সংস্কৃতিৰ বিকিৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

সংস্কৃতিৰ বিকিৰণ বা সংস্কৃতিৰ প্ৰসাৰণ (ইংৰাজী: Trans-cultural diffusion) হ'ল এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা কোনো এটা নিদিৰ্ষ্ট সংস্কৃতিৰ সাংস্কৃতিক সমল আন এটা সংস্কৃতিলৈ সংক্ৰমিত হয়। ইয়াৰ জৰিয়তে সংস্কৃতি বিকাশ (Cultural growth) আৰু সংস্কৃতি সমান্তৰালৰ (Cultural Parallels) উদ্ভৱ হয়।[1]

কাৰক[সম্পাদনা কৰক]

আদিম কালৰে পৰা বিভিন্ন ঠাইৰ সাংস্কৃতিক সমলৰ বিনিময় নিৰন্তৰভাৱে হৈ আহিছে। এই ক্ষেত্ৰত প্ৰভাৱ পেলোৱা প্ৰধান কাৰকসমূহ হৈছে -

  1. জন প্ৰব্ৰজন,
  2. আদান-প্ৰদান আৰু
  3. প্ৰজাতিকেন্দ্ৰিকতা (Ethnocentrism)

জন প্ৰব্ৰজন[সম্পাদনা কৰক]

প্ৰাগ ঐতিহাসিক কালৰে পৰা খাদ্য, বস্ত্ৰ, বাসস্থানৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে মানুহে এঠাইৰ পৰা আন এঠাইলৈ প্ৰব্ৰজন কৰি আহিছে। বৰ্তমানো বিভিন্ন ৰাজনৈতিক, সামাজিক,অৰ্থনৈতিক,ধৰ্মীয় আদি কাৰণতো এখন ঠাইৰ পৰা আন এখন ঠাইলৈ মানুহৰ প্ৰব্ৰজন হৈ আছে। এনে প্ৰব্ৰজনে এখিনি মানুহকৰ লগে-লগে সেই জনসমষ্টিৰ সংস্কৃতিও কঢ়িয়াই আনে। ফলত দুটা জনসমষ্টিৰ সাংস্কৃতিক সমলৰ অহা-যোৱা হয়।

আদান- প্ৰদান[সম্পাদনা কৰক]

সাংস্কৃতিক সমলৰ আদান-প্ৰদান বিয়া-বাৰু,সান্নিধ্যবশত: বেপাৰ-বাণিজ্য আদি বিভিন্ন কাৰণত হ'ব পাৰে। বৰ্তমান বিকীৰণবাদৰ ক্ষেত্ৰত বেপাৰ-বাণিজ্যই আটাইতকৈ প্ৰভাৱ পেলাইছে। উদাহৰণস্বৰূপে - বেপাৰ-বাণিজ্যৰ যোগেদিয়ে ইউৰোপৰ দেশসমূহে নিজৰ সাংস্কৃতিক সমল প্ৰাচ্যৰ দেশবোৰলৈ লৈ গৈছিল।

প্ৰজাতিকেন্দ্ৰিকতা[সম্পাদনা কৰক]

মানুহৰ আনৰ সমল বা বস্তুক উচ্চ দেখা প্ৰবৃত্তিৰ বাবেই আন সংস্কৃতিৰ শ্ৰেষ্ঠ যেন লগা সমলক ইচ্ছাকৃতভাৱে এটা সংস্কৃতিৰ ভিতৰুৱা কৰা হয়। এই প্ৰক্ৰিয়াই হ'ল Eপ্ৰজাতিকেন্দ্ৰিকতা । প্ৰজাতিকেন্দ্ৰিকতাই সংস্কৃতিৰ প্ৰসাৰণত বিশেষ ভূমিকা লয়। এনেদৰে বিভিন্ন কাৰকৰ যোগেদি ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱে ধৰণে সংস্কৃতিৰ প্ৰসাৰণ হ'ব পাৰে।[2]

প্ৰকাৰ[সম্পাদনা কৰক]

সংস্কৃতিৰ প্ৰসাৰণ বা বিকিৰণক দুই ধৰণে ভাগ কৰিব পাৰি -

  1. প্ৰত্যক্ষ প্ৰসাৰণ
  2. পৰোক্ষ প্ৰসাৰণ

প্ৰত্যক্ষ প্ৰসাৰণ[সম্পাদনা কৰক]

সংস্কৃতিৰ প্ৰত্যক্ষ প্ৰসাৰণ বা বিকিৰণ দুটা জনসমষ্টিৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ দ্বাৰা সংঘটিত হয়। বিশেষকৈ বিয়া-বাৰু,ব্যৱসায়-বাণিজ্য,মিলা-মিছাৰ যোগেদি এনে প্ৰসাৰণ হয়।

পৰোক্ষ প্ৰসাৰণ[সম্পাদনা কৰক]

পৰোক্ষ প্ৰসাৰণে কোনো এটা সাংস্কৃতিক সমল বেলেগ কোনো সংস্কৃতিৰ মাজেৰে আহি আন এটা সংস্কৃতিলৈ প্ৰসাৰণ হোৱাকে বুজা যায়।

বিকিৰণ সম্পৰ্কে চৰ্চা[সম্পাদনা কৰক]

গ্ৰেএবনাৰ,আংকাৰমেন,স্কিথিউডট আদি জাৰ্মান পণ্ডিতসকলে সংস্কৃতিৰ বিকিৰণ বা প্ৰসাৰণবাদ সম্পৰ্কে আলোচনা কৰিছিল। তেওঁলোকে সাংস্কৃতিক সমলবোৰৰ এটা মাত্ৰ উৎপত্তিস্থল বুলি মত প্ৰকাশ কৰিছিল। তেওঁলোকৰ মতে লোককথাসমূহ উৎপত্তি স্থলৰ পৰা পৰৱৰ্তী কালত বিভিন্ন অঞ্চললৈ প্ৰসাৰণ হৈছে। তেওঁলোক সংস্কৃতিৰ এককউৎপত্তিতত্ত্ব (Monogenesis )ত বিশ্বাস কৰিছিল। তেওঁলোকে সাধুকথাসমূহৰ আদিৰূপ অধ্যয়নত গুৰুত্ব দিছিল আৰু পৃথিৱীৰ প্ৰায়বোৰ লোককথাৰ উৎপত্তি স্থান জাৰ্মানী বুলি কৈছিল। জাৰ্মানীৰ পৰাই প্ৰসাৰণ বা বিকিৰণৰ ফলতে এইসমূহ পৃথিৱীৰ বিভিন্ন ঠাইলৈ প্ৰসাৰিত হৈছে। ‌

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]