শ্ৰেণী:জীৱন
তৰণী কান্ত কলিতা
পিতৃৰ নামঃ শ্ৰীকৈলাশ কলিতা
মাতৃৰ নামঃ স্বৰ্গীয় ৰেণু কলিতা
জন্মৰ তাৰিখঃ ৩১ আগষ্ট, ১৯৮৩ চন৷
জন্মৰ ঠিকনাঃগাঁওঃ শান্তিপুৰ, ডাকঘৰঃ নিজ শান্তিপুৰ, থানাঃ বৰমা, জিলাঃ বাগ্ছা [বি.টি.আৰ], অসম, ডাকঘৰ সুচকাংক সংখ্যাঃ ৭৮১৩৪৯
বৰ্তমানৰ ঠিকনাঃ গাঁওঃ গৰিয়াকোঠ, ডাকঘৰঃ জামটোলা, ৰঙিয়া, কামৰূপ, অসম
অস্থায়ী ঠিকনাঃ মাৰফৎ ড॰ শৰৎ কুমাৰ ফুকন, গৃহ নং - ৪০, নাহৰণি পথ, দিশপুৰ, লাষ্টগেট, গুৱাহাটী-৭৮১০০৬৷
শিক্ষাগত অৰ্হতাঃ দৰ্শনৰ স্নাতক [২০০৫]
হাইস্কুলঃ নেহৰু আঞ্চলিক হাইস্কুল, দেৱচাৰা-থানগুৰি [১৯৯৪-১৯৯৯]
উচ্ছতৰ মাধ্যমিকঃ ধমধমা আঞ্চলিক উচ্ছতৰ মাধ্যমিক বিদ্যালয়৷ [২০০০-২০০১]
স্নাতকঃ নলবাৰী মহাবিদ্যালয় [২০০১-২০০৫]
অন্যান্য অৰ্হতাঃ [ক] টাইপ, প্ৰতিষ্ঠান ঃ বাসন্তী কমাৰ্চিয়েল ট্ৰেইনিং ইনষ্টিটিউট, নলবাৰী৷
[খ] কম্পিউটাৰ স্নাতক [এইছ.ডি.চি.এ.]
প্ৰতিষ্ঠানঃ গ্লিমছ্ কম্পিউটাৰ ৱল্ডৰ্, নলবাৰী৷
প্ৰকাশিত লেখাঃ
[ক] অসমৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহত বিভিন্ন প্ৰবন্ধ, চিঠি-পত্ৰ প্ৰকাশ হৈ আছে৷
[খ] ৰহস্য, মায়া, বৰ্ণালী, দিগদৰ্শন আদি আলোচনীত কেবাটাও গল্প প্ৰকাশিত হৈছে৷
[গ] বিভিন্ন প্ৰবন্ধ আৰু কবিতা কেবাজনো সম্পাদকৰ সংকলনত স্থান পাইছে৷
[ঘ] ৫০০ টাৰো অধিক কবিতা৷ বহু কবিতা মুখপুথিত ধাৰাবাহিকভাৱে প্ৰকাশ হৈ আছে৷
[ঙ] ২২০ টাৰো অধিক প্ৰবন্ধ৷
[চ] ৫০ টাৰো অধিক গল্প৷
[ছ] এক মিনিটৰ গল্প, চুটি লেখা আৰু অন্যান্য বহুতো লেখা কাকত-আলোচনীত প্ৰকাশ পাই আছে৷
সম্পাদক ৰূপেঃ
মাহেকীয়া শিশু আলোচনী ‘জ্যোতিৰিংগন’৷ সমগ্ৰ অসমতে প্ৰকাশিত আলোচনীখন একত্ৰিত প্ৰচেষ্টাৰে জ্ঝ মাহ প্ৰকাশ পাইছে৷ বিভিন্ন অসুবিধাৰ বাবে আলোচনীখনৰ প্ৰকাশ স্থগিত ৰখা হৈছে যদিও পুনৰ প্ৰকাশৰ পৰিকল্পনা কৰি থকা হৈছে৷
সহ-সম্পাদক ৰূপেঃ
স্মৃতিগ্ৰন্থ, সোণালী জয়ন্তী বৰ্ষ, নেহৰু আঞ্চলিক উচ্ছ মাধ্যমিক বিদ্যালয়, ২০২৪৷
সম্পাদিত গ্ৰন্থঃ
[ক] ‘জীৱনৰ মাদকতা’, ২০১৮ চন৷
[খ] ‘সকলোৰে প্ৰিয় পদ্মাপ্ৰিয়া কলিতা’, ২০১৯৷
প্ৰকাশিত গ্ৰন্থঃ [ক] কাকত- আলোচনীত প্ৰকাশিত লেখাবোৰৰ একত্ৰিত সংকলন ‘জীৱন এনেকৈয়ে’ নামৰ গ্ৰন্থখন প্ৰকাশ পাইছে ২০১৯ চনৰ অক্টোবৰ মাহত৷
[খ] ২০১৯ চনত ‘তুষানল’ নামৰ কাব্যপুথি প্ৰকাশ পাইছে৷
[গ] ‘প্ৰেম আৰু যৌনতা’ নামৰ কাব্য সংকলন, ২০২০ চন৷
[ঘ] ‘প্ৰেম ঃ কি আৰু কেনেকৈ’ নামৰ গল্পপুথি, আগষ্ট, ২০২১ চন৷
[ঙ] ‘অনুপ্ৰেৰণা আৰু নীতিশিক্ষামূলক কুৰিটা বিখ্যাত সাধু’, শিশুসকলৰ বাবে উপযোগী কাহিনী সংকলন প্ৰকাশ৷ ৩০ ডিচেম্বৰ, ২০২১৷
[চ] কাকত- আলোচনীত প্ৰকাশিত লেখাবোৰৰ একত্ৰিত সংকলন ‘জীৱন এনেকৈয়ে’ নামৰ গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ পাইছে ২০২২ চনৰ মাৰ্চ মাহত৷
[ছ] ‘চিনাকি হৃদয় অচিনাকি মন’ ২৩ অক্টোবৰ, ২০২২৷
[জ] ‘বহু কথা কথা হৈয়ে ৰয়’ [কাব্য সংকলন], ২০২৪৷
[ঝ] ‘সৰু কথা বৰ বেথা’, দৈনিক কাকতত প্ৰকাশিত বিভিন্ন চিঠি আৰু চুটি চুটি লেখাসমূহৰ একত্ৰিত সংকলন, যন্ত্ৰস্থ৷
দায়িত্ব পালনঃ
[ক] হাইস্কুলীয়া জীৱনত শ্ৰেণী কেপ্টেইন৷
[খ] নৱম শ্ৰেণীত সমাজ সেৱা বিভাগৰ সম্পাদক৷
[গ] উচ্ছতৰ মাধ্যমিকত সমাজ সেৱা বিভাগৰ সম্পাদক৷
[ঘ] মহাবিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানত আগভাগ৷
সাধাৰণ বঁটাঃ
[ক] হাইস্কুলৰ বাৰ্ষিক অধিৱেশনৰ সংগীত, ৰচনা, স্মৃতিশক্তি, কুইজ, নাট আদি বিভিন্ন প্ৰতিযোগিতাত বিভিন্ন স্থান লাভ৷
বিশেষ বঁটাঃ
[ক] ‘কবি কল্পদ্ৰুম ২০১৬’ ৰাজ্যিক বঁটা৷
[ক] ‘বিশেষ যোগদানকাৰী বঁটা’, উত্তৰ-পুৰুষৰ মঞ্চ, অসম, ২০১৯৷
[খ] ডি শৰ্মা কালচাৰেল একাডেমীৰ উদ্যোগত প্ৰয়াত ধৰ্মেশ্বৰ শৰ্মাদেৱৰ ১৮ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে তেখেতৰ স্মৃতিত সদৌ অসম ভিত্তিত অসমৰ জিলা সমূহত প্ৰচলিত হৈ থকা অসমীয়া উপভাষা [কথিত ভাষাৰ প্ৰতিযোগিতাত ‘বিশেষ যোগদানকাৰী বঁটা’ লাভ, ২০২০৷
[গ] ই-আলোচনী ‘পাৰিজাত’ৰ দ্বাৰা অসম ভিত্তিত অনুষ্ঠিত কবিতা প্ৰতিযোগিতাত তৃতীয় স্থান লাভ, ২০২০৷
[ঘ] অসম চৰকাৰৰ ভাষা গৌৰৱ আঁচনিৰ অধীনত লেখক সম্বৰ্ধনা, ৰ ফেব্ৰুৱাৰী, ২০২১৷
[ঙ] অন্যান্য মুখপুথি গোটৰ দ্বাৰা আয়োজিত বিভিন্ন প্ৰতিযোগিতাত বিভিন্ন স্থান লাভ৷
[চ] নৰ্থ-ইষ্ট আৰ্টিষ্টিক টেলেণ্ট ক্লাবৰ তৰফৰ পৰা ‘নৰ্থ-ইষ্ট আৰ্টিষ্টিক টেলেণ্ড এৱাৰ্ড ২০২২’ ৰূপে ২২ মে’ তাৰিখে চানমাৰিস্থিত পেঞ্চনাৰ ভৱনত ‘সাহিত্য সৌৰভ সন্মান’ লাভ৷
[ছ] নৰ্থ-ইষ্ট আৰ্টিষ্টিক টেলেণ্ট ক্লাবৰ উদ্যোগত সদৌ অসম ভিত্তিত আয়োজিত ‘স্মৃতিৰ পৃষ্ঠাত ২০২৩ বৰ্ষটো’ শীৰ্ষক প্ৰবন্ধ লিখন প্ৰতিযোগিতাত তৃতীয় স্থান লাভ৷
জীৱিকাঃ
ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত হোৱাৰ উপৰি ‘ঘুনুচা প্ৰিণ্ট এণ্ড পাব্লিকেশ্বন’ নামৰ সংস্থাটিৰ জৰিয়তে বিভিন্ন গ্ৰন্থ প্ৰকাশ কৰি থকা হৈছে আৰু বিভিন্ন ধৰণৰ মুদ্ৰণ প্ৰক্ৰিয়া চলাই থকা হৈছে৷
আগ্ৰহঃ
কিতাপ পঢ়া, বাতৰি কাকত পঢ়া, লেখা-মেলা কৰা৷
কৰ্মস্থলীঃ
[ক] ২০০২-২০০৭ চনলৈ সাপ্তাহিক ‘লুইতজ্যোতি’, নলবাৰী৷
[খ] ২০০৭-২০১৯ চনলৈ কালাৰপ্লাছ, গুৱাহাটী৷
[গ] ২০১৯ চনৰ পৰা বৰ্তমানলৈ চন্দ্ৰকান্ত প্ৰেছ প্ৰাইভেট লিমিটেড, চন্দ্ৰকান্ত হাজৰিকা পথ, তৰুণ নগৰ, গুৱাহাটী-প্ত
প্ৰতিষ্ঠানৰ জন্মদাতাঃ [ক] ঘুনুচা প্ৰিণ্ট এণ্ড পাব্লিকেশ্বন৷ ইয়াত মুদ্ৰণৰ সৈতে জড়িত আৰু গ্ৰন্থ প্ৰকাশনৰ কামকৰি থকা হৈছে৷
[খ] জ্যোতিৰিঙ্গন সাহিত্য সাংস্কৃতিক ফেচবুক গোট৷ শিশুসকলৰ প্ৰতিভা বিকাশৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা হৈছে৷
উপশ্ৰেণীসমূহ
এই শ্ৰেণীত নিম্নলিখিত উপশ্ৰেণীসমূহ আছে। মুঠ 3টা উপশ্ৰেণীৰ ভিতৰত এই শ্ৰেণীত নিম্নলিখিত 3 টা উপশ্ৰেণী আছে।