সদস্য:জিতুল বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জিতুল বৰা

যুৱ লেখক জিতুল বৰাৰ জন্ম যোৰহাট জিলাৰ খঙীয়াচুক গাঁওত। পিতৃ শ্ৰীযুত পুতুল বৰা আৰু মাতৃ শ্ৰীযুতা ফুলমাই বৰা। ছাত্ৰাৱস্থাতেই জিতুল বৰাই সাহিত্য জগতত পৰ্দাপন কৰিছিল।

২০১২ চনৰ চেপ্তেম্বৰ মাহত শিক্ষকতাৰ পাতনি মেলা জিতুল বৰাই বৰ্তমান তচৰাইদেউ জিলাত শিক্ষকতা কৰি আছে। অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী জিতুল বৰাই কেইবাবছৰ ধৰি অসমৰ আগশাৰীৰ সংবাদপত্ৰ-আলোচনী সমূহত বিভিন্ন চিন্তাশীল প্ৰবন্ধ লিখি আহিছে। বিভিন্ন সংবাদপত্ৰ , আলোচনীত বৰাদেৱৰ এতিয়ালৈকে প্ৰায় কেইবাশ  নিবন্ধ প্ৰকাশ হৈছে। সাম্প্ৰতিক সমাজ-সাহিত্য-সংস্কৃতি বিষয়ত মননশীল প্ৰবন্ধ লিখাৰ উপৰিও শিশু সাহিত্য ৰচনাতো সমানে মনোনিবেশ কৰিছে।

তেখেতৰ প্ৰকাশিত উল্লেখযোগ্য গ্ৰন্থ কেইখনমান- উপাসনা(২০১৭), চিন্তা আৰু আলাপ(২০১৮) , বিশ্বৰ কুৰিগৰাকী মহান মনীষী(২০১৯), অসমৰ পৰ্যটনস্থলী(২০২১), অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য (২০২১) অন্যতম।