সমললৈ যাওক

ষ্টাৰলিংক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ষ্টাৰলিংক
A batch of small satellites attached to the rocket with the Earth in the background
২০১৯ চনৰ ২৪ মে’ মাহত ৬০টা ষ্টাৰলিংক উপগ্ৰহ কাম কৰিবলৈ এৰাৰ পূৰ্বে, একেলগে লগলগোৱা কৰা হৈছে
নিৰ্মাতা স্পেচএক্স
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
পৰিচালক ষ্টাৰলিংক চাৰ্ভিচেছ, এল এল চি (স্পেচএক্সৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী কোম্পানী))
এপ্লিকেচন ইণ্টাৰনেট সেৱা
ৱেবছাইট www.starlink.com ৱিকিডে'টাত সম্পাদনা কৰক
বিস্তৃত বিৱৰণ
মহাকাশযানৰ ধৰণ সৰু উপগ্ৰহ
উৎক্ষেপণ ভৰ
  • v0.9: ২২৭ কিলোগ্ৰাম (৫০০ পাউণ্ড)
  • v1: ২৬০ কিলোগ্ৰাম (৫৭০ পাউণ্ড)
  • v1.5: ~৩০৬ কিলোগ্ৰাম (৬৭০ পাউণ্ড)[1]
  • v2 mini: ~৭৪০ কিলোগ্ৰাম (১,৬০০ পাউণ্ড)
  • v2: ~১,২৫০ কিলোগ্ৰাম (২,৮০০ পাউণ্ড)[2]
সঁজুলি
ব্যৱস্থা
নিৰ্মাণ
স্থিতি ২০১৯ চনৰ পৰা সক্ৰিয়

ষ্টাৰলিংক নক্ষত্ৰমণ্ডল(ইংৰাজী: Starlink)হৈছে আমেৰিকাৰ মহাকাশ কোম্পানী স্পেচএক্স ৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান ষ্টাৰলিংক চাৰ্ভিচেছ, এল এল চিৰ দ্বাৰা পৰিচালিত এটা ইণ্টাৰনেট নক্ষত্ৰমণ্ডল উপগ্ৰহ,[3] যিয়ে ১০০খনতকৈও অধিক দেশ আৰু ভূখণ্ডক ইণ্টাৰনেট প্ৰদান কৰে। ইয়াৰ লক্ষ্য হৈছে বিশ্বব্যাপী মোবাইল ব্ৰডবেণ্ড প্ৰদান কৰা।[4]

স্পেচএক্সে ২০১৯ চনত ষ্টাৰলিংক উপগ্ৰহ উৎক্ষেপণ কৰিবলৈ আৰম্ভ কৰে।২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈকে এই নক্ষত্ৰমণ্ডলত পৃথিৱীৰ নিম্ন কক্ষপথত (LEO)[5] ৭,০০০ৰো অধিক সৰু উপগ্ৰহ আছে যিয়ে নিৰ্দিষ্ট স্থল ট্ৰেন্সচিভাৰৰ সৈতে যোগাযোগ কৰে। বৰ্ত্তমানলৈকে প্ৰায় ১২ হাজাৰ উপগ্ৰহ নিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ৩৪,৪০০ উপগ্ৰহলৈ সম্প্ৰসাৰণৰ সম্ভাৱনা আছে। স্পেচএক্সে ২০২২ চনৰ ডিচেম্বৰ মাহত ১০ লাখতকৈ অধিক গ্ৰাহক[6] আৰু ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ৪০ লাখতকৈ অধিক গ্ৰাহক পোৱাৰ কথা ঘোষণা কৰে।[7]

ৱাশ্বিংটনৰ ৰেডমণ্ডত থকা স্পেচএক্স উপগ্ৰহ বিকাশৰ সুবিধাত ষ্টাৰলিংক গৱেষণা, উন্নয়ন, উৎপাদন আৰু কক্ষপথ নিয়ন্ত্ৰণৰ সুবিধা আছে। ২০১৮ চনৰ মে' মাহত স্পেচএক্সে অনুমান কৰিছিল যে এই নক্ষত্ৰমণ্ডলৰ ডিজাইন, নিৰ্মাণ আৰু নিয়োগৰ বাবে মুঠ খৰচ কমেও ১০ বিলিয়ন মাৰ্কিন ডলাৰ হ'ব।[8] ২০২২ চনত ষ্টাৰলিংকৰ পৰা ৰাজহ ১.৪ বিলিয়ন ডলাৰ হোৱাৰ হোৱা বুলি কোৱা হৈছে, ২০২৩ চনত মুঠ লোকচানৰ লগত হোৱা সামান্য লাভৰ কথা কোৱা হৈছে।[9] ২০২৪ চনত ৰাজহ ৬.৬ বিলিয়ন ডলাৰ হোৱাৰ আশা কৰা হৈছে।[10]

ষ্টাৰলিংকক ৰাছ'-ইউক্ৰেইন যুদ্ধত ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে, যাৰ বাবে ইয়াক আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে চুক্তিবদ্ধ কৰিছে।[11] ষ্টাৰশ্বিল্ড, ষ্টাৰলিংকৰ সামৰিক সংস্কৰণ, চৰকাৰী ব্যৱহাৰৰ বাবে ডিজাইন কৰা হৈছে।[12][13]

জ্যোতিৰ্বিজ্ঞানীসকলে এই নক্ষত্ৰমণ্ডলে স্থলভিত্তিক জ্যোতিৰ্বিজ্ঞানৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে, আৰু ইতিমধ্যে জমা হোৱা কক্ষপথৰ পৰিৱেশত উপগ্ৰহসমূহে কেনেদৰে অৰিহণা যোগাব সেই বিষয়ে উদ্বেগ প্ৰকাশ কৰে।[14][15] স্পেচএক্সে উপগ্ৰহসমূহৰ কাৰ্য্যৰ সময়ত উজ্জ্বলতা হ্ৰাস কৰাৰ ব্যৱস্থাৰে জ্যোতিৰ্বিজ্ঞানৰ হস্তক্ষেপৰ উদ্বেগ হ্ৰাস কৰাৰ চেষ্টা কৰিছে।[16] উপগ্ৰহসমূহত হল-ইফেক্ট থ্ৰাষ্টাৰ থাকে যাৰ ফলত ইহঁতে জীৱনৰ শেষত নিজৰ কক্ষপথটোক ওপৰলৈ উঠাব পাৰে, স্থবিৰ হ'ব পাৰে বা কক্ষপথৰ পৰা আঁতৰিও যাব পাৰে। সংঘৰ্ষ এৰাই চলিবলৈও আপলিংক ট্ৰেকিং ডাটা ৰে কৰি ইয়াক সজোৱা হৈছে।[17]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Sesnic, Trevor (January 8, 2022). "Starlink Group 4-5 | Falcon 9 Block 5". Everyday Astronaut. Archived from the original on January 10, 2022. Retrieved January 2, 2023
  2. Ralph, Eric (May 30, 2022). "SpaceX CEO Elon Musk reveals next-generation Starlink satellite details". Teslarati. Retrieved June 5, 2022.
  3. SpaceX (February 3, 2021). "Petition of Starlink Services, LLC for Designation as an Eligible Telecommunications Carrier" (PDF). Federal Communications Commission. Retrieved March 29, 2024. As the Commission knows, SpaceX assigned its winning RDOF bids to Starlink Services, its wholly-owned subsidiary, on December 22, 2020. An intercompany agreement provides Starlink Services, LLC with access to all space and terrestrial assets and infrastructure needed from SpaceX to deploy and operate the Starlink service.
  4. Kolodny, Lora (August 25, 2022). "SpaceX and T-Mobile team up to use Starlink satellites to 'end mobile dead zones'". CNBC. Archived from the original on August 26, 2022. Retrieved August 26, 2022.
  5. McDowell, Jonathan (January 3, 2024). "Starlink Launch Statistics". Jonathan's Space Pages. Archived from the original on December 10, 2023. Retrieved January 3, 2023.
  6. @SpaceX (December 19, 2022). "Starlink now has more than 1,000,000 active subscribers" (Tweet). Archived from the original on July 30, 2023. Retrieved March 13, 2023 – via Twitter.
  7. @Starlink (September 27, 2024). "Starlink is connecting more than 4M people with high-speed internet across 100+ countries, territories and many other markets" (Tweet). Retrieved September 27, 2024 – via Twitter.
  8. Baylor, Michael (May 17, 2018). "With Block 5, SpaceX to increase launch cadence and lower prices". NASASpaceFlight.com. Archived from the original on May 18, 2018. Retrieved May 22, 2018. The system is designed to improve global Internet access by utilizing thousands of satellites in Low Earth orbit. SpaceX President Gwynne Shotwell stated in a TED Talk last month that she expects the constellation to cost at least US$10 billion. Therefore, reducing launch costs will be vital.
  9. Maidenberg, Micah; Winkler, Rolfe (September 13, 2023). "Starlink Surges but Is Still Far Short of SpaceX's Goals, Documents Show". The Wall Street Journal. Archived from the original on November 23, 2023. Retrieved November 19, 2023.
  10. Berger, Eric (May 10, 2024). "Analyst on Starlink's rapid rise: "Nothing short of mind-blowing"". Ars Technica. Archived from the original on May 10, 2024. Retrieved May 11, 2024.
  11. Macias, Amanda; Sheetz, Michael (June 1, 2023). "Pentagon awards SpaceX with Ukraine contract for Starlink satellite internet". CNBC. Archived from the original on September 15, 2023. Retrieved September 15, 2023.
  12. "SpaceX – Starshield". www.spacex.com. Archived from the original on December 14, 2022. Retrieved September 10, 2023.
  13. Sheetz, Michael (December 5, 2022). "SpaceX unveils 'Starshield,' a military variation of Starlink satellites". CNBC. Archived from the original on September 28, 2023. Retrieved September 21, 2023.
  14. Drake, Nadia (May 29, 2019). "Will Elon Musk's Starlink satellites harm astronomy? Here's what we know". National Geographic. Archived from the original on March 9, 2021. Retrieved March 12, 2021.
  15. "JASON Report on the Impacts of Large Satellite Constellations". National Science Foundation. Archived from the original on October 20, 2021. Retrieved October 20, 2021.
  16. "Astronomy Discussion with National Academy of Sciences" (Press release). SpaceX. April 28, 2020. Archived from the original on May 16, 2021. Retrieved April 4, 2021.
  17. Krebs, Gunter. "Starlink Block v1.0". space.skyrocket.de. Archived from the original on November 17, 2020. Retrieved July 15, 2020.