শ্ৰেণী:অসমীয়া গীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জয়ন্ত সংগীত

জয়ন্ত হাজৰিকাৰ কন্ঠত বাণীবদ্ধ হোৱা গীত

আগলি বতাহে কঁপালে কলৰে পাত 'কথা: নিৰ্মলপ্ৰভা বৰদলৈ সুৰ: জয়ন্ত হাজৰিকা

আগলি বতাহে কঁপালে কলৰে পাত মন উৰণীয়া হেৰালে বাটৰে আঁত আগলি বতাহে কঁপালে কলৰে পাত বুজো কি নুবুজো চিনাকি কুলিৰে মাত মেলো কি নেমেলো আকাশে চুবলে হাত হেৰালে বাটৰে আঁত আগলি বতাহে কঁপালে কলৰে পাত

এটি ফুল মাথো মনৰে ডালতে কঁপে এটি মাথো পখী এই উৰে পখী এই উৰে কিনো ফুল সিটি জিৰাব কিহৰে ছাঁত হেৰালে বাটৰে আঁত আগলি বতাহে কঁপালে কলৰে পাত

"অসমীয়া গীত" সম্পৰ্কে লিখা প্ৰবন্ধসমূহ

মুঠ 3 টাৰ ভিতৰত এই শ্ৰেণীটোত তলৰ 3 টা পৃষ্ঠা আছে।