শ্ৰীলংকাৰ নাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰীলংকাৰ বস্ত্ৰ-উদ্যোগত কৰ্মৰত কেইগৰাকীমান মহিলা

২০১২ চনৰ লোকপিয়ল অনুসৰি শ্ৰীলংকাত মহিলাৰ সংখ্যা ৫২.০৯%। শ্ৰীলংকাৰ মহিলাসকলে দেশখনৰ উন্নয়নত যথেষ্ট অৰিহণা যোগাইছে আৰু এই অৰিহণা বহু ক্ষেত্ৰতে দেখা গৈছে।[1] ১৯৩১ চনৰ পৰাই তেওঁলোকক নিৰ্বাচনত ভোট দিবলৈ অনুমতি দিয়া হৈছে।[2] ঐতিহাসিকভাৱে শ্ৰীলংকাৰ সংস্কৃতিত পুৰুষতান্ত্ৰিক পক্ষপাতিত্বই আধিপত্য বিস্তাৰ কৰি আহিছে৷ শ্ৰীলংকাই লিংগসমতাৰ দ্ৰুতি বঢ়োৱাত প্ৰশংসাযোগ্য সফলতা লাভ কৰিছে যদিও পুৰুষৰ তুলনাত মহিলাৰ মৰ্যাদা তুলনামূলকভাৱে কম হোৱাটোও পৰিলক্ষিত হৈছে।[3]

২০১৭ চনত নিউ ৱৰ্ল্ড ৱেলথী গৱেষণা গোটে শ্ৰীলংকাক মহিলাৰ বাবে বিশ্বৰ ১১ সংখ্যক নিৰাপদ দেশ হিচাপে তালিকাভুক্ত কৰিছিল।[4]

দুটা সহস্ৰাব্দৰো অধিক কাল পূৰ্বে সিংহলী মহিলাসকলৰ বেছিভাগেই ৰাজকীয় আৰু উচ্চ পদবীৰ পুৰুষৰ সৈতে সমতাৰ ক্ষেত্ৰত কিছু ব্যক্তিগত স্বাধীনতা আৰু সামাজিক সুযোগ লাভ কৰিছিল। সিংহলী মহিলাসকলে পুৰুষৰ সৈতে বহু ৰাজহুৱা বিষয়ত অংশগ্ৰহণ কৰিছিল৷ তেওঁলোকে নাৰী আৰু মাতৃ হিচাপে স্বাধীন মৰ্যাদা লাভ কৰিছিল৷ তেওঁলোকে ব্যক্তিগত আৰু ৰাজহুৱা জীৱনত পৰিচয় পাইছিল আৰু নিজৰ জীৱন-ধাৰণৰ পদ্ধতি বাছি লোৱাৰ স্বাধীনতা আছিল। প্ৰায় ৩০০ খ্ৰীষ্টপূৰ্বৰ পৰা তেওঁলোকে সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে ফলপ্ৰসূ অগ্ৰগতি লাভ কৰিছিল।[5]

শ্ৰীলংকাৰ সমাজত নাৰীৰ ভূমিকাক লৈ কেইবা শতিকা ধৰি বিতৰ্ক আৰু যুঁজ চলি আহিছে। উদাহৰণস্বৰূপে, ব্ৰিটিছ ঔপনিৱেশিক যুগত জাতীয়তাবাদী তথা ঔপনিৱেশিক বিৰোধী আন্দোলনৰ এটা উল্লেখযোগ্য ধাৰা ঘৰৰ ভিতৰত আৰু বাহিৰত মহিলাসকলৰ ভূমিকা আৰু মৰ্যাদাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল। ঔপনিৱেশিক শাসনৰ পিছৰ পৰিৱৰ্তনশীল বছৰবোৰত শ্ৰীলংকাৰ নীতি-নিৰ্ধাৰকসকলে বিনামূলীয়া স্বাস্থ্য আৰু শিক্ষা-সেৱা তথা ৰাজসাহায্যযুক্ত খাদ্যৰ সামাজিক নীতিৰ পেকেজ প্ৰৱৰ্তন কৰে, যিয়ে মহিলাসকলৰ জীৱনৰ মানদণ্ড নাটকীয়ভাৱে উন্নত কৰে।[6] দক্ষিণ এছিয়াৰ বাকী দেশসমূহৰ তুলনাত শ্ৰীলংকাৰ মহিলাসকল অতি উন্নত৷ তেওঁলোকৰ আয়ুস উচ্চ, প্ৰায় ৮০ বছৰ৷ [7]

শ্ৰীলংকাৰ প্ৰতি পাঁচগৰাকী মহিলাৰ ভিতৰত দুগৰাকীয়ে জীৱনকালত সংগীৰ দ্বাৰা ঘৰুৱা হিংসাৰ মুখামুখি হৈছে বুলি চৰকাৰী সমীক্ষাত প্ৰকাশ পাইছে।[8] সংগীৰ দ্বাৰা হোৱা মানসিক হিংসা ২৭.৯% বুলি বিবেচনা কৰা হৈছে৷ এই হাৰ যোৱা দশকত হোৱা সকলো ধৰণৰ হিংসাৰ ভিতৰত সৰ্বাধিক। প্ৰতিবেদন অনুসৰি, সংগীয়ে মদ্যপান কৰি থকাৰ সময়ত মহিলাগৰাকী কেতিয়াবা শাৰীৰিক হিংসাৰ বলি হয় যিবোৰ ঘটনা চাহ-বাগিছা থকা অঞ্চলত বেছিকৈ সংঘটিত হয়৷ ইয়াৰ পাছতে এনে ঘটনা দেখা পোৱা যায় ক্ৰমে গ্ৰাম্য আৰু চহৰাঞ্চলত। ১৫ৰ পৰা ৩৪ বছৰৰ বয়সক্ৰমৰ ভিতৰৰ মহিলাসকল সকলো ধৰণৰ হিংসাৰ সন্মুখীন হোৱাৰ সম্ভাৱনীয়তা অধিক আছিল।[9] ২০১২ চনৰ পৰা ২০২০ চনলৈ দেশত ৫,৮৯১ টা শিশু নিৰ্যাতনৰ গোচৰ ৰুজু হৈছে। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি শ্ৰীলংকাৰ ৯০% মহিলাই ৰাজহুৱা পৰিবহণত যৌন নিৰ্যাতনৰ সন্মুখীন হৈছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Gender Statistics". Department of Census and Statisticswww.statistics.gov.lk. 2012. http://www.statistics.gov.lk/GenderStatistics/StaticalInformation. 
  2. "BeyondWomensDay: The Long Road To Gender Equality | History of Ceylon Tea" (en ভাষাত). www.historyofceylontea.com. https://www.historyofceylontea.com/ceylon-publications/ceylon-tea-articles/beyondwomensday-the-long-road-to-gender-equality.html#:~:text=In%202020,%20the%20tea%20industry,of%20Sri%20Lanka%27s%20total%20exports.। আহৰণ কৰা হৈছে: 2022-10-03. 
  3. "Women PM Caucus consider Bill for Gender Equality" (en ভাষাত). Sri Lanka News - Newsfirst. 2022-09-07. https://www.newsfirst.lk/2022/09/07/women-pm-caucus-consider-bill-for-gender-equality/। আহৰণ কৰা হৈছে: 2022-10-03. 
  4. Pash, Chris. "The 10 safest countries in the world for women" (en-US ভাষাত). Business Insider. https://www.businessinsider.com/the-10-safest-countries-in-the-world-for-women-2018-1। আহৰণ কৰা হৈছে: 2022-10-03. 
  5. "Queen Anula - Unknown | Anuradhapura - (BC 47 - BC 42) - Sri Lankan History - Kings - Governors - Prisidents - Ministers". www.mahawansaya.com. https://www.mahawansaya.com/king-in-sri-lanka--47-67.html। আহৰণ কৰা হৈছে: 2022-10-04. 
  6. "Life expectancy at birth, female". The World Bank Group. https://data.worldbank.org/indicator/SP.DYN.LE00.FE.IN?end=2020। আহৰণ কৰা হৈছে: 30 April 2022. 
  7. "Family Health Bureau - Statistics". fhb.health.gov.lk. Archived from the original on 2022-10-03. https://web.archive.org/web/20221003033054/https://fhb.health.gov.lk/index.php/en/statistics। আহৰণ কৰা হৈছে: 2022-10-03. 
  8. "Gender-Based Violence" (en ভাষাত). UNFPA Sri Lanka. 2016-07-12. https://srilanka.unfpa.org/en/topics/gender-based-violence-13। আহৰণ কৰা হৈছে: 2022-10-03. 
  9. (en ভাষাত) DOMESTIC VIOLENCE FROM INTIMATE PARTNER. প্ৰকাশক Colombo, Sri Lanka: Demographic and Health Survey. 2016. http://www.statistics.gov.lk/Resource/en/Health/DemographicAndHealthSurveyReport-2016-Chapter13.pdf.