সদস্য:ফণীভূষণ নাথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

1449 চনৰ 26 চেপ্তেম্বৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম হৈছিল ।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম কেতিয়া আৰু কিমান তাৰিখে হৈছিল ? প্ৰশ্নটো অৱশ্যে আমাৰ সকলোৰে । 1449 খৃঃক �জন্ম চন হিচাপে ধৰি লোৱা হৈছে যদিও কিছুমানে 1448 খৃঃক হে শুদ্ধ বুলি যুক্তি দিব খোজে । অবশ্যে swiss ephemeris ৰ সহায়ত শুদ্ধ তথ্যটো নিৰ্নয় কৰিব পাৰি ।

তথ্য অনুসৰি গুৰুজনাৰ আৱিৰ্ভাব মূহুৰ্ত - " আহিন মাহৰ শুক্লা দশমী তিথি , শুক্ৰবাৰে , মধ্যৰাতি ।" swiss ephemeris অনুসৰি 1448 খৃষ্টাব্দত আহিন মাহৰ শুক্লা দশমী তিথিয়ে শনিবাৰ আৰু দেওবাৰ সামৰি লৈছে । (From 7th Sep. Saturday, h. 11:40pm to 8th Sep. Sunday, h. 08:25pm) গতিকে 1448 চন শুদ্ধ নহয় ।

আনহাতে 1449 খৃ:ত আহিনৰ শুক্লা দশমী তিথি (বিজয়া দশমী) 26 Sep. Friday, নিশা ঘঃ10:39:15 পৰা 27 Sep. Saturday , নিশা ঘঃ 09:12:06 পৰ্যন্ত আছিল ।

দেখা গৈছে যে দশমী তিথিয়ে দুটি নিশাক স্পৰ্শ কৰিছে । যিহেতু মহাপুৰুষ জনাৰ আৱিৰ্ভাৱ মূহুৰ্ত মধ্যৰাতি সেয়েহে মধ্যৰাতি কোনটো দিৱসত পৰিছে তাক আগতে নিৰুপন কৰিব লাগিব ।

26/27 Sep.'1449 তাৰিখে->

স্থা: সূৰ্যোদয় h. 05.19 (IST) স্থা: সূৰ্যাস্ত h. 17.11 (IST) নিশামান h.12.0786111; যামাৰ্ধমান h.1.50982639 ; মূহুৰ্ত মান h. 0.80524074 ; মধ্যৰাতি নিৰূপণ - (১) (0.80524074 x 7)+17.11 =22.74668518 =h. 10:44;48 pm. =(22.74668518+ 0.80524074) =23.55192592 =h. 11:33:07 pm. অৰ্থাৎ h.10:45 পৰা h. 11:34 pm পৰ্যন্ত মহানিশা মূহুৰ্ত । (২) =(1.50982639 x 4) +17.11 =(6.03930556+17.11) = 23.1493056 �=h.11:09 pm.-> মধ্যৰাতি স্পৰ্শ । গতিকে 26 Sep. তাৰিখে দশমী তিথি আৰু মধ্যৰাতি পোৱা গ'ল । সেইদিনা যিহেতু শুক্ৰবাৰ আছিল সেয়েহে প্ৰচলিত জন্মৰ তথ্যটো 100% শুদ্ধ । আনহাতে সেইদিনা সৌৰ আহিন মাহৰ ২৬ দিন গৈছিল ।

( মধ্যৰাতিৰ শুভ ক্ষণটো বিচাৰ কৰি গুৰু জনাৰ জন্ম কুণ্ডলীটোও প্ৰস্তুত কৰিব পাৰি ।জ্যোতিষিক পদ্ধতিৰে বিশ্লেষণ কৰিলে জন্ম সময়টো হব নিশা ঘ. 11:40:49 ) এতিয়া গুৰুজনাৰ বৈকুণ্ঠ গমনৰ তিথিটোলৈ আহো । তথ্য অনুসৰি ১৪৯০ শকৰ (1568 খৃঃৰ) ভাদ' মাহৰ শুক্লা দ্বিতীয়া তিথিত দিনৰ ডেৰ প্ৰহৰত মহাপুৰুষ জনাই বৈকুণ্ঠ �গমন কৰিছিল ( লক্ষ্মীনাথ বেজবৰুৱাৰ গ্ৰন্থাৱলী) । swiss ephemeris অনুসৰি 1568 খৃঃত ভাদ' মাহৰ শুক্লা দ্বিতীয়া তিথি-> 23th Aug. Monday, h.09:39pm. পৰা -> 24th Aug. Tuesday, h.06:00pm. লৈকে শুক্লা দ্বিতীয়া তিথি। গতিকে মহাপুৰুষজনাই 24th Aug. '1568, মঙ্গল বাৰে বৈকুণ্ঠ গমন কৰিছিল । মহাপুৰুষ জনাই এই ধৰাত মুঠ 43,432 দিন আছিল । বা 118 বছৰ 10 মাহ 28 দিন । অথবা 6,204 সপ্তাহ আৰু 4 দিন জীয়াই আছিল । ওপৰুক্ত ইংৰাজী তাৰিখ আৰু মাহৰ গণনা 'Julian Calendar ' অনুসৰি কৰা হৈছে । যিহেতু সেইসময়ত 'Julian Calendar ' প্ৰচলন আছিল । বৰ্তমান প্ৰচলিত 'Gregorian Calendar ' অনুসৰি গণনা কৰিলে তাৰিখ আৰু মাহ সলনি হব যদিও বাৰ একে থাকিব । 'Gregorian Calendar ' মতে , - আৱিৰ্ভাৱ 05th Oct. Friday '1449 a.d. তিৰোভাৱ 03rd Sep.Tuesday '1568 a.d.

(প্ৰমাণ হিচাপে 1449 খৃঃৰ swiss ephemeris ৰ বিশেষ অংশ আৰু জ্যোতিষিক পদ্ধতিৰে জন্ম সময় সংস্কাৰ কৰি আৰু নগাঁও চহৰৰ longitude - latitude ব্যৱহাৰ কৰি গুৰু জনাৰ জন্ম কুণ্ডলীটো প্ৰস্তুত কৰি গাঠি দিয়া হ'ল।)