সমললৈ যাওক

ষ্টকহ'ম চিনড্ৰ’ম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ষ্টকহ'ম চিনড্ৰ’ম (ইংৰাজী: Stockholm syndrome) হৈছে এনে এক তাত্ত্বিক অৱস্থা, য'ত পণবন্দীসকলে বন্দিত্বৰ সময়ত তেওঁলোকক বন্দী কৰাসকলৰ সৈতে মানসিক বন্ধন গঢ়ি তোলে।[1][2] ষ্টকহ'ম চিনড্ৰ’ম অভিজ্ঞতা থকা প্ৰায়ভাগ লোককে অধ্যয়ন চলাবলৈ বিচাৰি পোৱাটো কঠিন। ইয়াৰ ফলত এই অৱস্থাৰ বিকাশ আৰু প্ৰভাৱৰ ধাৰা নিৰ্ণয় কৰাটো কঠিন হৈ পৰে। আচলতে অৱস্থাটোৰ বৈধতাৰ ওপৰত থকা সন্দেহৰ বাবে ইয়াক এক "প্ৰতিদ্বন্দ্বিতামূলক ৰোগ" বুলি গণ্য কৰা হয়।[3]

একেলগে কটোৱা অন্তৰংগ সময়ত বন্দী আৰু অপহৰণকাৰীসলকৰ মাজত আৱেগিক বন্ধন গঢ় লৈ উঠিব পাৰে, কিন্তু সাধাৰণতে ভুক্তভোগীয়ে সহিবলগীয়া বিপদ সংক্ৰান্তত এইবোৰক অযুক্তিকৰ বুলি গণ্য কৰা হয়। মূলতঃ শৈক্ষিক গৱেষণাৰ বাবে প্ৰয়োজনীয় এক সামঞ্জস্যপূৰ্ণ শৰীৰৰ অভাৱৰ বাবে আমেৰিকাৰ মানসিক ৰোগ আৰু বিকাৰ নিৰ্ণয়ৰ বাবে প্ৰামাণিক আহিলা- ডায়েগনষ্টিক এণ্ড ষ্টেটিষ্টিকেল মেনুৱেল অৱ মেন্টেল ডিছঅৰ্ডাৰত (DSM) ষ্টকহ'ম চিনড্ৰ’ম কেতিয়াও অন্তৰ্ভুক্ত কৰা হোৱা নাই।[3] এই চিনড্ৰ’মটো বিৰল। এফ বি আইৰ তথ্য অনুসৰি পণবন্দী হোৱা প্ৰায় ৮% লোকে ষ্টকহম চিনড্ৰ’মৰ লক্ষণ দেখুৱায়।[4]

১৯৭৩ চনত ছুইডেনৰ ষ্টকহ’মত বেংক ডকাইতিৰ সময়ত চাৰিজনক পণবন্দী কৰাৰ সময়ত এই শব্দটো প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমে ব্যৱহাৰ কৰিছিল । পণবন্দীসকল মুকলি হোৱাৰ পিছত তেওঁলোক অপহৰণকাৰীসকলৰ পক্ষ লৈছিল আৰু তেওঁলোকৰ বিৰুদ্ধে আদালতত সাক্ষ্য দিবলৈ সন্মত হোৱা নাছিল।[5] মন কৰিবলগীয়া যে এই গোচৰত অৱশ্যে আৰক্ষীয়ে পণবন্দীসকলৰ সুৰক্ষাৰ প্ৰতি অলপো সচেতন হোৱা নোহোৱা বুলি ধৰা হৈছিল, যাৰবাবে তেওঁলোকে হয়তো সাক্ষ্য দিবলৈ অনিচ্ছাৰ কাৰণ বিচাৰি পাইছিল। ষ্টকহ’ম চিনড্ৰ’ম বিৰোধমূলক। পণবন্দীসকলে তেওঁলোকৰ অপহৰণকাৰীৰ প্ৰতি সহানুভূতিশীল আৱেগ অনুভৱ কৰাৰ বিপৰীতে সাধাৰণ ৰাইজে অপহৰণকাৰীসকলৰ প্ৰতি ভয় আৰু অৱজ্ঞা পোষণ কৰে।

ষ্টকহ’ম চিনড্ৰ’মৰ বৈশিষ্ট্যৰ চাৰিটা মূল উপাদান:

  • এজন পণবন্দীৰ অপহৰণকাৰীৰ প্ৰতি ইতিবাচক অনুভৱৰ বিকাশ হয়।
  • পণবন্দী আৰু অপহৰণকাৰীৰ মাজত পূৰ্বৰ কোনো সম্পৰ্ক নাথাকে।
  • পণবন্দীসকলে আৰক্ষী আৰু অন্যান্য চৰকাৰী কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰিবলৈ অস্বীকাৰ কৰে।
  • যেতিয়াই ভুক্তভোগীয়ে আক্ৰমণকাৰীৰ দৰেই একে মূল্যবোধত বিশ্বাস কৰিবলৈ লয়, তেতিয়াই অপহৰণকাৰীৰ মানৱীয়তাৰ ওপৰত পণবন্দীৰ ভৰষা জন্মে আৰু সিহঁতক ভাবুকি হিচাপে লোৱা বন্ধ কৰে।

অপহৰণ বা পণবন্দী আদায় কৰাৰ প্ৰসংগৰ বাহিৰেও কিছুমান নিৰ্যাতনৰ বলি হোৱা লোকৰ প্ৰতিক্ৰিয়াক বুজাবলৈও "ষ্টকহ'ম চিনড্ৰ’ম" শব্দটো ব্যৱহাৰ কৰা হৈছে। যৌন নিৰ্যাতন, মানৱ সৰবৰাহ, উগ্ৰবাদ, সন্ত্ৰাসবাদ, অৰ্থনৈতিক অত্যাচাৰ, আৰ্থিক দমন, ৰাজনৈতিক দমন আৰু ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা লোকৰ ক্ষেত্ৰতো ষ্টকহ’ম চিনড্ৰ’মৰ দৰে কাৰ্য্-কলাপ আৰু মনোভাৱ দেখা পোৱা গৈছে।[6] ইয়াৰ কাৰণ হ'ল ষ্টকহ’ম চিনড্ৰ’মক ‘‘চাপ আৰু বিপদৰ সৈতে মোকাবিলা কৰাৰ আন এক পদ্ধতি’’ বুলি ধৰা হয়। সমস্যাটোৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক নাথাকিলেও ইয়াৰ মাজেদি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ উপায় বিচাৰি পায়। এই ধৰণৰ মোকাবিলা ব্যৱস্থাই “আঘাত পৰৱৰ্তী চাপজনীত ব্যাধি”ৰ (PTSD) ওপৰত বৃহৎ প্ৰভাৱ পেলাব পাৰে।[7]

ষ্টকহ’ম বেংক ডকাইতি

[সম্পাদনা কৰক]

১৯৭৩ চনত পেৰ’লত থকা দোষী জেন-এৰিক অলছনে ছুইডেনৰ ষ্টকহ’মৰ অন্যতম বৃহৎ বেংক ক্ৰেডিটবেংকেনৰ তিনিগৰাকী মহিলা আৰু এজন পুৰুষ, মুঠ চাৰিজন কৰ্মচাৰীক পণবন্দী কৰি লৈ যায়, যিটো এক ব্যৰ্থ বেংক ডকাইতিৰ ঘটনা আছিল। অপহৰণকাৰীজনে তেওঁৰ সহায়ৰ বাবে আলোচনা চলাই কাৰাগাৰত থকা তেওঁৰ বন্ধু ক্লাৰ্ক অলফছন মুক্ত কৰি আনিছিল। দুয়োজন অপৰাধীয়ে পণবন্দীসকলক বেংকৰ এটা ভল্টত ছয় দিন (২৩–২৮ আগষ্ট) বন্দী কৰি ৰাখিছিল। যেতিয়া পণবন্দীসকলক মুকলি কৰি দিয়া হ’ল, তেতিয়া তেওঁলোকৰ কোনোৱেই আদালতত দুয়োজন অপহৰণকাৰীৰ বিৰুদ্ধে সাক্ষ্য নিদিলে।[5]

ষ্টকহ’ম আৰক্ষীয়ে ছুইডেনৰ অপৰাধ বিজ্ঞানী আৰু মনোৰোগ বিশেষজ্ঞ নিলছ্ বেজেৰ’টৰ পৰা পণবন্দী হিচাপে ভুক্তভোগীসকলৰ প্ৰতিক্ৰিয়া আৰু আচৰণৰ বিশ্লেষণ বিচাৰিছিল আৰু তেতিয়াই বিজ্ঞানীগৰাকীয়ে এই পৰিঘটনাটোক বাখ্যা কৰিবলৈ নৰ্মাল্মষ্ট’ৰ্জ চিনড্ৰ’ম শব্দযুগলৰ উদ্ভাৱন কৰিছিল। নৰ্মাল্মষ্ট’ৰ্জ (Norrmalmstorg), ষ্টকহ’মৰ সেইটো অঞ্চল, য’ত ডকাইতিৰ ঘটনাটো সংঘটিত হৈছিল। পিছলৈ ছুইডেনৰ বাহিৰত ইয়াক ষ্টকহ’ম চিনড্ৰ’ম বুলি কবলৈ লোৱা হৈছিল।[8] মনোৰোগ বিশেষজ্ঞ ফ্ৰেংক অচবাৰ্জে পণবন্দীৰ স্থিতিৰ মোকাবিলা কৰাৰ সহায়ক হোৱাকৈ ইয়াক প্ৰথম সজ্ঞায়িত কৰিছিল।[9]

মেৰী মেকেলৰয়

[সম্পাদনা কৰক]

১৯৩৩ চনত চাৰিজন লোকে বন্দুক দেখুৱাই ২৫ বছৰ বয়সীয়া মেৰী মেকেলৰয়ক ঘৰৰ পৰা অপহৰণ কৰি লৈ যায়। তেওঁক পৰিত্যক্ত ফাৰ্ম হাউচলৈ লৈ গৈছিল আৰু বেৰত শিকলিৰে বান্ধি থৈছিল। মুকলি হোৱাৰ পিছত তেওঁ অপহৰণকাৰীসকলৰ সপক্ষেহে মাত মাতিছিল আৰু কৈছিল যে সিহঁত কেৱল ব্যৱসায়ীহে। অপহৰণকাৰী কেইজন কাৰাগাৰত থকা সময়তো তেওঁ সিহঁতক লগ কৰিবলৈ গৈ আছিল। অৱশেষত তেওঁ আত্মহত্যা কৰে আৰু এই টোকাটো লিখি থৈ যায়: মোৰ চাৰিজন অপহৰণকাৰীয়েই হয়তো পৃথিৱীৰ একমাত্ৰ মানুহ যিয়ে মোক একেবাৰে মূৰ্খ বুলি গণ্য নকৰে।[10]

পেটি হাৰ্ষ্ট

[সম্পাদনা কৰক]

পেটি হাৰ্ষ্ট আছিল এজন কোটিপতি প্ৰকাশক উইলিয়াম ৰেণ্ডল্ফ হাৰ্ষ্টৰ নাতিনী। চিম্বিঅ’নীজ লিবাৰেচন আৰ্মী (SLA) নামৰ এটা গ্ৰাম্য গেৰিলা গোটে ১৯৭৪ চনত তেওঁক অপহৰণ কৰিছিল। কিন্তু ঘটনাৰ দুমাহৰ পাছত তেওঁক অপহৰণকাৰীৰ সৈতে স্বেচ্ছাই ডকাইতি কাণ্ডত অংশ লোৱা দেখা গ’ল। ১৯৭৫ চনত আৰক্ষীৰ হাতত ধৰা পৰাৰ পিছতো তেওঁ নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰাখি ‘তানিয়া’ নামৰ এটা ভুৱা নামেৰে নিজৰ পৰিচয় দিয়ে। গেৰিলা গোটটোৰ প্ৰতি মুকলিকৈ সহানুভূতি প্ৰকাশ কৰাত আদালতে তেওঁক ৭ বছৰৰ কাৰাদণ্ড বিহে। তথাপিও তেওঁ নিজৰ স্থিতিৰ পৰা আঁতৰি নাহিল। পিছলৈ অৱশ্যে তেওঁৰ শাস্তি হ্ৰাস কৰা হৈছিল।[5]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. King, David (2020) (en ভাষাত). Six Days in August: The Story of Stockholm Syndrome. W.W. Norton. ISBN 978-0-393-63508-9. https://www.google.co.uk/books/edition/Six_Days_in_August/bu7VyQEACAAJ?hl=en. 
  2. Jameson, Celia (2010). "The Short Step From Love to Hypnosis: A Reconsideration of the Stockholm Syndrome". Journal for Cultural Research খণ্ড 14 (4): 337–355. doi:10.1080/14797581003765309. 
  3. 3.0 3.1 Demarest, Rebecca A. (2009). "The Relationship Between Stockholm Syndrome and Post-Traumatic Stress Disorder in Battered Women". Inquiries Journal খণ্ড 1 (11). http://www.inquiriesjournal.com/a?id=35. 
  4. Robinson, Ashley (28 February 2019). "What Is Stockholm Syndrome? Is It Real?". PrepScholar. https://blog.prepscholar.com/what-is-stockholm-syndrome-examples-symptoms. 
  5. 5.0 5.1 5.2 Adorjan, Michael; Christensen, Tony; Kelly, Benjamin; Pawluch, Dorothy (2012). "Stockholm Syndrome As Vernacular Resource". The Sociological Quarterly খণ্ড 53 (3): 454–474. doi:10.1111/j.1533-8525.2012.01241.x. 
  6. The term "Stockholm syndrome" has also been used to describe the reactions of some abuse victims beyond the context of kidnappings or hostage-taking:
  7. The term "Stockholm syndrome" has also been used to describe the reactions of some abuse victims beyond the context of kidnappings or hostage-taking:
  8. "The six day war in Stockholm". New Scientist খণ্ড 61 (886): 486–487. 1974. Archived from the original on 2022-11-28. https://web.archive.org/web/20221128040830/https://books.google.com/books?id=YGQBmUNfJ3IC&pg=PA486। আহৰণ কৰা হৈছে: 2022-12-02. 
  9. "The Ties That Bind Captive to Captor". Los Angeles Times. 8 April 2005. http://articles.latimes.com/2005/apr/08/opinion/oe-ochberg8. 
  10. Bovsun, Mara (11 July 2009). "Justice Story: The lady and her kidnappers". NY Daily News. http://www.nydailynews.com/news/crime/lady-kidnappers-article-1.396520. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]