সদস্য:নিতুল বৰা/পৰশুৰাম কুণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা

(এই প্ৰবন্ধটি মাননীয়া ৰুণু গোস্বামী বাইদেউৰ পৰিভ্ৰমন নামৰ প্ৰবন্ধটিৰ আটধৰি কিছু সংমিশ্ৰনৰে ন-ৰূপত লিখা হৈছে।) আগকথাঃ-পৰশুৰামে পিতৃৰ আদেশক্ৰমে নিজ মাতৃক নিজ হাতেৰেই কুঠাৰঘাত কৰি হত্যা কৰাৰ পাছত মাতৃ হত্যাৰ মাহাপাপত ভুগি নিজৰ হাতৰ কুঠাৰ হাতৰ পৰা এৰুৱাব নোৱাৰা হয়, বহুবছৰ বহুতো তীৰ্থস্থান দৰ্শন কৰাৰ পাছত একান্ত ভক্তি ভাবেৰে ভগৱানক আৰাধানা কৰাৰ পাছত মাহদেৱ শিৱ তেওঁৰ ভক্তিত সন্তোষ্ট হৈ বিষ্ণু জৰথাক সাক্ষত কৰিবলৈ কলে। বিষ্ণু জৰাথক সাক্ষাত কৰাত তেওঁ কলে উত্ত-পূৱ এটি ব্ৰহ্মকুণ্ড আছে আৰু সেই ব্ৰহ্মকুণ্ডৰ পাৰ কাটি বোঁৱতি জলধাৰাত কুঠাৰ সহিতে স্নান কৰিলে তোমাৰ পাপ খণ্ডন হৱ, শেষত এই কুণ্ডৰ পানীৰে গা-ধুৱাৰ পাছতহে হাতৰ কুঠাৰ এৰুৱাব পাৰিছিল, তেতিয়াৰে পৰাই এই কুণ্ডৰ নাম পৰশুৰাম কুণ্ড নামেৰে জনাজাত হৈ পৰে। পৰশুৰাম কুণ্ডঃ-ভগৱান শ্ৰীকৃষ্ণৰ পঞ্চম অৱতাৰ ধাৰণ হয় এই পৰশুৰাম কুণ্ডৰ সৃষ্টিৰ আৰৰ কাহিনীত। জমদগ্নি মুনিৰ পত্নীৰ নাম আছিল ৰেণুকা, তেওঁলোকৰ পাঁচ জন পুত্ৰৰ ভিতৰত পঞ্চমজন আছিল পৰশুৰাম। এই পৰশুৰাম নামেৰেই ভগৱান শ্ৰীকৃষ্ণই পঞ্চমটি অৱতাৰ ধাৰণ কৰিছিল। এদিনাখন জমদগ্নি মুনিয়ে গা-ধুৱৰ বাবে সহধমনী ৰেনুকাক গংগাৰ পানী আনিবলৈ পঠাইছিল। বহুদেৰিলৈকে পত্নী পানী আনিবলৈ গৈ ঘুৰি অহা নাই বাবে মুনি খঙত অগ্নিশৰ্মা হৈ নিজৰ দিব্যদৃষ্টি প্ৰয়োগ কৰি দেখিলে যে সহধমনী ৰেনুকাই স্বৰ্গৰ পৰী সকলৰ গো-ধোৱাৰ দৃশ্যচাই বিভোৰ হৈ আছে। ইফালে স্বামী মুনি খঙত একো নাই হৈ ইফাল সিফাল কৰি আছে। ঠিক তেনেতে তেওঁৰ সহধমনী ৰেনুকা পানীলৈ আশ্ৰমত প্ৰবেশ কৰাৰ লগে লগে ক্ৰোধত জলিপকি থকা মুনিয়ে তীক্ষ্ণ বাক্যবানেৰে থকা সৰকা কৰিলে আৰু তেওঁৰ আদেশ পালনত বিলম্ব হোৱাৰ বাবে উপযুক্ত শাস্তি দিবলৈ ঠিৰাং কৰিলে। বহুতো কাকুতি মিনতি কৰিও ৰেনুকাই একো সু-ফল নাপালে, কোনোপধ্যে স্বামীদেৱতাক সৈমান কৰাব নোৱাৰিলে, বৰঞ্চ স্বামীৰ ক্ৰোধ দুগুনে বাঢ়িলহে।উপায়ন্তৰহৈ ৰেনুকাই কান্দোনত ভাঙি পৰিল।লগে লগে মুনিয়ে কাষতে থকা তেওঁৰ চাৰি পুত্ৰক মাতি আনিলে আৰু কলে যে তোমালোকৰ মাতৃৰ এক অপৰাধ হৈছে, স্বামীৰ আজ্ঞা পালনত তেওঁ ব্যৰ্থ হৈছে, তেওঁ উপযুক্ত শাস্তিৰ যোগ্য। তেতিয়া চাৰি পুত্ৰই সুধিলে যে আমি কি কৰিলে আপোনাৰ ক্ৰোধ ম্লান হৱ আৰু মাতৃও অপৰাধ মুক্ত হৱ? .....তেনেহলে শুনা, তোমালোকে মোৰ আগ্যা আখৰে আখৰে পালন কৰি মাতৃৰ শিৰচ্ছদ কৰি তেওঁ কৰা অপৰাধৰ দণ্ড বিহা এতিয়াই। চাৰিও পুত্ৰই এজন এজনকৈ কলে যে-যি গৰাকী মাতৃয়ে আমাক জন্ম দি ডাঙৰ দীঘল কৰিলে সেইগৰাকী মাতৃৰ হত্যাৰ দৰে ঘৃননীয় কাম কৰাৰ কথা কৰাতো দুৰৰে কথা সপোনতো ভাবিব নোৱাৰো আমি।আপুনি আমাক ক্ষমা কৰক আৰু আপোনাৰ আদেশ উঠাই লওঁক পিতৃদেৱ। চাৰি পুত্ৰৰ কথা শুনি খঙত একোনাই হৈ বাক্যবান কৰিলে যে- পুত্ৰহৈ পিতৃৰ আদেশ উলঙ্ঘা কৰি ইহ সংসাৰত জীয়াই থকাৰ অধিকাৰ তোমালোকে হেৰুৱাই পেলাইছা। এইবুলি কৈ মূৰ্হুততে কমণ্ডলুৰ পৰা এচলু পানী চাৰি পুত্ৰৰ গাত চতিয়াই দিলে আৰু চাৰিও পুত্ৰক লগে লগে ভষ্মিভুত কৰিলে। তেতিয়া বাকী থাকিল পঞ্চম পুত্ৰ পৰশুৰাম। পৰশুৰামক মতাত তেওঁ আহি পিতৃৰ ওচৰত হাজিৰ হল। পুত্ৰক উদ্দেশ্য কৰি মুনিয়ে কলে-

তুমি কোনো প্ৰশ্ন নকৰাকৈ মোৰ আদেশ পালন কৰিবা বুলি প্ৰতিজ্ঞা কৰা এতিয়া ?
আপুনি নিজ পুত্ৰক কিয় সন্দেহৰ দৃষ্টিৰে চাইছে পিতৃদেৱ ?
সন্দেহ হৈছে এইবাবেই যে-তোমাৰ চাৰি ভাতৃয়ে ইতিমধ্যে পিতৃৰ আদেশ অমান্য কৰি মোৰ ক্ৰোধৰ জুইত ভষ্মিভুত হৈ ইহ-সংসাৰৰ পৰা বিদায় লৈছে।
আদেশ কৰক পিতৃদেৱ-অলপো বিলম্ব নকৰাকৈ আপোনাৰ আদেশ আখৰে আখৰে পালন কৰিম বুলি কথা দিলো এতিক্ষনে।
তেন্তে শীঘ্ৰে যোৱা আশ্ৰমলৈ আৰু মাতৃৰ শিৰচ্ছেদ কৰি তেওঁক তেওঁৰ শাস্তি বিহাগৈ।

পিতৃৰ আদেশ পাই কিংকৰ্তব্য বিমোৰ হৈ পৰিল পৰশুৰাম, যেন তেওঁৰ ভৰিৰ তলৰ মাটিহে খহি পৰিল। কেইমূৰ্হুতমান একেঠাইতে চকু মুদি ৰল, এবাৰ পিতৃৰ কঠোৰ মুখলৈ চাই মনৰ সকলো দুখ-বেজাৰ অতৰাই পেলালে। দুচকুৰ দুধাৰি পানী দুহাতেৰে মচি পিছ মূৰ্হুততে হাতত কুঠাৰখন লৈ কলে-যি আজ্ঞা কৰে পিতৃদেৱ বুলি আশ্ৰমলৈ গতি কৰিলে। আশ্ৰম আহি পাই দেখে যে নিজ স্বামীৰ ক্ৰোধত মাতৃ চিন্তিত হৈ মাটিত ঢলি পৰি আছে। পৰশুৰামে মাতৃৰ চৰণ স্পৰ্শ কৰি মাতৃক উদ্দেশি কলে- মোৰ জন্মদাতৃ মাতৃ- মোক আৰ্শীবাদ কৰক যাতে মই পিতৃ আজ্ঞা পালনত অকনো বিচলিত নহওঁ। জন্মৰ ধাৰ পৰিশোধ কৰাৰ সলনি মই কেনেকৈ নিজ হাতে আপোনাক কুঠাৰঘাট কৰো মাতৃ ? মোক ক্ষমা কৰক মাতৃ। তেতিয়া মাতৃ ৰেনুকাই কলে-পিতৃৰ আদেশ পালন কৰাটোৱেই পুত্ৰৰ কৰ্তব্য মোৰ বাছা।তুমি তোমাৰ কৰ্তব্য পালনত হেমাহি নকৰিবা, অন্যথা তোমৰো চাৰি ভাতৃৰ দৰেই দশা হৱ। সকলো দুখ পাহৰি এক মূৰ্হুতও বিলম্ব নকৰি নিজক সংযত কৰি লৈ পৰশুৰামে হাতত থকা কুঠাৰেৰে মাতৃৰ শিৰচ্ছেদ কৰিলে। মাতৃৰ তেজেৰে তুমুৰলি কুঠাৰখন হাতত লৈ লগে লগে পৰশুৰাম পিতৃৰ কাষলৈ আহিল। পৰশুৰামক দেখি পিতৃয়ে সন্তোষ্টহৈ কলে- তুমি পিতৃ আজ্ঞা পালন কৰি নিজৰ কীৰ্তি ৰাখিলা। কোৱা তোমাক কি বৰ লাগে পুত্ৰ ? তেতিয়া পৰশুৰামে কলে-মোক একো বৰ নালাগে পিতৃদেৱ। পাৰে যদি মোৰ মাতৃ-ভাতৃ সকলোকে পুনৰ জীবিত কৰি তোলক। লগে লগে মুনিয়ে কলে ঠিক আছে- ওওওম বুলি এক মন্ত্ৰ-উচ্চাৰণ কৰি কলে যোৱা চোৱাগৈ আশ্ৰমত তোমাৰ মাতৃ আৰু চাৰিও ভাতৃয়ে তোমাৰ কাৰণে অপেক্ষা কৰি আছে। এনেকৈয়ে পৰশুৰামে পিতৃ আজ্ঞা পালন কৰি পিতৃক সন্তোষ্ট কৰাৰ লগতে নিজৰ চাৰি ভাতৃ আৰু মাতৃক পুনৰ জীৱন দান দিবলৈ সক্ষম হল। কিন্তু কথা সিমানতে শেষ নহল। মাতৃ হত্যাৰ পাপত ভুগি তেওঁৰ হাতৰ কুঠাৰখন নিজৰ হাতৰ পৰা এৰুৱাবলৈ সক্ষম নহল। অপ্ৰাণ চেষ্টা কৰিও বিফল হৈ উপায় বিচাৰি পিতৃৰ ওচৰ পালেগৈ আৰু এই মহাপাপৰ পৰা পৰিত্ৰান পোৱাৰ উপায় বিচাৰি সহায় ভিক্ষা মাগিলে। তেতিয়া মুনিয়ে কলে যে-মাতৃ হত্যাৰ এই মহাপাপৰ পৰা পৰিত্ৰাণ পাবলৈ তুমি ভাৰতবৰ্ষৰ সকলো তীৰ্থস্থান দৰ্শন কৰাৰ অন্তত একান্ত মনে প্ৰাৰ্থনা কৰিলে তুমি পাপ মুক্ত হৱা। তেতিয়াৰে পৰা পৰশুৰামে এফালৰ পৰা ভাৰতবৰ্ষৰ সকলো তীৰ্থস্থান দৰ্শন কৰিবলৈ ধৰিলে। সকলো তীৰ্থস্থান দৰ্শনৰ অন্তত তেওঁ এক নিৰ্জন ঠাইত ভগৱানক ধ্যান কৰিবলৈ লাগিল। বহুদিন ধ্যান কৰাৰ পাছত পৰশুৰামৰ ধ্যান-ভক্তিত সন্তোষ্ট হৈ মহাদেৱ শিৱই দৰ্শন দিলে আৰু কলে- তুমি কুঁশল নগৰৰ পণ্ডিত বিষ্ণুজৰথাক সাক্ষাত কৰা তেৱেঁই তোমাৰ পাপৰ পৰা মুক্তিৰ সন্ধান দিব। বিষ্ণু জৰথাইও পৰশুৰামক উপদেশ দিলে যে-তুমি উত্তৰ-পূৰ্বাঞ্চলৰ এক মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ ঠাইত মহেন্দ্ৰগিৰি নামৰ এক সুন্দৰ পৰ্বত পাবা, তাত থকা ব্ৰহ্মকুণ্ডৰ পাৰটো তোমাৰ কুঠাৰেৰে কাটিলে যি জলধাৰা ওলাব আৰু বৈ যাব তাত স্নান কৰাৰ লগে লগে তোমাৰ হাতৰ কুঠাৰ এৰাই যাৱ আৰু তুমি মাতৃহত্যা মহা পাপৰ পৰা মুক্ত হৱ পাৰিবা। আৰু সেই ঠাই যুগ-যুগান্তৰলৈকে তোমাৰ নামৰ সৈতে জড়িত হৈ পৰিব। পণ্ডিত জৰথাই কোৱাৰ পথেৰেই গৈ পৰশুৰামে কাকপথাৰ, মহাদেৱপুৰ আৰু নামচাই অঞ্চল অতিক্ৰম কৰিলে। তাতেই আন্ধাৰহৈ আহাত ৰাতিটো আশ্ৰয় লোৱাৰ মানসেৰে এঘৰ মানুহৰ গোহালিত আশ্ৰয় ললে আৰু সেই গোহালিতে বান্ধি থোৱা দুটা বলধ গৰুৰ কথা-বতৰা শুনা পালে। এটা বলধে আনটোক কলে –আজি মোক গৰাকীয়ে বৰকৈ মাৰ-পিত কৰিলে জান। সেইকাৰণে কালিলৈ মই তেওঁক মোৰ শিঙেৰে এখোচ দিম। আনটো বলধে কলে-তেনে কৰিলে তোৰ পাপ নহবজানো ? যিজনে তোক ইমান দিনে খুৱাই-বোৱাই যত্ন কৰি পালিচে। উত্তৰত সি পুনৰ কলে-সেই পাপৰ পৰা মুক্তহৱলৈ ইয়াৰ পৰা কিছু আতৰত থকা মহেন্দ্ৰ পৰ্বতৰ সেই ব্ৰহ্মকণ্ডলৈ গৈ স্নান কৰি সেই পাপৰ পৰা মুক্ত হম। পিছদিনা বলধটোৱে কথামতেই কাম কৰি দেখুৱালে মানে গৃহস্থক শিঙেৰে এক প্ৰচণ্ড আঘাত কৰিলে আৰু মহেন্দ্ৰ পৰ্বতৰ ব্ৰহ্মকুণ্ডৰ অভিমুখে দৌৰিবলৈ ধৰিলে। তাকে দেখি পৰশুৰামে ভাবিলে তেওঁৰ গন্তব্যস্থান পোৱা এইটোৱেই সহজ উপায়, এক মূৰ্হুতও বিলম্ব নকৰি পৰশুৰামে এখন হাতত কুঠাৰ আৰু আনখন হাতেৰে বলধ গৰুটোৰ নেজত থাপমাৰি ধৰি পাছে পাছে গৈ ব্ৰহ্মকুণ্ড পালেগৈ। চাৰিওফালে চাই ব্ৰহ্মকুণ্ডৰ জলাশয়ত স্নান কৰিবলৈ লওঁতেই এটা প্ৰকাণ্ড ঘঁৰিয়ালে পৰশুৰামক খাবলৈ খেদি আহিল। কিন্তু চকুৰ পলকতে সেই ঘঁৰিয়াটোৱে এক মানুহৰ ৰূপ ধাৰণ কৰিলে আৰু কলে- মোৰ নাম সুতাপা, বহুযুগ ধৰি মই শাপ ভুগি ঘঁৰিয়াল ৰূপে এই ব্ৰহ্মকুণ্ডতেই আপোনাৰ বাবে অপেক্ষা কৰি আছো। আপুনি ব্ৰহ্মকুণ্ডৰ পাৰ আপোনাৰ হাতৰ কুঠাৰেৰে কাটি দিয়াৰ লগে লগেই মই শাপমুক্ত হম আৰু এই ব্ৰহ্মকুণ্ডৰ পৰা যি অমৃত বৈ যাৱ আৰু এই অমৃত জলভাগ উত্তৰ-পূৱৰ প্ৰদেশ বোৰৰ মাজেদি ব্ৰহ্মপুত্ৰ নামেৰে বৈ গৈ সমূদ্ৰত মিলিত হৱ। সেই ঘঁৰিয়াল ৰূপী সুতাপাৰ কথা মতেই পৰশুৰামে হাতত থকা কুঠাৰেৰে আঘাত কৰি ব্ৰহ্মকুণ্ডৰ পাৰ কাটি দিলে আৰু ঘঁৰিয়াল ৰূপী সুতাপা উদ্ধাৰ হল আৰু ব্ৰহ্মকুণ্ডৰ জলভাগত স্নান কৰাৰ লগে লগে পৰশুৰামৰ হাতৰ কুঠাৰ সুলকি পৰিল। তেতিয়াহে পৰশুৰামৰ মাতৃহাত্যা মহাপাপ খণ্ডন হল। (শেষকথাঃ-ব্ৰহ্মকুণ্ডৰ পুত্ৰ স্বৰূপ পৰশুৰামৰ হাতৰ স্পৰ্শত ব্ৰহ্মকুণ্ডৰ পৰা ধাৰাসাৰে ওলোৱা জলৰাশি অসমৰ মাজেৰে বৰ্তমানেও প্ৰবাহিত হৈ থকা বৰলুইতৰ নাম ব্ৰহ্মপুত্ৰ নামেৰে জিলিকিছে আজিও।)