শ্ৰীকৃষ্ণকীৰ্তন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
১৯১৬ চনত প্ৰকাশিত শ্ৰীকৃষ্ণকীৰ্তনৰ বেটুপাত

শ্ৰীকৃষ্ণকীৰ্তন এখন প্ৰাচীন নাট্যধৰ্মী গীতিকাব্য।[1] ইয়াত মুঠ ১৩টা খণ্ড আৰু ৪১৮ টা গীত আছে। এই গ্ৰন্থখনৰ কবি বড়ু চণ্ডীদাস। গ্ৰন্থখন উদ্ধাৰ কৰিছিল বঙালী পণ্ডিত বসন্তৰঞ্জন ৰায়ে[2] বাঁকুৰা জিলাৰ এজন ব্ৰাহ্মণৰ ঘৰত এই পুথিখন উদ্ধাৰ হয়। এই পুথিখনক উদ্ভৱকালীন অসমীয়া ভাষাৰ দ্বিতীয় সাহিত্যিক নিদৰ্শন বুলি কোৱা হয়। ১৯১৬ চনত বসন্তৰঞ্জন ৰায়ৰ সম্পাদনাত বংগীয় সাহিত্য পৰিষদৰ পৰা এই পুথিখনৰ প্ৰথম সংখ্যা এটি ছপা হৈ ওলায়। ভাষাবিদ সকলৰ অনুমান ভিত্তিত এই কাব্য গ্ৰন্থ খন ৰচনা কৰা হৈছিল ত্ৰয়োদশ-চতুৰ্দশ শতিকাত। গ্ৰন্থখনৰ ভাষা পুৰণি অসমীয়া ভাষা[উদ্ধৃতিৰ প্ৰয়োজন]

বৈশিষ্ট্য[সম্পাদনা কৰক]

শ্ৰীকৃষ্ণকীৰ্তন উদ্ভৱকালীন অসমীয়া ভাষাৰ দ্বিতীয় সাহিত্যিক নিদৰ্শন। বিষয় বস্তুৰ ফালৰ পৰা এই কাব্য গ্ৰন্থ খন ৰাধা-কৃষ্ণৰ লৌকিক পৰকীয়া প্ৰেম লীলাক কেন্দ্ৰ কৰি ৰচনা কৰা।[3] এই কাব্য গ্ৰন্থখন আদিৰসৰ। ড॰ লীলাৱতী শইকীয়াৰ সম্পাদনাত এই কাব্যগ্ৰন্থ খনৰ এটা সম্পাদিত ৰূপ অসমীয়া ভাষাত প্ৰকাশ পাইছে। গ্ৰন্থখনৰ মুঠ খণ্ডৰ সংখ্যা ১৩টা এই তেৰটা খণ্ডত মুঠ ৪১৮টা গীত আছে। প্ৰথমৰ জন্মখণ্ডৰ প্ৰথম গীতটোৰ প্ৰথম পাঁচটা পদ নাই। শেষৰ ৰাধা-কৃষ্ণ খণ্ডটোৰো শেষৰ কেইশাৰীমান নাই। এই কাব্যগ্ৰন্থ খনত ৩২টা ৰাগ আৰু ১৫টা তালৰ উল্লেখ আছে।[4] মুঠ ১৬১টা শ্লোকৰ ভিতৰত ২৮টা শ্লোকৰ পুনৰাবৃত্তি ঘটিছে। দেশীয় ভাষাৰ উপাদানৰ পৰ্যাপ্ততা কেৱল শ্ৰীকৃষ্ণকীৰ্তনতেই বৰ্তমানলৈকে লক্ষ্য কৰা হৈছে। শ্ৰীকৃষ্ণকীৰ্তনৰ আধাৰ গ্ৰন্থ প্ৰধানকৈ বিষ্ণু পুৰাণ।[1]

বিষয়বস্তু[সম্পাদনা কৰক]

শ্ৰীকৃষ্ণকীৰ্তনৰ মুখ্য চৰিত্ৰ মাত্ৰ তিনিটা- শ্ৰীকৃষ্ণ, ৰাধা আৰু বড়ায়ি। গ্ৰন্থখনৰ মুঠ তেৰটা খণ্ড হৈছে ক্ৰমে- জন্মখণ্ড, তাম্বুলখণ্ড, দানখণ্ড, নৌকাখণ্ড, ভাৰখণ্ড, ছত্ৰখণ্ড, বৃন্দাবনখণ্ড, কালীয় দমন খণ্ড, বস্ত্ৰহৰণ খণ্ড, বাণখণ্ড, বংশী খণ্ড, ৰাধা-কৃষ্ণ খণ্ড আৰু ৰাধা বিৰহ খণ্ড।[1] জন্মখণ্ডত দেৱতা সকলৰ প্ৰাৰ্থনাত জগতৰ ভাৰ নোহোৱা কৰিবলৈ কৃষ্ণ আৰু ৰাধাৰ জন্ম কথা বৰ্ণনা কৰা হৈছে। তাম্বুলখণ্ডত ৰাধাৰ সৌন্দৰ্য্যৰ প্ৰতি আকৰ্ষিত হৈ বড়ায়িৰ হাতত তাম্বুল পঠিয়াই ৰাধাক কৃষ্ণই প্ৰেমৰ প্ৰস্তাৱ দিছে। দানখণ্ডত ৰাধাক পাবলৈ শ্ৰীকৃষ্ণযমুনা নদীৰ পাৰত দানীৰ অভিনয় আৰু ৰাধা-কৃষ্ণৰ মিলনৰ বৰ্ণনা আছে। নৌকাখণ্ডত আছে শ্ৰী কৃষ্ণই ঘটোৱালৰ ৰূপ ধৰি ৰাধাৰ সৈতে কৰা জলকেলিৰ বৰ্ণনা। ভাৰখণ্ডত ৰাধাৰ হাতৰ পৰা গাখীৰৰ কলহ কৃষ্ণই কঢ়িয়াই নিয়াৰ কথা আছে। ছত্ৰখণ্ডত মথুৰালৈ যোৱাৰ বাটত শ্ৰীকৃষ্ণই ৰাধাৰ বাবে ছাতি ধৰি দিছে। বৃন্দাবনখণ্ডত গোপী আৰু ৰাধাৰ সৈতে গান-নাচত ব্যস্ত হৈছে। কালীয় দমন খণ্ডত কালী সাপক মাৰি কালীহ্ৰদৰ পানী পৰিষ্কাৰ কৰাৰ কথা আছে। বস্ত্ৰহৰণ খণ্ডত কৃষ্ণই গা-ধুই থকা গোপী সকলৰ কাপোৰ লুকুৱাইছে। বাণখণ্ডত শ্ৰীকৃষ্ণই ৰাধালৈ মদন বান অৰ্থাৎ কাঁড় মাৰিছে। বংশী খণ্ডত শ্ৰী কৃষ্ণৰ বাঁহীৰ মাতত ৰাধাৰ উৎকণ্ঠা, বড়ায়িৰ উচতনিত ৰাধাই বাঁহী লুকুৱা আৰু পুনৰ ঘূৰাই দিয়া আদিৰ বৰ্ণনা আছে আৰু শেষৰ ৰাধা বিৰহ খণ্ডত ৰাধাৰ দুখ প্ৰকাশ, ৰাধা-কৃষ্ণৰ মিল আৰু কৃষ্ণই মথুৰালৈ কৰা যাত্ৰা সম্পৰ্কে উল্লেখ আছে।

সম্পাদনা আৰু প্ৰকাশ[সম্পাদনা কৰক]

এই গ্ৰন্থখনৰ কবি বড়ু চণ্ডীদাস। গ্ৰন্থখন উদ্ধাৰ কৰিছিল বঙালী পণ্ডিত বসন্তৰঞ্জন ৰায়ে।[5] বাঁকুৰা জিলাৰ এজন ব্ৰাহ্মণৰ ঘৰত এই পুথিখন উদ্ধাৰ হয়। ১৯১৬ চনত বসন্তৰঞ্জন ৰায়ৰ সম্পাদনাত বঙ্গীয় সাহিত্য পৰিষদৰ পৰা এই পুথিখনৰ প্ৰথম সংখ্যা এটি ছপা হৈ ওলায়। ভাষাবিদ সকলৰ অনুমান ভিত্তিত এই কাব্য গ্ৰন্থ খন ৰচনা কৰা হৈছিল ত্ৰয়োদশ-চতুৰ্দশ শতিকাত। বসন্তৰঞ্জন ৰায়ৰ সম্পাদনাত গ্ৰন্থখনৰ মুঠ নটা আৰু পিছত অমিত্ৰসূদনৰ সম্পাদনাত আঠটা সংস্কৰণ প্ৰকাশ পাইছে। আনহাতে ড॰ লীলাৱতী শইকীয়াৰ সম্পাদনত এই কাব্যগ্ৰন্থ খনৰ এটা সম্পাদিত ৰূপ অসমীয়া ভাষাত প্ৰকাশ পাইছে।

কবি[সম্পাদনা কৰক]

শ্ৰীকৃষ্ণকীৰ্তন' কাব্যৰ ৰচক বড়ুচণ্ডীদাস। যদিও তেওঁৰ আত্মপৰিচয় বা জীৱনকথা জাতীয় বিশেষ পোৱা নাযায় সেয়ে তেওঁৰ প্ৰকৃত পৰিচয় ধোঁৱাচ্ছন্ন বুলি কোৱা হয়। কাব্যত তেওঁৰ তিনিটা বিশেষণ পোৱা যায় – 'বড়ুচণ্ডীদাস', 'চণ্ডীদাস' আৰু 'আনন্ত বড়ুচণ্ডীদাস'। ইয়াৰে মাজৰ 'বড়ুচণ্ডীদাস' নামটো কাব্যৰ ২৯৮টা স্থানত আৰু 'চণ্ডীদাস' নামটো আছে ১০৭ বাৰ। ৭টি পদত 'অনন্ত' শব্দটিৰ ব্যৱহাৰ মন কৰিব পাৰি। ড॰ মিহিৰ চৌধুৰী কামিল্যাৰ মতে, চণ্ডীদাসৰ নাম আৰু বড়ু প্ৰকৃতপক্ষে তেওঁৰ কৌলিক উপাধি বাঁড়ুজ্য বা বন্দ্যোপাধ্যায়ৰ অপভ্ৰংশ। কবি চৈতন্য পূৰ্বৱৰ্তী কালৰ মানুহ। সম্ভৱত পঞ্চদশ শতাব্দীৰ প্ৰথম চোৱাত তেওঁ জীৱিত আছিল। বঙালী সাহিত্যত চণ্ডীদাস সমস্যা আৰু পদাৱলিত চণ্ডীদাসৰ জন্মভূমি বাঁকুড়া আৰু বীৰভূমিৰ মাজত যিমানেই বিবাদ নাথাকক কিয়, ড॰ মিহিৰ চৌধুৰী কামিল্যৰ ভাষাতাত্ত্বিক তথ্যপ্ৰমাণৰ দ্বাৰা প্ৰমাণিত হয় যে, 'শ্ৰীকৃষ্ণকীৰ্তন'ৰ ৰচয়িতা বড়ুচণ্ডীদাস বাঁকুৰা জিলাৰ সদৰ মহকুমা ছাতনাৰ অধিবাসী আছিল। বড়ুচণ্ডীদাস বাসুলী দেৱীৰ উপাসক আছিল আৰু দেৱীমন্দিৰৰ নিকটবৰ্তী স্থানত তেওঁৰ 'চিত্ৰনাটগীতি' পৰিবেশনৰ নাট্যশালা আছিল। এই বাসলী দেৱী প্ৰকৃতপক্ষে শক্তিদেৱী চণ্ডী অথবা মনসাৰ অন্য নাম। সম্ভৱত বাসলী দেৱীৰ পূজাত গীত পৰিবেশনৰ উদ্দেশ্যে দেৱীৰ স্বপ্নাদেশত তেওঁ এই কাব্য ৰচনা কৰিছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Sen, Sukumar (1991, reprint 2007). Bangala Sahityer Itihas, Vol.I, Kolkata: Ananda Publishers, আই.এচ.বি.এন. 81-7066-966-9, pp.120-154
  2. বাংলা সাহিত্যেৰ ইতিবৃত্ত, প্ৰথম খণ্ড, অসিতকুমাৰ বন্দ্যোপাধ্যায়, মডাৰ্ণ বুক এজেন্সী প্ৰাইভেট লিমিটেড, কলকাতা, ২০০৬, পৃ. ২২৮-২৯
  3. Bhowmik, Dulal (2012). "Srikrishnakirtan". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Srikrishnakirtan. 
  4. Stewart, T. K. (1986). "Book Review: Singing the Glory of Lord Krishna: The "Śrīkṛṣṇakīrtana"". Asian Folklore Studies (Nanzan Institute for Religion and Culture) খণ্ড 45 (1): 152–154. doi:10.2307/1177851. 
  5. Devnath, Samaresh (2012). "Chandidas". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Chandidas.