সদস্য:জুমি ঠাকুৰীয়া
প্ৰশ্ন: অসমীয়া প্ৰগতিশীল কবিতাৰ স্বৰূপ সম্পৰ্কে এটি প্ৰবন্ধ ৰচনা কৰা। �
উওৰ: কবিতা হৈছে কবি হৃদয় নিহিত ভাৱৰ ছন্দোবদ্ধ আৰু শিল্পিত প্ৰকাশ। কবি হৃদয়ৰ ভৱানুভূতিৰ কল্পনাৰে মণ্ডিত ভাষাৰ ছন্দ লহৰৰ অভিব্যক্ত কলাত্নক সৃষ্টি।
অসমীয়া প্ৰগতিশীল কবিতাৰ ধাৰাটো জয়ন্তী যুগতহে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা দেখা যায়। কুৰি শতিকাৰ চল্লিশৰ দশকটো অসমীয়া সাহিত্যৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ। এই দশকতে আধুনিক অসমীয়া কবিতাৰ দ্বিতীয় পৰ্বৰ অংকুৰণ হয় আৰু পৰৱৰ্তী ৰামধেনুৰ কালছোৱাত ই বিস্তাৰ লাভ কৰে। ১৯৪০ চনৰ মাৰ্চ মাহৰ আবাহন আলোচনীত প্ৰকাশ হোৱা হেম বৰুৱাৰ গদ্য ছন্দত লিখা 'বান্দৰ' কবিতাই অসমীয়া কবিতাৰ এটা নতুন ধাৰাৰ আৰম্ভ কৰে। এই কবিতাটোৰ যোগেদি সেই সময়ৰ অসমীয়া কবিতাই ৰোমাণ্টিকতাৰ পৰা আতৰি অহাৰ উমান পোৱা গৈছিল। মুঠতে চল্লিশৰ দশকৰ আৰম্ভণিতে অসমীয়া কবিতাই নতুন ভংগী আৰু নতুন কাব্য বিষয় আদৰি আনিছিল।
বিয়াল্লিশৰ ভাৰত ত্যাগ আন্দোলন আৰু দ্বিতীয় বিশ্বযুদ্বৰ ভৱাবহ পৰিস্থিতিয়ে অসমৰ সমাজ জীৱনৰ গতি প্ৰায় স্তদ্ধ পৰিছিল। সেই সময়ত অসমীয়া সাহিত্য আন্দোলনৰ গুৰি বঠা ধৰি থকা আবাহন আলোচনীয়েও মহাযুদ্ধৰ কাৰণসমূহৰ বাবে নিজৰ মহিমা হেৰুৱাই পেলাইছিল। ইয়াৰ ফলত সামাজিক ৰাজনৈতিক আদি দিশত মহাকাব্যৰ সৃষ্টি হৈছিল। ১৯৪২ চনত বন্ধ হৈ পৰা ৰঘুনাথ চৌধাৰী সম্পাদিত জয়ন্তীক এটা ডেকাদলে ১৯৪৩ চনৰ শেহৰ পৰা প্ৰগতিৰ দীপ্ত বাণীয়ে নতুন ধাৰাৰ বাহক ৰূপে প্ৰকাশ কৰিবলৈ লৈছিল। জয়ন্তী আলোচনীয়ে ৰোমাণ্টিক ভাৱধাৰাৰ প্ৰতি বিষোদগাৰ কৰি নিজকে প্ৰগতিবাদী বুলি ঘোষণা কৰিছিল। মহাযুদ্ধৰ তিক্ত অভিজ্ঞতা আৰু স্বাধীনতা পিয়াসী মুক্তিবাদী জনতাই ৰূঢ় বাস্তৱৰ সৈতে মুখামুখি হৈ নতুন নতুন দৃষ্টিভংগী গ্ৰহণ কৰিছিল।কুৰি শতিকাৰ চল্লিশৰ দশকত জয়ন্তী আলোচনীৰ যোগেদি অসমীয়া কবিতাত বাস্তৱবাদী প্ৰগতিশীল চিন্তাৰ ঢল নামি অহা দেখা যায়।