শ্ৰেণী বাৰ্তা:অসম চৰকাৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


Introduction: এজন মানুহৰ স্বাভাবিক ৰক্তচাপ ১১০-১২০/৭০-৯০ mmHg আৰু ইয়াতকৈ বেছি হলে উচ্চ ৰক্তচাপ বোলা হয়। আহাৰ খোৱাৰ পিছত দৌৰিলে,পৰিশ্ৰম কৰাৰ পিছত আৰু টোপনি খতি কৰাৰ ৰক্তচাপ স্বাভাৱিকে বাঢ়ে। এইদৰে ৰক্তচাপ বঢ়াক উচ্চ ৰক্তচাপ বোলা হয় নহয়। কিন্ত ৪০ বছৰ ব্য়সৰ পিছত লোক ভেদে এই চাপৰ মান ঘটিব পাৰে। এই চাপ বাঢ়ি কেতিয়াবা ১৪০-৯০ মি:মি: মা্ৰকৰিত হব পাৰে। ৪০ বছৰ ব্য়সৰ পিছত শৰীৰত ঘটা নানা ধৰণৰ অভ্যন্তৰীণ পৰিঘটনাৰ প্ৰ্ভাৱৰ বাবে এই চাপ বৃদ্ধি পাৰে। যাক স্বাভাবিক বুলিয়েই ধৰা হয়। গতিকে তেজৰ চাপ ১৪০ মি:মি: মা্ৰকৰি হলেই তাক উচ্চ ৰক্তচাপ বুলিব নোৱাৰি। মানুহজনৰ ব্য়সৰ শাৰীৰিক অৱয়ব, আন ৰোগৰ প্ৰ্কোপ আদি কাৰক সমূহ সম্পূৰ্ণকৈ পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছতহে কব পাৰি যে তেওঁৰ কাৰণে তেজৰ কিমান পৰিমাণৰ চাপ উচ্চ বা স্বাভাবিক। তথাপিও কিন্ত প্ৰ্তিগৰাকী লোকে তেজৰ উৎকৃষ্ট চাপ ১২০-­­৮০ মি:মি:তে সীমাবব্ধ ৰাখিব লাগে।

উচ্চ ৰক্তচাপৰ লক্ষণ: মূৰৰ ঘুৰণি আৰু গধুৰ গধুৰ ভাৱ, ডিঙিৰ পিছফাল, মূৰ আৰু কান্ধ বিষায়, অত্যধিক ভাগৰ লাগে, ৰাতি টোপণি নাহে, উশাহ-নিশাহ লওঁতে কষ্ট হয়, বুকুত টপটপনি আৰু বিষ বাঢ়ি আহে, কাণত গুণগুনি শদ্ধৰ হয়,কান-মুখ ৰঙা পৰে মানসিক উত্তেজনা বাঢ়ে, মন অস্থিৰ হয়, নাড়ীৰ গতি বাঢ়ে, সঘনাই প্ৰসাৱ হয়, শাৰীৰিক দূৰ্বদলতা আৰু অস্বস্তিবোধ আদি লক্ষণে দেখা দিয়ে। এই ৰোগৰ প্ৰকোপ বৃদ্ধি পালে নাকেৰে তেজ ওলোৱা মস্তিষ্ক ৰক্ত ক্ষৰণ, মূৰ্ছা, পক্ষাঘাত,ষ্টোক আদি লক্ষণসমূহে দেখা দিব পাৰে।


উচ্চ ৰক্তচাপ বৃদ্ধিৰ কাৰণ :

শাৰীৰিক পৰিশ্ৰমৰ অভাৱ, মেদবহুলতা, খাদ্যৰ ক্ষেত্ৰত অনিয়মীয়া, চিগাৰেট খোৱা, মদ্যপান কৰা,  ডায়াবেটিছ আদিয়েই উচ্চ ৰক্তচাপৰ  প্ৰধান কাৰণ। অত্যধিক মানসিক চাপ  মানুহ্ ৰক্তচাপ বৃদ্ধি কৰে। কিছমান মানুহ আকৌ বংশগত কাৰণ বা অ্যাড্ৰিনাল বা থাইৰয়ডজনিত  হৰমনৰ বিসংগতিৰ  বাবে ৰক্তচাপ বাঢ়ে। 

উচ্চ ৰক্তচাপ নিয়ন্ত্ণত ভিটামিন : উচ্চ ৰক্তচাপ নিয়ন্ত্ণত খাদ্যৰ প্ৰ্ভাৱ সম্পৰ্কে আজিও গৱেষণা চলি আছে। উচ্চ ৰক্তচাপ নিয়ন্ত্ণত খাদ্যত থকা কোনবিধ উপাদানে কেনে ধৰণে কাম কৰে সেই বিষয়ে আজিও সঠিকভাৱে জানিব পৰা হোৱা নাই। সেয়ে উচ্চ ৰক্তচাপ ৰোগীয়ে ফল-মূল, শাক-পাচলি যিমান পাৰে সিমানেই খাব লাগে। শেহতীয়া গৱেষণাত প্ৰ্মাণিত হৈছে যে এনেধৰণৰ খাদ্য যিমানেই বেছিকৈ খাব ষ্টোকৰ সম্ভাবনা সিমানেই কমিব। যদি আপনি পৰিপূৰক খাদ্য খাবই লাগে, তেনেহ’লে ভিটামিন “চি” সেৱনৰ ওপৰত গুৰত্ব দিয়ক। কাৰণ এইবিলাক ANTI OXYDENT গুণযুক্ত হোৱা বাবে ৰক্তচাপ বৃদ্ধিত বাধা দিব পাৰে। আনহাতে কেলছিয়াম, পটাচিয়াম আৰু মেগনেচিয়ামে ৰক্তচাপ নিয়ন্ত্ণ কৰিব পাৰে। কিন্তু এইকেইবিধ খনিজ উপাদান বেছি মাত্ৰাত সেৱন কৰিলে ৰক্তচাপ প্ৰ্তিৰোধ কৰিব পাৰে বুলি প্ৰ্মাণিত হোৱা নাই। কিন্তু এই প্ৰ্য়োজনীয় কেলছিয়ামৰ লগত পটাচিয়াম আৰু কেলছিয়ামো, কেৱল খাদ্যৰ যোগেদিহে গ্ৰহণ কৰে। এইবিলাক উপাদান থকা খাদ্য দ্ৰব্য শৰীৰৰ বাবে প্ৰ্য়োজন হোৱা অন্যান্য পুষ্টিকৰ উপাদান থাকে। উচ্চ ৰক্তচাপ হোৱাৰ ফলত কি কি বেমাৰ হব পাৰে: উচ্চ ৰক্তচাপৰ ফলত মানুহ্ ব্ৰ্ৰেইন ষ্টোক, হাৰ্ট এটেক কিডনী ফেইলৰ আদি নানা ধৰণৰ বেমাৰ হব পাৰে। কিছুমানৰ নাকেৰে তেজ ওলোৱা, শাৰীৰৰ ধমনী ফাটি যোৱা, ভৰিৰ ধমনীত তেজ চলাচলত বাধা পোৱা বা যৌন সমস্যাই দেখা দিব পাৰে।

Case study: উচ্চ ৰক্তচাপ ৰোগ্ এগৰাকি মহিলাৰ পৰ্যবেক্ষণ ক্ৰিয়া

Information of the case: ১। ৰোগীৰ লিংগ – মহিলা ২। ৰোগীৰ বয়স – ৪০ বছৰ ৩। ৰোগীৰ উচ্চতা- 5’ ফু. ৪। ৰোগীৰ ওজন -৬০ K.G ৫। উচ্চ ৰক্তচাপ ৰোগ্ বাদে এই মহিলাগৰাকী কোনো বেলেগ ৰোগ নাই। মহিলাগৰাকী চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ খায়।


Discssion: ৰোগীজনৰ সাত দিনৰ খোৱা খাদ্য বস্তুৰ গুণাগুণৰ প্ৰ্তি লক্ষ্য ৰাখিলে দেখা যায় তেওঁ অধিক কাৰ্বহাইড্ৰেট, প্ৰ্টিনযুক্ত্ত খাদ্য প্ৰ্চুৰ পৰিমাণ গ্ৰহণ কৰিছে। এই খাদ্য সমূহ শৰীৰৰ চৰ্বী বেছিকৈ উৎপন্ন কৰে। তেওঁ নিমখেৰে যিকোনো খাদ্যবস্তু আটা,মৈদা তৈ্যাৰী বিস্কুট গ্ৰহণ কৰিব নালাগে। বেছিকৈ ছডিয়ামযুক্ত খাদ্য খাব নালাগে। দুপৰীয়া ভাত,দাইল আৰু তাৰ লগত এখ্ন ভাজি খাব লাগে। ৰাতি তেওঁ পৰাপক্ষত ৰুটি খাব লাগে আৰু সদায় এফুটকৈ নহৰু খোৱা প্ৰ্য়োজনীয়। ৰোগী গৰাকী মাছ-মাংস খোৱা পৰিমাণ কমাব লাগিব। বিলাহী, আলু, মটৰ, গাজৰ,শাক-পাচলি আদি সেউজীয়া শাক-পাচলি খাব লাগে। আঙুৰ, আম, মধুৰি-আম আদি ফলত পটাছিয়াম আৰু মেগনেচিয়াম খনিজ যথেষ্ট পৰিমাণ থাকে।

Advices: বেছিভাগ ক্ষেত্ৰত যদি উচ্চ ৰক্তচাপৰ বাবে চিকিৎসকে ঔষধ দিয়ে সেই দৰৱটো খাই থকাই ভাল। ইয়াক বন্ধ কৰি দিয়াৰ লগে লগে আকৌ ৰক্তচাপ বাঢ়ি যায় আৰু হৃতযন্ত্, বৃক্ক,মগজুত ক্ষতি কৰে। অথচ কোনোৱা দৰৱ পাৰ্শ্বক্ৰিয়া হলে সেই দৰৱটো সলনি কৰিব লাগে বা ৰক্তচাপ কমি গলে দৰৱ পৰিমাণ কমাই দিব লাগে। আমাৰ তেজত ছডিয়াম আৰু পটাছিয়াম নামৰ ধাতু থাকে। ইয়াৰ ছডিয়াম থকা আহাৰ খালে আমাৰ ৰক্তচাপ বৃদ্ধি হয়। সেয়েহে আহাৰত নিমখৰ পৰিমাণ কমাই খোৱাটো উচিত। চিপছ, পাপৰ, চানা, নিমখযুক্ত ইত্যাদি যিমান পাৰি কমাই খোৱাটো উচিত। আনহাতে পটাছিয়াম নামৰ ধাতুবিধ থাকে যেনে ফল-মূল সেউজীয়া শাক-পাচলি বেছিকৈ খাব লাগে। আমাৰ সঘনাই লাগি থকা নহৰু খালেই ৰক্তচাপ কমে। উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে যিকোনো ধৰণৰ মাছ খাব পাৰে। কিছুমান মাছৰ তেলত ফেটি এচিড থাকে। যাৰ ফলত শৰীৰত কলেষ্টৰ্লৰ পৰিমাণ কমি থাকে। যিবিলাক মাংস ৰঙা, যেনে পঠা,গাহৰি, গৰুৰ মাংস খাব নালাগে মাংস খাবলৈ হলে মুৰ্গিৰ মাংসহে খাব লাগে। Conclusion: উচ্চ ৰক্তচাপ প্ৰ্তিৰোধ কৰি ৰখাৰ কোনো নিশ্চ্যতা কোনোৱে দিব নোৱাৰে। অৱশ্যে কিছুমান সাধাৰণ নিয়ম বা সংযম পালন কৰিব পাৰিলে ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখিব পাৰি। একেখিনি নিয়ম পালনৰ যোগেদিয়ে হয়তো ৰক্তচাপ বৃদ্ধি বাধা দি ৰাখিব পাৰিব। উচ্চ ৰক্তচাপ প্ৰ্তিৰোধ তথা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যায়াম কৰিলে শৰীৰৰ ওজন নিয়ন্ত্ৰণ থাকে আৰু একেটা কাৰণতে ৰক্তচাপো নিয়ন্ত্ৰণ থাকে। নিয়মীয়াকৈ একাধিক ব্যায়াম কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ উপৰিও হাৰ্ট এটেকৰ স্ম্ভাৱনা হ্ৰাস পায়।

__________________X__________________