ্ঠা. 200.