সমললৈ যাওক

শ্লীপিং বিউটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্লীপিং বিউটী
Sleeping Beauty
সাধু কথা
নাম: শ্লীপিং বিউটী
Sleeping Beauty
AKA: (AKA)
তথ্য
Aarne-Thompson Grouping:(Grouping)
লোকবিশ্বাস: (Mythology)
দেশ: (Country)
প্ৰকাশ: ১৬৯৭ চন

স্লীপিং বিউটী (ইংৰাজী: Sleeping Beauty) হৈছে চাৰ্লছ পেৰল্ট ৰচিত শ্লিপিং বিউটী বা গ্ৰীম ভাতৃদ্বয় ৰচিত "লিটল ব্ৰায়াৰ ৰোজ" হ'ল যাদুকৰী নিদ্ৰাত শুই থকা এগৰাকী ৰাজকুমাৰী আৰু এজন সুদৰ্শন ৰাজকুমাৰৰ এক পৌৰাণিক সাধুকথা। ১৬৯৭ চনত পেৰল্টৰ Histoires ou contes dutempspasséত ইয়াৰ প্ৰথম প্ৰকাশ হয়[1]। ১৯৫৯ ইয়াৰ পৰা এখন ৱাল্ট ডিজনী এনিমেটেড চলচ্চিত্ৰ বনোৱা হয়।

সাধুকথাটি

[সম্পাদনা কৰক]

প্ৰথম খণ্ড

[সম্পাদনা কৰক]

বহুদিনৰ আশা পূৰ্ণ হৈ যেতিয়া ৰজা ৰাণীৰ এটি কন্যাসন্তান জন্ম হল তেওঁলোকে সাত গৰাকী পৰীক কণমানি ৰাজকুমাৰী গৰাকীৰ ধৰ্মমাক হ'বলৈ নিমন্ত্ৰণ জনালে। প্ৰাসাদত সজাই থোৱা সাতখন সোণোৱালী চকীত তেওঁলোকে আসন গ্ৰহণ কৰিলে। সেই সময়তে তাত আন এজনী দুষ্ট বুঢ়ী পৰীয়ে প্ৰবেশ কৰিলে। যিহেতু তেওঁ নিমন্ত্ৰিত নাছিল তেওঁৰ বাবে সোণোৱালী চকী সজোৱা হোৱা নাছিল। যেতিয়া উপহাৰ দিবৰ সময় আহিল তেতিয়া ছয়গৰাকী পৰীয়ে ৰাজকুমাৰীক সৌন্দৰ্য্য,বুদ্ধিমত্­তা, সক্ৰিয়তা,নৃত্য ,সংগীত আৰু বাদ্যযন্ত্ৰ বজাব পৰা ক্ষমতা উপহাৰ হিচাপে দিলে। কিন্তু দুষ্ট পৰীজনীয়ে উপহাৰৰ সলনি অভিশাপ দিলে যে ৰাজকুমাৰীৰ হাতত সূতাঁৰ মহুঁৰাই বিন্ধিব আৰু তেওঁৰ মৃত্যু ঘটিব। সেই সময়তে তেতিয়াও উপহাৰ দিবলৈ বাকী থকা পৰীজনীয়ে এই অভিশাপ খণ্ডাবলৈ আশীৰ্বাদ দিয়ে যে এশবছৰৰ নিদ্ৰাৰ অন্তত এজন ৰাজকুমাৰে তেওঁক জগাব। এই শুনি ৰজাই সমগ্ৰ ৰাজ্যতে যঁতৰ,মহুৰা আদিৰ ব্যৱহাৰ বন্ধ কৰি দিয়ে। পিছে এজনী বুঢ়ীয়ে এয়া গম নাপাই আৰু যঁতৰ চলাই থাকে। ষোড়শী ৰাজকুমাৰীয়ে নিজেও যঁতৰ চলাব বিচাৰে আৰু আঙুলিত মহুঁৰাই বিন্ধাত অভিশাপ অনুসৰি ৰাজকুমাৰী অচেতন হৈ পৰে। তেতিয়া সপ্তম পৰীজনীৰ পুনৰ আবিৰ্ভাৱ হয় আৰু তেওঁ ৰাজকুমাৰী ভবিষ্যতে অকলশৰীয়া হৈ পৰিব বুলি প্ৰাসাদৰ সকলোটিকে এশবছৰীয়া নিদ্ৰাত শুৱাই থৈ এখন অৰণ্যৰ সৃষ্টি কৰি প্ৰাসাদটো লোকচক্ষুৰ পৰ লুকাই থ'লে। এশ বছৰ পিছত এদিন এজন ৰাজকুমাৰে চিকাৰ কৰিবলৈ আহি প্ৰাসাদটি আৱিষ্কাৰ কৰে। ভিতৰত সোমাই ৰাজকুমাৰীক দেখাৰ লগে লগে ৰাজকুমাৰ প্ৰেমত পৰে। লগে লগে সমগ্ৰ প্ৰাসাদ জাগি উঠে আৰু ধুম-ধামেৰে দুয়োৰে বিবাহ সম্পন্ন হয়।

দ্বিতীয় খণ্ড

[সম্পাদনা কৰক]

সেই প্ৰাসাদতে তেওঁলোকৰ এটি পুত্ৰ আৰু এটি কন্যাসন্তান জন্ম হয়। কিন্তু এই কথাটো ৰাজকুমাৰে মাহীমাকৰ পৰা লুকাই ৰাখে যিজনী দৰাচলতে এজনী ৰাক্ষসী আছিল। ৰাজপাটত বহি ৰাজকুমাৰে ৰাণী(পত্নী) আৰু দুই সন্তানক মহললৈ লৈ আহে। পিছে এদিন ৰাজকুমাৰৰ অনুপস্থিতিত ৰাক্ষসীয়ে ৰাণী আৰু সন্তানদুটিক অৰণ্যৰ মাজৰ এটা ঘৰলৈ লৈ যায় আৰু তাত থকা ৰান্ধনীক ল'ৰা-ছোৱালী দুটা মাৰি মাংস ৰান্ধিবলৈ কয়। পিছে ৰান্ধনীয়ে এটা ভেড়া আৰু ছাগলী এটা মাৰি ৰাক্ষসীক মানুহৰ মাংস বুলি ৰান্ধি দিয়ে। কিন্তু ৰাক্ষসীয়ে এটা সময়ত সকলো গম পায় আৰু সিহঁতক মাৰিবলৈ চোতালত এটা গাঁত খান্দি তাত বহুতো বিষাক্ত প্ৰাণী থৈ দিয়ে। হেন সময়তে ৰাজকুমাৰ আহি মাকৰ সকলো কথা গম পায়। আত্মগ্লানিত ভুগি ৰাক্ষসীয়ে নিজেই সেই গাঁতটোত জঁপিয়াই আত্মহত্যা কৰে আৰু বাকী সকলোৱে সুখে সন্তোষে বাস কৰি থাকে।

বিভিন্নতা

[সম্পাদনা কৰক]

সময়, ভাষা ভেদে সাধুটিৰ বহুতো পৰিৱৰ্তন পৰিলক্ষিত হয়। ৰাজকুমাৰী গৰাকীৰ নামো ভিন ভিন। চান মুন টেলিয়া(ইটালিয়ান সাধুকথা)ত তেওঁৰ নাম টেলিয়া পেৰল্টৰ সাধুত তেওঁৰ নাম L'Aurore আনহাতে গ্ৰীমৰ সাধুত তেওঁৰ নাম ব্ৰায়াৰ ৰোজ[2]। ৱাল্ট ডিজনীৰ চলচ্চিত্ৰত তেওঁৰ নাম "অৰোৰা"[3] আৰু জন ষ্টিজেনৰ টেলিষ্টৰীত তেওঁৰ নাম ৰোজবাড। গ্ৰীমৰ সাধুত ৰাজকুমাৰৰ প্ৰৱেশ আৰু বিবাহতে সাধুটিৰ পৰিসমাপ্তি ঘটিছে আৰু পিছৰ ছোৱা দ্য এভিল মাদাৰ-ইন-ল নামৰ অন্য এটা সাধুত অন্তৰ্ভুক্ত কৰা হৈছে।

মীথ থীমছ

[সম্পাদনা কৰক]

ফ'কল'ৰিষ্ট(folkloris­t) সকলৰ মতে ইয়াক এক প্ৰকৃতি সম্বন্ধীয় ৰূপকৰ লগত তুলনা কৰিব পাৰি। ইয়াত ৰাজকুমাৰী হ'ল প্ৰকৃতি। দুষ্ট বুঢ়ী পৰীজনী হল শীত যিয়ে মায়াজালেৰে সকলোকে চেঁচা কৰি শুৱাই পেলাই। আনহাতে ৰাজকুমাৰ হল বসন্ত যিয়ে তৰোৱালেৰে(সূৰ্য্যৰশ্­মি) বৰফৰ জাল ভাঙি পেলাই সকলোকে জীপাল কৰি তোলে।

ৱাল্ট ডিজনীৰ স্লীপিং বিউটী

[সম্পাদনা কৰক]

ৱাল্ট ডিজনী প্ৰডাকচনৰ এনিমেটেড চলচ্চিত্ৰ স্লীপিং বিউটী ১৯৫৯ চনৰ ২৯ জানুৱাৰীত ৰিলিজ হয়। ইয়াক নিৰ্মাণ কঁৰোতে প্ৰায় ৬ মিলিয়ন আমেৰিকান ডলাৰখৰচ হয়। ইয়াত তিনিজনী ভাল পৰী ফ্লোৰা,ফউনা,মেৰীৱেদাৰ আৰু দুষ্ট পৰী মেলফিচেণ্টক দেখুওৱা হয়। ডিজনীৰ আন বহুতো চিত্ৰৰূপৰ দৰে ইয়াতো কাহিনীভাগৰ ব্যাপক সাল সলনি ঘটোৱা হৈছে। এই ৰাজকুমাৰী গৰাকীক ডিজনীৰ সবাতোকৈ ধুনীয়া অভিনেত্ৰী আখ্যা দিয়া হৈছে।


চিত্ৰ ভঁৰাল

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Bottigheimer­, Ruth. (2008). "BeforeContes du temps passe (1697): Charles Perrault'sGriselidis­, Souhaits andPeau".TheRomantic­ Review, Volume 99,Number 3. pp. 175-189
  2. Jacob and Wilheim Grimm, Grimms' Fairy Tales, "Little Briar-Rose" Archived 2007-05-20 at the Wayback Machine
  3. Heidi Anne Heiner, "The Annotated Sleeping Beauty Archived 2010-02-22 at the Wayback Machine"

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]