সংবেদন তন্ত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সংবেদন তন্ত্ৰ
আদৰ্শ সংবেদন তন্ত্ৰ: দৰ্শন তন্ত্ৰ- মানুহৰ চকুৰ পৰা তথ্য অপটিক স্নায়ু আৰু অপটিক ট্ৰেকৰ কেন্দ্ৰীয় সংযোগেদি মানুহৰ মগজুৰ দৰ্শনৰ লগত জড়িত Area V1 বা ভিজুৱৈল কৰ্টেক্সলৈ যায়।
লেটিন organa sensuum
তন্ত্ৰ স্নায়ু তন্ত্ৰ
টোপনিত থাকিলেও দৰ্শন আৰু স্পৰ্শন সক্ৰিয় হৈ থাকে।

সংবেদন তন্ত্ৰ (ইং: sensory system) হৈছে স্নায়ু তন্ত্ৰৰ এটা ভাগ। এই তন্ত্ৰই জীৱক সংবেদন প্ৰদান কৰে। সংবেদন তন্ত্ৰ গ্ৰাহক, নিষ্ক্ৰিয় পথ, আৰু সংবেদনৰ সৈতে জড়িত মগজুৰ এটা অংশৰ দ্বাৰা গঠন হয়। সংবেদন বুলিলে সাধাৰণতে দৰ্শন, শ্ৰৱণ, স্পৰ্ষণ, আস্বাদন, ঘ্ৰাণ আৰু সঞ্চালনক (ভাৰসাম্যতা/চলন) বুজায়। চমুকৈ, সংবেদন হৈছে ভৌতিক পৰিৱেশৰ অনুবাদিত ৰূপ যিবোৰৰ তথ্য আমাৰ মগজুৱে বিশ্লেষণ কৰাৰ ফলত আমি ভৌতিক পৰিৱেশৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ।[1]

সংগ্ৰাহক ক্ষেত্ৰ হৈছে পৃথিৱীৰ বিশেষ অংশ যত গ্ৰাহক অংগ আৰু গ্ৰাহক কোষে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উদাহৰণ স্বৰূপে, এটা চকুৱে পৃথিৱীৰ যিটো অংশ দেখে, সেই অংশটোৱে হৈছে সংগ্ৰাহক ক্ষেত্ৰ; প্ৰতিটো দণ্ড কোষ বা শংকু কোষ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা পোহৰেই ইয়াৰ সংগ্ৰাহক ক্ষেত্ৰ।[2] বৰ্তমানলৈকে দৰ্শন, শ্ৰৱণ আৰু স্পৰ্শনৰ সংগ্ৰাহক ক্ষেত্ৰ চিনাক্তকৰণ কৰা হৈছে।

ৰোগ[সম্পাদনা কৰক]

সংবেদন অংগৰ ৰোগৰ বাবে Disability-adjusted life year ২০০২ চনত, প্ৰতি ১,০০,০০০ জন বাসিন্দাৰ ভিতৰত।[3]
  তথ্য নাই
  ২০০তকৈ কম
  ২০০-৪০০
  ৪০০-৬০০
  ৬০০-৮০০
  ৮০০-১০০০
  ১০০০-১২০০
  ১২০০-১৪০০
  ১৪০০-১৬০০
  ১৬০০-১৮০০
  ১৮০০-২০০০
  ২০০০-২৩০০
  ২৩০০তকৈ বেছি

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Krantz, John. "Experiencing Sensation and Perception - Chapter 1: What is Sensation and Perception?" (Pdf). পৃষ্ঠা: 1.6. http://psych.hanover.edu/classes/sensation/chapters/Chapter%201.pdf। আহৰণ কৰা হৈছে: May 16, 2013. 
  2. Kolb & Whishaw: Fundamentals of Human Neuropsychology (2003)
  3. "Mortality and Burden of Disease Estimates for WHO Member States in 2002" (xls). World Health Organization. 2002. http://www.who.int/entity/healthinfo/statistics/bodgbddeathdalyestimates.xls.