সদস্য:চন্দন কুমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সংগীত শিল্পী জুবিন গাৰ্গৰ  বৰ্ণাঢ্য জীৱনৰ কিছু কথা -

১৯৭২ চনৰ ১৮ নবেম্বৰত তুৰাৰ ব্ৰহ্মণপাৰাত জন্মলাভ কৰা শিল্পী জুবিন গাৰ্গ বৰ্তমান সময়ত অসমৰ অপ্ৰতিদ্বন্দী শিল্পী। শৈশৱ কালৰ নাম ‘‘গ'ল্ডি’’। দেউতাকৰ চাকৰিসূত্ৰে শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন ঠাইত বিভিন্ন বিদ্যালয় পঢ়িব লগীয়া হোৱা স্বত্ত্বেও গ'ল্ডিয়ে ৭০% নম্বৰ সহ তামুলপুৰৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰ পিছতেই বিজ্ঞান শাখাত নাম ভৰ্ত্তি কৰে যোৰহাটৰ জে.বি. কলেজত। বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় উত্তীৰ্ণ হোৱাৰ পিছত গ'ল্ডিয়ে গুৱাহাটীৰ বি বৰুৱা কলেজত নাম ভৰ্তি কৰে পৰা স্নাতক শিক্ষাৰ বাবে।

.

সংগীতৰ টাৰ্ণিং পইণ্ট— পঞ্চম মানত থাকোঁতেই

গ'ল্ডিয়ে তবলাৰ শিক্ষা লাভ কৰিছিল ৰবীন

বেনাৰ্জীৰ ওচৰত। সেইসময়তে বহুজনে কৈছিল, গ'ল্ডিৰ কণ্ঠ বৰ সুন্দৰ ৷ বহুজনে তেওঁক কণ্ঠশিল্পী হবলৈ পৰামৰ্শ দিছিল ৷ কিন্তু গীত গাবলৈ গ'ল্ডিৰ লাজ, আত্মবিশ্বাস হীনতাই বেঢ়ি ধৰিছিল ৷ সেই সময়তে যোৰহাটৰ ৰেডিঅ’ ষ্টেচনলৈ যাব লগা হ’ল এজন বন্ধুৰ লগত তবলা সংগত কৰিবলৈ ৷ তাতে লগ পায় অসমৰ নাট্যজগতৰ ভোটাতৰা নীলু চক্ৰৱৰ্তীক। তেওঁ গ'ল্ডিক জোৰ কৰি দুটা গীত গোৱালে আৰু বাণীবদ্ধ কৰি ৰেডিঅ’ত বজাই দিলে। এই ঘটনাই গ'ল্ডিৰ মনলৈ আত্মবিশ্বাস আনি দিলে ৷ ইয়েই আছিল গ'ল্ডিৰ টাৰ্ণিং পইণ্ট ৷

প্ৰথমটো কেছেট— ইতিমধ্যে নিজৰ কণ্ঠৰ সন্দৰ্ভত প্ৰচণ্ড আত্মবিশ্বাস গঢ়ি উঠা জুবিনে ঠিৰাং কৰিলে, এটা কেছেট উলিওৱাৰ ৷ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত ৱেষ্টাৰ্ণ একক সংগীতত সোণৰ পদক লাভ কৰি তেওঁৰ আত্মবিশ্বাস দুগুণে বৃদ্ধি পালে ৷ নিজৰ হাতত থকা কিছু টকাৰ লগতে মাতৃৰ পৰা অলপ টকা লৈ লগতে বেংকৰ পৰা ৩০,০০০ টকালৈ আৰম্ভ কৰিলে প্ৰথমটো কেছেটৰ কাম। কিবা কাৰণত সেইদিনা ষ্টুডিঅ’ অ’ডিটেকলৈ আহিছিল এন.কে. প্ৰডাকচনৰ স্বত্তাধিকাৰী দেৱ কুমাৰ বৰকটকী ৷ সেই সময়ত সেই ষ্টুডিঅ’তে বাণীবদ্ধ কৰি আছিল জুবিনে প্ৰথমটো কেছেট। জুবিনৰ গীতত সন্তুষ্ট হৈ দেৱ বৰকটকীয়ে কেছেটটোৰ মাৰ্কেটিঙৰ দায়িত্ব ললে। এইদৰেই বিয়পি পৰিল ‘‘অনামিকা’’ ৷ তাৰ পিছত তেওঁ পিছলৈ ঘূৰি চাব লগা হোৱা নাই— ৷

চলচিত্ৰ সংগীত— সেইসময়ত অসমীয়া চলচিত্ৰ উদ্যোগটো মৃতপ্ৰায়। অশোক কুমাৰ বিষয়াই ঠিৰাং কৰিলে এখন ছবি কৰাৰ ৷ নাম- যৌৱনে আমনি কৰে ৷ সেই ছবিখনতে জুবিনে কণ্ঠ দিলে ‘‘বুকু দুৰু দুৰু’’ শীৰ্ষক গীতটোত ৷ এইয়াই আছিল জুবিনৰ চলচিত্ৰত পদাৰ্পণ। তাৰ পিছত যে এটা যুগৰ আৰম্ভ হ'ল সেইয়া সকলোৱে জানে ।