শ্ৰীলা মজুমদাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰীলা মজুমদাৰ
জন্ম ১৯৫৮/১৯৫৯
মৃত্যু (aged 65)
শিক্ষানুষ্ঠান বংগবাসী কলেজ
পেচা অভিনেত্ৰী
দাম্পত্যসঙ্গী এচ.এন.এম. আবদি
সন্তান ছোহেল আবদি

শ্ৰীলা মজুমদাৰ (ইংৰাজী: Sreela Majumdar; ১৯৫৮/১৯৫৯ – ২৭ জানুৱাৰী ২০২৪) বাংলা ভাষাৰ চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰয়াত ভাৰতীয় অভিনেত্ৰী।[1][2][3][4] ‘চোখৰ বালি’ (২০০৩) ছবিখনত তেওঁ ঐশ্বৰ্য ৰায়ৰ বাবে ভইচ ডাবিং কৰিছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ৰামচন্দ্ৰ মজুমদাৰ আৰু ননী মজুমদাৰৰ ঘৰত শ্ৰীলা মজুমদাৰৰ জন্ম হয়। কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ বংগাবাসী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮০ চনত মৃণাল সেনৰ পৰিচালনাত নিৰ্মিত ‘পৰশুৰাম’ ছবিত তেওঁৰ অভিষেক হয় যদিও তেওঁৰ প্ৰথম মুক্তি পোৱা ছবি আছিল এক ‘দিন প্ৰতিদিন’।[5] তেওঁ শ্যাম বেনেগাল আৰু তৰুণ মজুমদাৰৰ সৈতেও কাম কৰিছিল।

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৮০ চনত মৃণাল সেনৰ ‘পৰশুৰাম’ছবিত শ্ৰীলাক অভিনয় জগতৰ লগত চিনাকি কৰাই দিয়া হৈছিল; তেতিয়া শ্ৰীলা আছিল ১৬ বছৰীয়া কিশোৰী। নাটকৰ আখৰাত শ্ৰীলাৰ অভিনয় দেখি মৃণালে নিজৰ ছবিৰ অভিনেত্ৰী হিচাপে শ্ৰীলাক বাছি লৈছিল। ইয়াৰ পিছত শ্ৰীলাই ‘এক দিন প্ৰতি দিন’, ‘আকালৰ সন্ধানে’, ‘খাৰিজ’ আদি উল্লেখযোগ্য ছবিত অভিনয় কৰিছিল। তেওঁ শ্বাবানা আজমী, স্মিতা পাটিল, নাছিউৰুদ্দিন শ্বাহৰ দৰে অভিনেতাৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিছিল।

শ্যাম বেনেগালৰ পৰিচালনাত ‘আৰোহণ, ‘মান্দী’আদি ছবিত কাম কৰিছিল। ঋতুপৰ্ণ ঘোষৰ ‘চোখৰ বালি’ত ঐশ্বৰ্য ৰায় বচ্চনৰ বাবে কণ্ঠদান কৰিছিল শ্ৰীলাই। ছবিৰ উপৰিও মঞ্চতো শ্ৰীলাই অভিনয় চলাই যায়। সত্য বেনাৰ্জীৰ নাটক ‘নহৱত’ত শ্ৰীলাৰ অভিনয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। বাণিজ্যিক ধাৰাৰ ছবিতো শ্ৰীলাৰ অভিনয় যথেষ্ট প্ৰশংসিত হৈছে। অঞ্জন চৌধুৰীৰ ‘পূজা’ত শ্ৰীলাৰ অভিনয়ক দৰ্শকে স্মৰণ কৰে। একেদৰে হৰনাথ চক্ৰৱৰ্তীৰ ‘প্ৰতিবাদ’ ছবিতো সমানেই দৃষ্টি আকৰ্ষণ কৰিছে শ্ৰীলাই। এই ছবি দুখনে তেওঁক গ্ৰাম্য বংগৰ এক ঘৰুৱা নামত পৰিণত কৰিছিল। কিন্তু পিছলৈ শ্ৰীলাই কাম কমাই দিয়ে। কিছু অসুস্থতাৰ বাবে শ্ৰীলাক পৰ্দাত বিশেষ দেখা পোৱা নগ’ল। শ্ৰীলাৰ বহু সহকৰ্মীসকলৰ বহুতে আক্ষেপ প্ৰকাশ কৰে যে এগৰাকী দক্ষ আৰু পেছাদাৰী অভিনেত্ৰী হোৱা সত্বেও পৰ্দাত তেওঁক সঠিকভাবে ব্যৱহাৰ কৰা নহ’ল।

শেষবাৰৰ বাবে তেওঁক কৌশিক গাংগুলীৰ ‘পালান’ ছবিত দেখা যায়। তথাপিন চলচ্চিত্ৰ জগতৰ বাহিৰত তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল আলিপুৰ মিউজিয়ামত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিজয়া সন্মিলন অনুষ্ঠানত।[6]

মৃত্যু[সম্পাদনা কৰক]

২০২৪ চনৰ ২৭ জানুৱাৰীত ৬৫ বছৰ বয়সত ডিম্বাশয়ৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ শ্ৰীলা মজুমদাৰৰ মৃত্যু হয়। [7][8][9][10] She had been suffering from cancer for 3.6 years.

তথ্যউৎস[সম্পাদনা কৰক]

  1. "Sreela Majumdar: I owe my acting career to Gita Sen-di". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/sreela-majumdar-i-owe-my-acting-career-to-gita-sen-di/articleshow/56645681.cms. 
  2. Ghoshal, Somak (27 December 2014). "Havoc in 'Bhadralok' homes". livemint.com. http://www.livemint.com/Leisure/HGsxLgfaZ3LhVDwtSKZOEL/Havoc-in-Bhadralok-homes.html. 
  3. ঘোষ, স্যমন্তক. "আড়ালের সংলাপ শ্রীলা মজুমদারের" (bn ভাষাত). ebela.in. https://ebela.in/entertainment/tea-with-ebela-sreela-majumdar-1.286851. 
  4. ঘটক, সুচন্দ্রা. "অন্য মোড়কে রং বিক্রি" (bn ভাষাত). Anandabazar Patrika. http://www.anandabazar.com/lifestyle/why-there-is-still-demand-for-fairness-creams-1.637462. 
  5. "Rituparna on Sreela Majumdar Death: 'শ্রীলাদি বলতেন, ঋতুপর্ণা... কখনও থেমো না'". ABP Ananda (Kolkata). 28 January 2024. https://bengali.abplive.com/entertainment/rituparna-sengupta-shares-her-memories-with-sreela-majumdar-after-his-demise-know-in-details-1042593. 
  6. "প্রয়াত শ্রীলা মজুমদার, ক্যানসারের সঙ্গে দীর্ঘ সাড়ে তিন বছরের লড়াই শেষ মৃণাল সেনের মানসকন্যার". anandabazar.com. https://www.anandabazar.com/entertainment/tollywood-actor-sreela-majumdar-passes-away-dgtl/cid/1491858। আহৰণ কৰা হৈছে: 31 January 2024. 
  7. "Sreela Majumdar, Veteran Bengali Actress, Dies at 60 After Battling Cancer | 🎥 LatestLY". LatestLY. 2024-01-27. https://www.latestly.com/socially/entertainment/sreela-majumdar-veteran-bengali-actress-dies-at-60-after-battling-cancer-5721801.html। আহৰণ কৰা হৈছে: 2024-01-27. 
  8. "Sreela Majumdar Passes Away: বছরের শুরুতেই টলিউডে নক্ষত্রপতন, প্রয়াত শ্রীলা মজুমদার" (bn ভাষাত). Aaj Tak বাংলা. https://bangla.aajtak.in/cinema-and-tv-serial-news/story/tollywood-actress-sreela-majumder-passes-away-bengali-industry-sreela-majumder-demise-tollywood-entertainment-r-khobor-banglay-sum-795243-2024-01-27। আহৰণ কৰা হৈছে: 2024-01-27. 
  9. "Sreela Majumdar is no more". 27 January 2024. https://bangla.hindustantimes.com/entertainment/bengali-famous-actress-sreela-majumdar-is-no-more-31706362358473.html. 
  10. "Veteran Bengali Actress Sreela Majumdar Dies At 65". NDTV. https://www.ndtv.com/entertainment/sreela-majumdar-favourite-actor-of-directors-like-mrinal-sen-dies-at-65-4943366. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]