সমললৈ যাওক

শ্ৰী মহা মাৰিয়াম্মান মন্দিৰ, বেংকক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰী মহা মাৰিয়াম্মান মন্দিৰ

বেংককৰ মহা মাৰিয়াম্মান মন্দিৰৰ গপুৰম।
স্থান
দেশ থাইলেণ্ড
অঞ্চল বেংকক
জিলা বেংৰক
স্থান ২, চি লোম ৰোড, চি লোম উপ জিলা, বেংৰক, বেংকক, থাইলেণ্ড
স্থানাংক 13°43′17″N 100°31′22″E / 13.72139°N 100.52278°E / 13.72139; 100.52278স্থানাংক: 13°43′17″N 100°31′22″E / 13.72139°N 100.52278°E / 13.72139; 100.52278
স্থাপত্য আৰু সংস্কৃতি
স্থাপত্য শৈলী দক্ষিণ ভাৰতীয় স্থাপত্য (দ্ৰবিড়)
ইতিহাস
প্ৰতিস্থাপক বৈথি পাদয়াতচি
ৱেবছাইট [1]

শ্ৰী মহা মাৰিয়াম্মান মন্দিৰ (วัดพระศรีมหาอุมาเทวี) বা মহা উমা দেৱী মন্দিৰ[1] হৈছে থাইলেণ্ডৰ বেংককৰ চি লোম ৰোডত অৱস্থিত এটা দক্ষিণ ভাৰতীয় স্থাপত্য শৈলীৰ হিন্দু মন্দিৰ। ইয়াক ১৮৭৮ চনত তামিল হিন্দু অনুপ্ৰৱেশকাৰী বৈথি পাদয়াতচিয়ে নিৰ্মাণ কৰিছিল। [2][3][4][5]

অৱস্থিতি

[সম্পাদনা কৰক]

শ্ৰী মাৰিয়াম্মান মন্দিৰ হৈছে থাইলেণ্ডৰ মুখ্য তামিল হিন্দু মন্দিৰ আৰু ই বেংৰক জিলাৰ বেংককৰ চিলোম ৰোড (ถนนสีลม) আৰু পেন ৰোডৰ কোণত অৱস্থিত। এই মন্দিৰৰ কাষত এক ঠেক পথত কিয়স্ক সকলে উপাসকসকলৰ বাবে গেৰুৱা ৰঙৰ নাৰ্জী ফুলৰ মালা বিক্ৰী কৰে। [6]

১৮৫৮ চনত ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ ঔপনিবেশিক শাসন আৰম্ভ হোৱাৰ পিছত দক্ষিণ ভাৰতৰ ৰাজ্য তামিলনাডুৰ বহুতে ঔপনিৱেশিক শাসনৰ অধীনত বাস কৰাতকৈ তেওঁলোকৰ দেশ এৰি বলৈ পছন্দ কৰিছিল। তেনে এটা ভাৰতীয় ৰত্নৰ ব্যৱসায়ী[7] কোনো কোনোৰ মতে গৰু সৰবৰাহকাৰী দল বেংককলৈ গুচি আহিছিল। [2] ভাৰতীয়সকলৰ এই গোটৰ এজন নেতা আছিল বৈথি পাদয়াতচী। তেওঁ দলটোৰ সৈতে বেংককলৈ অহাৰ প্ৰায় এক দশকৰ পিছত এই মন্দিৰটো নিৰ্মাণ কৰিছিল; [1][3] বৰ্তমান চিলোমৰ এটা পথ তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে - চই বৈতি[2] যাক ইংৰাজীত ভিথি লেন নামেৰে জনাজাত। [উদ্ধৃতিৰ প্ৰয়োজন] শ্ৰী মাৰিয়াম্মান থাইলেণ্ডৰ আটাইতকৈ পুৰণি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ মন্দিৰ বুলি বিবেচিত হৈছে। [6]

মাৰিয়াম্মান মন্দিৰ, বেংককৰ ক্ল'জআপ ভিউ।

মন্দিৰৰ সন্মুখভাগ বিভিন্ন আকাৰ-আকৃতিৰ নানান ভাৰতীয় দেৱ-দেৱীৰ প্ৰতিচ্ছবি খোদিত থকাৰ লগতে বিভিন্ন ৰঙৰ আকৰ্ষণীয় ফুলৰ শৈলীত খোদিত ভাস্কৰ্য আদি আছে। [5] মন্দিৰৰ প্ৰৱেশদ্বাৰত ৬ মিটাৰ উচ্চতাৰ এটা গপুৰম বা প্ৰৱেশদ্বাৰ আছে। এই গপুৰমত দেৱতাসকলৰ বিভিন্ন ভাস্কৰ্য খোদিত হৈছে। মন্দিৰ চৌহদটোৰ মুখ্য মন্দিৰটো হৈছে এটা গম্বুজ আৰু ইয়াৰ শিৰত এটা সোণপানী ঢলা তামৰ কলচি আছে। [1] মন্দিৰ চৌহদৰ ভিতৰত গণেশ, কাৰ্তিক আৰু শ্ৰী মহা মাৰিয়াম্মানৰ নামত উৎসৰ্গিত তিনিটা মুখ্য মন্দিৰ আছে।

ভক্তসকলে অনুসৰণ কৰা উপাসনা প্ৰথাৰ ক্ৰমঅনুসৰি গণেশ, কাৰ্তিকৰ পূজা কৰাৰ পিছত মুখ্য দেৱতাৰ অৰ্চনা কৰা হয়। মন্দিৰৰ মুখ্য হলটো হিন্দু ধৰ্মৰ বিভিন্ন দেৱ-দেৱী যেনেঃ গণেশ, শিৱ, কৃষ্ণ, বিষ্ণু, লক্ষ্মী, কাৰ্তিক, মাৰিয়াম্মান, কালী, সৰস্বতী, আৰু নটৰাজৰ শিৱকামী, হনুমানৰ লগতে বিভিন্ন ব্ৰঞ্জৰ সামগ্ৰীৰে সজোৱা আছে।[8] ইয়াৰ উপৰিও দেৱতা শিৱ লিঙ্গম, ব্ৰহ্মা, নৱগ্ৰহ, আইয়ানাৰ, সপ্ত কান্নী, পেৰিয়াচি, মাদুৰাই বীৰণ আৰু কাঠাভৰায়নৰ বাবে উৎসৰ্গিত মন্দিৰো আছে। [6][9]

উৎসৱ আদি

[সম্পাদনা কৰক]
মন্দিৰ প্ৰৱেশদ্বাৰৰ সমুখৰ পথৰ দৃশ্য

মন্দিৰৰ ওচৰৰ দোকানবোৰত ফুল, মালা, নাৰিকল আৰু ধূপ বিক্ৰী কৰা হয়, কিয়নো মাৰিয়াম্মান মন্দিৰ বেংকক তামিল হিন্দু সম্প্ৰদায় তথা বৃহৎ সংখ্যক থাই লোকৰবাবে এক গুৰুত্বপূৰ্ণ স্থান। কোৱা হয় যে প্ৰায় ৮৫% থাই লোকে এই মন্দিৰদৰ্শন কৰে। এওঁলোকৰ বহুতে বিশ্বাস কৰে যে হিন্দু ধৰ্ম এটা পৃথক ধৰ্ম নহয়, ই বৌদ্ধ ধৰ্মৰ এটা শাখা মাত্ৰ।[10][11] নৱৰাত্ৰিৰ দৰে ধৰ্মীয় উৎসৱ সমূহ ছেপ্টেম্বৰ/অক্টোবৰত পৰম্পৰাগত তামিল বৰ্ষপঞ্জী অনুসৰণ কৰি ইয়াত অনুষ্ঠিত হয়।

দুৰ্ভাগ্যৰ পৰা প্ৰতিকাৰ দিয়া বুলি প্ৰচলিত বিশ্বাসৰ এই উৎসৱ দহদিন ধৰি অনুষ্ঠিত হয় আৰু অন্তিম দিনা মন্দিৰৰ সন্মুখৰ ৰাস্তাটো হালধীয়া ফুলৰ মালা আৰু মমবাতিৰে ৰঙীনভাৱে সজোৱা হয়, আৰু শ্ৰী মাৰিয়াম্মানৰ প্ৰতিচ্ছবিসহ এক শোভাযাত্ৰা কৰা হয়; এই সময়ছোৱাত ভক্তৰ ভিৰৰ বাবে চিলোমৰ এটা অংশত যান-যঁতৰ সৃষ্টি হৈ পৰে। [6] দীপাৱলী এই মন্দিৰৰ আনএক বিশেষ উৎসৱ। এই সময়ত মন্দিৰটো উজ্জ্বলভাৱে পোহৰাই তোলা হয়। সাধাৰণতে দিনৰ মধ্যাহ্নৰ সময়ছোৱা আৰু শুক্ৰবাৰে তেলৰ বন্তি প্ৰজ্বলনৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়, আৰু দেৱতাৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত খাদ্য প্ৰসাদ ভক্তসকলৰ মাজত বিতৰণ কৰা হয়। [1] এই দুটা প্ৰধান উৎসৱৰ উপৰিও দৈনিক পূজাত বহু সংখ্যক থাই, বৌদ্ধ আৰু চীনা লোক উপস্থিত থাকে। অনা হিন্দু ভক্ত সকলৰ বহুতে বিশ্বাস কৰে যে হিন্দু দেৱতা গণেশে তেওঁলোকক ব্যৱসায়ত সহায় কৰে আৰু মন্দিৰৰ প্ৰধান দেৱতাই তেওঁলোকৰ মহিলাসকলক গৰ্ভধাৰণৰ বাবে আশীৰ্বাদ দিয়ে। [12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 Bracken 2011, পৃষ্ঠা. 51.
  2. 2.0 2.1 2.2 Sandhu & Mani 2006, পৃষ্ঠা. 978.
  3. 3.0 3.1 Kesavapany & Mani 2008, পৃষ্ঠা. 673.
  4. Manguin, Mani & Wade 2011, পৃষ্ঠা. 475.
  5. 5.0 5.1 "Sri Mariamman Temple". Lonely Planet. http://www.lonelyplanet.com/thailand/bangkok/sights/religious/sri-mariamman-temple। আহৰণ কৰা হৈছে: 4 November 2015. 
  6. 6.0 6.1 6.2 6.3 Barrett 2014, পৃষ্ঠা. 332.
  7. Kesavapany, Mani & Ramasamy 2008, পৃষ্ঠা. 673.
  8. https://travel.mthai.com/blog/91583.html Archived 2022-08-15 at the Wayback Machine
  9. http://www.srichinda.com/index.php?mo=3&art=178641
  10. "The 'impossible' voyage of a Tamil ghost ship". theglobeandmail.com. http://m.theglobeandmail.com/news/world/the-impossible-voyage-of-a-tamil-ghost-ship/article551892/?service=mobile। আহৰণ কৰা হৈছে: 4 November 2015. 
  11. Cush & Robinson 2012, পৃষ্ঠা. 817.
  12. Guelden 2007, পৃষ্ঠা. 1.