শ্ৰী স্বস্থানী
শ্ৰী স্বস্থানী এগৰাকী হিন্দু দেৱী (পৰমেশ্বৰী)। তেওঁক সৌভাগ্য, কল্যাণ আৰু ক্ষমতাৰ দেৱী বুলি আৰাধনা কৰা হয়। পুহৰ শুক্ল পূৰ্ণিমাৰ পৰা মাঘৰ শুক্ল পূৰ্ণিমালৈকে লোকবিশ্বাসৰ পবিত্ৰ মাহত নেপালত এই দেৱীক বেছিকৈ পূজা কৰা হয়। এই পবিত্ৰ মাহৰ ভিতৰত এনে ৰীতি-নীতি পালন কৰিলে বহুতৰে বাবে বহু কামনা ফলদায়ক হ’য় বুলি বিশ্বাস প্ৰচলিত।
মূল নেৱা সংস্কৰণ
[সম্পাদনা কৰক]নেপালী ভাষাত লিখা স্বস্থানী সংস্কৰণটো পৰা মূল নেৱা সংস্কৰণটো বহুখিনি পৃথক। নেপালী ভাষাত সাকৱো চহৰৰ মানুহৰ হাতত স্বস্থানীৰ হাতে লিখা নথি-পত্ৰ আছে।[1]
স্বস্থানী ব্ৰত কথা
[সম্পাদনা কৰক]স্বস্থানী ব্ৰত কথা হৈছে এমাহৰ বাবে প্ৰতিদিনে পাঠ কৰা এক গাথা, আৰু এই গাথা বেছিভাগেই জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত পাঠ কৰে।[2] এই গ্ৰন্থখনৰ ৩১টা অধ্যায় আছে য’ত বিভিন্ন দেৱ-দেৱীৰ জীৱনৰ কাহিনী কোৱা হৈছে। দেৱী স্বস্থানী আৰু শিৱৰ কাহিনী হৈছে মূলতঃ ইয়াৰ কেন্দ্ৰীভূত কাহিনী। স্বস্থানী হৈছে বিশুদ্ধ লোকে গম্ভীৰ অৱস্থাত কৰা ইচ্ছাক অলৌকিকভাৱে পূৰণ কৰাৰ বাবে জনাজাত হিন্দু দেৱী।[3] কাঠমাণ্ডু উপত্যকাত এই পবিত্ৰ পুথিখনৰ উৎপত্তি হৈছিল। ভাৰতৰ হিন্দুসকলৰ তুলনাত এই গ্ৰন্থ বেছিকৈ নেপালী হিন্দুসকলে পঢ়ে। এই গ্ৰন্থখনৰ কাহিনী স্কন্দ পুৰাণৰ পৰা উদ্ভৱ হৈছে।
উত্সৱ
[সম্পাদনা কৰক]সাধাৰণতে নেপালী বৰ্ষৰ প্ৰথম মাহৰ পূৰ্ণিমাৰ দিনটোৰ পৰা আৰম্ভ হোৱা বিক্ৰম সংবতৰ পুহ মাহ (জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীলৈকে), আৰু পৰৱৰ্তী পূৰ্ণিমাৰ দিনটোত এই উৎসৱ শেষ হয়। প্ৰতি নিশা পৰিয়ালৰ সদস্যসকলএকগোট হয়, প্ৰায় প্ৰতিটো নেপালী পৰিয়ালতে মাহৰ শেষ দিনটোলৈকে প্ৰতিদিনে কাহিনীৰ এটা অধ্যায় পাঠ কৰে। এই মাহজোৰা উৎসৱত বিশেষকৈ কম সংখ্যক পুৰুষকে ধৰি মহিলাসকলে পৰিয়ালৰ কল্যাণৰ স্বাৰ্থত বা এজন ভাল স্বামী বা পত্নী লাভৰ বাবে গোটেই মাহটো উপবাস পালন কৰে।[4] যজ্ঞৰ অনুষ্ঠানেৰে এই উৎসৱৰ সামৰণি পৰে। ভক্তসকলে গোটেই ৰাতি শিৱ দেৱতাক পূজা কৰে।
পিছৰটো মাহত উৎসৱৰ সামৰণি পৰিলে দিনটোৰ শেষত বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰা হয়। বিশ্বাস কৰা হয় যে ফুলকে ধৰি প্ৰতিটো বস্তুৰ পৰিমাণ ১০৮ হ’ব লাগিব। ইয়াৰে আঠটা স্বামীক দিব লাগে, যদি স্বামী নাথাকে তেন্তে পুত্ৰক, আৰু যদি পুত্ৰ নাথাকে তেন্তে বন্ধুৰ পুত্ৰক দিব লাগে, আৰু যদি বন্ধু নাই তেন্তে উপবাসে থকা মহিলাগৰাকীয়ে আনুষ্ঠানিকভাৱে এইসমূহ ওচৰৰ নদীত উটুৱাই দিব লাগে।
এই উৎসৱ আচলতে কোনো উৎসৱৰ পৰিৱৰ্তে ৩০ দিন উপবাস ৰখাৰ এক ৰীতি পালন অনুষ্ঠানহে। স্থানীয় নেপালী ভাষাত ইয়াক ‘আপচন চোনেগু’ বা ‘ব্ৰত’ বুলি কোৱা হয়। এই মাহজোৰা ব্ৰত গ্ৰহণ কৰিবলৈ আগ্ৰহীসকলৰ বাবে উপবাস স্বেচ্ছামূলক। পৰম্পৰাগতভাৱে স্বনিগা - কাঠমাণ্ডু উপত্যকাৰ স্থানীয় লোকসকলে এই ব্ৰত পালন কৰিছিল। স্বনিগা বুলিলে স্থানীয় গাঁও আৰু নগৰ যেনে সাকৱো(সংখু), খ্ৱোপা (ভক্তপুৰ), য়ালা, (পতন), য়েন (কাঠমাণ্ডু), ভোণ্ডেশ -ভোটান (বানেপা), পলান্তী (পানাউটি), ফাম্পি (ফাৰপিন), আৰু... নেৱাৰৰ অন্যান্য স্থানীয়তাক বুজোৱা হয়। বিশেষকৈ নেৱাৰৰ কিছুমান বিশেষ জাতিৰ লোকে এই ব্ৰত পালন কৰিছিল।
বৰ্তমানৰ প্ৰেক্ষাপটত ভক্তসকল কেৱল নেৱাৰ লোকৰ মাজতে সীমাবদ্ধ নহয়। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে সকলো হিন্দু ধৰ্মৰ লোকেই এই ব্ৰত পালন কৰা দেখা যায়। ব্ৰতৰ সময়ত মাধৱনাৰায়ণ দেৱতাক পূজা কৰা হয়। এই ব্ৰত শৈৱ আৰু বৈষ্ণৱ ধৰ্মৰ মিশ্ৰণ বুলি ধাৰণা কৰা হয়। মাধৱনাৰায়ণ মাঘ মাহত বিষ্ণু ভগৱানৰ নাম। ১২টা ভিন্ন মাহৰ প্ৰতিটোতে বিষ্ণুক বিভিন্ন নামেৰে পূজা কৰা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Journal Of Newar Studies". (NewZh VijiiZna) A Journal Of Newar Studies. http://himalaya.socanth.cam.ac.uk/collections/journals/jns/pdf/JNS_01.pdf.
- ↑ "10 interesting facts about Swasthani Brata Katha" (en-GB ভাষাত). OnlineKhabar English News. 28 January 2021. https://english.onlinekhabar.com/interesting-facts-about-swasthani-brata-katha.html। আহৰণ কৰা হৈছে: 2021-01-30.
- ↑ "Nepalese women bathe for Swasthani festival". msnbc.msn.com. 23 Jan 2012. Archived from the original on 2012-04-18. https://web.archive.org/web/20120418004639/http://photoblog.msnbc.msn.com/_news/2012/01/23/10215654-nepalese-women-bathe-for-swasthani-festival.
- ↑ "Month long fast of Swasthani Goddess begins in Nepal". Xinhua News Agency. 2012-01-10. http://news.xinhuanet.com/english/indepth/2012-01/10/c_131352690.htm.